অনুবাদ সাহিত্য - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

অনুবাদ সাহিত্য

Share This
লেখকজননো কি ?
মুল : মিছেল ফুকো
ইংৰাজী অনুবাদ : জোচু ভি হাৰাৰী
অসমীয়া অনুবাদ : হেমচন্দ্ৰ দত্ত


(অনুবাদকৰ টোকা : কেৱল কলম ধৰিলেই এজন ব্যক্তিক লেখক বুলি অভিহিত কৰিব পাৰিনে? এজন লেখকৰ অস্তিত্বগত সত্বাটো কিহেৰে নিৰ্মিত হয়? মিছেল ফুকোৱে এই জটিল প্ৰশ্নটোৰ উত্তৰ সন্ধানৰ চেষ্টা কৰিছে তেওঁৰ বিখ্যাত ৰচনা ‘What is an author?’ ত। এই ৰচনাত ফুকোৱে দেখুৱাইছে যে বাগধাৰাৰ অস্তিত্ব আৰু তাৰ গঠন প্ৰক্রিয়াৰ বিন্যাসৰ মাজতে এজন লেখকৰ সাৰগত বৈশিষ্ট্যক চিহ্নিত কৰিব পাৰি। ১৯৬৯ চনৰ ২২ ফেব্ৰুৱাৰীত Societe Francais de philosophie ত প্ৰদান কৰা এই লিখিত ভাষণটোত ফুকোৱে সঘনাই ব্যৱহাৰ কৰা দুটা শব্দ হ’ল author function। এজন লেখক বুলি কোৱাৰ লগে লগে মনলৈ আহিব পৰা সম্ভৱপৰ অভিধা, তেওঁৰ কৰ্ম আৰু অস্তিত্বই সামৰি লোৱা ক্ষেত্ৰখনৰ এক ইংগিত প্ৰচন্ন হৈ আছে এই শব্দ দুটাৰ মাজত। অনুবাদৰ সুবিধালৈ লক্ষ্য ৰাখি এই শব্দ দুটাৰ অসমীয়া কৰা হৈছে ‘লেখক-কৰ্ম’ বুলি। প্ৰসংগক্রমে উল্লেখযোগ্য যে, বাগধাৰাৰ প্ৰসংগত author শব্দটোৱে জ্ঞান আৰু ক’লাৰ সৈতে জড়িত সকলো স্ৰষ্টাকে সামৰি লয়। ফুকোৱে নিজেও স্বীকাৰ কৰিছে যে author শব্দটোক তেওঁ সীমিত অৰ্থত ( লেখক বুলি) ব্যৱহাৰ কৰিছে যদিও ই প্ৰকৃততে বাগধাৰাৰ এক বিশাল ক্ষেত্ৰৰ স্ৰষ্টাক নিজৰ বুকুত ধাৰণ কৰে।)

............


লেখকৰ ধাৰণাৰ গঠনে ধাৰণাৰ ইতিহাস,জ্ঞান, সাহিত্য, দৰ্শন, আৰু বিভিন্ন বিজ্ঞানৰ ব্যক্তিত্বকৰণৰ সুবিধাবাদী মুহূত্বৰ সৃষ্টি কৰে। আজিও যেতিয়া আমি একোটা ধাৰণাৰ ইতিহাস, সাহিত্যৰ ধাৰা, অথবা দৰ্শনৰ শাখাৰ পুনৰ গঠন কৰো লেখক আৰু সৃষ্টিৰ দৃঢ় আৰু প্ৰাথমিক এককৰ তুলনাত এনে শ্ৰেনীবোৰ আপেক্ষিকভাৱে দুৰ্বল, গৌণ আৰু আৰোপিত পৰ্ব-বিশ্লেষণ যেন লাগে।

মই ইয়াত লেখকৰ ব্যক্তিত্বৰ এক সমাজ-ঐতিহাসিক ব্যাখ্যা আগ নবঢ়াম। নিশ্চিতভাৱে আমাৰ দৰে এটা সংস্কৃতিত এজন লেখক কেনেকৈ এক আচুতীয়া সত্বা হয়, তেওঁক কেনে মৰ্যাদা প্ৰদান কৰা হয়, কেনে মুহূত্বত যৰ্থাথতা আৰু গুনাৰোপনৰ অধ্যয়ন আৰম্ভ হয়, লেখকজনে কেনে ধৰনৰ মূল্য সমৰ্থনৰ প্ৰনালীত জড়িত হৈছিল, আমি কোনখিনিৰ পৰা বীৰসকলতকৈ লেখকজনৰ জীৱনক বৰ্ননা কৰিবলৈ আৰম্ভ কৰিলো আৰু ‘মানুহজন আৰু তেওঁৰ সৃষ্টিৰ সমালোচনা’ৰ বৰ্গটো কেনেকৈ আৰম্ভ হ’ল এই বিষয়ে পৰীক্ষা কৰাটো উচিত কথা হ’ব। অৱশ্যে সম্প্ৰতি পাঠ আৰু লেখকৰ মাজৰ সৰ্ম্পক আৰু কেনেকৈ পাঠটোৱে সত্বালৈ নিৰ্দেশ কৰে, যি দেখাত হ’লেও পাঠৰ বাহিৰত আৰু পাঠটোৰ আগত অৱস্থান লয় এই বিষয়েহে মই প্ৰধানকৈ আলোচনা কৰিব বিছাৰিছো।

বেকেটে বিষয়টো ধুনীয়াকৈ সূত্ৰবদ্ধ কৰিছে যিটো বিষয়েৰে মই আৰম্ভ কৰিব খুজিছো : ‘কোনে কৈ আছে সেই কথা কিয় গুৰুত্বপূৰ্ণ হৈ পৰে’। 
কোনোবাই ক’লে : ‘কোনে কৈ আছে, সেই কথা কিয় গুৰুত্বপূ্‌ৰ্ণ হৈ পৰে ?’ এই নিলিপ্ততাতে সাম্প্ৰতিক লেখনিৰ এক প্ৰাথমিক নৈতিক নীতি নিহিত থকা যেন লাগে।

মই ‘নৈতিক’ বুলি কওঁ, কিয়নো এই নিলিপ্ততা প্ৰকৃততে কোনোবা এজনে কেনেকৈ কথা কয় আৰু লিখে তেনে বৈশিষ্টসূচক লক্ষণ নহয় বৰঞ্চ ই এক আসন্ন নিয়ম, যাক বাৰে প্ৰতি হাতত লৈয়ো কেতিয়াও পূৰ্ণভাৱে প্ৰয়োগ কৰা নহয়, যি লেখনিক সম্পূৰ্ন হোৱা কিবা বুলি নিৰ্দেশ কৰে - এক অনুশীলন হিচাপে বলেৰে নিয়ন্ত্ৰণহে কৰে। এই আসন্ন নিয়মটোক দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ খেও ধৰি ইয়াত উপযুক্তভাৱে বিশ্লেষণ কৰিব পাৰি কিয়নো লেখনি বোলা বস্তুটো ইমানে পৰিচিত যে তাৰ বাবে এক দীঘলীয়া বিশ্লেষণৰ প্ৰয়োজন নহয়।

সৰ্ব-প্ৰথমে, আমি ক’ব পাৰো যে আজিৰ লেখনিয়ে নিজকে প্ৰকাশ-ভংগীৰ প্ৰসংগৰ পৰা মুক্ত কৰিছে। কেৱল নিজৰে উল্লেখ কৰি, আভ্যন্তৰিন অৱস্থাৰ চাৰি সীমাত সীমাবদ্ধ নোহোৱাকৈ, লেখনিক নিজৰে অ-মুক্ত বাহ্যিকতাৰ সৈতে চিনাক্ত কৰা হয়। ইয়াৰ অৰ্থ হ’ল সূচকৰ আচল প্ৰকৃতিতকৈ সূচকিত বিষয়-বস্তুৰ গুৰত্ব অনুসৰি সজোৱা এয়া হ’ল চিহ্নৰ আভ্যন্তৰিণ খেলা। এখন খেলৰ দৰে লেখনি উন্মুক্ত হয়, যি অপৰিবৰ্তনীয়ভাৱে নিজৰ নিয়মৰ বাহিৰলৈ যায় আৰু নিজৰে সীমা অতিক্রম কৰে। লেখনিত লেখন-কাৰ্যক পোহৰলৈ অনা অথবা প্ৰশংসা কৰাটো ঘাই কথা নহয়। অথবা এটা বিষয়ক ভাষাৰে তাৰ ভিতৰতে দৃঢ়-পিনব্ধ কৰাটো ই নুবুজায়। বৰঞ্চ ই হ’ল স্থান সৃষ্টিৰ এক প্ৰ, য’ত লেখাৰ বিষয়-বস্তু সঘনে অন্তৰ্হিত হয়।

দ্বিতীয় প্ৰসংগটো, অথাৎ মৃত্যুৰ সৈতে লেখনিৰ সৰ্ম্পক আৰু এক পৰিচিত কথা। এই যোগ-সূত্ৰই গ্ৰীক মহাকাব্যই প্ৰতিভাত কৰা এক পুৰনি পৰম্পৰাৰ ওভতকৰণ কৰে যিটো কথাৰ লক্ষ্য বীৰজনৰ অমৰত্বক দীৰ্ঘ স্থায়ী কৰাৰ। যদি এই বীৰজন ডেকা বয়সতে মৰিবলৈ ইচ্চুক আছিল, তেনেহলে মৃত্যুৰে পৱিত্ৰ আৰু মহিমামণ্ডিত কৰা তেওঁৰ শৰীৰে অমৰত্বত হয়তো প্ৰৱেশ কৰিব পাৰিছিল। আখ্যানে তেতিয়া এই গ্ৰহনীয় মৃত্যুক পুনৰোজীৱিত কৰিছিল। আনফালেদি, ‘দ্য থাউজেণ্ড এণ্ড ৱান নাইটছ’ৰ দৰে আৰৱ্য-উপন্যাসৰ প্ৰৰোচনা, প্ৰসংগ আৰু ফাকটিও আছিল মৃত্যুৰ পৰা কৌশলেৰে সাৰি যোৱাটো। কোনোবা এজনে পুৱতি নিশালৈকে সাধু কৈ শুনাইছিল যাতে মৃত্যুক বাধা দিয়া, বৰ্ননাকাৰীক নীৰৱ কৰিব পৰা ‘হিচাপৰ দিন’টোক স্থগিত কৰিব পাৰি। শ্বেহেৰাঝাডেৰ আখ্যান হ’ল মৃত্যুক জীৱন-বৃত্তৰ বাহিৰত ৰাখিবলৈ প্ৰতি নিশাই নৱীকৰন কৰা এক প্ৰচেষ্টা।

মৃত্যুক খেদি পঠিয়াবলৈ সাজি উলিওৱা কিবাৰ লেখীয়াকৈ আমাৰ সংস্কৃতিলৈ আখ্যানৰ ধাৰণা অথবা লেখনিক ৰূপান্তৰ কৰিছে। ত্যাগৰ সৈতে লেখনি সংযুক্ত হৈ পৰিছে আনকি জীৱন ত্যাগলৈকে। লেখনি এতিয়া হ’ল ইচ্ছাকৃতভাৱে মোহাৰি দিয়া এক কাৰ্য যাক গ্ৰন্থত প্ৰতিনিধিত্ব নকৰিলেও হয়, কিয়নো লেখকৰ অস্তিত্বতে এই মোহৰা কাৰ্য সংঘটিত হয়। এসময়ত অমৰত্ব প্ৰদানৰ কাৰ্যত নিয়োজিত সৃষ্টি-কৰ্মই এতিয়া ফ্লবাৰ্ট, প্ৰাউষ্ট আৰু কাফকাৰ ক্ষেত্ৰত ঘটাৰ দৰে হত্যাৰ অধিকাৰ লাভ কৰিলে, তাৰ লেখকৰে হত্যাকাৰী হৈ পৰিল। অৱশ্যে এয়াই সকলো কথা নহয় লেখন বিষয়ৰ নিজস্ব বৈশিষ্ট্যবোৰক মোহাৰি পোলোৱাতে লেখনি আৰু মৃত্যুৰ মাজৰ এই সৰ্ম্পক প্ৰতিভাত হয়। লেখকজনে নিজৰ আৰু তেওঁ যি লিখে তাৰ মাজত স্থাপন কৰা সকলো কায়দাক ব্যৱহাৰ কৰি লেখন-বিষয়ে লেখকৰ বিশেষ ব্যক্তিত্বৰ চিহ্নবোৰক বাতিল কৰে। ফলত লেখকজনৰ অস্তিত্বক এনেদৰে সংকুচিত কৰা হয়, যি তেওঁৰ অনুপস্থিতিৰ অন্যন্য গুনতকৈ আন বেছি একো নহয়। লেখনিৰ খেলত লেখকে মৃত ব্যক্তিৰ ভূমিকা পালন কৰিব লাগিব।

