Wednesday, December 18, 2013

জীৱনৰ অনুভৱ

সাময়িক বিফলতা হওক
সফলতম হোৱাৰ প্ৰত্যাহ্বান
- পংকজজ্যোতি মহন্ত
বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়াই থকা অৱস্থাত এটি প্ৰসংগত হঠাতে এদিন ছাৰ এজনে কৈছিল— মই জীৱনৰ প্ৰথম সাক্ষাৎকাৰটোতেই চাকৰি পাইছিলোঁ, আৰু সেইদিনা মোৰ লগত যি হাৰিছিল তেওঁ আজি মোতকৈ বহুদূৰ আগুৱাই গ’ল; মোৰ জীৱনৰ আচল কৌতুকটো হ’ল— মই যদি সেইদিনা হাৰিলোঁহেতেন মই আৰু আগুৱাই যাব পাৰিলোঁহেতেন.....। 

(তেখেতে জেদত বা দুখত কথাটো কোৱা নাছিল, পৰিস্থিতিটোৰ কথাহে কৈছিল— যদি তেখেতে সেইদিনা চাকৰিটো নাপালেহেঁতেন তেন্তে তেখেতে কৰিবলগীয়া কামখিনিত কিছুদিন একান্তভাৱে মন দিব পাৰিলেহেঁতেন যি তেখেতক সোনকালে বহুদূৰ আগুৱাই লৈ গ’লহেঁতেন.....। 

এজন তীক্ষ্ণধী ব্যক্তি হিচাপে তেখেতে নিজৰ প্ৰতিটো লক্ষ্যতেই উপনীত হ’বগৈ পৰিব, কিন্তু সেই চাকৰিটো কৰাৰ কাৰণেই তেখেতে প্ৰতিটোতেই কিছু পলমকৈ উপনীত হ’ব.....)


এই কথাখিনি মনলৈ আহিল, কালি NIT এখনত চাকৰি কৰি থকা বন্ধু এজনে কথা প্ৰসংগত ক’লে— তেওঁৰ লগৰ কাৰোৰে প্ৰতি বেয়া ভাৱ নাই, কাৰোৰে প্ৰতি জেদ নাই— নিজৰ মতে আগুৱাই গৈ আছে...., কিন্তু তেওঁৰ চাকৰি সংক্ৰান্তীয় জীৱনৰ প্ৰথম পৰীক্ষাটোত নিজে অধিক যোগ্য হোৱাৰ পাছতো তেওঁতকৈ বহু অযোগ্য লগৰে এজনী ছোৱালীয়ে চাকৰিটো অন্যায় কৰি ল’ব পাৰিছিল। তেওঁ কিছু হতাশ হৈ পৰিছিল আৰু ছোৱালীজনীলৈ বহুত খং উঠিছিল। কিন্তু আজি তেওঁ ভাৱে— সেই চাকৰিটো তেওঁ পোৱা হ’লে (বা অন্যায় কৰি তেওঁক চাকৰিটো নিদিলে বুলি হতাশাত ভাগি পৰা হ’লে) আজি তেওঁ যিমানখিনি কাম কৰিব পাৰিছে সিমানখিনি কাম কৰিব নোৱাৰিলেহেঁতেন...।

অৰ্থাৎ, বিফলতাই, কাৰোবাৰ অন্যায় বা কাৰোবাৰ প্ৰত্যাখ্যানেও আপোনাক কেতিয়াবা পূৰ্ৱৰ তুলনাত বহুদূৰ আগুৱাই যোৱাত সহায়হে কৰে....। 
মাথোঁ হতাশ হ’ব নালাগে...।

No comments:

Post a Comment