আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰভাৱ 
আৰু অসমীয়া ভাষা
-অৰূপজ্যোতি সন্দিকৈ
অসমৰ ৰাইজে বা কি ক'ব ? আমি ভাবো এই ইংৰাজী মাধ্যমৰ বিদ্যালয় সমুহেই এদিন আমাৰ অসমীয়া জাতিটোক/ভাষাটোক ধ্বংস কৰিব । এই বিদ্যালয়সমূহৰ দৃষ্টিত অসমীয়া ভাষা-সংস্কৃতি সদাই অৱহেলিত হৈ আহিছে । অসমীয়া ভাষা-সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰতো এনে ইংৰাজী বিদ্যালয় সমুহে কেনেধৰণৰ পদক্ষেপ লৈছে ? সেয়াও পুতৌজনক । 

আজিকোপতি অসমৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত অসমীয়া ভাষাটো দশম শ্ৰেণীলৈকে বাধ্যতামুলক নহ'ল । এই বিদ্যালয় সমুহে শিক্ষাদানৰ সমান্তৰালকৈ তেওঁলোকৰ নিজা ধৰ্ম প্ৰচাৰৰ কৰাৰ ক্ষেত্ৰতহে বেছি মনোযোগ দিয়া যেন ভাব হয় । এই বিদ্যালয় সমূহ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি যে আগ্ৰহী নহয় সেইয়া বৰ্তমানে মুকলিকৈ ওলাই পৰিছে । এনে বিদ্যালয় সমূহত অসমীয়া ভাষাটোক অপমান কৰাৰো বহু উদাহৰণো আছে । 

এতিয়া কথা হ'ল অসমৰ এই ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহে যি মানৱ সম্পদ গঢ় দিব সেই মানৱ সম্পদে আমাৰ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'বনে ? যদিও কিছু পৰিমানে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী মানৱ সম্পদ ওলাব, কিন্তু সেয়া কেৱল অভিৱাক বা নিজ পৰিয়ালৰ তত্বাবধানতহে ওলাব । এই ক্ষেত্ৰত এনে বিদ্যালয় সমুহৰ কোনো অৰিহণা নাথাকিব । তেন্তে এই বিদ্যালয় সমূহক কি কৰা উচিত ? এইবোৰক নাকী লগোৱাৰ সময় আহি পৰা নাই নে ?

No comments:

Post a Comment