এই কথাবোৰৰ এটাও শেহতীয়া কথা নহয় : অলপ দিনৰ আগতে সমালোচনা আৰু দৰ্শনে লেখকৰ অন্তৰ্ধ্যাণ অথবা মৃত্যুক গুৰুত্ব সহকাৰে লৈছিল। কিন্তু তেওঁলোকৰ আৱিষ্কাৰৰ ফলশ্ৰুতিক যথাযথভাৱে মাপন কৰা হোৱা নাই। লেখকৰ সুবিধাবাদী অৱস্থানক সলনি কৰিব বিচৰা কেতবোৰ ধাৰণা প্ৰকৃততে সেই সুবিধাক ৰক্ষনা-ভেক্ষন দিয়া আৰু তেওঁৰ অন্তধ্যাৰ্ণৰ প্ৰকৃত অৰ্থক অৱদমিত কৰা যেন লাগে। মই আজি তেনে দুটা ভীষণ ধাৰণাক পৰীক্ষা কৰিম।

প্ৰথমটো হ’ল সৃষ্টি-কৰ্মৰ ধাৰণাটো। এইটো এটা খুব পৰিচিত প্ৰমেয় যে সৃষ্টি-কৰ্মৰ সৈতে লেখকৰ সৰ্ম্পকক পোহৰলৈ অনাটো সমালোচনাৰ কাম নহয় অথবা পাঠটোৰ যোগেদি এটা চিন্তা অথবা অভিজ্ঞতাক পুনৰ গঠন কৰাটোও নহয়। বৰঞ্চ সমালোচনা হ’ল সৃষ্টি-কৰ্মৰ গাঠনি, তাৰ স্থাপত্য, তাৰ আন্তৰিক ৰূপ আৰু আভ্যন্তৰিন সৰ্ম্পকৰ খেলাৰ মাজেদি সৃষ্টি-কৰ্মক ব্যাখ্যা কৰা। এইখিনিতে অৱশ্যে এটা প্ৰৰ উদয় হয় : এটা সৃষ্টি-কৰ্ম মানেনো কি? ই কেনে ধৰনৰ এটা উৎসুক ঐক্য,যাক আমি সৃষ্টি-কাৰ্য বুলি কওঁ? কি উপাদানেৰে এই সৃষ্টি-কৰ্ম গঠিত হয়। এজন লেখকে লিখা কথাখিনিয়ে সৃষ্টি-কৰ্ম নহয় নেকি? এনে অসুবিধাবোৰ নিমিষতে আৱিৰ্ভাৱ হয়। যদি কোনো এজন ব্যক্তি লেখক নহয় তেনেহলে তেওঁ লিখা, কোৱা, তেওঁৰ কাগজ-পত্ৰত এৰি থৈ যোৱা বস্তুবোৰৰ পৰা সংগ্ৰহ কৰা কথাবোৰকে এটা সৃষ্টি-কৰ্ম বুলিব পাৰিনে? চাদেক যেতিয়া লেখক বুলি বিবেচনা কৰা নহৈছিল, তেওঁৰ কাগজবোৰৰে বা কি মৰ্যাদা আছিল? সেইবোৰ আছিল কেৱল কাগজৰ নুৰা য’ত কাৰাবাসৰ সময়ত তেওঁ নিৰৱছিন্নভাৱে নিজৰ কপ্লনাক কুণ্ডলীৰ পৰা তুলি আনিছিল।

এজন ব্যক্তিক লেখক হিচাপে গ্ৰহণ কৰিলেও আমি তেতিয়াও সুধিব লাগিব তেওঁ লিখা, কোৱা, বা এৰি থৈ যোৱা কথাবোৰ তেওঁৰ সৃষ্টিৰ অংশ হয় নে নহয়। সমস্যাটো তাত্বিক আৰু যান্ত্ৰিকো। উদাহৰণ স্বৰূপে নিৎচেৰ লেখনিক যেতিয়া আমি প্ৰকাশ কৰিবলৈ লওঁ আমি ক’ত সামৰনি মৰা উচিত? নিশ্চিতভাৱে তেওঁৰ সকলোখিনিকে প্ৰকাশ কৰিব লাগিব। কিন্তু ‘সকলো’ খিনি মানেনো কি? নিশ্চিতভাৱে সকলোখিনি মানে হ’ল নিৎচে নিজে প্ৰকাশ কৰা তেওঁৰ সকলো ৰচনা। পিছে তেওঁৰ লেখনিৰ যি আছিল অসম্প্ৰাদিত ৰূপ তাৰ বিষয়ে আমি কি বুলি ক’ম? এয়া দেখ দেখ কথা। তেওঁৰ সূত্ৰবোৰৰ পৰিকপ্লনাবোৰ কি হ’ব ? হয়, এটা পৃষ্ঠাত স্থান পোৱা বাদ দিয়া অংশ আৰু টোকাবোৰৰ কি হ’ব? কি হ’ব যদিহে সূত্ৰ-ভৰ্তি এখন কৰ্ম-বহীত আমি একোটা উদ্ধৃতি, কোনো এখন সভাৰ টোকা, কাৰোবাৰ ঠিকনা আৰু ধোবাক কাপোৰ ধুবলৈ বুলি দিয়া কাপোৰৰ তালিকা এখনো পাওঁ? তেতিয়া ই সৃষ্টি-কৰ্ম হ’ব নে নহয়? কিয় নহ’ব ? এনেকুৱা আৰু অসংখ্য কথা আছে। কোনোবাই মৃত্যুৰ পিছত এৰি যোৱা বহু নিযুত স্বাক্ষৰৰ মাজৰ পৰা এটা সৃষ্টি-কৰ্মক কেনেকৈ সংজ্ঞায়িত কৰিব পাৰি? সৃষ্টি-কৰ্মৰ কোনো তত্ব নাই আৰু এনে এক তত্বৰ অনুপস্থিতিৰ বাবেই সৰল চিতেৰে সৃষ্টি কৰ্মৰ সম্পাদনাৰ কাম হাতত লোৱা সকলৰ পৰীক্ষামুলক কৰ্ম বাধা-গ্ৰস্ত হয়।

আমি আৰু আগলৈ আগবাঢ়িব পাৰো। ‘দ্য থাউজেণ্ড এণ্ড ৱান নাইটছ’ৰে একোটা সৃষ্টি-কৰ্ম গঠন হয়নে ? ‘ক্লিমেন্ট অব্‌ আলেকজেন্দ্ৰিয়াচ মিচলেনিচ’ অথবা ‘ডায়োজেনিচ লৰ্াটেচ লাইভচ’ একা? সৃষ্টি-কৰ্মৰ এই ধাৰণা সৰ্ম্পকত বহু-তৰপীয়া প্ৰৰ উদয় হয়। ফলত লেখকজন নোহোৱাকৈ সৃষ্টি-কৰ্মক অধ্যয়ন কৰিম বুলি ঘোষণা কৰাটোৱে যথেষ্ঠ কথা নহয়। লেখকৰ নিজস্বতাৰ মৰ্যাদাৰ লেখীয়াকৈ শব্দ-কৰ্ম আৰু ই প্ৰতিনিধিত্ব কৰা ঐক্যও সম্ভৱত সমানে সমস্যা সৃষ্টিকাৰী। লেখকৰ অৰ্ন্তধ্যানক খুব ভালকৈ মাপন লোৱাৰ ক্ষেত্ৰত আমাৰ আগত প্ৰতিবন্ধক গৈ ৰোৱা অন্য এটা ধাৰণা হ’ল লেখনিৰ ধাৰণা য’ত মচি পেলোৱা মুহুত্বক ধুৱঁলি-কুৱঁলি কৰি আৰু লুকুৱাই লেখকৰ অস্তিত্বক সুক্ষ্মভাৱে সংৰক্ষণ কৰা হয়। ভালদৰে প্ৰয়োগ কৰিলে এই ধাৰণাই আমাক উল্লেখক লেখকলৈ পৰিক্রমণ কৰাত অনুমতি দিয়াই উচিত নহয়, তেওঁৰ শেহতীয়া অনুপস্থিতিকো স্থানাংকিত কৰে। শেহতীয়াকৈ প্ৰয়োগ কৰাৰ দৰে, লেখনিৰ ধাৰণা লেখন কাৰ্য অথবা কোনোবাই প্ৰকাশ কৰিব খোজা এক অৰ্থৰ ইংগিত নহয়, যি ইংগিত লক্ষণ অথবা চিহ্ন হ’বগৈ পাৰে। আমি অসীম প্ৰয়াসেৰে প্ৰতিটো পাঠৰ সাধাৰণ চৰ্ত, যি স্থানত এই পাঠ প্ৰক্ষেপিত হয় আৰু যি সময়ত উন্মুক্ত হয়, কপ্লনা কৰিবলৈ চেষ্টা কৰো।

অৱশ্যে সাম্প্ৰতিক সামাজিক প্ৰথাত লেখনিৰ ধাৰনাই লেখকৰ পৰীক্ষালব্ধ বৈশিষ্ট্যক এক ভাৱাতীত বিশৃংখলালৈ সালসলনি কৰা যেন লাগে। লেখনিক দুই ধৰনেৰে যেনে, সমালোচনাত্মক আৰু ধৰ্মীয় পথেৰে বৈশিষ্ট্য প্ৰদান কৰি,এটাৰ গালৈ ইটোক থেলাৰ খেল কৰি আমি লেখকৰ পৰীক্ষালব্ধতাৰ অধিক চকুত পৰা লক্ষনবোৰক মোহাৰি পেলাই সন্তোষ্টি লাভ কৰো। ভাবাতীত অৰ্থত লেখনিক প্ৰাথমিক মৰ্যাদা দিয়া মানে যেন ইয়াৰ পবিত্ৰ চৰিত্ৰক ধৰ্মীয় সত্যাপৰ্ণ আৰু ইয়াৰ সৃজনীশীল চৰিত্ৰক সমালোচনাত্মক সত্যাপৰ্ণ – এই দুয়োটাই প্ৰদান কৰি পুনৰ অনুবাদ কৰা। ইয়াক সম্ভৱ কৰি তোলা ইতিহাসৰ বাবেই, লেখনিক বিস্মৃতি আৰু অৱদমনৰ বহতীয়া বুলি মানি লোৱা মানেই যেন ভাবাতীত অৰ্থত অৰ্ন্তহিত অৰ্থৰ ধৰ্মীয় নীতি ( যাক ব্যাখ্যাৰ দৰকাৰ) আৰু ইংগিতময় সূচনা , নীৰৱ দৃঢ়তা আৰু ধূসৰ বিষয়-সূচীক( যি তথ্যচিত্ৰৰ জন্ম দিয়ে) প্ৰতিনিধিত্ব কৰা। লেখনিক অনুপস্থিতি বুলি কপ্লনা কৰা মানেই যেন ভাৱাতীত অৰ্থত অপৰিবৰ্তনীয়ৰ ধৰ্মীয় নীতি আৰু কেতিয়াও সম্পূৰ্ণ নোহোৱা পৰম্পৰা আৰু সৃষ্টি-কৰ্মৰ স্থায়িত্বৰ নন্দনতাত্বিক নীতিৰ এক সৰল পুনৰাবৃত্তি হোৱা, লেখকৰ সিপাৰত আৰু তেওঁৰ সৈতে থকা প্ৰহেলিকাময় মাত্ৰাধিক্যৰ সাৰলীকৰন কৰা। লেখনিৰ ধাৰনাৰ এই সামাজিক প্ৰথাই লেখকৰ সুবিধাক আনুমানিকৰ অধীনত সম্প্ৰৰ্কিত কৰাৰ দায়িত্ব মুৰ পাতি লয়। প্ৰশমিতকৰনৰ ধূসৰ পোহৰত এজন লেখকৰ এক বিশেষ ভাৱ মূৰ্তিক নিৰ্মান কৰা প্ৰতিনিধিত্বক ই আন্তঃক্রিয়াৰে সক্রিয় কৰি ৰাখে। মাৰ্লামেৰ দিনৰে পৰা সঘনাই পুনৰাবৃত্ত ঘটনালৈ সলনি হোৱা লেখকৰ অৰ্ন্তধান এক ভৱাতীত প্ৰতিবন্ধকৰ বহতীয়া। ১৯ শ শতিকাৰ ঐতিহাসিক-ভাৱাতীত পৰম্পৰাত আজিৰ বিছিন্নতাক এতিয়াও স্থানান্তৰিত কৰিব পাৰি বুলি বিশ্বাস কৰা মানুহবোৰ আৰু সেই পৰম্পৰাৰ পৰা চিৰ দিনলৈ নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰা সকলৰ মাজত এক গুৰুত্বপূৰ্ণ বিভাজক ৰেখা থকা যেন লাগে।
........
অৱশ্যে লেখকজন অন্তধ্যান হোৱা বুলি ৰিক্ত সত্যাৰ্পনৰ পুনৰাবৃত্তি কৰাটোৱেই পৰ্যাপ্ত কথা নহয়। সেই একেটা কাৰণৰ বাবেই ঈশ্বৰ আৰু মনুষ্যই এক উমৈহতীয়া মৃত্যুক বৰণ কৰিলে বুলি পুনৰাবৃত্তি কৰি থকাটো যথেষ্ঠ নহয়। তাৰ পৰিৱৰ্তে লেখকৰ অৰ্ন্তধ্যানে খালী কৰা স্থানক আমি স্থানাংকিত কৰিবই লাগিব, ফাঁক আৰু চ্যুতিৰ বিতৰনক অনুসৰণ কৰিব লাগিব আৰু এই অন্তধ্যানে উন্মোচন কৰা ছিদ্ৰবোৰক প্ৰত্যক্ষ কৰিব লাগিব।

