Monday, December 9, 2013

পুনৰ প্ৰকাশঃ প্ৰাসংগিক সম্পাদকীয়

নগাঁৱৰ বঢ়মপুৰত মুকলি হ'ল ৰাজ্যৰ প্ৰথমখন ম'হ প্ৰজনন কেন্দ্ৰঃ নেছনেল প্ৰগ্ৰাম ফৰ কেটেল এণ্ড বাফেল ব্ৰিডীঙৰ অধীনত এই কেন্দ্ৰ আৰম্ভ কৰিছে অসম ৰাজ্যিক পশুপালন বিভাগে।

ইয়াৰ প্ৰয়োজনীয়তা চিহ্নিত কৰি অসমীয়াৰ সুখ দুখত প্ৰকাশিত সম্পাদকীয়ৰ আজি পুনৰ প্ৰকাশ কৰা হৈছে।

বাঁহৰ চুঙাৰ দৈ, বৰ্তমান আৰু ভৱিষ্যত


জুবিন গাৰ্গৰ কণ্ঠত বিহুগীতৰ বুকুত "অসমীয়া বিহুৰ জা-জলপান"ৰ সতে সোৱাদৰ জুতি বাঁহৰ চুঙা দৈ অধিক মহীয়ান হৈ পৰিল ৷ সেই বিহুগীতটোৰ জৰিয়তেই চহৰীয়া বহু লোক তথা নতুন প্ৰজন্মৰ মাজতো বাঁহৰ চুঙাত ৰখা দৈৰ কিনো বিশেষত্ব আছে, ৰস-গুণ-গন্ধ আছে তাৰ উমান লবলৈ এটা আগ্ৰহ জাগি উঠিল ৷ ই অতি এক আশাপ্ৰদ কথা ৷

পিছে অসমীয়াৰ ৰঙালী বিহুক উৎসৱৰ ৰূপত পালন কৰি আনন্দ কৰাৰ প্ৰাকক্ষণত আন কেতবোৰ অতি প্ৰয়োজনীয় দিশ উন্মোচন কৰিব খুজিছো ৷ সেয়া হ’ল আজিৰ তাৰিখত অসমত চুঙাত থোৱা বা নোথোৱা দৈ, গাখীৰ আদিৰ উৎপাদন আৰু ইয়াৰ প্ৰকৃত ছবিখন৷

অসমত বৰ্তমান দুগ্ধপালনৰ ক্ষেত্ৰখন অতিশয় কৰুণ ৰূপত প্ৰতিফলিত হবলৈ হবলৈ ধৰিছে ৷ গুৱাহাটীত পূৰবী ডায়েৰীয়ে এতিয়াও পেকেট গাখীৰৰ প্ৰচলনৰ মাজেৰে মহানগৰবাসীক অকন উপযুক্ত মানদণ্ডৰ গাখীৰ যোগান ধৰি আছে ৷ তাৰোপৰি গুৱাহাটীৰ আশে-পাশে পাহাৰ, টিলা, চুবুৰী আদিত গো-শালা বা দুগ্ধ উৎপাদন কেন্দ্ৰ স্থাপন কৰি বিশেষকৈ নেপালী আৰু বিহাৰী সম্প্ৰদায়ৰ লোক সকলে অতি কষ্টৰে ৰাইজক সেৱা আগবঢ়াই আহিছে ৷ নগাঁৱৰ এটা অঞ্চলতো দুগ্ধ সমবায়ৰ যোগেদি ৰাইজে একত্ৰিত ৰূপত আত্ম-নিৰ্ভৰশীলতা লাভৰ সুখবৰে ইতিমধ্যেই বাতৰিৰ শিৰোনাম পাবলৈ সক্ষম হৈছে ৷

কিন্তু এই কেইটাৰ বাহিৰে অসমৰ মফচলীয় চহৰ তথা গাঁৱে ভূঞে নগৰে চহৰে দুগ্ধজাত সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত এক নিৰাশাজনক ছবিহে প্ৰকট হৈ উঠিছে ৷ যি সময়ত সেউজ অসমত সেউজ বিপ্লৱৰ সতে দুগ্ধ বিপ্লৱৰ সূচনা হব লাগিছিল, সেই সময়ত এসময়ত গাখীৰ, দৈৰ বাবে ভোগালী ঠাই বুলি খ্যাত ধেমাজি, ঢকুৱাখনা, বৰদলনি আদি ঠাইতো মানুহে পাউদাৰ গাখীৰ বা আমূল তাজা কিনি খাব লগা হোৱাটো অতিকৈ উদ্বেগ প্ৰকাশ কৰিব লগা কথা বুলি গণ্য কৰিছো ৷

