পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
শিল্পী যোগেন দত্ত বায়ন ।
ফটোগ্ৰাফীঃ বিজিত দত্তৰ
১. উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া নৃত্যৰ সাধক যোগেন দত্ত বায়ন আৰু টোকাৰি আৰু দেহ বিচাৰৰ গীতৰ শিল্পী উমাকান্ত বৈৰাগীলে আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা।

২. শিৱসাগৰ কলেজত উলহ মালহেৰে উদযাপিত হ'ল ইমৰাণ শ্বাহ দেৱৰ জন্মদিনঃ একাশী বছৰত ভৰি দিয়া সাহিত্যিক গৰাকীক অভিহিত কৰিলে “কথা-ৰত্ন” ৰূপে।

৩. টাটা ইনষ্টিটিউট অৱ চচিয়েল চাইন্সৰ গুৱাহাটী চৌহদত আয়োজিত অনুষ্ঠানত উন্মোচিত হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ডঃ উদ্দীপনা গোস্বামীয়ে বিটিএডিকে ধৰি অসমৰ জনগোষ্ঠীয় সংঘাতক কেন্দ্ৰ কৰি লিখা গ্ৰন্থ।


৪. ৰাজ্যৰ বিভিন্ন জিলাৰ বিভিন্ন স্থানত দিনজুৰি বহিল লোক আদালতঃ একেদিনাই নিষ্পত্তি কৰি দীৰ্ঘদিনীয়া ৫০হাজাৰৰো অধিক গোচৰ।


৫. আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে পঞ্চম উত্তৰ পূৱ মিডিয়া ক্ৰীড়া সমাৰোহঃ উদ্বোধনী ক্ৰিকেট মেচত মুখামুখি হব টেলিগ্ৰাফ আৰু ফটো সাংবাদিকৰ দলে।


৬. বনকৰ্মীৰ শিহৰণকাৰী সাক্ষাতকাৰ সামৰি প্ৰকাশ কৰা সাংবাদিক কবিৰ শইকীয়াৰ গ্ৰন্থ “অৰণ্যত শিহৰণ” উন্মোচিত হ'ল চলিত ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগণতঃ একে অনুষ্ঠানতে উন্মোচিত হয় লাহোৱালৰ জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ বোৱাৰীলৈ চিঠি আৰু সাংবাদিক কনৌজ শইকীয়াৰ “মহানায়ক ডঃ ভূপেন হাজৰিকা” শীৰ্ষক দুখনি গ্ৰন্থ।


৭. প্ৰচাৰ মাধ্যম সন্দৰ্ভত অগপৰ কৰ্মশালাঃ “প্ৰচাৰ মাধ্যম আৰু ৰাজনৈতিক দলৰ কৰ্মীৰ ভূমিকা” শীৰ্ষক আলোচনাচক্ৰ আয়োজন কৰিলে গুৱাহাটীৰ গৌৰী সদনত।

৮. ভিতৰুৱা অঞ্চলত থাকিও সাহিত্য চৰ্চাৰ অৱদানেই জাতীয় সাহিত্যলৈ আচল আৰু সাৰ্থক অৱদান বুলি উল্লেখ কৰি গোলাঘাটত “ললিত বৰুৱা ৰচনাৱলী” উন্মোচন কৰিলে হোমেন বৰগোহাঞি দেৱে।

৯. আজি লাচিত দিৱস উদযাপিত হৈছে অসমৰ চুকে কোণেঃ কালি গুৱাহাটী প্ৰেছ ক্লাৱত অল ইণ্ডিয়া পেট্ৰয়েটিক ফৰামে লাচিত দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰে এক অনুষ্ঠানৰ। লাচিত নেপোলিয়নতকৈ সাহসী আৰু অভিজ্ঞ বীৰ আছিল বুলি অভিহিত কৰিলে শংকৰজ্যোতি কাকতৰ সম্পাদক তখা বিশিষ্ট বুদ্ধিজীৱি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে।

১০. গ্ৰামোন্নয়নে বনোৱা ৰিঙ বান্ধে ৰক্ষা কৰিলে বানপানীৰ পৰাঃ এতিয়া মৰিগাঁও জিলা কৃষি বিভাগে ভূৰাগাঁৱত হাইব্ৰিধ শালিধান চপোৱাৰ কৰিলে শুভাৰম্ভউতপাদনে ২লাখ মেট্ৰিকটনৰ লক্ষ্য চুবই বুলিও প্ৰকাশ কৰিলে সুখবৰ।