প্ৰথমে,লেখকৰ নামটো ব্যৱহাৰ কৰাৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰক সংক্ষেপকৈ স্পষ্ট কৰাতো প্ৰয়োজন। এজন লেখকৰ নামটোনো কি? এই নামটোৱে কেনেকৈ কাম কৰে? এটা সমাধান আগবঢ়োৱাতকৈ ই কাঢ়িয়াই অনা কেতবোৰ অসুবিধাক মই মাত্ৰ আঙুলিয়াই দিম।

এজন লেখকৰ নামটো হ’ল নামবাচক নাম। গতিকে সকলো নামৰ ক্ষেত্ৰত উমৈহতীয়া সমস্যাবোৰৰ ই জন্ম দিয়ে( ইয়াত মই অন্য কথাৰ ওপৰি শ্বিয়াৰলেৰ বিশ্লেষণবোৰলৈ উদ্ধিতি টানিম।) দেখদেখকৈ এটা নামবাচক নামক আমি এটা বিশুদ্ধ আৰু সৰল উল্লেখলৈ সলনি কৰিব নোৱাৰো। নিৰ্দেশাত্মক কামতকৈ ইয়াৰ অন্য কামো আছে : এক ইংগিত, এক ঠেও-ভংগী, কাৰোবালৈ আঙুলি টোৱোৱাতকৈ ই এক বৰ্ননাৰ সমৰ্াথক । আমি যেতিয়া ‘এৰিষ্টল’ বুলি কওঁ, তেতিয়া আমি এটা শব্দ প্ৰয়োগ কৰো, যি একক বা এক চিৰিজৰ নিশ্চিত বৰ্ননা যেনে, ‘এনালাইটিকৰ স্ৰষ্টা’,‘তত্ববিদ্যাৰ প্ৰতিষ্ঠাপক’, আৰু এনে ধৰনৰ সমাৰ্থক অৰ্থত ব্যৱহাৰ হয়। অৱশ্যে কোনো মানুহেই তাতে থমকি ৰ’ব নোৱাৰে, কিয়নো এটা নামবাচক নামৰ কেৱল এটাই সূচনা নাথাকে। আমি যেতিয়া আৱিষ্কাৰ কৰো যে ‘লা ছাচে স্পিৰিচুৱেলি’ আৰ্ছাৰ ৰিমোৱে লিখা নাছিল, আমি ভাওঁ জুৰিব নোৱাৰো যে এই নামবাচক নামটো অথবা লেখকজনক সলনি কৰা হৈছে। বৰ্ননা আৰু খিতাপৰ দুই মেৰুৰ মাজত নামবাচক নাম আৰু লেখকৰ নামক স্থানাংকিত কৰা হয়। যাক সিহঁতে নামাংকিত কৰে, তাৰ লগত এই নামবোৰৰ এটা নিশ্চিত সংযোগ থাকে। হলেও এনে শব্দ সম্পূৰ্নকৈ খিতাপৰ অথবা বৰ্ননাৰ ৰূপত সম্পূৰ্নকৈ নাথাকে। এয়া হ’ব লাগিব এক বিশেষ সংযোগ। অৱশ্যে এইখিনিতে লেখকৰ নামৰ সৈতে জড়িত বিশেষ অসুবিধাবোৰৰ জন্ম হয় নামবাচক নাম আৰু ই বুজোৱা ব্যক্তিজন আৰু লেখকৰ নাম আৰু এই নামে যাক বুজায়, সি যদি সমৰূপী নহয় আৰু একে ধৰনেৰে কাৰ্য সম্পাদন নকৰে। আৰু ভালেমান পাৰ্থক্য আছে।

উদাহৰণ স্বৰূপে পিয়েৰ দুপোন্টৰ নীলা চকু নাই। অথচ ডুপোন্ট পেৰিচত জন্ম হোৱা নাছিল অথবা তেওঁ চিকিৎসক নহয়। পিয়েৰ ডুপোন্ট নামটোৱে এতিয়াও একেজন মানুহকে বুজায়। এনে কথাই খিতাপ সংযোগক ৰূপান্তৰ নকৰে। অৱশ্যে লেখকৰ নামে জন্ম দিয়া সমস্যাবোৰ তাতকৈ জটিল। যদি মই আৱিস্কাৰ কৰো যে আজি মই চাই অহা ঘৰটো চেক্সপিয়েৰৰ ঘৰ নাছিল সেয়া হ’ল এক ৰূপান্তৰ, যি দেখদেখকৈ লেখকৰ নামটোৰ কাৰ্য-বিধিৰ সলনি নকৰিব। কিন্তু আমি যদি প্ৰমান কৰি পেলাওঁ চেক্সপিয়েৰৰ নিজা বুলি প্ৰচলিত সেই চনেটবোৰ চেক্সপিয়েৰে লিখা নাছিল তাৰ পৰা এক লক্ষনীয় পৰিৱৰ্তন ঘটিব আৰু লেখকৰ নামটোৱে যি ধৰনেৰে কাম কৰে, সেই ধৰনত প্ৰভাৱ পেলাব। আমি যদি প্ৰমান কৰো যে বেকনৰ ‘অৰগানন’ চেক্সপিয়েৰে লিখিছিল আৰু তাকে কৰিবলৈ যাওঁতে আমি দেখুৱালো যে একেজন লেখকেই বেকন আৰু চেক্সপিয়েৰ দুয়োজনৰে ৰচনাবোৰ লিখা সেয়া হ’ব তৃতীয় শ্ৰেনীৰ পৰিৱৰ্তন, যি লেখকৰ নামটোৱে কৰা কাৰ্য-ৰূপায়নক সৰ্ম্পূনকৈ ৰূপান্তৰ কৰিব। গতিকে বাকী নামবাচক নামৰ দৰে লেখকৰ নামটো একে নহয়।

অন্য বহু কথাইয়ো লেখকৰ নামৰ সাঁথৰ-সদৃশ বৈশিষ্ট্যৰ ইংগিত কৰে। পিয়েৰ ডুপোন্টৰ অস্তিত্ব নাই বুলি কোৱাটো হোমাৰ অথবা হাৰমেচ ত্ৰিচমেজিগষ্টাচ নাছিল বুলি কোৱাৰ দৰে সমূলিও একে কথা নহয়। প্ৰথম ক্ষেত্ৰত ইয়াৰ অৰ্থ হ’ল কোনো মানুহৰে পিয়েৰ ডুপোন্ট নামটো নাই। দ্বিতীয়তে, ইয়াৰ অৰ্থ হ’ল এটা নামৰ ভিতৰত ভালেমান মানুহ সংমিশ্ৰিত হৈ আছে, অথবা ই বুজায় যে প্ৰকৃত লেখকজনৰ গাত হোমাৰ অথবা হেৰমেচৰ ক্ষেত্ৰত পৰম্পৰাগতভাৱে আৰোপ কৰা কোনো লক্ষণ নাই। x ৰ প্ৰকৃত নামটো পিয়েৰ ডুপোন্ট নহয়, প্ৰকৃততে জেক ডোৰান্দহে বুলি কোৱাটো ষ্টেন্ধেলৰ নামটো হেনৰি বয়ল আছিল বুলি কোৱাৰ দৰে একে নহয়।‘বুৰচাকি এনেকুৱা, এনেকুৱা ধৰনৰ’ আৰু ‘ ভিক্টৰ ইৰেমাইট, ক্লিমেকাছ, এন্টিক্লিমেকাছ, প্ৰেটাৰ টেচিটাৰনাছ, কনষ্টেনটাইন কনষ্টেনটিয়াছ – এওঁলোক সকলো কিৰ্কেগাদ’ এনেধৰনৰ প্ৰস্তাৱনাবোৰৰ অৰ্থ আৰু কাৰ্যকো প্ৰ কৰিব পাৰি।

লেখকৰ নামটো কোনো এক বাগধাৰাৰ কেৱল এক উপাদান নোহোৱাৰ বাবেই এই পাথক্যবোৰৰ উৎপত্তি হ’ব পাৰে (যাৰ কৰ্তা অথবা কৰ্ম হোৱাৰ সক্ষমতা আছে বা যাক এটা সৰ্বনাম অথবা এই ধৰনেৰে সাল-সলনি কৰিব পাৰি।) এক শ্ৰেনীগত কাৰ্যক নিশ্চিত কৰি ই আখ্যানধৰ্মী বাগধাৰাত এক নিদিষ্ট ভূমিকা পালন কৰে। এনে এটা নামে নিদিষ্ট সংখ্যক পাঠক একগোট কৰি, সংজ্ঞাবদ্ধ কৰি, পাৰ্থক্য আৰু বৈসাদৃশ্যবোৰ উলিয়াবলৈ অনুমতি প্ৰদান কৰে। বালজাক নামৰ এক অস্তিত্ব আছিল অৰ্থত হেৰমেচ টিচমেগিষ্টাছ অথবা হিপ’ক্রেটাছৰ অস্তিত্ব নাছিল। কিন্তু একেটা নামৰ আৰত ভালেমান পাঠ ৰখাৰ কথাটোৱে বুজায় যে সেইবোৰৰ মাজত সমাঙ্গতা, অপত্য সৰ্ম্পক, আনৰ ব্যৱহাৰত কেতবোৰ পাঠৰ সত্যায়ন, পাৰস্পৰিক জটিলতা অথবা সহগামী প্ৰয়োগৰ এটা সৰ্ম্পক আছে। বাগধাৰাৰ এক নিদিষ্ট ৰূপক বৈশিষ্ট্য দিয়াৰ কামত লেখকৰ নামটো ব্যৱহাৰ কৰা হয়। বাগধাৰাটোত লেখকৰ নামটো থকা মানে আমি ক’ব পাৰো যে ‘এইখন অমুকে লিখিছিল’ অথবা ‘ অমুক ইয়াৰ লেখক’।
এই কথাই দেখুৱাই যে এই বাগধাৰাটো সাধাৰণ প্ৰাত্যহিক বাক্য নহয় যি আহিল আৰু গ’ল। বাগধাৰা লগে লগে হজম কৰিব পৰা কিবা বস্তু সেয়া নহয়। তাৰ বিপৰীতে, বাগধাৰা হ’ল এক কথন, যাক এক নিদিষ্ট ৰূপত আৰু তাকো এক নিদিষ্ট সংস্কৃতিত গ্ৰহণ কৰিব লাগিব। এক নিদিষ্ট মৰ্যাদা দিব লাগিব। 

