Thursday, November 28, 2013

গল্প

ভাতৃ ঘাতী...
-অনুপমা বৰগোহাঁই

ক্রে ই ই ই ই চ্..... .. মটৰ চাইকেলখন জোৰেৰে ব্রেক মাৰি ৱাক্রমে ৰখাই দিলে । তথাপিও সি চাইকেল চলাই অহা স্কুলীয়া লৰাটোক দুৰ্ঘটনাটোৰ পৰা বচাবলৈ নোৱাৰিলে ! তাৰ মটৰ চাইকেলখনত বান্ধি অনা কাপোৰৰ টোপোলাটো কেনেবাকৈ খুলি তলত পৰি গ’ল যেন ভাব হোৱাত পিছলৈ ঘুৰি চাওঁতেই এই সৰু দুৰ্ঘটনাটো ঘটিল । লৰাটো আন কোনো নহয় ..সিহঁতৰ গাঁৱত থকা স্কুলখনত পঢ়িবলৈ দাঁতি কাষৰীয়া মালিকপুৰৰ পৰা অহা দশম শ্রেণীৰ জাট সম্প্ৰদায়ৰ ছাত্র গৌৰৱ .. ৱাক্রমহঁতে গৌৰৱ আৰু তাৰ বন্ধু শচীনক “চোটা ডন” বুলিয়েই জানে । সিহঁত দুটাৰ অশ্লীল মাত-কথা, ব্যৱহাৰ আৰু উৎপাতত জীয়ৰী ছোৱালী বাদেই ডাঙৰ মানুহেও কাণত সোপা দিব লগা হয় । জাট গাঁৱৰ বাকী মানুহ কাৰো লগত ৱাক্রমহঁতৰ কোনো মত বিৰোধ বা লেন দেন নাই ..মাত্র এই দুটা চেঙেলীয়া লৰাই সিহঁতৰ গাঁৱখনতো অশান্তিৰ সৃষ্টি কৰি থকা বাবে ৱাক্রমৰ সদায় খং । 

“ অই কণা, কুকুৰনেচীয়া, মাইকীৰ কাপোৰ বেচা .... মটৰ চাইকেল চলাই দেখাইছ ...কতা মুছলমান, তোক আজি .....” পৰি যোৱা চাইকেলখন আৰু বেগটো তুলি পিন্ধি থকা কামিজটোৰ হাতখন ওপৰলৈ কোঁচাই ৱাক্রমলৈ চোচা মাৰি খেদি আহোঁতে ৱাক্রামে থাচকৈ এক চৰ লগাই দিলে গৌৰৱৰ গালত !! ২৫ বছৰীয়া হৃষ্ট পুষ্ট যুৱক ৱাক্রমে ১৬ বছৰীয়া গোফ থুতৰীয়াবলৈ ধৰা চেঙেলীয়া লৰাৰ এনে মাত কথা সহ্য কৰি থাকিবলৈ নোৱাৰিলে । আচলতে সি গৌৰৱক ধৰি মেলি উঠাই তাৰ মটৰ চাইকেলত তুলি স্কুলত থৈ আহিবলৈ আৰু তাৰ ভাঙি যোৱা চাইকেলখন ভাল কৰি পিছত সি স্কুলৰ পৰা ঘুৰি আহোঁতে লৈ যাব পৰা কৰিবলৈহে বিচাৰিছিল । কিন্তু .. চে: কি হৈ গ’ল !! নিজৰ খন্তেকীয়া উত্তেজনাক বশ কৰিব নোৱাৰাৰ বাবে ৱাক্রমৰ নিজৰ ওপৰত সাংঘাতিক খং উঠিল । তাৰ চৰ খাই একো মাত নামাতি দাত মুৰ কৰচি হিংসাত্মক চাৱনি এটাৰে তালৈ চাই ভঙা চাইকেলখন চুঁচৰাই লৈ যোৱা গৌৰৱে ৱাক্রমৰ মনলৈ কিবা এক অজান বিপদৰ আশংকা কঢ়িয়াই আনিলে । 
০০০০০০

