Wednesday, November 13, 2013

মুকলি চিন্তাঃ

অপহৰণ, বাতানুকূল যন্ত্ৰ আৰু লাখ টকীয়া প্ৰশ্ন ইত্যাদি
- অজয় লাল দত্ত
(১)
অসমত বিগত দেশক কেইটাৰ ভিতৰত সাম্প্ৰতিক ভাৱে ধন দাবী আৰু অপহৰণৰ ঘটনাই নৈমিত্তিক শিৰোনাম দখল কৰা দেখা গৈছে৷ বিশেষ স্বায়ত্ত্ব পৰিষদৰ অধীনৰ অঞ্চল বা তাৰ বাহিৰৰ বুলি কথা নাই, সমগ্ৰ অসমতে ব্যাপক অবৈধ ধনদাবীয়ে এনেকৈ ছানি ধৰিছে যে তাৰ বিৰুদ্ধে মানুহে শোভাযাত্ৰা সমদল কৰি, বন্ধ আহ্বান কৰি জন-জীৱন স্তব্ধ কৰি দি প্ৰতিবাদ কৰিব লগা হৈছে৷ তাৰ বিপৰীতে কিন্তু অসমৰ গৃহ বিভাগ বা প্রশাসনে এনে ভীতিগ্ৰস্থ ৰাইজক সকাহ দিয়াকৈ কোনো ঘোষণা কৰা পৰিলক্ষিত হোৱা নাই৷ তাৰ বিপৰীতে ধন দাবী, অপহৰণৰ সমুখত বলিৰ পঠা হোৱা মানুহে আশ্ৰয় বিচাৰি আৰক্ষীৰ ওচৰলৈ যাবলৈহে বেছি ভয় কৰা অৱস্থা হোৱাটো প্ৰত্যক্ষ কৰা হৈছে৷

এয়া ওদালগুৰিয়েই হওক, বা গুৱাহাটীয়েই হওক বা তিনিচুকীয়াই হওক, পৰিস্থিতি সকলোতে একেই৷ মাত্ৰ প্ৰকোপৰ হেৰফেৰ৷ এই অবৈধ ধন দাবী যে মাত্ৰ নিষিদ্ধ ঘোষিত সংগঠনৰ দ্বাৰাই হৈছে এনে নহয়৷ এনে ধন সংগ্ৰহ বা চান্দাৰ বাবে যাওঁতে ভীতি প্ৰদৰ্শন কৰাৰ ঘটনাৰ অভিযোগে নামজ্বলা জাতীয় সংগঠনবোৰৰো বিষয়ববীয়াক চুই গৈছে৷ অৰাজনৈতিক সংগঠন, জনগোষ্ঠীয় সংগঠন আদিৰ সংখ্যা বিগত দশক কেইটাত কাঠফুলাৰ দৰে বাঢ়িবলৈ ধৰাও এটা কাৰণ৷

যোৱা বৰ্ষতে অইল কৰ্তৃপক্ষই প্ৰায় তিনিশ সংগঠনে ধনৰ বাবে বা সামাজিক উন্নয়নৰ পুঁজিৰ অংশৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ কথা কওঁতে দুদিন মান সংবাদ মাধ্যমত তোলপাৰ লগা কথাটো প্ৰত্যক্ষ কৰিছিলো৷ কিন্তু কথাটো প্ৰকৃততে নিশ্চয়কৈ নুই কৰিব নোৱাৰা৷ তৈলক্ষেত্ৰত কাম কৰিবৰ বাবে যোৱা শ্ৰমিক বা বিষয়াৰ পৰা হকে-বিহকে চান্দা সংগ্ৰহ কৰাৰ বিপৰীতে তেখেতসকলৰ ব্যক্তিগত ঘাটি পূৰণৰ বাবে "অতিৰিক্ত সময় কাম কৰাৰ" প্ৰমাণ পত্ৰত নিংসকোচে চহী কৰি সেই টকা কোম্পানীৰ পৰা উলিয়াই দিয়াটোও কোম্পানীবোৰৰ বিষয়া সকলে এৰাব নোৱাৰা অভ্যাস ৰূপে গঢ় লৈ উঠিব লগাটো কোনে অস্বীকাৰ কৰিব৷

