হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
দিল্লীৰ বিশেষ নিৰ্বাচনী গুজৱঃ

১. ৰাতি ঠাণ্ডাত নিৰ্বাচনী কাম-কাজ চাবলৈ কৰ্মী সকলৰ বাবে যোৱা "ৰাম"ৰ বটল পুলিচে জব্দ কৰাত, ধাৰ্মিক কৰ্মী সংঘই মৌন প্ৰতিবাদ জনোৱাৰ দুখলগা বাতৰি।
নহলে দাৰু
নহলে ঝাড়ু....

২. যোৱা বাৰ সস্তীয়া "ৰাম"ৰ বটল দি ৰামঠগন দিয়া প্ৰাৰ্থীক এইবাৰ ভোটাৰে কোনো পধ্যেই ব্লেণ্ডাৰচ প্ৰাইডৰ তলত পাত্তা নিদিয়া বুলি হেডলাইন টুডেৰ বাতৰিত প্ৰকাশ।


৩. ৰাহুল মাইনাৰ আশীষ লৈ ভোট দিবলৈ গ'ল শীলা আইতা। সৰু ল'ৰাৰ আশীৰ্বাদ ললে ভাল বুলি মাইনাৰ লগৰ কেইটাক মাতি গৰখীয়া সবাহ পতাৰো গোপন খবৰ।



৪. দুৰ্নীতিত ভাৰতৰ স্থান ৯৪ আৰু পাকিস্তানৰ ১২৭ তম। অন্ততঃ এটা বিষয়ত পাকিস্তানতকৈ আমাৰ দেশ আগবাঢ়ি থকাত সন্তোষ প্ৰকাশ কৰিলে দিল্লীৰ হাইকামাণ্ড বাইদেৱে। অতি সোনকালে বিশ্বৰ প্ৰথম দহটাত স্থান লাভৰ চেষ্টা কৰিবলৈকো দলীয় কৰ্মী সকলক উদ্দেশ্যি দিলে প্ৰেৰণাময় ভাষণ।

৫. হাফিংটন পোষ্টৰ পৰা মেডামৰ নাম কৰ্তন কৰাক লৈ উদ্বিগ্ন হৈ পৰিছে সৰ্ব-ভাৰতীয় হাতোৰা কংৰ্গ্ৰছৰ কৰ্মকৰ্তা সকলঃ মেডামক ইমান কম-দামী গণ্য কৰাটো অপমান জনক বুলি কেইবাজনো ব্লক কংগ্ৰেছৰ সভাপতিয়ে মানহানিৰ গোচৰ তৰিবলৈ লণ্ডনলৈ যাবলৈ বুলি সৰুকন গগৈৰ কাষ চপাৰ গোপন খবৰ।

৬. দিল্লীৰ ৯৩% মহিলাই নিৰ্যাতন মূলক অপৰাধৰ বিৰুদ্ধ চৰকাৰৰ বিৰুদ্ধে ভোটদান কৰিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাত শংকিত হৈ শীলা বাইদেৱে, সকলো ড্ৰাইভাৰ, কণ্ডাক্টৰক এনে সা-সুবিধা চিৰদিনে পাই থকাৰ প্ৰতিশ্ৰুতি দি ভোট আদায়ৰ চেষ্টা কৰা বুলি গাড়ী মালিক সন্থাই অভিযোগ কৰিছে।

৭. আম পাৰ্টিয়ে ২০০০গোপন কেমেৰা দিল্লীত লগোৱা বুলি প্ৰচাৰ হোৱাৰ পৰাই, সেই কেমেৰাৰ সন্ধানত আন আন পাৰ্টিয়ে " ট্ৰেজাৰ হাণ্ট" প্ৰতিযোগিতা কৰ্মী সকলৰ মাজত ঘোষণা কৰাৰ খবৰ আহিছে। তেনে কেমেৰা পালেই ভাঙিবলৈ মোটা পুৰষ্কাৰ ঘোষণা কৰাৰো আহিছে গোপন খবৰ।

৮. বলিউডৰ অভিনেতা ৰাইজপাল যাদৱ দহ দিনৰ বাবে আৰক্ষীৰ জিম্মাতঃ জেললৈ আচলতে চিনেমাৰ প্লট বিচাৰিহে গৈছে বুলি শ্ৰীমতীয়ে দিলে প্ৰেছ বিজ্ঞপ্তি।

৯. আশাৰামৰ পুত্ৰ নাৰায়ণো পিতৃৰ পথেৰে পৰিচালিত হৈ অৱশেষত দিল্লী হাৰিয়ানাৰ সীমান্তত পুলিচৰ হাতত ধৰা পৰে। আচলতে তেওঁ গোপনে ভক্ত সকলৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই আছিল বুলিহে প্ৰকাশ। তেখেতৰ সতে মাত্ৰ এগৰাকীহে সেৱিকা ধৰা পৰাক লৈ আশাৰাম ফেন ক্লাৱে গৰিহণা দিয়াৰো গোপন খবৰ।

১০. টুইটাৰত ৰাষ্ট্ৰপতি মুখাৰ্জীৰো নামতো আছে ভুৱা একাউণ্ট। এই কথা জনাৰ পাছত নিজৰ নিজৰ নামত ভুৱা একাউণ্ট খুলিবৰ বাবে বহুতো ৰাজনৈতিক নেতাই আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। এই একাউণ্টত ব্লেক মানি থবলৈ কেনেকৈ পাৰি, সেই বিষয়েও চাৰ্টাড একাউটেণ্টলৈ পাপ্পু যাদৱে ফোন কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

No comments:

Post a Comment