পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. ব্ৰাজিলৰ পাছতে কুঁহিয়াৰ উতপাদনত দ্বিতীয় স্থান দখল কৰিছে ভাৰতেঃ দেৰগাঁৱৰ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত পাঁচ শতাধিক কৃষকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৃষি মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কে এম বুজৰবৰুৱাই পেট্ৰলৰ বিকল্পৰূপে কুঁহিয়াৰৰ পৰা বনোৱা ইথানল ব্যৱহাৰৰ সম্বাৱনা, বিদ্যুত শক্তি উতপাদনটো ইয়াৰ ব্যৱহাৰৰ কথা বাখ্যা কৰি কৃষক সকলক উতপাদন বৃদ্ধিত মনোনিৱেশ কৰিবলৈ উতসাহিত কৰে।

২. "যুগদ্ৰষ্টা-দ্য ভিজনেৰী" পিতাম্বৰ দেৱগোস্বামী জীৱন আৰু সময়ক লৈ নিৰ্মাণ কৰা কথাছবি খন নিৰ্বাচিত হৈছে ২১-২৭ডিচেম্বৰলৈ অনুষ্ঠিত হব লগা দিল্লী আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবেঃ কথাছবিখনৰ পৰিচালক ভাস্কৰজ্যোতি মহন্ত আৰু প্ৰযোজনা সৃজনী প্ৰডাকচনৰ।
৩. যোৰহাটত স্থাপন হব লগীয়া মহিলা বিশ্ববিদ্যালয়খন ইন্দিৰা মিৰিৰ নামেৰে নামাকৰণৰ দাবী তুলিলে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়েঃ উত্তৰ-পূৱ ভাৰতত শিক্ষা প্ৰসাৰৰ অগ্ৰণী মহিয়সী নাৰী গৰাকীৰ প্ৰতি যোগ্য সন্মান প্ৰদৰ্শনৰ বাবেই তুলিছে এই নাৰ্য দাবী।


৪. তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অহা ১৭-২২ জানুৱাৰীলৈ অনুষ্ঠিত হব “তেজপুৰ গ্ৰন্থমেলা”; বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানৰ লগতে সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ অনুষ্ঠানো লগতে আয়োজিত হোৱাৰ কথা। উন্মোচিত হব দহখনকৈ গ্ৰন্থও, লগতে বেজবৰুৱাৰ জীৱন আৰু কৃৰ্তি বিষয়ক মুকলি কুইজ প্ৰতিযোগিতাৰো কৰিছে আয়োজন।

৫. ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একেডেমী(এন.ডি.)ৰ পৰীক্ষাত বহিবৰ বাবে বয়সৰ উচ্চ সীমা ছমাহ বৃদ্ধি কৰাৰ সুখবৰঃ এতিয়া ১৯বছৰ ৬মাহ পৰ্যন্ত অৱতীৰ্ণ হ'ব পাৰিব এই পৰীক্ষাত, জানুৱাৰীৰ পৰা এয়া কাৰ্যকৰী হব।

৬. উত্তৰ পূৱ ভাৰত পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকনে উদযাপন কৰিলে বৰ্ষাৰণ্য সপ্তাহঃ শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত সভাত “প্ৰকৃতি তীৰ্থ আৰু ইক্ টুৰিজিম” নামৰ স্মৰণিকাও হ'ল উন্মোচিত।

৭. প্ৰেছ ইনফৰমেছন ব্যুৰ অৱ ইণ্ডিয়াৰ উদ্যোগত বৰপেটা চৰকাৰী উঃ মাঃ বিদ্যালয় খেলপথাৰত তিনি দিনীয়াকৈ অনুষ্ঠিত হ'ল ভাৰত নিৰ্মাণৰ ওপৰত এখন প্ৰদৰ্শনী আৰু সজাগতা শিবিৰঃ এটকা ভৰাই দিলে দহ লিটাৰ বিশুদ্ধ খোৱাপানী ওলাই অহা জল এটিএমৰ আৰ্হি আৰু আৰ্ছেনিক ৰিমোভেল প্লেণ্টৰ আৰ্হিয়ে ছাত্ৰ-ছাত্ৰী সকলক বিশেষভাৱে আকৰ্ষণ কৰে।