অলপ আগলৈ গৈয়ে ৱাক্রামে সিহঁতৰ গাঁৱৰে জাট পৰিয়ালৰ জীয়াৰী সুনিতাক কিতাপৰ জাপটো বুকুত সাৱটি স্কুললৈ আহি থকা দেখিলে । তাইৰ দীঘল চুলিটাৰি দুডাল বেণী গুঠি দুপাত্তাখনৰ দৰেই পাতল নীলা ৰঙৰ দুডাল ফিটাৰে বান্ধি লৈছে । তাইৰ লাস্যময়ী খোজৰ তালে তালে বাজি উঠা ভৰিৰ ৰুণঝুণ পায়েলৰ শব্দই ৱাক্রমৰ মন আৰু মগজুত বিজুলীৰ চমকনি সৃষ্টি কৰে ... তাৰ মনৰ এই গোপন ভালপোৱাৰ খবৰ কিবা প্রকাৰে সুনিতাই গম পাইছে হয়তো.. সেয়ে আজিকালি তাক দেখিলে সুনিতাৰ মুখত অদ্ভুত গাম্ভীৰ্য এটা ফুটি উঠে । কিবা এক ঘৃণনীয় বস্তুৰ পৰা আঁতৰি যোৱাৰ দৰে তাই তাৰ ওচৰৰ পৰা আঁতৰি যায় । ৱাক্রামৰ মাজু ভনীয়েক চাজিদা, সুনিতাৰ লগত একেটা শ্রেণীত পঢ়ে । চাজিদাই বাৰু সুনিতাক তাৰ বিষয়ে কিবা লগাইছে নেকি ? কিয়নো লগাব । তাই তাৰহে ভনীয়েক । তাৰ পাঁচোজনী ভনীয়েকক ভালদৰে বিয়া দিবলৈকে সি কমখন কষ্ট কৰিছেনে ! সিহঁতক পঢ়া শুনা কৰিবলৈও সুবিধা দিছে । সি নিজে কলেজৰ শেষ বৰ্ষটো পঢ়িবলৈ নোৱাৰিলে । পইচাৰ অভাৱত । সেইবছৰ তাৰ আব্বাজানক নিঃশেষ কৰি দিয়া টি বি বেমাৰটোত সিহঁতৰ ঘৰৰ সাঁচতীয়া সকলো পইচা ওলাই গ’ল । আব্বাকৰ কামটো সেই তেতিয়াৰে পৰা সিয়ে চলাব লগীয়া হৈছে । সি অৱশ্যে আব্বাকতকৈ ব্যৱসায়ত বেছি উন্নতি কৰিব পাৰিছে । এই ৰমজান মাহটো পাৰ হলেই সি চেন্নাইলৈ যাব । তাৰ বন্ধু জাকিৰে তাৰ বাবে ব্যৱসায় প্রসাৰৰ ভাল সুযোগ এটা উলিয়াই দিছে । এই জাকিৰৰ লগতে তাৰ ডাঙৰ ভনীয়েক মাজিদাৰ বিয়াখনো পাতি দিয়াৰ কথা ভাবি আছে ।