মাত্ৰ প্ৰতিষ্ঠিত চৰকাৰী কোম্পানী বুলিয়েই নহয়, সৰু-বৰ পথ নিৰ্মাণ সংস্থা, মটৰ পৰিবহন সংস্থা বা যিকোনো সৰু-বৰ বানিজ্যিক কেন্দ্ৰই এনে ধনদাবীত কিমান অতীষ্ঠ হৈছে সেয়া ক্ষেত্ৰ ভিত্তিক অনুসন্ধানে ইয়াৰ জলন্ত ৰূপটো সঁচাকৈয়ে দাঙি ধৰে৷ সৌ সিদিনা গোলাঘাটত নে নগাঁৱত ব্যৱসায়ী সন্থাই এনে ভাবুকিৰে চান্দা বৰঙনি সংগ্ৰহৰ বিৰুদ্ধে ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যমত প্ৰতিবাদ কৰা দেখা গ’ল৷

এইবোৰৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ আমাৰ গৃহ চহৰ ধেমাজিতে সৰু বৰ মোবাইল ভাল কৰা দোকানৰ পৰা মটৰ চাইকেল-গাড়ী বিক্ৰী কৰা শ্বো-ৰুমত এতিয়া ক্ল’জ চাৰ্কিট কেমেৰা স্থাপনৰ ধুম উঠিছে৷ প্ৰত্যক্ষদৰ্শী হিচাবে প্ৰথমে সেয়া বিশ্বাস কৰিবলৈ টান পাইছিলো যদিও সেয়াই অতি চিন্তনীয় সত্য কথা আৰু এখন মটৰ চাইকেলৰ শ্ব-ৰুমত এনে ধন-দাবী কৰাৰ পাছতে এই কেমেৰা সংস্থাপন কৰাৰ ফলত এটা জাতীয় সংগঠনৰ নেতাক আৰক্ষীৰ জালতো পেলাবলৈ সক্ষম হোৱাৰ খবৰ পোৱা গৈছে৷ এনে ঘটনা প্ৰচাৰৰ পাছতে এনে ক্ল’জ চাৰ্কিট কেমেৰাৰে প্ৰতিৰোধ গঢ়াৰ ক্ষেত্ৰত ব্যৱসায়ী সকলো সচেতন হৈ উঠিছে৷ তাৰোপৰি স্মাৰ্ট ফোনত স্বয়ংক্ৰিয় ভাৱে কথা-বতৰা ৰেকৰ্ডিং কৰাৰ ব্যৱস্থাও কিছু সচেতন ব্যৱসায়ী তথা কৰ্মচাৰীয়ে কৰি লৈছে৷ 

কিন্তু এনে সৰুবৰ প্ৰতিৰোধ ব্যৱস্থাৰ বিপৰীতে জাতীয় সংগঠনৰ স্থানীয় নেতাই ব্যৱসায়ীক ভদ্ৰ ভাষাৰে মিঠা মাতেৰে মাতি নি হোটেলৰ পাছফালে এন্ধাৰত চৰ-ঠাপৰ সোধাই ভাবুকি দিয়া আৰু কাৰ্যসূচীৰ বাবে ভাবুকিৰে ধন সংগ্ৰহ কৰাটো চলিয়েই আছে৷ ক্ষুদ্ৰ চাহ বাগিচা চলোৱা ব্যৱসায়ী সকল বা আন সকল ব্যৱসায়ীৰ বাবে কোনো প্ৰতিৰোধ ব্যৱস্থাই আমি প্ৰত্যক্ষ কৰা নাই৷ ফলত সশস্ত্ৰ তথা শান্তি বজাই ৰখা ভদ্ৰ সংগঠনৰ নেতাৰ প্ৰকোপত স্তৰে স্তৰে কৰ্মচাৰী, ব্যৱসায়ী নিপীড়িত হৈ আহিছে৷ আৰু এই ক্ষেত্ৰত গৃহ বিভাগৰ ফালৰ পৰা সুৰক্ষা প্ৰায় শূণ্যই!

