জীৱন-জীৱিকা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন-জীৱিকা

জীৱন-জীৱিকা

Share This
স্বাৱলম্বী আৰু উদ্যোগী হোৱাৰ উজ্জ্বল পথ
ড° বুলজিৎ বুঢ়াগোহাঁই 
(১)
শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত বিভিন্ন কাৰণত ৰাজ্যখনৰ বহুতো যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি পাবলৈ সক্ষম নহয় । ফলত ৰাজ্যখনত নিবনুৱা সমস্যা এটা প্রধান সমস্যা হৈ পৰিছে । চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা কেতিয়াও সম্ভৱ নহয় । 
চিনেমাৰ পৰ্দাত নাৰীৰ স্বাৱলম্বনৰ
আদৰ্শ দেখুওৱা শ্ৰীদেৱী

কিন্তু , চাকৰি বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰি নিজে জীৱিকা উপাৰ্জন কৰা লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰি। 

এই বিষয়ে চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠনবোৰে ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু সা-সুবিধাবোৰৰ বিষয়ে ভালদৰে বুজাই দিয়া লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানবোৰৰ বিষয়ে বিতংকৈ জনাব লাগে । 


বাতৰি কাকত আৰু আলোচনীবোৰও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলে ভাল হয় । চৰকাৰী চাকৰি অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন আৰু জীৱিকা নিৰ্বাহ যে কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি ।

 (২) 
উদ্যোগীৰ সকলে নিজে জীৱিকা উপাৰ্জন কৰা লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰে । চাকৰিৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়। উদ্যোগীলোকে যিমানে যত্ন কৰে সিমানে উপাৰ্জন বৃদ্ধি হয়। চাকৰিয়ালে সদায় সীমাৰ মাজত কাম কৰিব লাগে কিন্তু উদ্যোগীৰ কোনো সীমা নাই। 

উদ্যোগীয়ে নতুন নতুন দিশৰ পিনে কাম সম্প্রসাৰিত কৰিব পাৰে। চকৰিয়াল এজন কৰ্মচাৰী মাথোন, কিন্তু উদ্যোগী এজন মালিক। মালিকৰ পদমৰ্যাদা সদায় ওপৰত। উদ্যোগী এজনে নিজে অৱসৰ নল’লে আনে তেওঁক অৱসৰ দিব নোৱাৰে । কাৰণ , তেওঁ উদ্যোগৰ মালিক হয়, কৰ্মচাৰী নহয় । সাধাৰণতে চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱা সম্ভৱ নহয়, কিন্তু সৎ উপায়েৰে উদ্যোগ গঢ়ি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ। এতিয়া কথা হ’ল চাকৰি কৰিব নে উদ্যোগী হ’ব , সেয়া সকলোৰে ব্যক্তিগত কথা। 

No comments:

Post a Comment