আজিৰ চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ চিন্তা

আজিৰ চিন্তা

Share This
গ্রন্থ, গ্রন্থমেলা, লেখক, পাঠক আৰু প্রকাশক 

- ড° বুলজিৎ বুঢ়াগোহাঁই

বৰ্তমান আমাৰ ৰাজ্যখনৰ সৰু বৰ সকলো চহৰতে গ্রন্থমেলা অনুষ্ঠিত হ’ব ধৰিছে । ই অতি ভাল কথা । গ্রন্থমেলাই বৌদ্ধিক বিকাশত অৰিহণা যোগায় । গ্রন্থমেলা হৈছে লেখক, পাঠক, প্রকাশক আৰু গ্রন্থ বিক্রেতাৰ মিলন ক্ষেত্র । গ্রন্থমেলাবোৰত পাঠকসকলে একেলগে বিভিন্ন বিষয়ৰ কিতাপ কিনিবলৈ সুবিধা পায় । গ্রন্থমেলাৰ লগত সংগতি ৰাখি আলোচনা চক্র, কবি সন্মিলন, লেখক-পাঠকৰ অন্তৰংগ আলাপ আদি অনুষ্ঠিত কৰা লগতে ছাত্র-ছাত্রীৰ মাজত কুইজ, ৰচনা, কবিতা আবৃত্তি আদি প্রতিযোগিতা অনুষ্ঠিত কৰা হয় যাতে ছাত্র-ছাত্রী সকল গ্রন্থৰ প্রতি আকৰ্ষিত হয় । 

এই গ্রন্থমেলাবোৰৰ বাকৰি তথা বিভিন্ন ঠাইত বিভিন্ন বিষয়ৰ কিতাপ উন্মোচন তথা প্রকাশ হয়। কিন্তু, উন্মোচন আৰু প্রকাশ হোৱা সকলোবোৰ কিতাপৰ বিষয়ে ৰাজ্যখনৰ সকলোৱে গম নাপায় যিহেতু সকলোবোৰ কিতাপ উন্মোচন আৰু প্রকাশৰ খবৰ সকলোবোৰ দৈনিক বাতৰি কাকতত প্রকাশ হোৱা দেখা নাযায় আৰু কিছুমান দৈনিক বাতৰি কাকতবোৰৰ কেৱল স্থানীয় বা মহানগৰী সংস্কৰণত প্রকাশ হোৱা দেখা যায় । 

বর্ত্তমান আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত ১৫খনতকৈ বেছি দৈনিক বাতৰি কাকত প্রকাশ হয় । ৰাজ্যখনৰ জনসাধাৰণে সকলো দৈনিক বাতৰি কাকত কিনি পঢ়া সম্ভৱ নহয় , তাৰ ফল স্বৰূপে কিতাপ উন্মোচন আৰু প্রকাশ হোৱা খবৰবোৰ পঢ়িবলৈ নাপায় । এই সমস্যা সমাধানৰ কাৰণে তথ্য-প্রযুক্তি বিদ্যাৰ সহায় ল’ব পৰা যায়। 

গ্রন্থমেলা তথা বিভিন্ন ঠাইত কিতাপ উন্মোচনৰ তথ্য দিয়া বাবে ৱেবচাইট তৈয়াৰ কৰিব লাগে । গ্রন্থমেলা বাকৰিত আৰু বিভিন্ন ঠাইত উন্মোচন সকলো কিতাপৰ তথ্য ৱেবচাইটত দাঙি ধৰিব লাগে । ইয়াৰ ফলত কিতাপবোৰৰ বিষয়ে ৰাজ্যখনৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত থকা প্রবাসী অসমীয়া সকলেও জানিব পাৰিব। এইখিনিতে উল্লেখ কৰিব পাৰি উত্তৰ-পূব গ্রন্থমেলাৰ ৱেবচাইটটো ঠিকনা হ’লwww.northeastbookfair.org । আশা কৰিছোঁ ৰাজ্যখনৰ বিভিন্ন ঠাইত অনুষ্ঠিত গ্রন্থমেলাোৰৰ আয়োজকসকলেও এটিকৈ ৱেবচাইট(যাৰ নাই) তৈয়াৰ কৰিব । গ্রন্থমেলাবোৰৰ উপলক্ষে প্রকাশ হোৱা স্মৃতিগ্রন্থবোৰ ৱেবচাইটবোৰত আপলোড কৰিব।