মটৰ চাইকেলখন মুজাফৰপুৰ চহৰৰ বজাৰৰ ফালে চলাই লৈ গৈ থাকোতে ৱাক্রামৰ গৌৰৱৰ সেই হিংস্রাত্মক চাৱনিটোলৈ পুনৰ মনত পৰিল । খং , লোভ ,মোহ আদি বদ ৰিপুবোৰ বশ কৰিবলৈকে সিহঁতি ৰোজা ৰাখে । মনত পৰা হোৱাৰে পৰা ৱাক্রমে আজিলৈকে এটাও ৰমজানৰ ৰোজা বা উপবাস পালন নকৰাকৈ থকা নাই । ৰমজানৰ সময়খিনিত সি সদায়ে নিজক শান্ত , ধৈৰ্যশীল কৰি ৰাখিবলৈ সক্ষম হয় । কিন্তু আজি বাৰু তাৰ কি হ’ল !! কিয় সি সেই সৰু লৰাটোক চৰ মাৰিলে !! ভুলটোতো তাৰেই আছিল !! ..ল’ৰাটোক সি ক্ষমা খুজিব লাগিছিল । এতিয়াটো বহুত দেৰী হৈ গ’ল ..কি কৰিব সি বাৰু !! যদি গৌৰৱে তাৰ ওপৰত প্রতিশোধ ল’বলৈকে তাৰ মৰমৰ ভনীয়েক দুজনীক স্কুলত অপমান কৰে , কি হ’ব !! গৌৰৱৰ দৰে লৰাই এনে কৰাটো একো অস্বাভাৱিক নহয় । মটৰ চাইকেলখন ৰাস্তাৰ দাঁতিত ৰখাই সি পকেটৰ পৰা চে’লফোনটো উলিয়ালে । কাক ফোন কৰিব বাৰু সি ... তাৰ লগৰ আটাইকেইটাই অলপ উগ্র স্বভাৱৰ । মালিকপুৰৰ হিন্দু লৰাকেইটাৰ নাম শুনিলেই খং উঠে সিহঁতৰ !! ....আজি পাচ বছৰৰ আগতে সিহঁতৰ গাঁৱৰ ১৫ বছৰীয়া ৰহমানে তাৰ লগৰ হিন্দু বন্ধুকেইটাৰ লগত মালিকপুৰত “ৰামলীলা” চাবলৈ যাওঁতে তাত থকা বয়সীয়া গোঢ়া হিন্দু কেইটাই জোতাৰে কোবাই আধামৰা কৰি খেদি দিছিল ..সেই ঘটনাৰ পিছৰ পৰাই কাৱাল গাৱৰ মুছলিম ডেকা কেইটাই “হিন্দু” লৰাৰ নাম শুনিলেই উগ্র হৈ পৰে । যদিও সিহঁতৰ মতভেদ জাট সম্প্ৰদায়ৰ হিন্দুখিনিৰ লগত নহয় ..সেইনী সম্প্ৰদায়ৰ হিন্দুখিনিৰ লগতহে আছিল- তথাপিও মাজে মাজে সিহঁতৰ মনত জাট, সেইনী সকলো একাকাৰ হৈ কেৱল “হিন্দু” নামৰ ধৰ্মটোহে আহি পৰে !! ৰহমানৰ সেই ঘটনাটোৰ পাছত সিহঁতৰ মুছলিম মানুহখিনিয়ে হিন্দু গাঁওবোৰলৈ গৈ কমখন লটি-ঘটি কৰিলেনে !! ধৰ্মৰ নামত এইবোৰ ধংস্বলীলা, হিংসা,ঘৃণা ,শত্রুতাই মনত বৰ বেজাৰ দিয়ে ৱাক্রমক !! এই ‘ধৰ্ম’ নামৰ প্রাচীৰখনে তাক তাৰ মৰমৰ প্রেয়সীজনীৰ কাষ চাপিব নিদিয়ে ..এই ধৰ্ম নামৰ প্রাচীৰখনে তাক আনক ঘৃণা কৰিবলৈ প্রৰোচিত কৰে ...ধৰ্মই তাক সকলোকে ভাল পাবলৈকে চোন শিকায় ..সকলো মানুহ এক আল্লাৰ সৃষ্টি বুলিয়েই চোন কয় ..তথাপি কিয় তাৰ “ধৰ্ম” শব্দটো এক শিকলি যেন লাগে !!..এক দুৰ্লঙ্ঘ প্রাচীৰ যেন লাগে !!! তাৰ মনলৈ পুনৰ গৌৰৱৰ সেই হিংস্র চকু কেইটা ভাহি আহিল ..লগে লগে ভাহি আহিল চাজিদা, ৱাহিদাৰ নীলাভ চকুকেইটাৰ অজলা চাৱনি আৰু “কাকা... কাকা ” বুলি মতা আকুল চিঞৰ এটা....!! বিশেষ আৰু একো চিন্তা নকৰি সি ফোনটোৰ নম্বৰ এটা বাচি লৈ কথা পাতিব ল’লে !!!

