Friday, November 15, 2013

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ)

উপদেশতকৈ আৰ্হি ভালঃ 
আলোচনা-বিলোচনা কৰাৰ অৰ্হতা!
-অজয় লাল দত্ত
 আবিয়ৈ ককাই এজনে লিখিছে, আপুনি আগতে আপোনাৰ সন্তানক অসমীয়া ভাষা শিকাওক, অসমীয়া লিখা পঢ়া কৰিব পৰা কৰক৷ তাৰ পাছতহে আনক ভাষাটো শুদ্ধকৈ লেখিবলৈ, পঢ়িবলৈ কবলৈ লিখা মেলা কৰক৷ ভাল লাগি গ’ল! বোলো উপদেশতকৈ আৰ্হি ভাল৷ আজিৰে পৰা আমি আৰু অসমীয়া ভাষা শুদ্ধকৈ নোকোৱা, অসমীয়া-ইংৰাজী-হিন্দী খিচিৰি বনোৱা সকলক সমালোচনা নকৰাই ভাল৷ ভাল মানে নকৰোৱেই৷ মানে আমাৰ তাৰ বাবে অৰ্হতা হোৱাই নাই৷
 মোৰ ল’ৰাৰ বয়স ১৩মাহ৷ মুখত মাত ফুটাৰ ভিতৰত টাটা-ফু-ফু এই দুটাই ফুটিছে৷ এই দুটা আকৌ বাস কৰা কচম’পলিটান মানে ভিন্ন-মূলীয় সংমিশ্ৰিত সমাজখনৰ ভাষা-বৰ্ণ নিৰ্বিশেষেই হেনো বুজি পায়৷ সি এতিয়া সাৰ্বজনীন ভাষা কয় তাৰ মানে! বিশেষ জাতি, গোষ্ঠী, বৰ্ণৰ ঠেক ভাষিক চিন্তাৰ উৰ্ধতে কনমানিটোৱে মানে এতিয়া নিজৰ পৃথিৱীখনত ৰাজত্ব কৰি ফুৰিছে৷ আমি ঘৰত অসমীয়াতে কথা পাতো, শিকিবও অসমীয়াই, সেয়েহে সি অলপ অসমীয়া মাত কথা শিকক, অ-আ-ক-খ শিকক, তেতিয়ালৈকে আমিও অপেক্ষা কৰিম! অপেক্ষাৰ ফল মিঠা হ’ব, আমাৰ ল’ৰাক অসমীয়া শিকালো চোৱা, আমি অৰ্হতা পাম, শুদ্ধকৈ অসমীয়া কোৱা লোৱাৰ বাবে লেখা-লেখি কৰিবলৈ নে কি কয়?

পিছে, আকৌ উপদেশতকৈ আৰ্হি ভাল৷ ককাই, আপুনি ল’ৰা-ছোৱালীক অসমীয়া শিকাবলৈ কেনেকৈ উপদেশ দিলে৷ আপোনাৰ জানো তাৰ অৰ্হতা আছে৷ বিয়া-বাৰু, ল’ৰা-ছোৱালী কৰাৰ/গঢ়াৰ অভিজ্ঞতা আছে? প্ৰথমে আপোনাৰ মাইকা লালক শিকাই লওক, অসমীয়া৷ তেহে বাকী অভিভাৱকক উপদেশ দিব৷ বিকাশ বৰুৱা দেৱৰ হাস্য ব্যংগ "ধিচুম" নে "ধাৰাম"ত উল্লেখ কৰাৰ পৰা ধাৰ কৰি কৈছো, পিছে সেই মাইকা লালক শিকাব ক’ৰ পৰা, মাইকা লালৰ জন্মই হোৱা নাই, জন্ম হোৱা নাই কি, মাইকা লালৰ মাকৰ বিয়া খনেই ঠিক হোৱা নাই!

সেই একেই ভোকেন্দ্ৰ বৰুৱা ষ্টাইলৰ সূত্ৰ প্ৰয়োগ কৰি ৰসৰাজৰ আদৰ্শৰে চিন্তা কৰিব খুজিছো, তেন্তে মদ খাবাবি বুলি কোৱা পিতৃয়ে তেন্তে আগতীয়াকৈ "মই নিজেই তিনি টেকেলী মদ খাই ঠেং পাক খাই আহি পাইছো, সেইটো বেয়া কাম, মাৰৰ গালি শপনি খায়েই গোটেই জীৱন গ’ল, সেই কথা মই নিজেই হাড়ে হাড়ে বুজি পাইছো" বুলি অৰ্হতা আৰ্জন কৰিব লাগিব! মদ নিবাৰণী সমিতিৰ সদস্য হবলৈ নিজে গেলা মদাহীৰ পৰা "মদ এৰুৱা দৰৱ" সেৱন কৰি ভকত হোৱাৰ ইতিহাস থাকিব লাগিব!

দুৰ্নীতি নিবাৰণ সমিতিৰ সদস্য হ’বলৈ একালৰ দস্যু ৰত্নাকৰ আহি বাল্মিকী হ’ব লাগিব! বোলে ধেৰ, লুটিলো, পাপ আৰ্জিলো, মা-কচম, এই কাম কৰা বেয়া, বাচাহঁত নকৰিবা"! নহয়নে?