(২)
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চাকৰি, বিশেষকৈ চৰকাৰী উদ্যমৰ ৰাজহুৱা কোম্পানীবোৰত উত্তৰ পূৱ ভাৰতত নুন্যতম তিনি বছৰ সেৱা কৰাটো বাধ্যতামূলক ৷ কিন্তু আমাৰ অঞ্চলবোৰত বিগত তিনি চাৰি দশকত চলি থকা বিভিন্ন হত্যা-অপহৰণ-ধনদাবী-লুণ্ঠন আদিৰ ঘটনাই সৰ্বভাৰতীয় পৰ্যায়ত এক ঋণাত্মক ছবি দাঙি ধৰিছে৷ আৰু এই ছবি কোনো পধ্যেই মিছা নহয়৷ আমি সেৱা আগবঢ়োৱা কোম্পানীতো অসম তথা উত্তৰ পূৱ ভাৰতত সেৱা আগবঢ়াবলৈ যাবলৈ সাধাৰণতে মানুহ স্ব-ইচ্ছাৰে ইচ্ছুক নহয়৷ এতিয়া প্ৰমোচন আদি নাপাব বুলি বা বাধ্যতামূলক ভাৱে পঠোৱাৰ বাবে কিছু লোক তালৈ সেৱা আগবঢ়াবলৈ যায়৷

আৰ্মী আৰু আলফাৰ সেই ভয়াবহ দিনবোৰতে আমাৰ কোম্পানীৰ এজন সহকৰ্মীৰ অপহৰণ, গ্ৰীটচাংকো চাৰ্গেৰ হত্যা আদিয়ে এই ক্ষেত্ৰত বেয়া ছবিৰ সৃষ্টি কৰিছিল৷ তাৰ পাছত সময়ৰ সতে মাজতে উগ্ৰপন্থী সংগঠন সমূহে এনে কাৰ্য কমাই দিয়া হেন পৰিলক্ষিত হৈছিল আৰু তেতিয়া পৰিয়াল সহও বহু লোকে উত্তৰ পূৱত গৈ সেৱা আগবঢ়াইছিল৷ কিন্তু পুনৰ ভাৰতীয় খাদ্য নিগমৰ শীৰ্ষ বিষয়া মিঃ ৰামৰ অপহৰণ তথা হত্যাই ভাললৈ অহা ছবিখনক পুনৰ বেয়া দিশলৈ লৈ গ’ল৷

ভাগ্য ভাল যে এতিয়াও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দিল্লী বা গাজিয়াবাদৰ সৰু-বৰ হত্যা-অপৰাধৰ খবৰ দিয়াদি অসমৰ বা উত্তৰ পূৱৰ খবৰ ৰাষ্ট্ৰীয় মাধ্যমত সজোৰে তুলি ধৰা নাই৷ কিন্তু তথাপিও মুক্ত মাধ্যম ইণ্টাৰনেট, ইউটিউব, ফেচবুকৰ যোগেদি যি কোনো কোনতে হোৱা অপৰাধী ঘটনাই ক্ষন্তেকতে ৰাষ্ট্ৰ কি পৃথিৱীজুৰি বিয়পি পৰাৰ ব্যৱস্থা হৈছে৷ অসমীয়া ইলেক্ট্ৰনিক মাধ্যমেও প্ৰতিযোগিতাৰ বাবেই হওক বা সত্য ঘটনাক জনমানসলৈ তুলি ধৰাৰ তাড়ণাতেই হওক, সৰু বৰ চহৰত থকা সংবাদ সেৱকৰ যোগেদি প্ৰায়বোৰ অপৰাধী ঘটনা টিভিত তুলি ধৰা হৈছে৷ যদি এই খিনি ঘটনাকে ৰাষ্ট্ৰীয় মাধ্যমত সদায় প্ৰচাৰ হবলৈ ধৰে, তেতিয়া দেখিব সঁচাকৈয়ে কোনো লোকেই অসমলৈ চাকৰি বা ব্যৱসায়ৰ বাবে যাবলৈ ভয় কৰিছে৷

ভূতৰ ওপৰত দানৱ পৰাদি আকৌ বন্ধ-অৱৰোধ-অৰ্থনৈতিক অৱৰোধ জাতীয় প্ৰতিৰোধবোৰ আছেই৷ যিয়ে ব্যৱসায়ীক দিশৰ পৰা অসমক এতিয়া কোনো দিশৰ পৰাই সুচল বুলি ভাবিবলৈ নিদিয়ে৷ 