০০০০০০০

“জুই ..জুই.. কাকা.. নাহিবি ইয়ালৈ .. ইহঁতে তোক মাৰিব ..কাকা ....” পাত-গাভৰু ছোৱালীজনীৰ চিঞৰত সান্ত্বনা দিবলৈ তথা সংঘৰ্ষৰ তদন্ত কৰিবলৈ মুছলমান ভুক্তভোগীৰ শিবিৰটোলৈ অহা ডেকা নেতাজন উচপ খাই উঠিল । হয়, ডেকা নেতাজনকে তাই “কাকা” বুলি মাতিছে । ডেকা নেতাজনৰ মাতৃও একেটা দলৰে নেত্রী । তেৱোঁ আজি পুতেকৰ লগত আহিছে । এই কেইটা সমষ্টিত তেওঁলোকৰ পাৰ্টিয়ে এইবাৰ নিৰ্বাচনত বৰ এটা আশাপ্রদ ফল দেখুৱাব যেন লগা নাই । যদিও কেন্দ্রত তেওঁলোকৰ পাৰ্টিৰে শাসন চলি আছে .. এইখন ৰাজ্যত তেওঁলোকৰ বিপৰীত পাৰ্টিৰহে ৰাজত্ব চলি আছে । এনে সংবেদনশীল সময়বোৰত, বিশেষকৈ সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত শিবিৰে শিবিৰে গৈ ভুক্তভোগীসকলক দেখা কৰিলে পাৰ্টিৰ প্রতিচ্ছবি অলপ ভাল হয় । অৱশ্যে ডেকা নেতা তথা তেওঁৰ পৰিয়ালটোৱেও এসময়ত এনেদৰে ধৰ্ম, সন্ত্রাসৰ চিকাৰ হৈছিল । গতিকে অকাল সংঘৰ্ষত মৃত্যুক সাৱটি লোৱা ব্যক্তি আৰু সেই ব্যক্তিৰ পৰিয়ালৰ দুখ তেওঁলোকে ভালকৈয়ে বুজি পায় । ...

লগত অহা পুলিছ অফিচাৰজনে পাত-গাভৰুক আঁতৰাই নিবলৈ এগৰাকীক ইংগিত দিওঁতেই ডেকা নেতা তাইৰ ওচৰ পালেগৈ । দুচকু সেমেকাই তেওঁ তাইক সুধিলে : “কি নাম তোমাৰ ?” শিবিৰলৈ অহাৰ পৰাই মাজে মধ্যে এনেদৰে সম্বিত হেৰুৱাই চিঞৰি উঠা পাত-গাভৰু জনীয়ে কিছু সময়ৰ পিছত পুনৰ নিজৰ সম্বিত ঘুৰাই পাই উচুপিবলৈ লাগিছিল । নেতাৰ প্রশ্নৰ উত্তৰত তাই থোকাথুকি মাতেৰে ক’লে : “মোৰ নাম চাজিদা চাৰ । মোৰ এটাই ভাই ..সি বৰ ভাল ..কাৰো লগত কেতিয়াও কাজিয়া নকৰে ...কিন্তু ইহঁতি -- গৌৰৱ, শচীন আৰু সিহঁতৰ লগৰ হিন্দুবোৰে মোৰ ভাইক চুৰিৰে খুচি খুচি মাৰিলে ..চাৰ, সিহঁতক নেৰিব ..ফাঁচী দিয়ক সিহঁতক .. খুউব মাৰক সিহঁতক ..অস কাকা ..কিয় আহিছিলি তই মোক বচাবলৈ” !!!! কথাখিনি কৈ কান্দি কান্দি পুনৰ অচেতন হৈ পৰা চাজিদাক সুচিকিৎসা দিবলৈ আদেশ দি ডেকা নেতাই লগত যোৱা বিষয়াসকলৰ লগত আলোচনা কৰিলে । ‘কোন এই গৌৰৱ, শচীন ?? সঁচানে সিহঁতৰ ওপৰত লগোৱা এই অভিযোগ !!”

