পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. আজি ডঃ ভূপেন হাজৰিকাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীঃ ৰাজ্যজুৰি চৰকাৰী তথা বেচৰকাৰী সামাজিক সংগঠনৰ উদ্যোগত আয়োজিত হৈছে সোঁৱৰণী অনুষ্ঠানৰ৷

২. কামাখ্যা মন্দিৰৰ চূড়াৰ আৰ্হিত নিৰ্মাণ হ’ব ভূপেনদাৰ সমাধিঃ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া সমাধিক্ষেত্ৰৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে ১০কোটি টকা, এবছৰৰ ভিতৰত সমাধিক্ষেত্ৰৰ কাম কৰিব সম্পূৰ্ণ৷

শিৱসাগৰৰ পৰা বিমান বৰুৱাই পঠোৱা ফটো
৩. আজিৰে পৰা গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হৈছে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত গুৱাহাটী সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা ২০১৩: অহা ১৪নৱেম্বৰলৈকে চলিব লগা এই গ্ৰন্থমেলা আজি উদ্বোধন কৰিব অসমৰ মাননীয় ৰাজ্যপালে৷

৪. ডাঃ ৰণোজ পেগুৰ নেতৃত্বত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিয়ে গ্ৰহণ কৰিলে দ্বায়িত্ব ভাৰঃ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ সম-মৰ্যদা নিশ্চিত হব বুলি ঘোষণা কৰিলে নতুন মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে৷

৫. গুৱাহাটীত উন্মোচিত হ’ল নতুন বাৰ্তালোচনী "মহাৰথী": উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক জ্যোতি প্ৰসাদ শইকীয়াই৷ আলোচনীখনৰ সম্পাদনা কৰিছে অসীম কুমাৰ বৰাই৷ আন্তঃৰাষ্ট্ৰীয় স্তৰৰ বা-বাতৰিৰ পৰা ধৰি থলুৱা জীৱিকাৰ উৎস পৰ্যন্ত সকলো দিশ এই বাৰ্তালোচনীয়ে সামৰি লব বুলি জানিব পৰা গৈছে৷

৬. ৰাষ্ট্ৰীয় স্তৰত শিল্পীৰ তুলিকাৰে তুলি ধৰিব অসমৰ সমস্যাৰাজিঃ মুম্বাইৰ জাহাংগীৰ আৰ্ট গেলেৰীত অনুষ্ঠিত হ’ব আঠজনকৈ অসমীয়া শিল্পীৰ যৌথ চিত্ৰ প্ৰদৰ্শনী৷

৭. ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষক সকলৰ দৰমহাৰ বাবে নতুন আইন প্ৰনয়ন কৰিব অসম চৰকাৰেঃ ৭খন জিলাৰ ৭৪৮গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত ডিব্ৰুগড়ত এই কথা ঘোষণা কৰিলে অসমৰ শিক্ষা মন্ত্ৰীয়ে৷

৮. ৰাষ্ট্ৰসংঘৰ গাণনিকৰ দৰে সন্মানীয় পদ অধিকাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহাগাণনিক শশীকান্ত শৰ্মাইঃ নিৰ্বাচনৰ অন্তিম যুঁজত ফিলিপাইনছৰ মনোনীত প্ৰাৰ্থীক তেখেতে কৰিলে পৰাজিত৷

৯. নগাঁৱত উন্মোচিত হ’ল বলীন বৰাৰ গ্ৰন্থ "জীৱনটোৱেই এটা বা-মাৰলী"৷

১০. মাহেকীয়া আলোচনী "বাৰ্তাপখিলী"ৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ডঃ নমিতা ডেকাক প্ৰদান কৰিলে পুষ্পাদেৱী জালান সোঁৱৰণী বঁটা৷

১১. অহা ১৭ নৱেম্বৰত উন্মোচিত হ’ব জীৱন নৰহ সম্পাদিত গ্ৰন্থ "অ’ মোৰ আপোনাৰ দেশঃ লক্ষ্মীনাথ বেজবৰুৱা": ৩০টা ভাষাত এই গীতটি পৰিবেশনৰ অনুষ্ঠানতে এই গ্ৰন্থ উন্মোচিত হ’ব৷ এই গ্ৰন্থত অনুদিত গীতটিৰ লগতে বিভিন্ন জনৰ প্ৰৱন্ধ সংকলিত হৈছে৷

১২. স্পন্দন শব্দৰ পৰা হৃদয়লৈ প্ৰকাশনে প্ৰকাশ কৰি উলিালে ৪০গৰাকী কবিৰ কবিতাৰে এক কাব্য সংকলন "শ্ৰদ্ধাঞ্জলি": ফেচবুকৰ মাধ্যমেৰে সমন্বয় সাধন কৰি কবি সকলে গ্ৰহণ কৰিলে এই প্ৰশংসনীয় পদক্ষেপ৷

১৩. 
বৰমা সাহিত্য সভাৰ সোণালী জয়ন্তী ও ৰসৰাজৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত হৈছে অসম ভিত্তিক এখন ৰচনা প্ৰতিযোগিতাৰঃ বিষয় " লক্ষ্মীনাথ বেজবৰুৱাক চুটীগল্পত সমাজ চেতনা"৷

১৪. 
বৈঠালাংছ’ত ছেমছন ইংতি স্মাৰক আলোচনাচক্ৰ আৰু বক্তৃতা অনুষ্ঠান সম্পন্নঃ তেখেতক কাৰ্বি-আংলংৰ ভৱিষ্যৎ স্বপ্নদ্ৰষ্টা ৰূপে অভিগিত কৰিলে ৰংবং তেৰাঙদেৱে৷

১৫. জোনাইত উন্মোচিত হ’ল মিচিং ভাষাৰ কাব্যগ্ৰন্থঃ "এখন মুক্তি পৃথিৱী বিচাৰি" শিৰোনামাৰ এই গ্ৰন্থও তুলি ধৰিলে উদীয়মান 
কবি জুৱেল পেগুৰ কাব্য প্ৰতিভাক৷

No comments:

Post a Comment