সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
নিজৰ ৰাজ্যতে কৰিব পৰা কাম
বৰ্হিঃ ৰাজ্যত কৰে কিয়?

ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 
আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বহুতে কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যায়। ইয়াৰে কিছুমানে বহিঃৰাজ্যত গৈ এনেকুৱা কিছুমান কাম কৰি আছে যিবোৰ কাম বহিঃৰাজ্যৰ পৰা অহা সকলে আমাৰ ৰাজ্যখনত কৰি আছে ।

আমি ভাবোঁ, অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱা সলনি নিজ ৰাজ্যতে কোনো লাজ-সংকোচ নকৰাকৈ সেই কামবোৰ কৰিবলৈ আগ বাঢ়ি আহিলে ভাল হয়। এই কামবোৰৰ কিছুমান কাম আমাৰ ৰাজ্যখনতে কৰাৰ ফলত শাৰীৰিক,মানসিক তথা আৰ্থিকভাৱেও যে লাভৱান হ’ব, এই বিষয়ে নিবনুৱা যুৱক-যুৱতীসকলক বুজাবলৈ অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান,চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় ।

No comments:

Post a Comment