এনে লাগিব যে অন্য নামবাচক নামৰ দৰে লেখকৰ নামটো এটা বাগধাৰাৰ অন্তৰ ভাগৰ পৰা তাক জন্ম দিয়াজনৰ প্ৰকৃত আৰু বৰ্হি ব্যক্তিত্বলৈ গতি কৰে। তাৰ পৰিৱৰ্তে পাঠৰ চুকবোৰ চিহ্নিত কৰি তাৰ অস্তিত্বৰ ৰূপক উন্মোচন কৰে অথবা কমপক্ষেও বৈশিষ্ট্য প্ৰদান কৰি সদায় উপস্থিত থকা যেন লাগে। লেখকৰ নামটোৱে এক নিদিষ্ট বাগধাৰাগত সংহতিৰ চেহেৰাক প্ৰতিভাত কৰে আৰু এখন সমাজ আৰু এক সংস্কৃতিৰ মাজত এই বাগধাৰাৰ মৰ্যাদাৰ ইংগিত কৰে। তাৰ ন্যায়িক মৰ্যাদা নাথাকে অথবা সৃষ্টি-কৰ্মক কপ্লনাত তাক স্থানাংকিত কৰা নহয়। বৰঞ্চ এক নিদিষ্ট বাগধাৰাগত গঠন নিৰ্মান কৰা বিৰতিটোত স্থানাংকিত কৰা হয়। ফলস্বৰূপে আমি ক’ব পাৰো যে আমাৰ দৰে এক সভ্যতাত ‘লেখক কৰ্ম’ৰে ভূষিত নিদিষ্ট সংখ্যক বাগধাৰা আছে। পিছে কিছুমানৰ নাই। এখন ব্যক্তিগত পত্ৰত এজন স্বাক্ষৰকাৰী নিশ্চয় থাকে ইয়াৰ লেখক নাথাকে। এখন চুক্তি পত্ৰ এজন গাৰেন্টৰ থাকে,লেখক নাথাকে। বেৰত মৰা এখন নামবিহীন পাঠৰ এজন সম্পাদক থাকিব পাৰে,লেখক নাথাকে। সেয়ে লেখক কৰ্ম হ’ল এখন সমাজৰ ভিতৰৰ কেতবোৰ বাগধাৰাৰ অস্তিত্বৰ ৰূপ,পৰিসঞ্চৰণ আৰু কৰ্ম সম্পাদনৰ বৈশিষ্ট্যসূচক।
.........
আমি এই মাত্ৰ বৰ্ননা কৰা ‘লেখক-কৰ্ম’ এই ধাৰনাটো বিষেণ কৰোহঁক। আমাৰ সংস্কৃতিত লেখকৰ কৰ্মযুক্ত এক বাগধাৰাক মানুহে বাৰু কেনেকৈ বৈশিষ্ট্য প্ৰদান কৰে। অন্য বাগধাৰাৰ পৰা এই বাগধাৰাটো কিহত বেলেগ ? যদি আমি আমাৰ মন্তব্যবোৰ এখন গ্ৰন্থৰ লেখক অথবা একোটা পাঠতে সীমাবদ্ধ কৰি ৰাখো, আমি চাৰিটা বৈশিষ্ট্য পৃথক কৰি উলিয়াব পাৰিম।

প্ৰথমে, বাগধাৰাবোৰ অধিগ্ৰহনৰ লক্ষ্য। মালিকানৰ যি অৱস্থাৰ পৰা সেইবোৰ উলাইছে, সেয়া এক বিশেষ ধৰনৰ ৰূপ, যাক বহু বছৰ ধৰি বিধ্বিদ্ধ কৰা হৈছে। আমি মন কৰিব লাগিব যে, ঐতিহাসিকভাৱে এনে মালিকানা সদায় দণ্ডনীয় অধিগ্ৰহনৰ উপানুক্রমিক হৈ আছে। পাঠ, গ্ৰন্থ আৰু বাগধাৰাবোৰে প্ৰকৃততে লেখকক (পৌৰানিক, পবিত্ৰকৃত, আৰু পবিত্ৰ কৰিব পৰা সত্বা) সেই স্তৰলৈকে লাভ কৰিলে, যেতিয়া লেখকসকল শাস্তিৰ মুখামুখী হ’ল। তাৰ মানে সেই স্তৰ পালেগৈ যেতিয়া বাগধাৰাবোৰ অতিক্রমনশীল হ’বলৈ পালে। আমাৰ সংস্কৃতিত(যি নিসন্দেহে আনতো) বাগধাৰা মুলতঃ এক পন্য, এটা বস্তু, এক ধৰনৰ সামগ্ৰী নাছিল। ই আছিল সাৰগতভাৱে এক কৰ্ম পবিত্ৰ আৰু অপবিত্ৰ, বৈধ আৰু অবৈধ, ধৰ্মীয় আৰু বিধৰ্মীৰ দ্বি-মেৰু ক্ষেত্ৰত স্থাপিত এক কৰ্ম। ঐতিহাসিকভাৱে, সম্পদে মালিকানাৰ আৱৰ্তত বন্দী হোৱাৰ আগতে ই আছিল এক বিপদাপন্ন ঠেওভংগী।

এবাৰ পাঠৰ মালিকানাৰ এক প্ৰনালী গঠন হ’লে, লেখকৰ অধিকাৰ, লেখক-প্ৰকাশকৰ সৰ্ম্পক, পুনৰ উৎপাদনৰ অধিকাৰ আৰু তেনে ধৰনৰ বিষয়বোৰ আইনভুক্ত হ’লে লেখন কৰ্মৰ সৈতে জড়িত উলংঘনৰ সম্ভাৱনাই বেছিকৈ ক্রিয়া কৰিবলৈ লয়। সাহিত্যৰ ক্ষেত্ৰত আচহুৱা ই এক বাধ্যবাধকতা। ১৮ শ শতিকাৰ শেষত আৰু ১৯ শ শতিকাৰ আৰম্ভনিতে এনে ধাৰনা গঠন হয়। এয়া যেন লেখকজনে আমাৰ সমাজক মহিমামণ্ডিত কৰা সম্পত্তিৰ প্ৰনালীত তেওঁক প্ৰতিস্থাপিত কৰাৰ মুহূৰ্তৰ পৰাই বাগধাৰাৰ পুৰনি দ্বিমেৰু ক্ষেত্ৰক পুনৰ আৱিস্কাৰ কৰি নিজৰ মৰ্যাদাৰ ক্ষতি পুৰণ দিবলৈ ল’লে ফলত প্ৰনালীবদ্ধ ভাৱে অধিগ্ৰহনৰ অনুশীলন চলিল, লেখনিলৈ বিপদ ঘুৰাই আনিলে, যাক এতিয়া মালিকানাৰ লাভৰ আশাৰ আশ্বাস দিলে।

অৱশ্যে সাৰ্বিক আৰু স্থিৰ ৰূপত লেখক-কৰ্মই সকলো বাগধাৰাতে প্ৰভাৱ নেপেলায়। আমাৰ সভ্যতাত সদায় এনে ঘটনা ঘটা নাই যে একে বিধৰ পাঠবোৰকে এজন লেখকক গুনাৰোপনৰ প্ৰয়োজন হৈছে। এনে এক সময় আছিল যেতিয়া আমি আজি ‘ সাহিত্যিক’ ( আখ্যান, সাধু, মহাকাব্য, বিয়োগাত্মক নাট, হাস্যাত্মক নাটক) বুলি কোৱা কথাবোৰক গ্ৰহণ কৰা হৈছিল, প্ৰবচন কৰা হৈছিল, আৰু সেইবোৰৰ লেখকক প্ৰ নকৰাকৈ মূল্য নিদ্ধাৰণ কৰা হৈছিল। সেইবোৰৰ প্ৰাচীনত্বৰ বাবে নামৰ গোপনীয়তাই একো প্ৰতিবন্ধকৰ সৃষ্টি কৰা নাছিল। প্ৰকৃততে হওঁক অথবা কাপ্লনিক সেইবোৰক সিহঁতৰ মৰ্যাদাৰ পৰ্যাপ্ত আশ্বাস বুলি বিবেচনা কৰা হৈছিল। অন্যহাতেদি সৃষ্টি-তত্ব আৰু স্বৰ্গ, ঔষধ আৰু ৰোগ, প্ৰাকৃতিক বিজ্ঞান আৰু ভুগোল এই ধৰনৰ আজি আমি বৈজ্ঞানিক বুলি কোৱা পাঠবোৰক মধ্য-যুগত গ্ৰহণ কৰা হৈছিল। সেইবোৰত লেখকৰ নাম চিহ্নিত কৰি ৰখাৰ লগে লগে সেইবোৰক ‘সত্য’ বুলি মানি লোৱা হৈছিল। হিপ’ক্রেছে কৈছিল যে ‘ প্লিনিয়ে পুনৰ বৰ্ননা কৰে’ কতৃত্বৰ ওপৰত প্ৰৱৰ্তিত বিৰ্তকৰ ফৰ্মূলা নাছিল। সেইবোৰ আছিল বাগধাৰাত সংযোগ কৰা চিহ্ন, যিবোৰক প্ৰতিভাত সত্যৰ বক্তব্য বুলি ধৰি লোৱা হৈছিল।

১৭শ আৰু ১৮শ শতিকাত এনে পৰিবৰ্তন ঘটে। বৈজ্ঞানিক বাগধাৰাবোৰক প্ৰতিস্থিত আৰু সদায় পুনৰ প্ৰতিভাত কৰিব পৰা সত্যৰ লেখকৰ নামবিহীনতাত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। সেইবোৰৰ শ্ৰেনীভুক্ততাই এক প্ৰনালীবদ্ধ গোটৰ ৰূপত, যি সেইবোৰক সৃষ্টি কৰা ব্যক্তিগত উল্লেখ নহয়। সিহঁতৰ আশ্বাস হিচাপে থিয় দিলে। ‘লেখক কৰ্ম’ নিষ্প্ৰভ হৈ পৰিল আৰু আৱিস্কাৰকৰ নামে একোটা উপপাদ্য ,প্ৰস্তাৱনা, বিশেষ প্ৰভাৱ, সম্পদ,গোট, উপাদানৰ গোট অথবা ৰোগাক্রান্ত লক্ষনক নামাংকিত কৰিবলৈ লাগিল। একে চিনেৰে লেখক- কৰ্মৰে ভূষিত হোৱা পাঠকহে সাহিত্যিক বাগধাৰা হিচাপে গ্ৰহণ কৰা হ’ল। আমি এতিয়া কাব্যিক অথবা উপন্যাসৰ পাঠৰ বিষয়ে প্ৰ কৰো। এই লেখা ক’ৰ পৰা আহিল, কোনে লিখিলে, কেতিয়া কেনে পৰিৱেশত লিখিলে অথবা কি পৰিকপ্লনাৰে আৰম্ভ কৰা হ’ল এনে প্ৰ আমি কৰোঁ। আমি এই প্ৰবোৰৰ উত্তৰ কেনেকৈ দিওঁ তাৰ ওপৰতে অৰ্থ আৰোপন আৰু মযৰ্াদা অথবা মূল্য নিৰূপন কৰা হয়। এটা পাঠক যদি লেখকৰ নামবিহীনতাৰ অৱস্থাত আৱিস্কাৰ কৰা হয় লাগিলে সেয়া এটা দুৰ্ঘটনাৰ ফলশ্ৰুতি অথবা লেখকৰ ইচ্ছাই নহওঁক কিয় খেলটো তেতিয়া লেখকজনক পুনৰ আৱিস্কাৰৰ হৈ পৰে। যিহেতু সাহিত্যিক নামবিহীনতা গ্ৰহনীয় নহয়, আমি তাক এক প্ৰহেলিকাৰ ছদ্মবেশতহে গ্ৰহণ কৰিব পাৰো। ফলস্বৰূপে, লেখক- কৰ্মই আজি কালি সাহিত্য কৰ্মৰ প্ৰসংগত আমাৰ দৃষ্টি নিৰোপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।(এইবোৰ কথা দেখদেখকৈ সাৰলীকৰণ, যাক শেহতীয়া সমালোচনাৰ প্ৰসংগত পৰিশোধণ কৰিব লাগিব। সিহঁতৰ মাজত সংপৃক্ত পুনৰাবৰ্তী উপাদানবোৰক অনুসৰণ কৰি ধৰণ আৰু ৰূপ অনুসৰি বহু বছৰৰ আগতে সমালোচনা কৰা হয়, যি এটা নিশ্চৰ কাষত থাকে, কিন্তু যি ব্যক্তিবিশেষ সৃষ্টিকৰ নহয়। হ’লেও গনিতত লেখকৰ উল্লেখ কাচিৎহে কিবা এটা হয় কিন্তু সেয়া উপপাদ্য, অথবা প্ৰস্তাৱনাৰ সংহতিৰ ৰূপত থাকে। জীৱবিদ্যা আৰু ঔষধ বিজ্ঞানত লেখকৰ ইংগিত আৰু তেওঁৰ সৃষ্টিকৰ্মই বৰঞ্চ সুকীয়া ভূমিকা পালন কৰে। এয়া কোনো উৎসক ইংগিত কৰা এক ধৰণ নহয়, এয়া হ’ল এক বিশেষ সময় আৰু অমুক অমুক গৱেষনাগাৰত কৌশল আৰু ব্যৱহৃত অভিজ্ঞতাৰ উৎসৰ প্ৰসংগত যোগান ধৰা বাস্তৱৰ কেতবোৰ সূচিকাহে।

