পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. ভাৰতৰ "মঙলযানে" প্ৰেৰণ কৰিলে প্ৰথমখন ৰঙীন আলোকচিত্ৰঃ মাৰ্চ আৰ্বিটাৰ মিছনৰ এই যানে প্ৰায় ৭০কিলমিটাৰ উচ্চতাৰ পৰা এই আলোকচিত্ৰ 

২. প্ৰথম অসম আন্তৰ্জাতিক কৃষি আৰু পুষ্প প্ৰদৰ্শনী ২০১৪ হৈছে আয়োজিতঃ অহা ৮-১১ জানুৱাৰীলৈ খানাপাৰাৰ ভেটেনেৰী কলেজৰ খেলপথাৰত হব এই প্ৰদৰ্শনী।

৩. কাইলৈ ৮১বছৰত ভৰি দিব কথাশিল্পী ইমৰান শ্বাহদেৱেঃ আত্ম-জীৱনী তেখেতৰ গল্পবোৰতে আছে বুলি মন্তব্য কৰি বেলেগ আত্ম-জীৱনী লিখাৰ প্ৰয়োজনীয়তা কৰিলে খণ্ডন।

৪. অনুৰ্ধ ১৯বছৰ সৰ্ব ভাৰতীয় মহিলা ক্ৰিকেট টুৰ্নামেণ্টৰ চেম্পিয়ন অৰ্জন কৰিলে অসম দলেঃ মহাৰাষ্ট্ৰৰ সতে যুটীয়াকৈ লাভ কৰিলে এই চেম্পিয়নশ্বিপ।

৫. এইবাৰ আধুনিক জিঅ" টিউব পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মিত হ'ব ৰঙানদী আৰু ডিক্ৰং নৈৰ মাথাউৰিঃ সোৱণশিৰিক নিয়ন্ত্ৰণৰ বাবে ধাৰ্য কৰা হৈছে ১১০০কোটি টকা।

৬. ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকীকৰণত দুৰ্নীতি তথা অনিয়মৰ অঅভিযোগবোৰৰ জিলাই জিলাই চৰজমিন তদন্ত ।ৰিব অসম বিধান সভাই গঠন কৰি দিয়া সদন কমিটিয়ে।

৭. বঙাইগাঁৱত ধন-দাবী অপহৰণত অতিষ্ঠ হৈছে ৰাইজঃ ক্ষোভ প্ৰকাশৰ বৰ্হিপ্ৰকাশ, ৰাইজৰ আক্ৰমণ কৰি ক্ষতিসাধন কৰিলে বিটিচিৰ অধ্যক্ষ পানীৰাম ব্ৰহ্মৰ গাড়ী।

৮. আজি শুভমুক্তি লভিছে জনছ মহলীয়া পৰিচালিত অসমীয়া চলচ্চিত্ৰ "মহাসমৰ"য়ে: বন ধ্বংসৰ বিৰুদ্ধে জেহাদ গঢ়া বন বিষয়াৰ কাহিনীৰে আগবাঢ়িছ এই মহাসমৰ।

৯. অহা ৭ফেবুৱাৰীত মুক্তি পাব ৰজনী বসুমতাৰী পৰিচালিত কথাছবি "ৰাগ", ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, কেনী বসুমতাৰী আৰু জেৰিফা ৱাহিদে।

১০. ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ছবি পৰিচালক হীৰেন বৰাই আৰম্ভ কৰিছে নতুন ছবি ক্ষোভৰ কামঃ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ সুখবৰ।

১১. গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত জানকী গোস্বামী সোঁৱৰণী আন্তঃ ক্লাৱ আৰু আন্তঃ প্ৰতিষ্ঠান এথলেটিক প্ৰতিযোগিতা হৈছে আয়োজিতঃ অহা ২১-২২ডিচেম্বৰত পল্টন বজাৰৰ ছাই কমপ্লেক্সত হব অনুষ্ঠিত।

১২. নগাঁৱৰ হাতিচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ফাইনেল খেলত চাউলখোৱা একাদশ ক্লাৱে লাভ কৰিলে চূ়ড়ান্ত বিজয়ীৰ সন্মান।

১৩. আগৰতলাত চলি থকা ৰঞ্জী ট্ৰফীৰ চি-গোটৰ মেচত সৱল স্থিতি লাভ কৰিলে অসম দলেঃ ঘৰুৱা দলটোক প্ৰথম ইনিংছত ১৩৬ৰানতে সীমাদদ্ধ কৰিবলৈ সক্ষম হোৱাৰ সুখৰ খবৰ।

১৪. গ্ৰন্থৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী গগৈৰ ৰাজনৈতিক কৰ্মৰাজিক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰিব কৃষিমন্ত্ৰী নীলমণিসেন ডেকাইঃ চিংগাপুৰৰ পৰা মুখ্যমন্ত্ৰী আহি পালেই আৰম্ভ কৰিব দৃশ্যগ্ৰহণৰ কাম।

১৫. সম্পূৰ্ণ হৈছে নিৰ্মিয়মান অসমীয়া কথাছবি  "অনুৰাধা"ৰ দৃশ্যগ্ৰহণৰ কাম।

No comments:

Post a Comment