পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিশ্বৰ প্ৰথমটো কৃত্ৰিম হৃদযন্ত্ৰ সফলতাৰে সংৰোপিত হ'ল ফ্ৰান্সৰ এগৰাকী ৭৫বছৰীয়া বৃদ্ধৰ দেহতঃ কামৰেট নামৰ বায়'মেডিকেল প্ৰতিষ্ঠানৰ সৃষ্টি এই যন্ত্ৰটো পেৰিছৰ জৰ্জেছ পম্পিডু হস্পিতেলত সফলতাৰে সংৰোপন কৰাৰ সুখবৰ।
"নক্সা" নামৰ দ্বি-মাষিক আলোচনীৰ দ্বি-বৰ্ষপুতি অনুষ্ঠানত
ধেমাজিত বিশিষ্ট পৰিৱেশকর্মী, লেখক, নেচার্চ বেকনৰ সঞ্চালক

সৌম‌্যদ্বীপ দত্ত

২. অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলৰ কল্যাণৰ বাবে অসম চৰকাৰে ঘোষণা কৰিলে ১০০কোটি টকাৰ পেকেজঃ এই পেকেজৰ জৰিয়তে বৃত্তিমুখী শিক্ষা, প্ৰশিক্ষণ আৰু নিয়োগৰ সুবিধা সৃষ্টিৰ বাবে গ্ৰহণ কৰা হব ব্যৱস্থা।

৩."অসমীয়া কবিতাত ৰোমাণ্টিচিজিম আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা" শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হল নগাঁও গ্ৰন্থমেলাতঃ কালি সামৰণিৰ দিনত উন্মোচিত হ'ল মনোজ শৰ্মাৰ কাব্যগ্ৰন্থ "সেউজীয়া গামোচাখনি", দুলাল চন্দ্ৰ দাসৰ উপন্যাস "ৰাংবৰচা" আৰু তিৱা জনগোষ্ঠীৰ সাধু সংকলিত গ্ৰন্থ মনোজ কুমাৰ দেওৰজাৰ "এখন দেশত এজন ৰজা আছিল"।

৪. সাংবাদিক ইন্দ্ৰ মোহন হাকাছামৰ স্মৃতিত সাংবাদিক কৰ্ম পৰিষদ, গোৱালপাৰা জিলা সমিতিয়ে ২০০৮চনৰ পৰা প্ৰৱৰ্তন সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটাৰ বাবে বঙাইগাঁৱৰ সাংবাদিক ৰঞ্জিত শৰ্মাক নিৰ্বাচন কৰিছে।

৫. তেজপুৰৰ অতি প্ৰাচীন সামাজিক অনুষ্ঠান "অসমীয়া ক্লাৱ"ৰ প্ৰশংসনীয় উদ্যোগঃ প্ৰকাশ কৰিলে নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিব পৰাকৈ তেজপুৰৰ পাঁচগৰাকী মহীৰূহৰ জীৱন-কৃৰ্তিৰ মূল্যবান পুথি "শোণিত সুবাস": হৰিবিলাস আগৰৱালা, পদ্মনাথ গোহাঞি বৰুৱা, অমিয় কুমাৰ দাস, গহন চন্দ্ৰ গোস্বামী আৰু দুলাল ভট্টাচাৰ্যৰ জীৱনী দাঙি ধৰিছে এই গ্ৰন্থইঃ ২০১৫বৰ্ষৰ ভিতৰতে এনে ২০খনকৈ পুথি প্ৰকাশ কৰিব বুলি অসমীয়া ক্লাৱে প্ৰকাশ কৰিছে।

৬. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস ডাঃ মাধুৰ্য ঠাকুৰে লিখা "সেউজীয়া উপত্যকা, সোনোৱালী ৰ'দ" উন্মোচন কৰিলে কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাইঃ ইংৰাজীলৈকো অনুবাদ কৰি বিশ্ববাসীৰ সমুখত সুধাকণ্ঠৰ জীৱনৰ কাহিনী মুকলি কৰি দিবলৈ লেখকলৈ আহ্বান জনালে প্ৰবীণ অভিনেতা দিলীপ হাজৰিকা।

৭. জুবিনৰ সংগীত জীৱনৰ কুৰি বছৰীয়া যাত্ৰা উদযাপন কৰিলে ৰেড এফ এম-৯৩.৫য়েঃ কালি জিএমচিৰ প্ৰেক্ষাগৃহত সেই উপলক্ষে আয়োজিত হয় এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। বৰ্তমান জুবিন তিনিখন নিৰ্মিয়মান অমীয়া ছবিৰ লগত জড়িত থকা আৰু পহিলা জানুৱাৰীত তেওঁৰ প্ৰযোজনাৰ বিহুগীতৰ এলবাম "নাহৰ" উন্মোচন কৰিব বুলিও এক সংবাদমেলত শিল্পীগৰাকীয়ে প্ৰকাশ কৰে।

৮. গুৱাহাটীত আৰ্ট লিভিঙ সংস্থাই আৰম্ভ কৰিলে কন্যা সন্তান সুৰক্ষা অভিযানঃ যৌতুক, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰিলে পদক্ষেপ।

৯. অসম লেখিকা সংস্থাৰ দ্বি-বাৰ্ষক বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলৰ হ'ল ঘোষণাঃ অহা ৬-৯ জানুৱাৰীত গুৱাহাটীত হব লগা আগন্তুক অধিবেশনতে প্ৰদান কৰিব বঁটা সমূহ। ফলাফলসমূহ বাতৰিকাকত যোগে ৰাজহুৱা কৰা হৈছে।

১০. গুৱাহাটীত উন্মোচিত হ'ল তন্দ্ৰালী মূৰ্ছনাৰ "এভৰিথিং ইজ পছিবল" শীৰ্ষ ক গ্ৰন্থঃ উন্মোচন কৰিলে সাহিত্যিক বন্দিতা ফুকন আৰু দিলীপ বৰাই। গল্পৰ কিতাপখন প্ৰকাশ কৰি উলিয়াইছে মৰমলেণ্ডে।

১১. গুৱাহাটীত অনুষ্ঠিত হৈছে ২৩সংখ্যক অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনঃ ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা অহা প্ৰায় পাঁচশ প্ৰতিনিধিয়ে কৰিছে অংশগ্ৰহণ। শিমলুগুৰিৰ সাহসী ছাত্ৰী গুঞ্জন শৰ্মাকো কালি অধিবেশনতে সম্বৰ্ধনা জনোৱা হয়।

১২. ষাঠিৰ উৰ্ধৰ দুকুৰি স্বনামধন্য অসমীয়াৰ জীৱনৰ অনুভৱ "জীৱনৰ পৰা কি শিকিলোঁ" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিলে নলিনীধৰ ভট্টাচাৰ্যইঃ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত হোৱা এই উদ্বোধনী অনুষ্ঠানত তেখেতে কৰিলে মন্তব্য-"ধন ঐশ্বৰ্যই জীৱনৰ শেষ কথা নহয়"।

১৩. ডিব্ৰুগড়ৰ বৈৰাগীমঠত ইউ বি আইয়ে মুকলি কৰিলে নতুন শাখাঃ মুঠ নটা শাখাৰে ডিব্ৰুগড়বাসীক সেৱা আগবঢ়াইছে এইটি ৰাষ্ট্ৰীয়কৃত বেংকে।

No comments:

Post a Comment