এই লেখক কৰ্মৰ তৃতীয় বৈশিষ্ট্যটো হ’ল এজন ব্যক্তিলৈ এক বাগধাৰাৰ গুনাৰোপন হিচাপে ই স্বৰ্তস্ফুতভাৱে উন্নীত নহয়। বৰঞ্চ আমি লেখক বুলি কোৱা এক যুক্তিৰ অস্তিত্বক গঠন কৰা এক জটিল অভিযানৰ ই ফলশ্ৰুতিহে। সমালোচকসকলে নিসন্দেহে এই যুক্তিৰ অস্তিত্বক ব্যক্তি বিশেষৰ এক গভীৰ অভিপ্ৰায়, এক ‘সৃজনীশীল শক্তি’,অথবা এক নক্সাৰ ৰূপত লেখনি আৰম্ভ হোৱা পৰিৱেশটোলৈ লক্ষ্য ৰাখি এক বাস্তৱিক মৰ্যাদা প্ৰদান কৰে। তৎচত্বেও এজন ব্যক্তিৰ এই দিশবোৰ, যি তেওঁক এজন লেখকলৈ সলনি কৰা বুলি আমি ভাবোঁ সেয়া কেৱল এক প্ৰক্ষেপনহে,কম বেছি পৰিমানে মনতাত্বিক অৰ্থত আমি পাঠক বহতীয়া হ’বলৈ জোৰ দিয়া অভিযান, আমি সৃষ্টি কৰা সংযোগবোৰ, সঙ্গত হিচাপে আমি স্থাপন কৰা লক্ষণসমূহ, আমি চিনাক্তকৰন কৰা বিছিন্নতাসমূহ, অথবা আমি অনুশীলন কৰা বিৰ্বজনবোৰ। বাগধাৰাৰ সময়ৰ পৰিধি, আৰু প্ৰকাৰ অনুসৰি এই সকলো অভিযান সলনি হয়। এজন ‘কবি’ৰ ধাৰনাক গঠন কৰাৰ দৰে আমি এজন ‘দাৰ্শনিক লেখক’ৰ ধাৰনাটো গঠন নকৰো। যেনেকৈ আমি আজি কৰাৰ দৰে ১৮ শতিকাৰ মানুহে এজন ঔপন্যাসিকৰ ধাৰনাটো কৰা নাছিল। তথাপি লেখকৰ ধাৰনা নিৰ্মাণৰ কেতবোৰ ধ্ৰুৱক যুগে যুগে আমি দেখিবলৈ পাওঁ।

উদাহৰণ স্বৰূপে এসময়ত সাহিত্য সমালোচনাই লেখক অথবা প্ৰচলিত পাঠবোৰ আৰু বাগধাৰাবোৰৰ সৈতে আৰম্ভনিতে গঠন কৰা লেখকৰ সত্বাক খ্ৰীষ্ট্ৰীয় পৰম্পৰাই পাঠক সত্যায়ণ কৰা বা বৰ্জন কৰাৰ দৰে বাখ্যা কৰা যেন লাগে। একোটা সাহিত্য-কৰ্মত এজন লেখকক ‘পুনৰ আৱিষ্কাৰ’ কৰিবলৈ গৈ আধুনিক সমালোচনাই একে নীতি প্ৰয়োগ কৰে, যি ধৰনৰ নীতি খ্ৰীষ্টান ব্যাখ্যাই একোটা পাঠক তাৰ লেখকৰ সন্তগুণৰ আধাৰত মূল্য নিৰূপন কৰিবলৈ চেষ্টা কৰিছিল। ‘ডি ভিৰিচ মাষ্টিবাচ’ত সন্ত জেৰোমে ব্যাখ্যা কৰিছে যে এখনকৈ অধিক গ্ৰন্থৰ লেখকক ন্যায়িকভাৱে চিনাক্ত কৰিবলৈ একে নামেই যথেষ্ঠ মহয়। বেলেগ বেলেগ ব্যক্তিৰ হয়তো একেটা নামেই থাকিব পাৰে অথবা একেজন ব্যক্তিয়ে হয়তো অন্যায়ভাৱে আনৰ কৌলিক নামক ধাৰ কৰিছিল। ব্যক্তিগত বানিজ্য-চিহ্ন হিচাপে নামটো যথেষ্ঠ নহয়, যেতিয়া আমি এক পাঠ-ভিত্তিক পৰম্পৰাৰ মাজত কাম কৰো।

তেতিয়া হ’লে আমি ভালেমান বাগধাৰাক কেনেকৈ একেজন লেখকৰ ক্ষেত্ৰত আৰোপ কৰিম? এজন অথবা ভালেমান ব্যক্তিৰ সৈতে প্ৰয়োগ কৰোতে আমি কেনেকৈ ‘লেখক কৰ্ম’ক ব্যৱহাৰ কৰিম? সন্ত জেৰোমে চাৰিটা চৰ্ত আগবঢ়াইছে। ১) যদি একেজন লেখকৰ নাম আৰোপিত ভালেমান গ্ৰন্থৰ ভিতৰত এখন আনখনতকৈ তলখাপৰ হয়, সেই গ্ৰন্থখনক লেখকৰ সাহিত্য-কৰ্মৰ পৰা বাদ দিব লাগিব।( গতিকে লেখকজনক মূল্যৰ স্থিৰ পৰ্যায়ত ব্যাখ্যা কৰা হয়। ২) একেটা কামকে কৰিব লাগিব যদিহে লেখকৰ আনবোৰ কামক ব্যাখ্যা কৰা মতবাদৰ সৈতে কেতবোৰ পাঠে বিৰোধিতা কৰে।( লেখকজনক এই ক্ষেত্ৰত ধাৰণাগত অথবা তাত্বিক ঐক্যৰ এক ক্ষেত্ৰ হিচাপে ব্যাখ্যা কৰা হয়। ৩) আমি সেইবোৰ সৃষ্টি-কৰ্মকো বাদ দিব লাগিব, যিবোৰ এক বেলেগ শৈলীত লিখা হৈছে আৰু য’ত লেখকজনে তেওঁৰ সৃষ্টিত মুলানুগভাৱে প্ৰয়োগ নকৰা শব্দবোৰ আৰু প্ৰকাশভংগীবোৰ থাকে। ( এই ক্ষেত্ৰত লেখকজনক শৈলীগত ঐক্য বুলি ধাৰণা কৰা হয়।) ৪)লেখকজনৰ মৃত্যুৰ পিছত ঘটা ঘটনা অথবা তেওঁৰ বক্তব্যৰ উল্লেখেৰে কোনো ছেদ থাকিলে, তাক প্ৰক্ষিপ্ত পাঠ হিচাপে গণ্য কৰা হ’ব। (লেখকজনক ইয়াত কেতবোৰ ঘটনাৰ সন্ধিক্ষনত থকা ঐতিহাসিক সত্য যেন দেখায়।)

তেতিয়াৰ দৰে আধুনিক সাহিত্য সমালোচনা এতিয়াও পৰম্পৰাগত। সত্যায়ণৰ প্ৰবোৰৰ সৈতে জড়িত নহয়। এতিয়াও লেখকজনক একে ধৰনেৰেই সংজ্ঞায়িক কৰে। লেখকজনে এক সৃষ্টি-কৰ্মত নিদিষ্ট ঘটনাবোৰৰ উপস্থিতিৰ ভেটিয়ে যোগান নধৰে, সেইবোৰৰ ৰূপান্তৰ, বিকৃতি আৰু বিভিন্ন সালসলনিকো (তেওঁৰ জীৱনি, মুলানুগ দৃষ্টিভংগী নিৰোপন,সামাজিক অৱস্থানৰ বিশ্লেষণ আৰু তেওঁৰ প্ৰাথমিক নক্সাৰ প্ৰকাশৰ যোগেদি) সাঙুৰি লয়।লেখকজন কেতবোৰ লেখনিৰ ঐক্যৰ মতবাদো য’ত সকলো পাথক্য আংশিকভাৱে হ’লেও দূৰ কৰা যায় ক্রম বিৰ্বতনৰ মতবাদ, প্ৰশমিতকৰণ অথবা প্ৰভাৱৰ যোগেদি। এলানি পাঠত উদ্ভৱ হ’ব পৰা বিৰোধাভাষবোৰ প্ৰশমিত কৰা কামতো লেখকজনে সহায় কৰে : তেওঁৰ চিন্তা অথবা হেপাহ, তেওঁৰ চেতন অথবা অৱচেতনত এনে এক স্থান আছে, য’ত বিৰোধাভাষবোৰ দূৰ কৰা হয়, দ্বন্দমুলক উপাদানবোৰক একে লগে বন্ধা হয় অথবা এক মুলানুগ অথবা উৎপন্ন বিৰোধাভাষাৰ চাৰিওফালে সংগবদ্ধ কৰা হয়। অৱশেষত লেখকজন হ’ল প্ৰকাশভংগীৰ এক বিশেষ উৎস, যি কম বেছি পৰিমানে সম্পুৰ্ণৰূপত ভালদৰে প্ৰতিভাত হয় আৰু একে বৈধতাৰে সৃষ্টি-কৰ্ম, নক্সা, বৰ্ণবোৰ, টুকুৰাবোৰ আৰু অন্যান্য কিবাবোৰত সোমাই পৰে। স্পষ্টভাৱে সন্ত জেৰোমৰ চাৰি চৰ্তই (যিবোৰ আজিৰ ভাষ্যকাৰৰ বাবে সমূলি অপৰ্যাপ্ত যেন লাগে) চাৰিটা আৰ্হিক সংজ্ঞায়িত কৰা যেন লাগে, যি অনুসৰি আধুনিক সমালোচনাই লেখক-কৰ্মক কামত লগায়।

কিন্তু লেখক-কৰ্ম জড় বস্তু হিচাপে দিয়া একোটা পাঠৰ হাত-বাগৰা বিশুদ্ধ আৰু সৰল পুনৰ-গঠন নহয়। পাঠটোত সদায় এক নিদিষ্ট সংখ্যক চিহ্ন থাকে, যি লেখকজনক বুজায়। বৈয়াকৰনিকসকলৰ বাবে সু-পৰিচিত এই চিহ্নবোৰ হ’ল ব্যক্তিগত সৰ্বনাম, সময় আৰু স্থানবাচক ক্রিয়া বিশেষণ আৰু ধাতু -ৰূপ। এনে উপাদানবোৰে লেখক-কৰ্ম থকা বাগধাৰাত একে ভূমিকা পালন নকৰো, কিয়নো তাত সেইবোৰ দ্বিতীয় ক্ষেত্ৰত, এনে ‘পৰিবৰ্তন’ এ প্ৰকৃত কওঁতাজনক আৰু তেওঁৰ বাগধাৰাৰ স্থান-সময়গত সম্বন্বয়ক বুজায়। (যদিও কেতবোৰ ৰূপান্তৰ হ’ব পাৰে, যেনেকৈ প্ৰথম পুৰুষত বাগধাৰাবোৰক সম্প্ৰৰ্কিত কৰিবলৈ যাওঁতে)। 

প্ৰথমটোৰ ক্ষেত্ৰত অৱশ্যে ভূমিকাটো বেচি জটিল আৰু চলমান। সকলোৱে জানে যে, এজন বৰ্ননাকাৰীৰ বৰ্ননা হিচাপে আগবঢ়োৱা এখন উপন্যাসত প্ৰথম পুৰুষৰ সৰ্বনাম অথবা বৰ্তমান কালৰ নিৰ্দেশাত্মকে লেখকজন অথবা তেওঁ যি মুহূৰ্তত লিখে তাক নুবুজায় যাৰ অৱস্থান লেখকজনৰ পৰা সলনি হয়। প্ৰকৃত লেখকজনৰ সৈতে স্ৰষ্ট্ৰাজনক সমান কৰাটো যেনেদৰে ভুল, তেনেকৈ কাপ্লনিক বক্তাৰ সৈতেও তেওঁক সমান কৰাটো ভুল। কেচীৰে কটা এই খণ্ড-বিভাজন আৰু এই দূৰত্ব বজাই ৰখাতেই লেখক -কৰ্ম সম্পাদন কৰা হয় আৰু ই কাম কৰে।