পৰস্ত্ৰীগমন নকৰিবলৈ উপদেশ দিবলৈ এই বিষয়ে অভিজ্ঞতা থকাটো অতিশয় প্ৰয়োজনীয়৷ লগতে হাতে-লোটে ধৰা পৰাৰ ইতিহাস থাকিলে, তেখেতৰ পৰামৰ্শ বহুমূলীয়া হৈ পৰিব৷ বেশ্যাগমন নকৰিবলৈ উপদেশ দিবলৈ নিজে গলিয়ে গলিয়ে সেইবিধৰ বাবে ঘূৰি ফুৰাৰ ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰে অভিজ্ঞ হ’ব লাগিব! নে কি কয়! দুই এজন সাহিত্যিকে পিছে জুৱা-নাৰী-সুৰাৰ নিজস্ব অভিজ্ঞতাৰে আনক ভাল হবলৈ পৰামৰ্শ দিয়ে৷ তেখেত সকলক সেয়ে আমিও শ্ৰদ্ধাৰে ছাৰ ছাৰ বুলি মানি, উন্নত বুদ্ধিজীৱি বুলি পদধূলা শিৰত লবলৈ পালে সেয়া ভাগ্য বুলি গণ্য কৰো!

সেইদৰে পুলিচত চাকৰি কৰিবলৈ চোৰ, ডকাইতি কৰাৰ কৰ্ম অভিজ্ঞতাৰ প্ৰয়োজন আছে৷ কেন্সাৰৰ ৰোগীৰ বিষয়ে লিখিবলৈ, এইডছ ৰোগৰ ভয়াবহতাৰ বিষয়ে লিখিবলৈ তেনে অৰ্হতা আৰ্জনৰ প্ৰয়োজন আছে৷

প্ৰেমৰ বেদনাৰ কথা লিখিবলৈ, প্ৰেমত নপৰিবলৈ কবলৈ, তিনি চাৰিজনীৰ পৰা লাঠ খোৱাৰ অভিজ্ঞতা থকাটো বাঞ্চনীয়৷ সাংবাদিক পোষ্টৰ বাবে ৰাতি-বিয়লি আনৰ ঘৰত জোপ লোৱাৰ অভিজ্ঞতা থাকিলে ভাল!

বেয়া ছাত্ৰ বা বেক লাগি লাগি ঠেকা খাই খাই শিকি অহা ছাত্ৰকহে শিক্ষক পদত নিযুক্তি দিব লাগে৷ কাৰণ তেওঁৰহে ছাত্ৰ বেয়া হ’লে কিমান যন্ত্ৰণা সেই কথা কোৱাৰ অভিজ্ঞতা বা অৰ্হতা অৰ্জন কৰিছে৷ তেওঁ পৰামৰ্শ দিলেহে ভাল দেখায়৷ খিন-মিন হাড়ে চালে লগা যুৱকক চোলা-তোলা খুলিবলৈ প্ৰলোভিত কৰা সুন্দৰী মাতৃয়ে পাছত কনমানিক মাতি আনি হৰলিক্স নাখালে এনে দুৰৱস্থা হয় বুলি উদাহৰণ দিয়াৰ দৰেই....

আমাৰ গাঁৱতে ককাদেউতা এজনৰ দুয়োজন ল’ৰা ঘোৰ চুলাইখোৰ, গাঁৱতে জুৱা খেলি থকা অকামিলা অসমীয়া হ’ল৷ তেখেত আকৌ সাহিত্যিক পেঞ্চনৰ খ্যাতি পোৱা মানুহ৷ ছোৱালী এজনী আছিল, ভাগ্যে ভাল কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰা বিষয়া এজনলৈ বিয়া দিলে, চন্দীগড়ৰ ফালে থাকে৷ তেখেতে লিখা কিতাপখন আছিল- "সু-সন্তানক কেনেকৈ গঢ়িব?"৷ মোৰ দৃষ্টিত তেখেতৰ অৰ্হতা আছে, তেখেতে কি কি কৰা কাৰণে ল’ৰা দুটি বিপথগামী হ’ল, তেওঁৰ সেই অনুভৱ-অভিজ্ঞতা-বিড়ম্বনা সকলো আছে৷ তেখেতে যেনেকৈ তুলিছিল সেই ধৰণে প্ৰতিপালন কৰাৰ সলনি তাৰ বিপৰীতে কৰিলেই সু-সন্তান গঢ় লৈ উঠিব সেয়া খাটাং৷ জোঁৱায়েকে প্ৰকাশ কৰা কিতাপখন দেখি মনলৈ ভাব আহিল, তেখেতে "এজন ভাল জোঁৱাই লাভৰ ১০০টা কিটিপ" খনো অচিৰেই লিখি সমাজক সহায় কৰক!

সেয়ে লেখা-মেলা কৰিবলৈ মন গ’লেই ন’হব৷ অৰ্হতা লাগিব৷ কৃষক নেতাক সমালোচনা কৰাৰ আগেয়ে হাল-কোৰ বাই আহি বিডিঅ’ অফিচত ধৰ্ণা দিয়াৰ অভিজ্ঞতা থাকিব লাগিব৷ ভাষা এটা শুদ্ধকৈ কোৱাৰ কথা লেখাৰ আগেয়ে ভুলে শুদ্ধই কৈ লাজ-বিড়ম্বনা অনুভৱ কৰিব লাগিব৷ তেহে নিজে শুদ্ধকৈ শিকিব পৰা যাব৷

পিছে আনৰ ল’ৰা-ছোৱালীক শিকাবলৈ কোৱাৰ আগতে নিজেও পত্নীক সহ্য কৰাৰ, সন্তানক ডাঙৰ কৰাৰ যন্ত্ৰণা মূৰ পাতি ল’ব লাগিব৷ "মাইকা লালক পয়দা কৰাৰ আগতে মাইকা লালৰ মাক"ৰ বিয়াখন ঠিক কৰিব লাগিব৷ সকলোৱে অৰ্হতা অৰ্জন কৰক, নিজেও নিজৰ সন্তানক শিকাওক, আনকো উপদেশ দি ভাষা ৰখাৰ আশা দিয়ক৷ জয় আই অসম!

No comments:

Post a Comment