হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. দিল্লীৰ নিৰ্বাচনৰ পাছতে ১৫বছৰে ভাল বিক্ৰীৰে অভিলেখ গঢ়া "শিলাজিত"ৰ বিক্ৰী আশ্বৰ্যজন ভাৱে কমি যোৱা বুলি কোম্পানীটোৱে জনাইছেঃ তাৰ বিপৰীতে "আপ-বনে-বাপ" বুলি শক্তিবৰ্ধকে দিল্লীকে ধৰি উত্তৰ ভাৰতত পুৰুষ সকলৰ মাজত জাগৰণ তোলাৰ আশা-ব্যঞ্জক খবৰ।

২. অসমত বিদেশীৰ বাবে বিশেষ ক্ষমতা আইনৰ পোষকতা, আধাৰ কাৰ্ডৰ হোম-ডেলিভাৰী মৌলিক অধিকাৰ ৰূপে ঘোষণা কৰিবলৈ পৰিভ্ৰমী বাংলাদেশী সংঘই তুলিলে দাবী।

ফেচবুকৰ নতুন
সহানুভূতিৰ  চিম্বল
৩. ৰাজকুমাৰ গান্ধীৰ অফিচিয়েল পেজত পোন প্ৰথম বাৰৰ বাবে অন্তভুক্ত হব ফেচবুকৰ নতুন "চিমপেথি" বাটনঃ চাৰি ৰাজ্যত বিপৰ্যয়ৰ পাছত ৰাজকুমাৰৰ প্ৰতি সহানুভূতি জনাবলৈ দেশৰ নাগৰিক সকলৰ বিপুল ইচ্ছাৰ প্ৰতি সন্মান জনাই সেয়া গান্ধীৰ পেজতে উন্মোচন কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে জক্কৰবাৰ্গ মহাশয়ে।

৪. পৰিবহন বিভাগে অফিচিয়েলী ৫০০কোটি টকাৰ অভিলেখ সংখ্যক পৰিবহন কৰ সংগ্ৰহ কৰাৰ ঘোষণা কৰাৰ পাছত এতিয়া বিষয়া সকলে আন-অফিচিয়েলী সংগ্ৰহ কৰা টকাৰ পৰিমান জানিবলৈ বিষয়া সকলৰ পৰিবাৰ সংঘই এক ব্যতিক্ৰমী উদ্যোগ গ্ৰহণ কৰিছেঃ তেওঁলোকে বিষয়া সকলৰ মাজত পত্নীক নতুন বছৰত হীৰাৰ গণনা উপহাৰ দিয়াৰ প্ৰতিযোগিতা আয়োজন কৰাৰ খবৰ আহিছে।

৫. ৰসাল গগৈয়ে এইবাৰ দিল্লীত আৰম্ভ কৰিব মায়েঙৰ বেজালিৰ চৰ্ট-টাৰ্ম কৰ্ছঃ ২০১৪ চনত মোডীক ৰোধিবলৈ জৰা-ফুকা-তাবিজ-বেজালি আদিৰ বাবে হাতোৰা পাৰ্টিৰ সকলো স্তৰৰ কৰ্মীক সৱলীকৰণৰ বাবে মেডামৰ পৰা লাভ কৰিলে একছত্ৰী দ্বায়িত্ব। কৰ্চ মেটেৰিয়েল বনোৱাৰ দ্বায়িত্ব কনপোনা গগৈয়ে লোৱাৰ খবৰ, অসমীয়াৰ পৰা বেজালি মন্ত্ৰ ইংৰাজীলৈ অনুবাদ কৰিছে বিলাতী বোৱাৰী লক্ষ্মীমাই গগৈয়ে।

৬. নাছাৰ কৃত্ৰিম উপগ্ৰহে কুমেৰুত আটাইতকৈ শীতলতম অঞ্চল আৱিস্কাৰ কৰাৰ লগতে জনপথৰ মেদাম হাই-কামান্ডৰ বৰঘৰটো আটাইতকৈ বেছি উত্তপ্ত অঞ্চল ৰূপেও চিনাক্ত কৰিছেঃ বিগত সপ্তাহৰ নিৰ্বাচনী ফলাফলৰ পাছতে এই বৰঘৰটোৰ উষ্ণতা অস্বাভাৱিক ৰূপত বাঢ়ি অহা বুলি নাছাৰ গ্লবেল ৱাৰ্মিং কেন্দ্ৰই সজাগতামূলক তথ্য প্ৰকাশ কৰিছে।

৭. অসমত ব্যৱসায়িক পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ তুলিলে সদৌ অসম গাড়ীচোৰ সন্থাইঃ পূৱলৈ চোৱা নীতি অনুসৰি অন্ততঃ অসমৰ পৰা চুৰি গাড়ী এক্সপৰ্চৰ ক্ষেত্ৰত কেইটিমান টকাৰ লোভতে আৰক্ষীয়ে হকা-বাধা কৰিব নালাগে বুলিও প্ৰকাশ কৰিলে মতামত। এই ব্যৱসায়ৰ জড়িয়তে থলুৱা সকলে যথেষ্ট ৰাজহ আয় কৰাৰ উজ্জ্বল সম্ভাৱনাও সন্থাই ব্যক্ত কৰে।

৮. ফেচবুকত টেণ্ডুলকাৰ, আই-ফোন-৫ক পাছ পেলাই সৰ্বাধিক জনপ্ৰিয় ব্যক্তিত পৰিণত হল নৰেন মোদীঃ ব্লু ভাইৰাছৰ প্ৰকোপতে এই জনপ্ৰিয়তা ভাৰ্চুৱেলি বাঢ়ি যোৱা বুলি ভাৰ্চুৱেল ষ্টিং অপাৰেচন সংস্থা কোব্ৰাসাপ.কমে প্ৰকাশ কৰিছে।

৯. মুক্তিপন অনলাইন পেমেণ্টৰ সুবিধা আগবঢ়াব নতুন অসম অপহৰণকাৰী সেৱা সংস্থাইঃ পেমেণ্ট অনলাইন কৰা সকলৰ বাবে অপহৃতৰ হোম ডেলীভাৰীৰো কৰিব হেনো সু-ব্যৱস্থা।

১০. ডাঃ নহৰুল ইছলামে মঞ্চস্থ কৰিব এখন নতুন নাট "আলু কাৰ, পিয়াঁজৰ ধাৰ": এই নাটযোগে ব্যৱসায়ী সকলৰ বুকুৰ মৰ্ম-বেদনা মঞ্চত তুলি ধৰিব বুলি প্ৰযোজন ফাঁচী বজাৰ গেলামাল সন্থাই জনাইছে।

No comments:

Post a Comment