সম্পাদকলৈ চিঠিঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠিঃ

সম্পাদকলৈ চিঠিঃ

Share This
‘ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়’ৰ সম্পৰ্কত অসমৰ মাননীয় মুখ্যমন্ত্রী শ্রীযুত তৰুণ গগৈ ডাঙৰীয়ালৈ মুকলি চিঠি :
আধাৰশিলা আৰু বিজ্ঞাপনেই জানো যথেষ্ট?
ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়, 
ধেমাজি জিলাবাসীৰ দাবী আৰু অসম তথা দেশ-বিদেশৰ বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্রতিষ্ঠান,সংবাদ মাধ্যমৰ লগতে প্রৱাসী অসমীয়াসকলৰ সমৰ্থনৰ প্রতি সহাঁৰি জনাই ধেমাজি জিলাত এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন হ’ব বুলি অসম চৰকাৰে ঘোষণা কৰিছিল।


   এই ঘোষণা ২০১০চনৰ গণৰাজ্য দিৱসৰ ভাষণত অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ে কৰিছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্রী শ্রীযুত তৰুণ গগৈদেৱে ২০১১চনৰ ২০ফেব্রুৱাৰী তাৰিখে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা ধেমাজি জিলাৰ বিষ্ণুপুৰ টেকজুৰীত স্থাপন কৰিছিল। কিন্তু আধাৰশিলা স্থাপনৰ ইমান দিন হৈ যোৱা পিছতো ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ নিমাৰ্ণ কাৰ্য আৰম্ভ হোৱা নাই । 


এই মুকলি চিঠিৰ দ্বাৰা অসমৰ মাননীয় মুখ্যমন্ত্রী তৰুণ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে প্রতিশ্রুতি ৰক্ষা কৰি ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ৰ নিমাৰ্ণ কাৰ্য শীঘ্রে আৰম্ভ কৰি সোনকালে পাঠ-দানৰ ব্যৱস্থা গ্রহণ কৰে যেন । 

লগতে এটা কথা উল্লেখ কৰিব বিছাৰিছোঁ যে অসমৰ চৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয়বোৰত নথকা বিভাগ যেনে – Energy Engineering, Petroleum Engineering, Food Engineering, Agriculture Engineering, Biotechnology ,Fire Engineering, Plastic Engineering, Paper Engineering, Environmental Engineering, Textile Engineering, Earthquake Engineering, Biomedical Engineering, Architectural Engineering, Transport Engineering, Manufacturing Engineering আদি বিভাগৰ স্নাতক পাঠ্যক্রম যাতে ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ত আৰম্ভ কৰে। 

এই নতুন বিভাগবোৰ ধেমাজি অভিযান্ত্রিক মহাবিদ্যালয়ত আৰম্ভ কৰিলে ছাত্র-ছাত্রীসকলে নিজৰ ৰাজ্যতে পঢ়া সুবিধা পাব।

লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০ ই-মেইল: buljit@gmail.com

No comments:

Post a Comment