যি সময়ত উৰ্বৰা অসমৰ বুকুত সেউজীয়া ঘাঁহ, কলগছৰ বাগিছাৰে ভৰি পৰি নৱ-প্ৰজন্মৰ বাবে পুষ্টিকৰ খাদ্যৰ ভঁৰাল স্বৰূপ গাখীৰৰ নদী বব লাগিছিল, তাৰ বিপৰীতে সুৰাৰ বন্যাৰ বৃদ্ধিয়ে (নঁগাৱত বাঢ়িল ১২% সুৰাপায়ী শীৰ্ষক খবৰ) বাতৰিৰ শিৰোনাম পোৱাটো এক লজ্জ্বাজনক কথা ৷

তেন্তে সমস্যাটোনো ক’ত? তাকে লৈ ডায়েৰী ডেভেলপমেণ্টৰ কামত যোৱা দহ বছৰে নিয়োজিত ক্ষেত্ৰ বিষয়া কেইগৰাকীমানৰ পৰা অসমীয়া সুখ -দুখৰ তৰফৰ পৰা সু-উত্তৰ পোৱাৰ চেষ্টা চলোৱা হৈছিল৷ প্ৰাপ্ত উত্তৰ সমূহ তলত উল্লেখ কৰা হ’ল-

১. অতি শুকান অথচ গৰম পৰা ৰাজ্য অন্ধ্ৰ প্ৰদেশত গ্ৰাম্যাঞ্চলত ঘৰে ঘৰে মূৰা ম’হ নামৰ এবিধ ম’হৰ বাবে সৰু সৰু জুপুৰী ঘৰৰ ব্যৱস্থা থকা দেখা যায়৷ দৈ তাত দৈনন্দিন প্ৰয়োজনীয় বস্তু হোৱাৰ বাবে অতি কমেও দুজনী এনে ম’হ পালন কৰাটো তেখেত সকলৰ এক পৰম্পৰাৰ নিচিনা হৈ পৰিছে ৷ নাৰিকল আৰু কুঁহিয়াৰৰ পাতৰ ওপৰত নিৰ্ভৰ কৰিয়েই এইবিধ ম’হ পালন কৰা হয় ৷ প্ৰয়োজন অনুসাৰে বেছি সংখ্যাৰ ম’হ পালনৰ যোগেদি গ্ৰাম্য অন্ধ্ৰ প্ৰদেশত দুগ্ধজাত সামগ্ৰীৰ উৎপাদনে মানুহক অৰ্থনৈতিক ভাৱে সকাহ দিবলৈ সক্ষম হৈছে ৷ ৰাতিপুৱা সময়ত লানি পাতি মানুহে সমবায় সমিতিক এনে গাখীৰ যোগান দিবলৈ যায়, তাতে লেক্টমিটাৰৰ সহায়ত গাখীৰৰ গুণাগুণ নিৰ্ধাৰণ কৰি ঠাইতে ধন আদায় দিয়াৰ সু-ব্যৱ্স্থা আছে ৷ তাৰ ফলত গাখীৰত পানী দিয়া আদি ভেজাল কামত যোগদিয়াৰ অভ্যাসৰ পৰা সাধাৰণ মানুহক বিৰত থাকিবলৈ বাধ্য কৰোৱা হৈছে, আৰু লগতে দৈনিক আৰ্জনৰ এক নিৰ্দিষ্ট পথৰ সন্ধান দিবলৈও এই ব্যৱ্স্থা সক্ষম হৈছে ৷

২. গুজৰাটৰ আনন্দ নামৰ ঠাইৰ পৰা সৃষ্টি হোৱা ডায়েৰী সমবায় সমিতিৰ বিজয় ধ্বজ্জা বহন কৰা "আমূল"ৰ সফলতাৰ কাহিনীৰ বিষয়ে কোনেনো নাজানে? তাৰ বিপৰীতে অসমত পশুপালন কিহৰ বাবে বিখ্যাত বুলি সুধিলে এল অ’ চি কেলেংকাৰী, পশুখাদ্য কেলেংকাৰী আদি বুলি কোৱাৰ বাহিৰে বেলেগ চিনাকি দিবলৈ একোৱেই নাই ৷ কিন্তু সচেতন অসমীয়াই আগবাঢ়ি আহিলে এতিয়াও অসমৰ আমূল গঢ়ি উঠাৰ সম্ভাৱনা নথকা নহয়!