(৩)
আজি ৰাষ্ট্ৰীয় জল-বিদ্যুত নিগমৰ এজন মহা-প্ৰৱন্ধকক প্ৰায় দুমাহ পাছত অপহৰণকাৰীৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে৷ সেয়াও এক ভাল খবৰ বুলিয়েই গণ্য কৰিব লাগিব৷ এনএইচপিচি ৰ জল-বিদ্যুত প্ৰকল্পক আৰম্ভণিৰ সময়চোৱাত আওকান কৰা বুদ্ধিজীৱি সকলেও আজিৰ তাৰিখত ৬০০০কোটি মান খৰছ হোৱাৰ পাছত বুদ্ধত্ব-প্ৰাপ্তি হৈ এক জলবোমাৰ আখ্যাৰে তাক বন্ধ কৰাৰ দিশত মত প্ৰকাশ কৰিছে৷ গণ সংগঠন সমূহেও সৃষ্টি কৰা জনমত আৰু সংবাদ মাধ্যমৰ ভূমিকাইও আজিৰ তাৰিখত এন এইচ পি চিক অসমৰ-বিৰোধী প্ৰতিষ্ঠান ৰূপে ছবি তুলি ধৰিছে৷

জন-মানসত সেয়ে হয়তো এন এইচ পি চিৰ এজন মহা-প্ৰৱন্ধক অপহৃত হোৱাৰ খবৰটোৱে মানুহৰ মাজত সহানূভূতিৰ ঢৌ সৃষ্টি কৰাবলৈ সক্ষম নহ’ল৷ এজনেতো একবাৰতে ক’লে, ভালেই হ’ল, বৃহৎ নদী-বান্ধ বনায়! এইদৰে ৰাজহুৱা সহানুভূতি সৃষ্টি হওক বা নহওক, উপৰুৱা প্ৰতিক্ৰিয়া যিয়েই নহওক, কিন্তু সেই অপহৃত বিষয়া জনৰ ফালৰ পৰাও আমি কথাবোৰ অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগিব৷ তেখেতৰো এটা পৰিয়াল আছে, তেখেতৰ চাকৰিৰ ওপৰতে যাৰ ভৰসা৷ তেখেতো কাৰোবাৰ পতি, পিতৃ, কাৰোবাৰ সন্তান৷ তেখেত অসমলৈ চাকৰি কৰিবলৈ কিয় আহিছিল? কাৰণ তেখেত সৰ্ব ভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত কষ্টৰ সাধানাৰে প্ৰতিযোগিতা কৰি সফলতাৰে এটা দেশীয় চৰকাৰী কোম্পানীৰ কাৰ্যবাহী বিষয়া পৰ্যায়ৰ চাকৰিত মকল হবলৈ সফল হৈছিল৷ তেখেতে কোম্পানীৰ নীতি অনুসৰি অসমতো সেৱা কৰিবলৈ আহিছিল আৰু কোম্পানীত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিত তেখেতে মহা-প্ৰৱন্ধক হবলৈ সক্ষম হৈছিল৷ 

আকৌ এন এইচ পিচিৰ এই বৃহৎ নদী-বান্ধ প্ৰতিষ্ঠা হোৱাৰ কাম আগবাঢ়িছিল ৰাষ্ট্ৰীয় জল-বিদ্যুত নীতিৰ আধাৰতহে৷ সেই নীতিৰ আধাৰত হোৱা প্ৰকল্প এটা ৰূপায়নৰ কামৰ দ্বায়িত্ব পোৱা এটা চৰকাৰী কোম্পানীৰ বিষয়া এজনে এটা নীতিক বাধা দিব নোৱাৰে, ৰাইজে সেই কথা স্পষ্টকৈ জনা উচিত৷ বা সেইজন মানুহক অপহৰণ কৰিলে বা হত্যা কৰিলে প্ৰকল্প বন্ধ হ’ব সেয়াও মিছা কথা৷ সেয়ে ব্যক্তি অপহৰণৰ দ্বাৰা কোটি টকা আহৰণ কৰিবলৈ ওলোৱা কোনো গোট বা সংগঠনে যে কিবা কল্যাণমূলক কাম কৰি দিব সেয়াও এক অমূলক চিন্তা৷ সেয়ে আজি তেখেত উদ্ধাৰ হোৱা কথাটোত সন্তোষ লাভ কৰিছো৷