কোনোবাই হয়তো আপত্তি দৰ্শাব পাৰে যে এইটো এনে এটা বৈশিষ্ট্য, যাক ঔপন্যাসিক অথবা কাব্যিক বাগধাৰাৰ প্ৰসংগত আচহুৱা বুলিব পাৰি ই এনে এক খেলা য’ত কেৱল ‘অৰ্ধ-বাগধাৰা’ই অংশ গ্ৰহণ কৰিব পাৰে। প্ৰকৃততে লেখক- কৰ্মৰে ভূষিত সকলো বাগধাৰাতে সত্বাৰ এই বহুত্ব নিহীত হৈ থাকে। গনিতৰ এখন শাস্ত্ৰৰ আগকথাত এই সত্বাই কথা কয়, আৰু এই কথাই দেখুৱাই যে শাস্ত্ৰখনৰ সংৰচনাৰ পৰিৱেশটো এই সত্বাটোৰ অৱস্থান আৰু ই প্ৰতিভাত কৰা কাৰ্য-ক্রমনিকাৰ সদৃশ নহয় আৰু তাৰ পৰাই ‘মই ধৰি লওঁ’ জাতীয় প্ৰকাশ-ভংগীবোৰ ওলায়। প্ৰথম ক্ষেত্ৰত, ‘মই’ এ এনে এজন ব্যক্তিক বুজায়, যাৰ সমকক্ষ কোনো নাই আৰু যি এক নিদিষ্ট স্থান আৰু সময়ত এক নিদিষ্ট কৰ্ম সম্পাদন কৰিছিল। দ্বিতীয়তে,‘মই’ এ এক উদাহৰণ আৰু প্ৰদৰ্শনৰ স্তৰক ইংগিত কৰে, যিটো ব্যক্তি মাত্ৰেই সম্পাদন কৰিব পাৰিলেহেতেন যদিহে চিহ্ন, স্বীকাৰ্য অনুমানৰ খেলা আৰু পূৰ্বৰ প্ৰদৰ্শনক গ্ৰহণ কৰিলেহেতেন। আমি এই একেখন শাস্ত্ৰতে এক তৃতীয় সত্বাক স্থানাংকিত কৰিব পাৰিলোহেতেন, যি সৃষ্টি-কৰ্মৰ অৰ্থটো বেকত কৰিবলৈ লয়। মুখামুখী হোৱা সমস্যা,লাভ কৰা ফলাফল, বাকী সমস্যাবোৰৰ কথা কয়। ইতিমধ্যে থকা অথবা এতিয়াও পোহৰলৈ আহিবলগা গানিতিক বাগধাৰাৰ ক্ষেত্ৰখনত এই সত্বাটো স্থিত হৈ থাকে। বাকী দুটা সত্বাৰ খাতিৰত প্ৰথম সত্বাটোৱে লেখক-কৰ্মক গ্ৰহণ নকৰে। তেতিয়া আকৌ ই প্ৰথম দুটা সত্বাৰ এক কাপ্লনিক খণ্ডন কাযৰ্তকৈ বেছি একো হৈ নপৰে। তাৰ বিপৰীতে, এনে বাগধাৰাবোৰত, এই তিনি সমান তৰপীয়া আত্মাক প্ৰতিভাত কৰিবলৈ লেখক-কৰ্মই কাম কৰিবলৈ লয়।

নিসন্দেহে বিশ্লেষণে লেখক-কৰ্মৰ আৰু অধিক বৈশিষ্ট্য পোহৰলৈ আনিব পাৰে। মই নিজকে কেৱল এই চাৰিটা বৈশিষ্ট্যতে সীমাবদ্ধ কৰি ৰাখিম, কিয়নো এইবোৰেই আটাইতকৈ চকুতপৰা আৰু গুৰুত্বপূৰ্ণ যেন লাগে। সেইবোৰক এনেদৰে সংক্ষিপ্ত-সাৰ কৰিব পাৰি। ১) লেখকৰ কৰ্মটো ন্যায়িক আৰু প্ৰাতিষ্ঠানিক প্ৰনালীৰ সৈতে জড়িত, যি বাগধাৰাৰ পৃথিৱীখনক সামৰি লয়, নিদ্ধাৰণ কৰে, আৰু সৰৱ কৰি তোলে। ২) সকলো সময় আৰু সকলো ধৰনৰ সভ্যতাতে ই সকলো বাগধাৰাকে সমানে প্ৰভাৱিত নকৰে। ৩) উৎপাদকজনলৈ তাৎক্ষনিক গুনাৰোপনতে ইয়াক সংজ্ঞাবদ্ধ কৰা নহয়। বৰঞ্চ ই সংজ্ঞায়িত হয় নিদিষ্ট আৰু জটিল কেতবোৰ অভিযানৰ যোগেদি। ৪) ই এজন ব্যক্তিলৈ বিশুদ্ধ আৰু সাধাৰণভাৱে অনুকিয়াই নিদিয়ে কিয়নো ই একে সময়তে অনেক সত্বা, অনেক বিষয়ৰ জন্ম দিব পাৰে। ই এনে এক অৱস্থানৰ সৃষ্টি কৰে, যিবোৰ বেলেগ বেলেগ শ্ৰেনীৰ ব্যক্তিয়ে জন্ম দিব পাৰে।

এইখিনিলৈকে মই মোৰ বিষয়টো অন্যায়িকভাৱে সীমিত কৰিছো। নিশ্চিতভাৱে পেইন্টিঙ, সংগীত আৰু অন্যান্য ক’লাটো লেখক-কৰ্মক আলোচনা কৰাটো উচিত কথা আছিল। আমি বাগধাৰাৰ পৃথিৱীৰ মাজত থকা বুলি ধৰি ল’লেও যিহেতু মই কৰিব খোজো মই যেন ‘লেখক’ শব্দটোক তেনেই ঠেকগণ্ডীৰ অৰ্থ প্ৰদান কৰিছো। মই ‘লেখক’ শব্দটোৰে এক সীমিত অৰ্থত একোটা পাঠ, এখন গ্ৰন্থ অথবা এক সৃষ্টি কৰ্মক গুনাৰোপন কৰিব পৰা এজন ব্যক্তিক বুজাব খুজিছো। এয়া সহজে প্ৰত্যক্ষ কৰিব পাৰি যে বাগধাৰাৰ পৰিমণ্ডলত এজন ব্যক্তি এখনতকৈ অধিক গ্ৰন্থৰ লেখক হ’বগৈ পাৰে। তেওঁ এটা তত্ব, পৰম্পৰা অথবা শৃংখলাৰ লেখক হ’বগৈ পাৰে, য’ত অন্য গ্ৰন্থ আৰু লেখকেও স্থান বিচাৰি পায়। এনে লেখকসকল এনে এক অৱস্থানত থাকে যাক মই ‘অতি-বাগধাৰাগত’ বুলি ক’ম। এয়া এক পুনৰাবৃত্তি হৈ থকা প্ৰপঞ্চ, যিটো নিশ্চিতভাৱে আমাৰ সভ্যতাৰ সমানে পুৰনি। হোমাৰ, এৰিষ্ট’টল, গীৰ্জাৰ ফাদাৰসকল, প্ৰথম পীৰিৰ গনিতজ্ঞসকল আৰু হিপ’ক্রেটিক পৰম্পৰাৰ উন্মেষকসকল এই সকলোৱে এই ভূমিকা পালন কৰিছিল। তদোপৰি ১৯ শ শতিকাৰ কালক্রমত ইউৰোপত এনে কিছুমান অসচৰাছৰ লেখকৰ জন্ম হ’ল, যাক মহান সাহিত্যৰ লেখক, ধৰ্মীয় পাঠৰ লেখক অথবা বিজ্ঞানৰ প্ৰতিষ্ঠাপকসকলৰ সৈতে খেলিমেলি কৰি পেলালে। কিছুদূৰ স্বৈৰাচাৰীভাৱে এই অন্তিম শ্ৰেনীত পৰা সকলোকে আমি ‘বাগধাৰাবোধৰ প্ৰতিষ্ঠাপক’ বুলি ক’ম।

তেওঁলোক অসামান্য এই বাবেই যে তেওঁলোক কেৱল নিজৰ গ্ৰন্থৰে লেখক নহয়। তেওঁলোকে অন্য কিহবাৰো সৃষ্টি কৰিছে। সেয়া হ’ল অন্য পাঠৰ সম্ভাৱনা আৰু গঠনৰ নিয়ম। এই অৰ্থত তেওঁলোক এজন ঔপন্যাসিকতকৈ পৃথক যি নিজৰ গ্ৰন্থখনৰ লেখক হোৱাতকৈ বেছি একো নহয়। ফ্ৰয়েদ কেৱল ‘ইন্টাৰপ্ৰিটেশ্যন অব ড্ৰিমচ’ বা জোকচ আৰু অৱচেতনৰ সৈতে সিহঁতৰ সৰ্ম্পকৰ লেখক নহয়। ৰ্মাক্স কেৱল ‘কমিউনিষ্ট মেনিফেষ্টো’ অথবা ‘ডাচ কেপিটেল’ৰ লেখক নহয়। তেওঁলোক দুয়োৱে বাগধাৰাৰ অনন্ত সম্ভাৱনাৰ পথ মুকলি কৰিছে। দেখদেখকৈ অভিযোগ কৰিবলৈ এয়া সহজ হৈ আছে। কোনোৱে হয়তো ক’ব পাৰে যে এখন উপন্যাসৰ লেখকজন কেৱল তেওঁৰ পাঠৰ লেখক বুলি কোৱাটো সচা নহয়। এক অৰ্থত সিয়ো তাতকৈ অধিক গুৰুত্ব লাভ কৰে, শাসন কৰে আৰু নিয়ন্ত্ৰণ কৰে। এটা তেনেই সৰল উদাহৰণ লৈ ক’ব পাৰি যে এন ৰেদক্লিফে দ্য কেচল অৱ এথলিন, ডানবেইনি আৰু আন ভালেমান উপন্যাসকে লিখা নাছিল, ১৯ শ শতিকাৰ আৰম্ভনিতে গথিক হ’ৰৰ উপন্যাসৰ আৰ্ৱিভাৱকো সম্ভৱ কৰি তুলিছিল। এই ক্ষেত্ৰত তেওঁৰ ‘লেখক -কৰ্ম’ই তেওঁৰ আপোন দৃষ্টিক অতিক্রম কৰি যায়। কিন্তু মই ভাৱো যে এই অভিযোগৰো এক উত্তৰ আছে। বাগধাৰাবোধৰ এই প্ৰতিষ্ঠাপকসকলে ( মই ৰ্মাক্স আৰু ফ্ৰযেদক উদাহৰন হিচাপে ব্যৱহাৰ কৰো, কিয়নো তেওঁলোক দুয়োকে মই প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ উদাহৰণ বুলি ভাৱো।) এজন উপন্যাসিকে সম্ভৱ কৰিব পৰা কিবাতকৈ সম্পূৰ্ণ বেলেগ কিবা এটাহে সম্ভৱ কৰি তোলে। এন ৰেদক্লিফৰ পাঠবোৰে কেতবোৰ সামজ্যঞ্চ আৰু ৰিজনিৰ উন্মেষ ঘটালে, যাৰ আৰ্হি অথবা নীতিটো তেওঁৰ কৰ্মতে অন্তনিহিত হৈ আছে। তেওঁৰ লেখাত চিহ্ন, ফিগাৰ, সৰ্ম্পক আৰু গাঠনি কেতবোৰ আছে, যাক অন্য লোকেও ব্যৱহাৰ কৰিব পাৰিছিল। অন্য শব্দত ক’বলৈ গ’লে এন ৰেদক্লিফে গথিক হ’ৰৰ উপন্যাসৰ ধাৰাটো আৰম্ভ কৰিছিল বুলি কোৱা মানে এন ৰেদক্লিফৰ সৃষ্টি কৰ্মবোৰৰ লেখিয়াকৈ, ১৯ শ শতিকাৰ গথিক উপন্যাসত পাঠকে দেখিব নিজৰে নিদৰ্দাষিতাৰ পেচত বন্দী বীৰংগনা, গোপন কাৰেং ঘৰ, ক’লা আৰু অভিশপ্ত বীৰৰ চৰিত্ৰ যি তেওঁলোকৰ ক্ষেত্ৰত ঘটা অপকৰ্মৰ পায়চিত্ত কৰিবলৈ যত্ন কৰে, আৰু বাকীবোৰতো আছেই। অন্যহাতেদি ,যেতিয়া মই ৰ্মাক্স বা ফ্ৰয়েদক বাগধাৰাবোধৰ প্ৰৱৰ্তক বুলি কওঁ, তাৰ মানে হ’ল তেওঁলোকে কেতবোৰ ৰিজনিক সম্ভৱ কৰি তোলাই নাছিল, সমানে গুৰুত্বপূৰ্ণ কেতবোৰ পাৰ্থক্যকো সম্ভৱ কৰি তুলিছিল। তেওঁলোকৰ বাগধাৰাতকৈ বেলেগ কিবা এটা গঢ়াৰ এক সম্ভাৱনাও তেওঁলোকে সৃষ্টি কৰিছে। হ’লেও তেওঁলোকে প্ৰতিষ্ঠা কৰা কিবাতকৈ ই বেলেগ। ফ্ৰয়েদে মনঃসমীক্ষনৰ ধাৰা প্ৰৱৰ্তন কৰিছিল বুলি কোৱা মানে এনে নুবুজায় যে কাৰ্ল আব্ৰাহাম অথবা মেলানি ব্ৰেইনৰ ৰচনাত আমি লিবিদোৰ ধাৰণা অথবা স্ব-বিশ্লেষণৰ কৌশল দেখা পাওঁ। ইয়াৰ মানে হ’ল ফ্ৰয়েদে নিজৰ পাঠবোৰ, ধাৰণাবোৰ, আৰু অনুমানবোৰলৈ কেতবোৰ বৈচিত্ৰ সম্ভৱ কৰি তুলিছিল যিবোৰ মনো-সমীক্ষাত্মক বাগধাৰাৰ পৰা উৎপত্তি হয়।