৩. পিছে অসমত এনে প্ৰকল্পৰ নামত চৰকাৰী বেংকৰ পৃষ্ঠপোষকতাত বহুবাৰ প্ৰচেষ্টা হাতত লোৱাৰ নজিৰ আছে ৷ গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ কেচ ষ্টাডীৰ পৰা জনা যায় যে মাজতে ষ্টেট বেংকে বহু-গোপালকক ঋণ দান কৰিছিল, বিশেষকৈ নাৰেংগী, যোৰাবাট, হাজো, ৰামদিয়া, বাইহাটা পৰ্যন্ত ৷ কিন্তু প্ৰায় সকলোবোৰ ঋণ লোৱা মানুহেই এই ব্যৱসায়ত তিস্তি থাকিব নোৱাৰিলে ৷ কেইজনমান অতি কষ্ট কৰিব পৰা নেপালী, বিহাৰী সম্প্ৰদায়ৰ মানুহ আৰু কেইগৰাকীমান দুখুনী মহিলাৰ বাদে ৷ ফলত এতিয়া মহানগৰীৰ উপকণ্ঠ অঞ্চলত ভাৰতীয় ষ্টেট বেংকে ডেইৰী ফাইনান্স বন্ধ কৰি দিব লগীয়া হ’ল ৷
মাজতে অন্ধ্ৰ প্ৰদেশৰ আৰ্হিত কন্ট্ৰেক্ট ফাৰ্মিং ব্যৱ্স্থাৰে হাজো, বাইহাটা, মান্দাকাটা, মিৰ্জা আদি এক বৃহৎ অঞ্চল সামৰি গঢ় লৈ উঠিছিল পৃথিৱী ডায়েৰী ৷ প্ৰায় ১০০কোটি টকাৰ বিনিয়োগ কৰা এই প্ৰকল্পকো অসমীয়া গো-পালকে জীয়াই ৰাখিব নোৱাৰিলে ৷ ফলত হায়দৰাবাদৰ পৰা বেংকৰ প্ৰতিনিধিৰ বিশেষ দলে আচলতে সমস্যা কি তাক অধ্যয়ন কৰিবলৈ আহিব লগা হ’ল ৷

৪. এই অধ্যয়নৰ ফলত পোহৰলৈ অহা সমস্যাৰাজি এনে ধৰণৰ-

ক. অসমত এনে উপযু্ক্ত ব্ৰীড বা জাতৰ গৰু-ম’হৰ অভাৱ ৷

খ. উপযুক্ত ব্ৰীডৰ গৰু-ম’হ কিনিব বিচাৰিলেও সেই ক্ষেত্ৰত ভেটেনেৰী বিভাগে ৰাইজক কোনো সু-পৰামৰ্শ দি সমস্যাৰ সমাধান কৰি দিয়া নাই ৷

গ. স্থানীয় গো-পালকে গাই কিনিবলৈ যোৰাবাটৰ বজাৰলৈ যায়৷ কিন্তু তাত এলাগী হোৱা গাইহে অভিজ্ঞ নেপালী বা আন ব্যৱসায়ীহে বিক্ৰী কৰে ৷ 
সন্দেহকৰামতে ঔষধ খুৱাই বিক্ৰীৰ সময়ত দহ লিটাৰলৈকে গাখীৰ দিয়া বুলি প্ৰমাণ দি উচ্চ হাৰত দাম আদায় লয় ৷ অথচ সেইজনী গাই ঘৰলৈ আনিলে পাচ দিনা দুসেৰৰ ওপৰত গাখীৰ নোলায় ৷

ঘ. পৃথিৱী ডেইৰীৰ বাবে এই ব্ৰীডৰ সমস্যা সমাধানৰ বাবে ভেটেনেৰী বিশেষজ্ঞ এজনৰ দিহা লোৱাৰ ব্যৱ্স্থা হ’ল৷ তেখেতে একে জলবায়ুত প্ৰতিপালন হোৱা বুলি আলিপুৰ দুৱাৰৰ পৰা মাতৃ গাই অনাৰ প্ৰস্তাৱ দিলে ৷ পিছে মূৰকত গৈ সিও উলোটা ফল দিলে, ভেটেনেৰী বিশেষজ্ঞই কমিচন খাই আনি দিলে বুঢ়ী গাইগৰুৰ জাক!

ঙ. অসমীয়া গো-পালকে কৰিব নিবিচাৰে কষ্টঃ তাৰ বিপৰীতে নেপালী আৰু বিহাৰী সম্প্ৰদায়ৰ মানুহে গো-পূজাৰ দৰে পূজি উৎপাদন কৰে দুগ্ধ৷ মাজতে এই কামত হাজোৰ ফালে উদ্যমী ইছলাম ধৰ্মীয় কৃষি কৰ্মীয়েও প্ৰকল্প হাতত লৈছিল যদিও মূৰকত গৈ বিফল হোৱাৰ বাতৰি পোৱা গ’ল ৷