বহুতো সচেতন ৰাইজে চ’চিয়েল মেডিয়াতে এইজন লাখ টকীয়া দৰমহা পোৱা বিষয়া বাবেহে গুৰুত্ব দিলে, সাধাৰণ মানুহ হোৱা হ’লে আৰক্ষীয়ে গুৰুত্ব দিলে হেতেননে ধৰণৰ প্ৰশ্নও অৱতাৰণা কৰিছে৷ কিন্তু এজন চৰকাৰী কোম্পানীৰ শীৰ্ষ বিষয়াক উদ্ধাৰ কৰাটো অসমৰ বা উত্তৰ পূৱৰ ইমেজৰ বাবে কিমান গৰুত্বপূৰ্ণ সেয়াও আমি ভাবিব পাৰিব লাগিব৷ আজি যদি তেনে এজন শীৰ্ষ বিষয়াক পুনৰ হেৰুৱাবলগীয়া হ’ল হেতেন তেন্তে অসমে সৰ্ব-ভাৰতীয় সেৱাৰ যিকোনো বিষয়া অসমলৈ আহিবলৈ নিবিচাৰিলে কি উত্তৰ দিলে হেতেন সেয়াও লক্ষণীয়৷ ইয়াৰ অৰ্থ এইটো নহয় যে সাধাৰণ মানুহ, ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনৰ মূল্য কম, সেই ক্ষেত্ৰতো এক সুস্থ সৱল প্ৰতিৰোধ ব্যৱস্থাৰে সকলো স্তৰৰ নাগৰিককে ধন-দাবী অপহৰণৰ দৰে বীজানুৰ আক্ৰমনৰ পৰা সুৰক্ষা দিবলৈ চৰকাৰ আগবাঢ়ি আহিবই লাগিব৷ তাক সচেতন নাগৰিক সমাজে বাধ্য কৰাব লাগিব, ওদালগুৰিৰ ৰাইজে, চিৰাঙৰ ৰাইজে ইতিমধ্যেই এই ক্ষেত্ৰত মাৰ-বান্ধি ওলাই অহাটো অতিশয় প্ৰশসংনীয় কথা৷ নাগৰিক সমাজ আৰু প্ৰশাসনে হাতে হাত ধৰিয়েই অসমৰ এই বাঢ়ি অহা সামাজিক ব্যাধিক শেষ কৰিব লাগিব, সেয়াহে নিশ্চিত৷

পুনশ্চঃ
লাখ টকীয়া দৰমহা, বাতানুকূল যন্ত্ৰৰ সেৱা, এই দুটা চ’চিয়েল মেডিয়াত বাঢ়ি অহা এক গালি স্বৰূপ বুলি গন্য কৰিছো৷ আপুনি যেতিয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰে সৰ্বঃভাৰতীয় ক্ষেত্ৰত আপোনাৰ মেধা প্ৰমাণিত কৰে, তেতিয়া আপুনি যদি চৰকাৰী বা বেচৰকাৰী সংস্থাত চাকৰি কৰে৷ আপোনাৰ মেধা তথা সাধনাই আপোনাক লাখটকীয়া দৰমহা আৰ্জন কৰিব পৰা কৰি তুলিছে, বাতানুকূল যন্ত্ৰৰ ঠাণ্ডা হাৱা খোৱাৰ যোগ্য কৰি তুলিছে তাত আনে আপত্তি কৰিব লগা নাই৷ আপুনি যে দৰমহা ভোগী হিচাবে উৎসতে ৩৩% পৰ্যন্ত ধন দেশৰ বাবে অৰিহণা যোগাই আহিছে সেয়ায়ে শলাগীবলগীয়া কথা৷ (পঢ়া-শুনা প্ৰতিভাৰে উজলি পাছত কৰ্মস্থলীত ক’লাধনৰ আঁৰত মুখ লুকুওৱা সকলক এই আলোচনাৰ পৰা স-সন্মানে অব্যাহতি দিয়া গৈছে!)