অৱশ্যে এই কথাই এটা নতুন বিপদ অথবা সমস্যাৰ সৃষ্টি কৰা যেন লাগে। মুঠতে ওপৰৰ কথাবোৰ বিজ্ঞানৰ যিকোনো এজন প্ৰতিষ্ঠাপক অথবা প্ৰজননক্ষম বুলি ক’ব পৰা এক বিজ্ঞানলৈ পৰিৱৰ্তন অনা কোনো লেখকৰ ক্ষেত্ৰত সত্য বুলিব পাৰিনে? মুঠৰ ওপৰত গেলিলিওয়ে সেইবোৰ বাগধাৰাকে সম্ভৱ কৰি তোলা নাছিল, য’ত তেওঁ সূত্ৰবদ্ধ কৰা নিয়মবোৰৰ পুনৰাবৃত্তি ঘটিছিল তেওঁৰ বক্তব্যত আগবঢ়াইছিল সেইবোৰ কথা, যিবোৰ তেওঁ পূৰ্বে কোৱা কথাৰ পৰা ভালেখিনি পৃথক আছিল। যদি জৰ্জেছ কুভিয়াৰ জীৱ বিজ্ঞানৰ প্ৰতিষ্ঠাপক অথবা ফাৰ্ডিণাণ্ড দ্য চশ্যো ভাষা বিজ্ঞানৰ প্ৰতিষ্ঠাপক, তাৰ অৰ্থ এনে নহয় যে তেওঁলোকক অনুকৰণ কৰিছিল বা মানুহে প্ৰতিষ্টানৰ ধাৰণা বা চিহ্নক পুনৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। নিজৰ নিশ্চলতাৰ সম্পূৰ্ন বিপৰীতে কুভিয়াৰে কিছুদূৰলৈ এক বিৰ্বতনৰ সূত্ৰ সম্ভৱ কৰি তুলিছিল। এয়া সম্ভৱ হৈছিল কিয়নো নিজৰ গাঠনিগত বিশ্লেষণৰ পৰা মুলানুগভাৱে বেলেগ এখন নতুন ব্যাকৰণ চশ্যোৰে সম্ভৱ কৰি তুলিছিল। কৃত্ৰিমভাৱে বাগধাৰাগত অনুশীলনবোৰৰ প্ৰৱৰ্তন যিকোনো বৈজ্ঞানিক প্ৰচেষ্টাৰ প্ৰতিষ্ঠাপনৰ সদৃশ যেন লাগে।

হ’লেও এটা পাৰ্থক্য আছে, যিটো অতি লেখতলবলগীয়া। বিজ্ঞানৰ এক বিষয়ৰ ক্ষেত্ৰত ক’বলৈ গ’লে যিহৰ ওপৰত নিৰ্ভৰ কৰি ই ঠিয় হয় সেয়া ইয়াৰ ভৱিষ্যতৰ ৰূপান্তৰ সৈতে একে। কিছু ক্ষেত্ৰত এই কাৰ্য সি সম্ভৱ কৰি তোলা ৰূপান্তৰৰ অংশ হৈ পৰে। অৱশ্যে এই মালিকানাই ভালেমান ৰূপ ল’ব পাৰে। কোনো এক বিজ্ঞানৰ ভৱিষ্যতৰ প্ৰগতিত এই প্ৰতিষ্ঠাপন কাৰ্য এক সাধাৰণ প্ৰপঞ্চৰ এক বিশেষ উদাহৰণতকৈ সামাণ্য বেছি যেন লাগে যি প্ৰক্রিয়াটোৰ মাজতে উন্মোক্ত হয়। প্ৰজ্ঞা আৰু পৰীক্ষালব্ধ পক্ষপাতিত্বৰ বাবে এই প্ৰক্রিয়া বাধাগ্ৰস্ত হ’বগৈ পাৰে। তেতিয়া আমি তাক পুনৰ সুত্ৰবদ্ধ কৰিব লাগিব, যাক পুনৰ অনুসন্ধান কৰিব লাগিব। অন্য শব্দত ক’বলৈ গ’লে - বিজ্ঞানৰ কোনো বিভাগৰ প্ৰতিস্থাপন কাৰ্য সদায় ইয়াৰ পৰা নিসৃত সেইবোৰ ৰূপান্তৰ কৌশলৰ পৰা পুনৰ প্ৰৱেশ ঘটাব লাগিব।

তাৰ বিপৰীতে, এক বাগধাৰাগত অনুশীলনৰ প্ৰৱৰ্তনে ইয়াৰ পৰৱৰ্তী ৰূপান্তৰ বিজাতীয কৰি তোলে। ফ্ৰয়েদে স্থাপন কৰা মনোঃসমীক্ষণৰ দৰে এক বাগধাৰাবোধক বিকশোৱা মানে ইয়াক এক সাধাৰণত্ব প্ৰদান কৰা নহয় যাক আৰম্ভনিতে অনুমোদন জনোৱা হোৱা নাছিল বৰঞ্চ তাকে কৰা মানে ইয়াক কিছু সংখ্যক সম্ভৱপৰ প্ৰয়োগলৈ মুকলি কৰি দিয়া। মনোঃসমীক্ষনক বাগধাৰাৰ এক প্ৰকাৰ বুলি সীমাবদ্ধ কৰা মানে বাস্তৱিকতে তাৰ স্থাপন কাৰ্যত সীমিত সংখ্যক প্ৰস্তাৱনা বা বক্তব্যক পৃথক কৰা, যিয়ে কেৱল এক প্ৰাতিস্থানিক অৰ্থ প্ৰদান কৰে, যাৰ সৈতে খেও ধৰি ফ্ৰয়েদে মানি লোৱা কেতবোৰ ধাৰণা আৰু মতবাদক আহৃত, গৌণ আৰু আনুষংগিক বুলি বিবেচনা কৰিব পাৰি। তদোপৰি এই প্ৰতিস্থাপকসকলৰ সৃষ্টিত থকা কেতবোৰ প্ৰস্তাৱনা মিছা বুলি ঘোষণা নকৰে। তাৰ পৰিৱৰ্তে প্ৰতিস্থাপন কাৰ্যক ধৰি ৰাখিবলৈ চেষ্টা কৰি কোনোৱে সঙ্গত নোহোৱা বক্তব্যবোৰক একাষৰীয়া কৰে সেইবোৰক অদৰকাৰী বুলি বিবেচনা কৰি অথবা ‘প্ৰাগ-ঐতিহাসিক’ বুলি বিবেচনা কৰি অথবা অন্য ধৰনৰ বাগধাৰাৰ পৰা আহৃত বুলি। অন্য শব্দত ক’বলৈ গ’লে, এক বিজ্ঞানৰ প্ৰতিস্থাপনৰ দৰে বাগধাৰাগত অনুশীলনৰ প্ৰস্তাৱনাই তাৰ পৰৱৰ্তী ৰূপান্তৰত অংশ গ্ৰহণ নকৰে। ফলত কোনোৱে এক প্ৰস্তাৱনাৰ তাত্বিক বৈধতা সৃষ্টি কৰ্মৰ প্ৰতিষ্ঠাপকসকলৰ খেও ধৰি সংজ্ঞাবদ্ধ কৰে। নক্সাগতভাৱে প্ৰকাশ কৰিবলৈ হ’লে, বিজ্ঞানে সংজ্ঞায়িত কৰা স্থানত প্ৰৱৰ্তকসকলৰ বাগধাৰাবোৰক স্থানাংকিত কৰিব নোৱাৰি। বৰঞ্চ বিজ্ঞান আৰু বাগধাৰাবোধেই সিহঁতৰ সৃষ্টি-কৰ্মলৈ প্ৰাথমিক সংযোজক হিচাপে ঘুৰি আহে।

এনেদৰে আমি মূললৈ প্ৰত্যাৱৰ্তনৰ অৱশ্যম্ভাৱী প্ৰয়োজনীয়তাক বাগধাৰাৰ ক্ষেত্ৰৰ ভিতৰতে বুজি পাব পাৰো। এই প্ৰত্যাৱতন বাগধাৰাৰ ক্ষেত্ৰ অংশ আৰু তেতিয়াও ইয়াক ৰূপান্তৰ নকৰাকৈ নাথাকে। প্ৰত্যাৱতনটো এক ঐতিহাসিক সংপূৰক, যাক বাগধাৰাত সংযোজন কৰা হ’ব, অথবা কেৱল এক অলংকাৰ নহয়। বৰঞ্চ বাগধাৰাত অনুশীলনক সলনি কৰাৰ ই এক কাৰ্যকৰী আৰু প্ৰয়োজনীয় দায়িত্ব সম্পন্ন কৰে। গেলিলিওৰ পাঠৰ পুনৰ পৰীক্ষাই বলবিদ্যাৰ ইতিহাসৰ বিষয়ে আমাৰ উপলব্ধি সলনি কৰিব পাৰে, কিন্তু ই বলবিদ্যাক কেতিয়াও সলনি কৰিব নোৱাৰে। অন্যহাতেদি, ফ্ৰয়েদৰ পাঠৰ পুনৰ পৰীক্ষাই মনোঃসমীক্ষনক সলনি কৰে ৰ্মাক্সৰ পুনৰ পৰীক্ষাই মাক্সবাদক সলনি কৰাৰ দৰেই।

মই ‘ বাগধাৰাগত খেলিমেলি’ ৰ বিষয়ে ইতিমধ্যে যি ৰূপ-ৰেখা দাঙি ধৰিলো, সেয়া বৰ চিত্ৰধৰ্মী। বাগধাৰগত প্ৰৱৰ্তন আৰু বৈজ্ঞানিক প্ৰতিস্থাপনৰ মাজত মই টানি আনিবলৈ চেষ্টা কৰা বিৰোধৰ ক্ষেত্ৰতো ই সত্য। সিহঁত দুয়োটাৰ মাজত পাৰ্থক্য অনাটো সহজ নহয়। তদোপৰি কোনো কথাই প্ৰমান নকৰে যে সিহঁত দুটা প্ৰাকৃতিকভাৱে বিৰ্বজিত প্ৰক্রিয়া। কেৱল এটা কাৰণতে মই পাৰ্থকটো আনিবলৈ চেষ্টা কৰিছো। মই দেখুৱাব খুজিছো যে লেখক কৰ্মক, যি এক প্ৰদত্ত স্বাক্ষৰ বহন কৰা এখন গ্ৰন্থত বা পাঠৰ চিৰিজক স্থানাংকিত কৰিবলৈ যত্ন কৰোতে আৰু জটিল হৈ পৰে বহল এককত বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলে আৰু অনেক নিদ্ধাৰক কাৰক জড়িত হৈ পৰে - যেনে, সৃষ্টি-কৰ্মৰ গোট অথবা সামগ্ৰিক শৃংখলাবোৰ।
...........
সামৰনিত, মই কোৱা কথাবোৰত কিয় কিছু পৰিমানে গুৰুত্ব দিলো, তাৰ কাৰণবোৰ পুনৰ পৰীক্ষা কৰিব খুজিছো।

এফালে, মই ৰূপ-ৰেখা দাঙি ধৰা দিশত হ’ব পৰা এক বিশ্লেষণে বাগধাৰাৰ প্ৰকাৰতত্বলৈ এটা বাট খুলিব পাৰে। প্ৰথম নজৰতে মোৰ এনে লাগে যে বৈয়াকৰনিক বৈশিষ্ট্য, ৰূপগত গাঠনি অথবা বাগধাৰাৰ লক্ষ্যৰ পৰা এনে এক প্ৰকাৰতত্ব গঠন কৰিব নোৱাৰি। সম্ভৱত বাগধাৰৰ ক্ষেত্ৰত আচহুৱা ধৰ্ম অথবা সৰ্ম্পকবোৰ থাকে ( যাক ব্যাকৰণ আৰু লজিকৰ নিয়মলৈ সলনি কৰিব নোৱাৰি) আৰু এইবোৰকে ব্যৱহাৰ কৰি আমি বাগধাৰাৰ প্ৰধান বৰ্গবোৰ পৃথক কৰিব লাগিব। এই বাগধাৰাগত ধৰ্মবোৰৰ এটাৰ পৰাই লেখক আৰু এই সৰ্ম্পকৰ বেলেগ গেলেগ ৰূপবোৰৰ সৈতে সৰ্ম্পক ( অথবা অসৰ্ম্পক) সম্পূৰ্ন দেখনিয়াৰ ৰূপত গঢ় লৈ উঠে।

