লোকেল গুজৱ (গ্ৰন্থমেলা বিশেষ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ (গ্ৰন্থমেলা বিশেষ)

লোকেল গুজৱ (গ্ৰন্থমেলা বিশেষ)

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)

১. গ্ৰন্থমেলা প্ৰাংগনত কফি আৰু চাও চাওৰ বিক্ৰীৰ পৰিমান চাংলট ফেনলাতকৈ অত্যাধিক হোৱা বুলি জানিব পৰা গৈছে৷ মম’ বিক্ৰীৰ পৰিমানে ৰোলক পাছ পেলাবলৈ সক্ষম হোৱা বুলিও কফি হাউছে জনাইছে৷
২. সাংবাদিক, বিপ্লৱী আদিৰ গ্ৰন্থৰ বাবে বিশেষ লানি লগাব লগা পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে৷ নিশকতীয়া লেখকৰ গ্ৰন্থৰ খবৰে বাতৰি বা চেনেলত শিৰোনামা নোপোৱাৰ বাবেই এই দুৰৱস্থাৰ উদ্ভৱ হোৱা বুলি আয়োজকে জনাইছে৷

৩. "লাইভ খবৰ" চেনেলৰ সম্পাদক, সাংবাদিক সকলৰ কিতাপে বিজ্ঞাপনত সফলতাৰ শিখৰ চোৱা বুলি জানিব পৰা গৈছে৷ বিজ্ঞাপনৰ বাহিৰে কিতাপৰ দোকানত সেয়ে সেইবোৰ চুই চাবলৈকো ভয় কৰা বুলি গুজৱ ওলাইছে৷

৪. বৰাক বুদ্ধ ৰয়ৰ নতুন গ্ৰন্থ "জনগণৰ ধন লুটৰ হাজাৰটা উপায়" নামৰ হাতপুথিৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিছে৷ চিলেটি ভাষাৰ পৰা কিতাপখন অহা উত্তৰ পূৱ গ্ৰন্থ মেলাৰ ভিতৰত বিশুদ্ধ অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিবলৈ পাঠক সমাজে দাবী জনাইছে৷

৫. "খাটি খোৱা জনতাৰ ফকতিয়া নেতা" শীৰ্ষক আত্ম-বিশ্লেষণাত্মক আত্মগাঁথাৰ বাবে পুনৰ চৰ্চালৈ আহিছে ঔকিল গগৈ৷ এই জীৱনীৰ পৰা প্ৰেৰণাতে অসমত ভৱিষ্যতে বহুতো নেতা গঢ়ি উঠাৰ প্ৰচুৰ সম্ভাৱনা দেখা গৈছে আৰু খাটি খোৱা জনতাক ৰাজপথতে সমদল, শোভাযাত্ৰাত ব্যস্ত ৰাখি অসমৰ অশেষ উন্নতি কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে৷
৬. “ধমকিৰ চমকনি” ৰাধা বাইদেউৰ লেখিকা হোৱাৰ আত্ম-গাঁথা পঢ়িবলৈ আপোনালোকে এই গ্ৰন্থখন বুক ফেয়াৰতে সংগ্ৰহ কৰিব লাগিব৷ ধমক লগাই দিয়া প্ৰেৰণাৰে কেনেকৈ এগৰাকী সাধাৰণ গৃহিনী অসাধাৰণ লেখিকালৈ ৰূপান্তৰিত হব পাৰে, সেই সফলতাৰ ৰহস্য উন্মোচিত কৰা বাবে সজাগ মহিলা সমাজে ৰাধা বাইদেউক শলাগৰ শৰাই আগবঢ়াব বুলি খবৰ আহিছে৷

৭. প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক পুথিৰ লগতে “পিছ দুৱাৰ পলিচি” নামৰ হাতপুথিয়েই বজাৰত সমাদৰ লাভ কৰাৰ খবৰ আহিছে৷ প্ৰাপ্ত বাতৰিমতে “পূৱলৈ চোৱা নীতি” জনাৰ লগতে “কেনেকৈ দিবা ভেটী” নামৰ প্ৰংসগ পুথিৰো অসম লোকসেৱা আয়োগৰ পৰিক্ষাৰ্থীৰ বাবে সমানেই গুৰুত্বপূৰ্ণ বুলি জানিব পৰা গৈছে৷

৮. গ্ৰন্থমেলা প্ৰাংগনতে জালুকবাৰী স্বাস্থ্যসেৱাৰ বিপনীত “ছিণ্ডিকেট নেদেখা চশমা”ৰ ব্যাপক বিক্ৰী হোৱা পৰিলক্ষিত হৈছে৷ লগতে “মূল্যবৃ্দ্ধি নেদেখা চশমা”, “কেলেংকাৰী নেদেখা চশমা” আদিৰো বিক্ৰী ভাল হোৱা বুলি জানিব পৰা গৈছে৷ এইবিধ চশমা ৰাজনৈতিক নেতা-পালি নেতাই শীৰ্ষ বিষয়া আৰু মন্ত্ৰী, মুখ্যমন্ত্ৰীক উপহাৰ দিবলৈকে সংগ্ৰহ কৰি নিয়া বুলি গোপন খবৰ আহিছে৷

৯. "জি এচ ৰোডৰ শিক্ষা" নামৰ এখন নাৰী-নিৰ্যাতন বিৰোধী ব্যৱহাৰিক হাতপুথিয়েও নৱ-প্ৰজন্মৰ মাজত খলকনি তুলিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে৷ বাৰত পাৰ্টি কৰাৰ পাছত অশ্লীল গালি গালাজ কেনেকৈ সহ্য কৰিব, সাংবাদিকৰ কটুক্তিক কেনেকৈ এৰাই চলিব, বীৰংগনা পুলিচ বাহিনীৰ কেনেকৈ সহায় লাভ কৰিব, নিচাত থাকিলেও মাৰিব পৰা কুংফুৰ কিটিপ আদিক সামৰি এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা হৈছে৷ পাতনি লিখি কিতাপখন প্ৰম’চনত সহায় কৰিছে নায়িকা গুৰুঙে৷

১০. "বিলাতৰ বতৰা" নামৰ ৰসাল গগৈৰ বিলাত ভ্ৰমণৰ ৰসাল কাহিনীৰ গ্ৰন্থখন কাইলৈ গ্ৰন্থমেলাত উন্মোচন কৰিব বিসম্বাদী লেতুসেতু শৰ্মাই৷ শৰ্মাই কালি গগৈৰ ঘৰত কৰা ব্ৰেকফাষ্টৰ পাছতে ৰাতা-ৰাতি গ্ৰন্থখন লিখি ছপা কৰি ভায়েকৰ প্ৰকাশনৰ হতুৱাই প্ৰকাশ কৰি কাইলৈ তপতে তপতে উন্মোচন কৰি সম্পৰ্ক নবীকৰণ কৰাৰ চেষ্টা কৰিব বুলি গোপনে জানিব পৰা গৈছে৷

No comments:

Post a Comment