এইখিনি কৰাৰ পাছতো আপুনি যদি সামাজিক দ্বায়িত্ববোধ বিবেচনা কৰি, আপোনাৰ জ্ঞান, অভিজ্ঞতা বা অনুভৱক চ’চিয়েল মেডিয়া বা সংবাদ মাধ্যমলৈ লিখিবলৈ আৰম্ভ কৰিছে, সেয়া বহুতো এন্দুৰ দৌৰত ভাগৰা সকলৰ বিপৰীতে এক শলাগিবলগীয়া জীৱন-শৈলীহে৷ লাখ টকীয়া দৰমহা পোৱা বা বাতানুকূল যন্ত্ৰ থাকিলে আপুনি সমাজৰ দুৰ্দশাৰ কথা অনুভৱ কৰিব নোৱাৰিব বা লেখিব নোৱাৰিব বুলি কথা নাই৷ বা তাৰ বাবে আপোনাৰ চিন্তাৰ অধিকাৰ দৰমহাৰ পৰিমানে বা বাতানুকূল যন্ত্ৰই হৰণ কৰা নাই৷ আপুনি দুৰ্দশা বা ভাৰতীয় দৰিদ্ৰক বিশ্বৰ বজাৰত বিক্ৰী কৰা বহুতো বেপাৰী মানুহকৈ উন্নত আৰু সেই সমাজত দেখি অহা বেয়া দিশবোৰে আপোনাক কৰা আঘাতৰ অনুভৱ তুলি ধৰাটোৱে আপোনাক ভাল মন বা ভাল নাগৰিক হোৱাৰ দ্বায়িত্ববোধকহে উজ্বলাই দেখুৱাইছে৷ (বিশ্বৰ আন শীতল দেশৰ হিটাৰ নহ’লে চলিব নোৱাৰা, বা অতিপাত গৰমত শীতল ব্যৱস্থা নহ’লে চলিব নোৱাৰা পৰিস্থিতিত যে এনে গুৱালগালি প্ৰযোজ্য নহয়েই, সেয়া কিন্তু এনে গুৱালগালি পৰা ৰাইজে নেদেখাৰ ভাও ধৰাটো লক্ষণীয়!)
আৰু সকলোৱে বেলেগ কাম এৰি নেতা হৈ সমদল কৰিব লাগিব বুলি কথা নাই, তাকে নকৰিলে বুলিয়েই নেতা হবলৈ যোৱা সকলৰ বেয়া দেখিলে লিখিব নোৱাৰাৰো কোনা কাৰণ নাই বুলি অনুভৱ কৰো!

আজিৰ তাৰিখত টকা কাৰ নাই, গুৱালৰো আছে, কচাইৰো৷ তাতোকৈ বেছি স্থানীয় উন্নয়নমূলক আঁচনিৰ ঠিকাৰ লগত জড়িত সকলৰ৷ তেখেত সকলৰ কিছুমানৰ জুৱা খেলৰ ধনৰ পৰিমানেই মাহে-দিনে-সপ্তাহেই কেইবা লাখো৷ কিন্তু সেই সকলৰ পৰিবৰ্তে কলেজৰ প্ৰৱক্তা, বিষয়া পৰ্যায়ত বা নিজৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰা অসমীয়া সকলহে এই গালিৰ সহজ লক্ষ্য!

আৰু এটা অনুভৱ, যে সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত সফল হ’লেহে অসম সন্তানজন অতিশয় উজ্জ্বল বা ভাল বা ৰত্ন বা মহান ধৰণৰ এটা ভাৱনা অসমীয়া মানুহে পোষণ কৰে৷ সেয়া আচলতে স্বয়ং সম্পূৰ্ণ সত্য কথা নহয়, সেই ক্ষেত্ৰৰ বাহিৰতো নিজৰ মেধা প্ৰতিপন্ন কৰা ভাল, চোকা, ৰত্ন অসমীয়া ৰাজ্যৰ, দেশৰ, বিশ্বৰ প্ৰান্তে প্ৰান্তে আছে৷ আৰু সকলো ক্ষেত্ৰতে বেলেগ বেলেগ মানুহে পাৰ্যমানে সেৱা আগবঢ়াই থকা বাবেহে সমাজখন চলি আছে, সেয়াও আনক হেয় নকৰাকৈ অনুভৱ কৰিব লাগিব৷

No comments:

Post a Comment