৮. মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চলৰ মায়েঙীয়া গাঁৱৰ দুৰ্গাপ্ৰসাদ নাথ নামৰ শিল্পী গৰাকীয়ে এডাল বাঁহৰ পৰাই ৩৫০০টকাৰ আধুনিক আ-অলংকাৰ, সামগ্ৰী নিৰ্মান কৰি দেখুৱালে আদৰ্শঃ শিল্পী গৰাকীৰ সৃষ্টিশীত হাতৰ পৰশে সৃষ্টি কৰা এনে সামগ্ৰীয়ে বিপুল সমাদৰ পাইছে প্ৰদৰ্শনী আৰু গ্ৰাম্য মেলা সমূহত।

৯. অষ্ট্ৰেলিয়াৰ নিউ কাষ্টলত অনুষ্ঠিত হ'ব লগা এচিয়া পেচিফিক অলিম্পিক গেমছত অংশ গ্ৰহণৰ বাবে যাব অসমৰ ১০জনীয়া মানসিক বাধাগ্ৰস্ত শিশুৰ দলটিঃ বিশেষ অলিম্পিক ভাৰত ২০১৩ক প্ৰতিনিধিত্ব কৰিব। দলটোৱে সাহাৰ্য বিচাৰি মুখ্যমন্ত্ৰীৰ কাষ চপাত সাহাৰ্য প্ৰদানৰ লগতে বিশেষ ক্ৰীড়া আঁচনি হাতত লোৱাৰো আশ্বাস লাভ কৰাৰ সুখবৰ পোৱা গৈছে।

১০. মৰাণত অনুষ্ঠিত হল ২৪তম মিষ্টাৰ শিৱসাগৰ আৰু মিষ্টাৰ মৰাণ ২০১৩ প্ৰতিযোগিতাঃ শিৱসাগৰ জিলা শৰীৰ চৰ্চা সংস্থাৰ সৌজন্যত অনুষ্ঠিত এই প্ৰতিযোগিতাত মিষ্টাৰ শিৱসাগৰৰ সন্মান অৰ্জন কৰে ডিমৌৰ মৃদুপৱন দত্তই।


১১. গুৱাহাটীতো উদাপিত হ'ব জীত কুনে-সমৰকলাৰ প্ৰতিষ্ঠাপক ব্ৰুচ লীৰ জন্মদিনঃ কাইলে অসম জীত কুনে-সংস্থাই খ্ৰীষ্টিয়ান বস্তিৰ প্ৰশিক্ষণ কেন্দ্ৰত উদযাপন কৰিব।


১২. পঞ্চম উত্তৰ পূৱ মিডিয়া ক্ৰীড়া সমাৰোহৰ ৰাইডমোজী নুনিচা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী দল গুৱাহাটী দূৰদৰ্শনক পৰাজিত কৰি ছেমি-ফাইনেলত প্ৰৱেশ কৰিলে আছাম ট্ৰিবিউন দলে।

১৩. লাচিত দিৱস চৰকাৰীভাৱে পালনত হেমাহি কৰাৰ অভিযোগক গুৰুত্ব-সহকাৰে লৈ তদন্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েঃ এইবৰ্ষৰ পৰা এই দ্বায়িত্ব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ওপৰত ন্যস্ত থাকিব বুলিও প্ৰকাশ পালে তথ্য।


১৪. মৰিগাঁও জিলা শংকৰ সংঘৰ উদ্যোগত আয়োজিত হল সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ অনুষ্ঠানঃ চাবুকধৰা শংকৰ-মাধৱ ৰাস মন্দিৰত অনুষ্ঠতি হল-“সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ শংকৰদেৱ চৰ্চা” শীৰ্ষক আলোচনাচক্ৰ।

১৫. ডিগবৈৰ একমাত্ৰ চৰকাৰী চিকিতসালয় ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰটো আৰম্ভ হ'ব লেপ্ৰ'স্ক্ৰপী সেৱাঃ সা-সৰঞ্জাম আদিৰ বাবে স্বাস্থ্য বিভাগে বিভাগীয় মন্ত্ৰীৰ পৰিদৰ্শনৰ পাছতে কৰি দিছে ব্যৱস্থা।

No comments:

Post a Comment