১১. অহা ২৮নৱেম্বৰৰ পৰা ৪ডিচেম্বৰলৈ অনুষ্ঠিত হব লগা আন্তঃ মণ্ডল ১৯বছৰ অনুৰ্ধ মহিলা এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতালৈ পূৱ মণ্ডল দল ঘোষণাঃ স্থান পালে অসমৰ ছয় গৰাকী প্ৰতিভাবানে।

১২. ৰাজ্যিক শিশু আয়োগৰ নতুন অধ্যাক্ষাৰূপে নিযুক্তি লাভ কৰি দ্বায়িত্ব ললে জুৰিতি বৰগোহাঁইয়ে।

১৩. মাজুলীৰ জেংৰাইমুখত চলি থকা মহেশ্বৰ দলে সোঁৱৰণী সদৌ অসম আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত ধেমাজিৰ ডকটুন ক্লাৱে মৰাণ টাউন ক্লাৱক পৰাজিত কৰি প্ৰৱেশ কৰিলে ছেমিফাইনেলত।

১৪. নলবাৰী জিলাৰ ৰায়মাধাত অনুষ্ঠিত চতুৰ্থ ওহেদুৰ ৰহমান সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত কমাৰকুছি ক্ৰীড়া সংঘক পৰাজিত কৰি বৰভাগ প্ৰাক্তন খেলুৱৈ সন্থা হল চেম্পিয়ন।


১৫. ভাষিক সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ স্ব-নিৰ্ভৰশীল আঁচনিৰ অধীনত ২৪০ হিতাধিকাৰীক প্ৰদান কৰিলে এক কোটি টকাৰ চেক বিতৰণঃ এই অনুদান ব্যৱহাৰ কৰি আত্ম-নিৰ্ভৰশীল হব পৰাকৈ সত কৰ্মত ব্যৱহাৰৰ বাবে বিভাগীয় মন্ত্ৰীয়ে জনালে আহ্বান।


১৬. পোন্ধৰ দিনৰ ভিতৰত ২২৮কোটিৰ অধিক ৰাজহ উপাৰ্জন কৰি ঋত্বিক ৰোছন অভিনীত ছবি ক্ৰিছ-৩য়ে গঢ়িলে অভিলেখ।



১৭. কটন কলেজৰ অধ্যাপিকা ডঃ তিলোত্তমা বৰুৱালৈ আগবঢ়োৱা হৈছে প্ৰথম বৰ্ষৰ “অধ্যাপক ভুৱন মোহন দাস বঁটা”, আবয়িবিক নৃতত্ত্ব দিশত উল্লেখনীয় অৱদানৰ বাবে উত্তৰ পূৱ সংস্কৃতি আৰু ধৰ্ম প্ৰতিস্থান(সংস্কৃতি)য়ে এই বঁটা আগবঢ়ায়।

১৮. স্কাউট-গাইডৰ সতে সুদীৰ্ঘ ২৫বছৰ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী সুচিত্ৰা শৰ্মা গোস্বামীলৈ স্কাউট-গাইড, অসমৰ তৰফৰ পৰা আগবঢ়ালে জীৱন যোৰা সাধনা বঁটা।

১৯. সাৰদা চীট ফাণ্ড কাণ্ডত গ্ৰেপ্তাৰ হল তৃণমূল কংগ্ৰেছৰ নিলম্বিত সাংবাদিকৰ পৰা ৰাজ্য সভাৰ সাংসদ হোৱা কুনাল ঘোষঃ গ্ৰেপ্তাৰৰ পাছতে ফেচবুকত মমতা বেনাৰ্জীৰ নাম সাঙুৰি দিলে ৰাজহুৱা পোষ্ট।

২০. নৰৱেৰ মেগনাৰ্চ কাৰ্লচেনলৈ বিশ্ব ডবা চেম্পিয়নৰ খিতাপ এৰি দি বিশ্বনাথন আনন্দে ক'লে- "ভাৰতৰ প্ৰতিখন স্কুলতে ডবা খেলা ছবি দেখাই মোৰ সপোন"।

No comments:

Post a Comment