এনে ক্ষেত্ৰ-ভিত্তিক অধ্যয়নে নিশ্চয়েই নতুন নতুন দিশ উন্মোচন কৰিছে ৷ ১৯৫০চনৰ বৰ ভূইকঁপত তললৈ বহি যোৱা ধেমাজিৰ এক বৃহৎ অঞ্চল বৰদলনিত এটা সময়ত ম’হৰ ঘুলি, ম’হৰ পাম আদি কৰাটো এক পৰম্পৰাৰ দৰেই আছিল৷ কিন্তু সময়ৰ সতে ম’হৰ পামত ৰাতি কটোৱাৰ আকৰ্ষণ নতুন প্ৰজন্মই হেৰুৱাই পেলালে৷ এতিয়া তাতো ম’হৰ এনে ঘুঁলি আঙুলি মূৰত লেখিব লগা ৷ একেই অৱস্থা ভিতৰুৱা জনজাতীয় গাঁও সমূহতো ৷ এতিয়াও কৰবাত কৰবাত ব্ৰহ্মপুত্ৰ বালি-চাপৰিত গৰুৰ পাম, ম’হৰ পাম চেগাচোৰোকাকৈ আছে৷ য’ৰ পৰা ঘৰে ঘৰে পানী-মিহলি গাখীৰকনকে চহৰবোৰত মানুহে অমৃত জ্ঞান কৰি কিনি আছে ৷

ইফালে হোটেলত পাউদাৰ গাখীৰৰ ৰসগোল্লা, পনীৰ আদিৰ পয়োভৰ হৈছে ৷ পাউদাৰ গাখীৰৰ দৈ বনোৱাৰ পদ্ধতিও ৰাইজে অৱলম্বন কৰিছে ৷ তাৰ বিপৰীতে এজন বেংগলী ভদ্ৰলোকে এঠাইত ৬৬জনী জাৰ্চী গাই পুহি আদৰ্শ দেখুৱাইছে ৷ তেওঁ মাত্ৰ গাই পুহাই নহয়, তাৰ ভেল্যু এডেড চেইনটোৰ গঠন কৰিও এক অনন্য উদাহৰণ দাঙি ধৰিছে ৷ মিঠাইৰ এখন দোকান খুলি বিশুদ্ধ গাখীৰৰ মিঠাই, দৈ, পনীৰ আদি বিক্ৰী কৰি এক উন্নত ব্যৱস্থা গঢ়ি তুলিছে ৷ তেখেতৰ ৬৬জনী গাইৰ পামখন দেখিয়ে সকলো বিয়া বাৰুৰ মিঠাইৰ অৰ্ডাৰৰ বাবে তেখেতৰ দোকানলৈকে মানুহ দৌৰি যাবলৈ আৰম্ভ কৰিছে ৷ এনে সফল গো-পালক তথা ব্যৱসায়ীৰ পৰা আনেও সফলতাৰ পাঠ লোৱাৰ প্ৰয়োজন নাইনে?

কিমান দিন আৰু আমূল তাজা গাখীৰেৰে, পাউডাৰ গাখীৰৰ দৈয়েৰে বিহু পাতিব? উন্নত গৰু আনি দিম বুলি কেলেংকাৰী কৰা ভেটেনেৰী বিভাগৰ কাহিনী শুনিব ৷ অৰুণাচললৈ গৰু ইমপৰ্ট কৰি অৱশেষত হিচাবৰ বাবে ভৈয়ামৰ পথাৰৰ পৰা গৰুৰ নেজ কাটি নি জমা কৰা কাহিনী শুনি হাঁহিৰ ৰগৰ তুলিব ?

এতিয়া হাতে-কামে লগাৰ বাবে চিন্তা কৰাৰ বতৰ আহিল৷ সমস্যাবোৰক শুনি-জানি-বুজি সমাধানৰ বাট বিচৰাৰ ৷ ঘৰে ঘৰে উন্নত জাতৰ গৰু-ম’হ পালন কৰাৰ৷ তথা সমবায় আদিৰ সফল ব্যৱস্থাপনাৰে আদৰ্শ তুলি ধৰাৰ ৷ নিজে নোৱাৰিলেও পৰিয়াল-পৰিজন-মিতিৰ কুটুম্বক এই ক্ষেত্ৰত প্ৰেৰণা যোগাওক ৷ পৃথিৱীৰ অমৃতসম গাখীৰৰ ক্ষেত্ৰতো দিনে দিনে এইদৰে আমি আনৰ মুখলৈ চাব লগা হৈ গৈ থাকিলে, বাঁহৰ চুঙাৰ দৈ ক’ত পায়, বুলিলে এসময়ত "জুবিনৰ বিহুগীতত" বুলি কোৱাৰ বাহিৰে আৰু গত্যন্তৰ নাথাকিব!
অসমীয়াৰ সুখ দুখ ১৮৩তম সংখাঃ ৩ এপ্ৰিল ২০১৩ত পূৰ্বে প্ৰকাশিত।

No comments:

Post a Comment