০০০০০০

“সুনিতাদি , আমি যে তহঁতৰ ঘৰত এনেকৈ লুকাই আছো তহঁতৰ হিন্দু মানুহবোৰে জানিলে কি হ’ব !!!” ১৩ বছৰীয়া ৱাহিদাই টি ভি চাই থকা সুনিতাক সুধিলে । মাজিদাই চকুপানী মোহাৰি মোহাৰিয়েই সুনিতাৰ মাক অলকা চাচীক কাপোৰ চিলাই কৰা কামত সহায় কৰি আছিল । ৱাহিদাৰ প্রশ্নটো তাইৰ মনলৈও আহিছে । মাক আৰু দুজনী ভনীয়েকক ককায়েকৰ হত্যাৰ পিছত হোৱা সংঘৰ্ষত ক’ত হেৰুৱালে তাই গমেই পোৱা নাই । ভনীয়েক চাজিদাৰ বান্ধৱী সুনিতা আৰু সুনিতাৰ দেউতাক বীৰু চাচাই সিহঁত তিনিজনীক কোনোমতে পলুৱাই নিজৰ ঘৰত লুকোৱাই ৰাখিছে । নহ’লে মাজিদাহঁতৰ ঘৰৰ সকলো মানুহকে কাটি শেষ কৰি দিবলৈকে সিহঁতি বিচাৰিছিল । .. সিদিনা দুপৰীয়া দুখন মটৰচাইকেলত কলা কাপোৰেৰে মুখ ঢাকি কেইটামান লৰা কাৱাল গাঁৱলৈ আহিছিল আৰু অশ্লীল মাতৰে মাজিদাৰ ককায়েক ৱাক্রমক আৰু ৱাক্রামহঁতৰ ধৰ্মক লৈ গালি দিছিল .. শিলগুটি দলিয়াইছিল - ঠিক সেই সময়তে হঠাৎ ৱাক্রামৰ লগৰ পাঁচটা লৰা আহি মুখাধাৰি কেইটাক পিটি পিটি গাঁৱৰ বাহিৰ কৰি আহিছিল । সেইদিনা গোটেই ৰাতি সিহঁত শুব পৰা নাছিল । ককায়েক ৱাক্রামেও চহৰৰ পৰা আহি গৌৰৱৰ লগত হোৱা তাৰ কাজিয়াখনৰ কথা ক’লেহি আৰু সিহঁতক সাৱধানে থাকিবলৈ ক’লে । পিছদিনা কামলৈ যাবলৈ ওলায় দুৱাৰ খুলিয়েই ৱাক্রাম মুখামুখি হ’ল দহজনমান মানুহৰ । সেই মানুহকেইজনৰ ভিতৰত একমাত্র গৌৰৱ আৰু শচীনকহে সি চিনি পালে । ৱাক্রামে কিবা কবলৈ মুখ মেলোতেই এটাই তাৰ মুখত এটা প্ৰচণ্ড ঘোচা মাৰি দিলে । তাৰ মুখৰ পৰা সৰ সৰকৈ তেজ বাগৰি আহিল । 