অন্যহাতেদি, বাগধাৰাৰ ঐতিহাসিক ব্যাখালৈ ইয়াতে কোনোৱে এক উপক্রমনিকা বিছাৰি উলিয়াব পাৰে। সম্ভৱত বাগধাৰাবোৰক সিহঁতৰ প্ৰকাশিত মূল্য অথবা ৰূপগত পৰিৱৰ্তনতে নহয়, সিহঁতৰ অস্তিত্বৰ ধৰণ অনুসৰি অধ্যয়ন কৰাৰ এয়াই সময়। প্ৰতিটো সংস্কৃতিতে বাগধাৰাবোৰৰ পৰিসঞ্চৰণ, মূল্যাৰ্পণ, গুনাৰোপন আৰু অধিগ্ৰহনৰ ৰূপৰ পৰিৱৰ্তন ঘটে আৰু ইটো আনটোৰ মাজত ৰূপান্তৰ হয়। মই বিশ্বাস কৰো যে লেখক-কৰ্মৰ কাৰ্য-কাৰনতে সামাজিক সৰ্ম্পক অনুসৰি সেইবোৰ সৰৱ হয়, যাক খৰখেদাকৈ উপলব্ধি কৰিব পাৰি। এনেধৰনৰ বিশ্লেষনেৰে আৰম্ভ কৰি আমি বিষয়টোৰ সুবিধাবোৰ পুনৰ পৰীক্ষাও কৰিব পৰা যেন লাগে। এক সৃষ্টি-কৰ্মৰ আভ্যন্তৰিণ আৰু স্থাপত্যগত বিশ্লেষনেৰে আৰম্ভ কৰি, জীৱনিমুলক আৰু মনঃতাত্বিক উল্লেখবোৰ একাষৰীয়া কৰি আমি ইতিমধ্যে বিষয়টোৰ চূড়ান্ত চৰিত্ৰ আৰু প্ৰতিস্থাপন ভূমিকাক প্ৰৰ মাজলৈ আনিছো। তথাপি আমি এই প্ৰটোলৈ ওভটি যাব লাগিব এটা উল্লেখিত বিষয়ক পুনৰ সালসলনি কৰিবলৈকে নহয়, বিষয়টোৰ প্ৰবিষ্টকৰণ , কাৰ্য-সম্পাদনৰ ধৰণ আৰু নিৰ্ভৰশীলতাৰ প্ৰনালী উপলব্ধি কৰিবলৈয়ো। তাকে কৰা মানে এনেবোৰ প্ৰ উপস্থাপন নকৰাকৈ পৰম্পৰাগত সমস্যাক ওলট-পালট কৰা। এটা মুক্ত বিষয়ে কেনেকৈ বস্তুৰ ঘনত্বত প্ৰৱেশ কৰি অৰ্থ প্ৰদান কৰে? ই ভিতৰৰ পৰা এটা ভাষাৰ নিয়মবোৰ কেনেকৈ সক্রিয় কৰে আৰু তাকে কৰি নিজা শৈলীৰ জন্ম দিয়ে? তাৰ পৰিৱৰ্তে এই প্ৰবোৰ উৎস্থাপন কৰা হ’ব : কেনেকৈ, কি পৰিস্থিতিত আৰু কি ৰূপত এটা বিষয় গৈ বাগধাৰাত আৰ্বিভাৱ হ’বগৈ পাৰে ? প্ৰতিটো বাগধাৰাতই কেনে স্থান দখল কৰিব পাৰে? কি নিয়ম মানি ই কেনে কাৰ্য সম্পাদন কৰে?সংক্ষেপে, এটা বিষয় অথবা তাৰ বিকপ্লক সৃষ্টিকাৰৰ ভূমিকাৰ পৰা খাৰিজ কৰি তাক বাগধাৰাৰ এক চলক আৰু জটিল কৰ্ম হিচাপে বিশ্লেষণ কৰা।

দ্বিতীয়তে, লেখকৰ নীতিগত মৰ্যাদাৰ বিষয়ে আলোচনা কৰাৰ যুক্তি আছে। তেতিয়া প্ৰটো এনেকুৱা হৈ পৰে : উপন্যাসে ভাবুকিৰ সৃষ্টি কৰা ডাঙৰ সমস্যা, ডাঙৰ বিপদবোৰক কেনেকৈ সংকুচিত কৰিব পাৰো। লেখকজনে এখন পৃথিৱীৰ ভিতৰতে কেঞ্চাৰসদৃশ আৰু চিহ্নৰ বিপদজনক বৃদ্ধিত এক সীমাবদ্ধতা আনি দিয়ে যি খন পৃথিৱীত আমি কেৱল আমাৰ উৎস আৰু সম্পদবোৰকলৈয়ে নহয়, আমাৰ বাগধাৰাবোৰ আৰু সিহঁতৰ সূচনাবোৰক লৈয়ো আমি তৃষাতুৰ। অৰ্থৰ সম্প্ৰসাৰণত লেখকজন হ’ল উন্নয়নশীল অৱস্থাৰ নীতি। ফলস্বৰূপে, আমি লেখকৰ পৰম্পৰাগত ধাৰনাক সামগ্ৰিকভাৱে সালসলনি ঘটাব লাগিব। আমি লেখকজনক এক সৃষ্টি-কৰ্মৰ জৈৱিক সৃষ্টিকৰ্তা বুলি কোৱাত অভ্যস্ত হৈ পৰিছো, য’ত অসীম সম্পদ আৰু উদাৰতাৰে তেওঁ সূচনাৰ এখন পৰিপূৰ্ণ পৃথিৱীক জমা কৰি ৰাখে। আমি ভাৱি আহিছো যে লেখকজন অন্য মানুহতকৈ ইমানে বেলেগ আৰু সকলো ভাষাৰ ক্ষেত্ৰতে ইমানে ভাৱাতীত যে তেওঁ ক’বলৈ লোৱাৰ লগে লগে অৰ্থ সম্প্ৰসাৰণ হ’বলৈ আৰম্ভ কৰে,অসীমভাৱে।

সত্যটো সম্পূৰ্ণ বিপৰীত। লেখকজন এক সৃষ্টি-কৰ্মক পৰিপূৰ্ণ কৰা সূচনাৰ অসীম উৎস নহয়। লেখকজনে সৃষ্টিৰ আগত অৱস্থান নলয়। তেওঁ হ’ল এক নিদিষ্ট ক্রিয়াশীল নীতি, যাৰ সহায়ত আমাৰ সংস্কৃতিত কোনোৱে সীমিত কৰে, বৰ্জন কৰে আৰু পচন্দ কৰি লয়। সংক্ষেপে ইয়াৰ দ্বাৰা কোনোৱে উপন্যাসৰ মুক্ত পৰিসঞ্চৰণ, মুক্ত চক্রান্ত, মুক্ত সংৰচনা, সংৰচনা-ভংগন আৰু পুনৰ-সংৰচনাক বাধাগ্ৰস্ত কৰে। যদিহে আমি লেখকজনক এটা প্ৰতিভা, আৱিস্কাৰ, চিৰন্তন উস্থান বুলি ভাৱিবলৈ অভ্যস্ত হওঁ, তাৰ মানে হ’ল বাস্তৱিকতে তেওঁক আমি কাম কৰিবলৈ দিওঁ। কোনোৱে ক’ব পাৰে যে লেখকজন এক নৈতিক পন্য যিহেতু তেওঁক আমি তেওঁৰ ঐতিহাসিকভাৱে প্ৰকৃত কৰ্মৰ বিপৰীতে প্ৰতিনিধিত্ব কৰো। যেতিয়া ঐতিহাসিকভাৱে প্ৰদত্ত কৰ্মক প্ৰতিনিধিত্ব কৰা হয়, তাৰ এটা আৰ্দশগত প্ৰক্রিয়া থাকে। সেয়ে আৰ্দশগত সত্বা, যাৰ সহায়ত আমি অৰ্থৰ সম্পসাৰনত ভয় কৰা দিশবোৰ ই চিহ্নিত কৰে।

ইয়াকে কৈ মই যেন এনে এক সংস্কৃতিৰ আহ্বান কৰিছো, য’ত লেখকৰ সত্বাই উপন্যাসক সীমিত নকৰিব। অৱশ্যে এনে এক সংস্কৃতিক কপ্লনা কৰাতো বিশুদ্ধ ৰমন্যাসিকতা হ’ব, য’ত কপ্লনাই সম্পূৰ্ণ মুক্ত পৰিৱেশত কাৰ্য ৰূপায়ণ কৰে য’ত সকলোৰে কথা উপন্যাসত থাকিব আৰু এটা দৰকাৰী অথবা নিয়ন্ত্ৰক সত্বাৰ দৰে কাৰোবাৰ মাজেৰে গৈ বিকাশ লাভ কৰিব। ১৮ শ শতিকাৰ পৰা লেখকজনে উপন্যাসৰ নিয়ন্ত্ৰকৰ ভূমিকা পালন কৰিছে ই এনে এক ভূমিকা যি ঔদ্যোগিক যুগ আৰু বুৰ্জোৱা সমাজ, ব্যক্তিবাদ আৰ ব্যক্তিগত সম্পত্তিৰ ধাৰণাৰে বৈশিষ্ট্যসূচক তথাপি প্ৰদত্ত ঐতিহাসিক ৰূপান্তবোৰ ঘটি থাকিলেও লেখক -কৰ্মৰ ৰূপ, জটিলতা আৰু আনকি অস্তিত্বতো স্থিৰ হৈ থাকে। মই ভাৱো যে আমাৰ সমাজ সাল-সলনি হোৱাৰ লগে লগে ই ৰূপান্তৰৰ প্ৰক্রিয়াৰ মাজত থাকোতে, লেখক-কৰ্ম অৰ্ন্তধ্যান হ’ব আৰু সেয়া এনেদৰে হ’ব যে উপন্যাস আৰু বহু-অৰ্থযুক্ত পাঠবোৰে অন্য এক ৰূপেৰে কাম কৰিবলৈ ল’ব। হ’লেও নিয়ন্ত্ৰকৰ এক প্ৰনালী থাকিব যি আৰু লেখক হৈ নাথাকিব। কিন্তু যাক নিদ্ধাৰন কৰিব লাগিব অথবা সম্ভৱত যাৰ অভিজ্ঞতাও ল’ব লাগিব।

সকলো বাগধাৰাই যিয়ে মৰ্যাদা, ৰূপ, মূল্য অথবা যেনেধৰনৰ উপচাৰৰ বহতীয়া নহওঁক কিয় তেতিয়া এক ভোৰভোৰনিৰ নামবিহীনতালৈ বিকশিত হ’ব। ইমান দীঘলীয়া সময় ধৰি অনুশীলন কৰি থকা প্ৰবোৰ আমি আৰু নুশুনিম। প্ৰকৃততে কোনে কৈছিল? প্ৰকৃততে সেয়া তেওঁ নে আন কোনোবা ? তাকো কি সত্যায়ণ অথবা মুলানুগতাৰে? আৰু তেওঁৰ গভীৰতম সত্বাৰ কোনো অংশৰে তেওঁ বাগধাৰাটো প্ৰকাশ কৰিছিল। তাৰ পৰিৱৰ্তে আন কেতবোৰ প্ৰহে ঠিয় হ’ব যেনে, এই বাগধাৰাত অস্তিত্বৰ ৰূপটো কি ? ক’ত তাক ব্যৱহাৰ কৰা হৈছে? তাক কেনেকৈ পৰিসঞ্চৰণ কৰিব পাৰি আৰু কোনে তাক নিজৰ বাবে অধিগ্ৰহণ কৰিব পাৰে ? ইয়াৰ কোন কোন স্থানত সম্ভৱপৰ বিষয়বোৰৰ বাবে জেগা আছে? কোনে এই বিষয়-কৰ্মক ধৰি ৰাখিব পাৰে? আৰু এই সকলোবোৰ প্ৰৰ অন্তৰালত এক উদাসীনতাৰ আলোড়নৰ বাদে কাচিৎহে কিবা এটা শুনিবলৈ পাওঁ : যি কৈ আছে, তেওঁনো আৰু কি পাৰ্থক্যটো ঘটাব পাৰে ?
......
অনুবাদকৰ ফোন : ৮৪৮৬২৫৮১০২

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages