পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. শাৰীৰিক অক্ষমতাক প্ৰত্যাহ্বান জনাই দেশক প্ৰতিনিধিত্ব কৰি অষ্ট্ৰেলিয়াত হ’ব লগা মূক-বধিৰ অলিম্পিকলৈ নিৰ্বাচিত হ’ল যোৰহাটৰ উদয় দত্তঃ এথলেটিকছ শাখাত দত্তই অংশ গ্ৰহণ কৰিব প্ৰতিযোগিতাখনত৷

২. মঞ্জু বৰা পৰিচালিত মিচিং ভাষাৰ ছবি "কঃয়াদ- A Silent way" নিৰ্বাচিত হৈছে বেংককৰ একাদশ ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবেঃ সু-সাহিত্যিক অনিল পাংগিংৰ কাহিনীৰে নিৰ্মিত ছবিখনে ৰাষ্ট্ৰীয় চলচিত্ৰ প্ৰতিযোগিতাতো ৰজত কমলেৰে সন্মানিত হৈছিল৷
বৃহৎ নদী-বান্ধৰ সপক্ষে পতা আলোচনা চক্ৰৰ বিৰুদ্ধে
নেডফি হাউচৰ সমুখত অসমীয়া বুদ্ধিজীৱিৰ প্ৰতীকি ধৰ্মঘট
৩. আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষণা কৰি প্ৰকাশ কৰা ডঃ ভূপেন হাজৰিকাৰ গৱেষণা গ্ৰন্থ অচিৰেই প্ৰকাশ পাব গ্ৰন্থৰ ৰূপতঃ পুত্ৰ তেজ হাজৰিকাই পুথিভঁৰালৰ পৰা উদ্ধাৰ কৰি এই গ্ৰন্থ প্ৰকাশৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ৷

৪. পেট্ৰ’লৰ মূ্ল্য হ্ৰাস কৰিলে ১.১৫টকাকৈঃ ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য লিটাৰত ৫০ পইচাকৈ বৃদ্ধি কৰিলে ৰাজহুৱা খণ্ডৰ তেল কোম্পানী সমূহে৷

৫. উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি দিলে গুৰুত্বপূৰ্ণ ৰায়ঃ নেতাই ইচ্ছা কৰিলেই বদলি কৰিব নোৱাৰিব আমোলাক, নেতাৰ মৌখিক আদেশ নামানিবলৈকো আমোলাক দিলে পৰামৰ্শ৷

৬. আম আদমী পাৰ্টিৰ উত্থানত সমীক্ষকৰ প্ৰতিক্ৰিয়াঃ বিজেপি, কংগ্ৰেছৰ দুৰ্গ খহি ত্ৰিশংকু বিধানসভা হ’ব বুলি প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা৷

৭. দক্ষিণ কোৰিয়াৰ বুছানত এছিয়া মহাদেশৰ সবাতোকৈ সুন্দৰীৰ খিতাপ জয় কৰিলে মিছ ইণ্ডিয়াৰ ৰানাৰ্ছ আপ সৃষ্টি ৰানাইঃ ঘোষিত হ’ল মিছ এছিয়া-পেছিফিক ৱৰ্ল্ড ২০১৩ ৰূপে ৷

৮. ভাৰত-চীন সীমান্তৰ বুমলাত অনুষ্ঠিত হ’ল দুই দেশৰ মাজত এক সম্প্ৰীতিমূলক কূটনৈতিক আলোচনাঃ অতি দুৰ্গম আৰু স্পৰ্শকাতৰ অঞ্চলত হোৱা আলোচনাই লাভ কৰিছে কূটনৈতিক তথা সীমা সম্পৰ্কীয় গুৰুত্ব৷

৯. ডিব্ৰুগড়ত নাৰীৰ টোপ দি ব্লেক-মেইলিঙ কৰা চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযানঃ গ্ৰেপ্তাৰ হ’ল এজন যুৱক৷

১০. সুধাকণ্ঠৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে অসম সাহিত্য সভাই বৰাক উপত্যাকাত আয়োজন কৰিছে বিস্তৃত কাৰ্যসূচীঃ আয়োজন কৰিছে এক বিশেষ মৈত্ৰী যাত্ৰাৰো৷

১১. অহা ৩ আৰু ৫ নৱেম্বৰত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চাবুৱা সাহিত্য সভাৰ আতিথ্যত আয়োজিত হৈছে ৰামধেনু আৰু শাৰদীয় কবি সন্মিলনঃ স্থান চাবুৱাৰ নৰ্থ ইষ্ট ইঞ্জিনীয়াৰিঙ ইনষ্টিটিউট৷

১২. ফৰ্বছ আলোচনীৰ নতুন সমীক্ষাঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নহয়, বিশ্বৰ সবাতোতকৈ ক্ষমতাশালী ব্যক্তি ৰূপে চিহ্নিত হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন৷


১৩. ফৰ্বছ আলোচনীৰ বিশ্বৰ প্ৰভাৱশালী মহিলাৰ তালিকাত ইউপিএৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে লাভ কৰিলে তৃতীয় স্থান৷


১৪. অসমতো পালিত হ’ল ইন্দিৰা গান্ধীৰ মৃত্যু দিৱসটো সংকল্প দিৱস ৰূপেঃ অসম সচিবালয়ৰ বিষয়া কৰ্মচাৰী সকলক ৰাষ্ট্ৰীয় সংকল্প দিৱসৰ শপতবাক্য পাঠ কৰায় মুখ্য সচিব জীতেষ খোচলাই৷

১৫. আহমেদাবাদত নৰ্মদা নদীৰ তীৰত গঢ়ি তুলিব বিশ্বৰ সৰ্বোচ্চ স্মৃতিসৌধঃ চৰ্দাৰ পেটেল স্মাৰক "ষ্টেচু অৱ ইউনিটি"ৰ স্থাপিত হ’ল আধাৰশিলা৷

No comments:

Post a Comment