তেনেতে আন এটাই বাৰান্দাত গোটাই থোৱা শুকান খেৰখিনিলৈ জ্বলা জুইশলা কাঠি এটা দলিয়াই দিলে ..দপদপকৈ শুকান খেৰখিনি জ্বলি উঠিল ।.. স্কুললৈ যাবলৈ ওলোৱা চাজিদাক এটাই গবা মাৰি ধৰিলে । মুখৰ তেজ মচি ভনীয়েকক বচাবলৈ আগবাঢ়ি আহোঁতেই ৱাক্রামক গৌৰৱে চুৰি এখনেৰে পিঠিৰ ফালৰ পৰা আক্রমণ কৰিলে । চাজিদাৰ লগত স্কুললৈ যাবলৈ অহা সুনিতাই ঘৰৰ মুখত মানুহ দেখি পিছফালৰ পৰা সিহঁতৰ ঘৰত সোমাইছিলহি .. বেৰৰ ফাঁকেৰে ঘটনাবোৰ দেখি তাই দৌৰ মাৰি ওলাই গ’ল..যাওঁতে তাই বাহিৰত পঞ্চায়ত অফিচৰ ওচৰত থকা ৰাজহুৱা পানীকলটোৰ পৰা পানী কঢ়িয়াই আহি থকা মাজিদাক পাই তাইকো হাতত ধৰি টানি নিজৰ ঘৰলৈ গ’ল ..... বীৰু চাচাই সুনিতাৰ মুখেৰে সকলো কথা শুনি ৱাক্রামৰ ঘৰলৈ যাওঁতে ৱাক্রামৰ ঘৰত ইতিমধ্যে তেজৰ নদী বৈ গৈছে .. ৱাক্রমৰ ক্ষত-বিক্ষত ৰক্তাক্ত শৰীৰ লগতে গৌৰৱ আৰু শচীনৰো মৃতপ্রায় দেহ চোতালত পৰি আছে ..মানুহৰ কটা কটি, মৰা মৰিৰ পৰা নিজকে কোনোমতে নিজক বচাই বীৰুৱে ৱাক্রামৰ সৰু ভনীয়েক ৱাহিদা আৰু ৰচিদাক লগত লৈ আনি নিজৰ ঘৰত থ’লেহি । ৱাক্রমৰ মাক আৰু আন দুজনী ভনীয়েকক বিচাৰি নাপালে বীৰুৱে .. ইতিমধ্যে ওচৰ পাজৰৰ ঘৰ-দুৱাৰবোৰ দপ- দপকৈ জ্বলিবলৈ আৰম্ভ কৰিছিল ..শিশু- মহিলা ,বেমাৰী মানুহৰ কান্দোন আৰু যন্ত্রণাকাতৰ চিঞৰে গোটেই কাৱাল গাঁৱখন চানি ধৰিলে .... এইবোৰ মৰামৰি সন্ত্রাসৰ কেতিয়া অৱসান হ’ব বীৰুৱে নাজানে । ৱাক্রামৰ আব্বাক চামচেদ আছিল বীৰুৰ পৰম মিত্র । টানে আপদে চামচেদে তাক বহুবাৰ সহায় কৰি থৈছে । সেই সহায় আৰু মৰমৰ ধাৰ বীৰুৱে কোনোদিন মাৰিব পৰা নাই .. চামচেদৰ মৃত্যুৰ পিছত তথা ৰহমানৰ ৰামলীলা চাবলৈ যোৱাক লৈ হোৱা সংঘৰ্ষৰ পিছত ক’ব নোৱাৰাকৈ সিহঁতৰ লগত ৱাক্রামহঁতৰ দুৰত্ব বাঢ়ি আহিছিল । কিন্তু আজি বীৰুয়ে তাৰ মিত্রৰ মৰম আৰু সহায়ৰ প্রতিদান দিবই দিব ! লাগিলে ইয়াৰ বাবে সি নিজৰ প্রাণ পৰ্যন্ত দিবলৈ সাজু হৈছে । জীৱননো কি ..ধৰ্মনো কি সি একো নাজানে । সি মাত্র জানে ভগবানে সৃষ্টি কৰা এই জগতখনত সকলোৰে জীয়াই থাকিবলৈ অধিকাৰ আছে । সকলো মানুহ ভাই ভাই ..হিন্দু মুছলমান শিখ খৃষ্টান সকলো একে মানুহ । তাৰমতে সকলো ধৰ্মৰ মানুহৰ এটাই ‘বেমাৰ’ আছে .. সেইটো হ’ল “ভোক” .. খাদ্যৰ ভোক, টকাৰ ভোক, ক্ষমতাৰ ভোক , মৰমৰ ভোক, প্ৰতিহিংসাৰ ভোক ..আৰু এই ভোকবোৰ বেচি হলেই মানুহ অমানুহ হয়।... ৱাহিদাহঁতক সি এই অমানুহবোৰৰ হাতত এৰি দিব নোৱাৰে । সকলোৰে ভোকবোৰ নমৰালৈকে ,গাঁৱৰ পৰিস্থিতি শান্ত নোহোৱালৈকে, মাক আৰু বাকী দুজনী ভনীয়েকক বিচাৰি নোপোৱালৈকে সিহঁতক তাৰ ঘৰতেই ৰাখিব । ৰমজানৰ প্রথম জোনটোলৈ চাই বীৰুয়ে হাত জোৰ কৰি নমস্কাৰ কৰিলে। লগে লগে সি তাৰ মৃত বন্ধু চামচেদকো ঈদৰ শুভেচ্ছা জনাই তাৰ পৰিয়ালৰ দায়িত্ব আজীৱন ল’ম বুলি কথা দিলে ।

No comments:

Post a Comment