বাতৰি কাকত আৰু আলোচনীবোৰত কিতাপৰ সমালোচনা প্রকাশ কৰে। ইয়াৰ ফলত পাঠকসকলে কিতাপখনৰ বিষয় বস্তুৰ বিষয়ে জানিব পাৰে আৰু তাৰ ওপৰত ভিত্তি কৰি কিতাপখন পঢ়িব নে নপঢ়ে সিদ্ধান্ত গ্রহণ কৰিব পাৰে। কিন্তু বহুতো সমালোচকে কিতাপখনৰ প্রকাশক, কিতাপখনৰ মূল্য আৰু প্রকাশৰ সময় আদি কথা উল্লেখ নকৰে। বাতৰি কাকত আৰু আলোচনীবোৰৰ সম্পাদকসকলক আহ্বান জনাব বিচাৰিছোঁ যে কিতাপ সমালোচনাত এই কথাবোৰ অন্তৰ্ভুক্ত কৰা বাধ্যতামূলক কৰে যেন। ইয়াৰ ফলত কিতাপখন কিনাত পাঠকসকলৰ সহায়ক হ’ব। 

আকৌ, এটা কথা মন কৰিছোঁ যে বাতৰি কাকত আৰু আলোচনীবোৰত কোনো প্রৱন্ধৰ লগত সংগতি ৰাখি প্রকাশ কৰা ছবিবোৰ সাধাৰণতে বেছিকৈ বিদেশৰ ফটোহে দিয়ে কিন্তু তাৰ লগত সংগতি থকা অসমৰ ছবি তুলনামূলকভাবে বহুত কমকৈ দিয়ে। উদাহৰণ স্বৰূপে কিতাপ সম্পৰ্কীয় প্রৱন্ধৰ লগত সংগতি ৰাখি প্রকাশ কৰা ছবিবোৰত বিদেশৰ ইংৰাজী কিতাপৰ ছবিবোৰ সাধাৰণতে বেছিকৈ দিয়া দেখা যায়, তাৰ সলনি অসমীয়া কিতাপৰ ছবি বেছিকৈ প্রকাশ কৰিলে ভাল হয়।ইয়াৰ ফলত অলপ হ’লেও অসমীয়া কিতাপবোৰৰ প্রচাৰ হ’ব আৰু অসমীয়া কিতাপ কিনিবলে আগ্রহ উপজিব। আশা কৰিছোঁ এই বিষয়ত সম্পাদকসকলে অলপ হ'লেও মন কাণ দিব। 

আমাৰ ৰাজ্যৰ কিছুমান পৰিয়ালে লাগয়াতিল হ’লেও কিছুমান পুৰণি কিতাপ , আলোচনী , বাতৰিকাকত আদি পৰিয়ালৰ সদস্যসকলৰ বাবে প্রয়োজন নোহোৱা বুলি ভাবি আৰু সংৰক্ষণ কৰাত সমস্যা সৃষ্টি হোৱা বুলি কেজি হিচাপত সামান্য টকাত বিক্রী কৰি দিয়া দেখা যায়। কিন্ত এই কিতাপ, আলোচনী আৰু বাতৰিকাকতবোৰ পৰিয়ালেবোৰে বিক্রী নকৰি যদি স্থানীয় পুথিভঁৰাল (ক্লাৱ/গাওঁ/মহকুমা/জিলা/ৰাজ্যিক আদি) বা ওচৰৰ বিদ্যালয়/মহাবিদ্যালয়ৰ পুথিভঁৰালবোৰলৈ দান দিয়ে তেন্তে এটা মহৎ কাম হ’ব বুলি ভাবোঁ। পুথিভঁৰাল কর্তৃপক্ষই যাতে এই কিতাপ, আলোচনী আৰু বাতৰিকাকতবোৰ ৰখা ব্যৱস্থা কৰে । 

অসমীয়া কিতাপৰ পাঠকৰ সংখ্যা হ্রাস পাব ধৰিছে। ইয়াৰ এটা কাৰণ হ’ল অসমত অসমীয়া পঢ়িব আৰু লিখিব পৰা সংখ্যা দিনে দিনে কমি আহিব ধৰিছে। যি মাধ্যমতে নপঢ়ক লাগিলে অসমত থকা সকলো লোকে যাতে অসমীয়া ভাষাতো পঢ়িব আৰু লিখিব পাৰে তাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়। পৃথিৱীৰ যিমান ভাষা শিকে শিকি থাকক, কিন্তু নিজৰ মাতৃভাষা অসমীয়া পঢ়িব আৰু লিখিব পাৰিলে যে কোনো অপকাৰ নহয় সেই বিষয়ে সজাগতা আনিব বাবে স্বেচ্ছাসেৱী অনুষ্ঠান,বে-চৰকাৰী অনুষ্ঠানকে আদি কৰি ছ’চিয়েল নেটৱর্কিং ছাইট-ফেচবুক,অৰকুটৰ অসমৰ হকে কাম কৰিব বিচৰা গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় । 

আমাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অর্জন কৰা শিক্ষার্থীক আনুষ্ঠানিক ভাৱে অভিনন্দন জ্ঞাপন কৰা লগতে বিভিন্ন উপহাৰ দিয়ে । কৃতিত্ব অর্জন কৰা শিক্ষার্থীক অভিনন্দন জ্ঞাপন তথা উপহাৰ প্রদান কৰাতো এটা ভাল কথা । আমি ভাবোঁ নির্বাচিত কিতাপৰ টোপোলা এটিও উপহাৰ হিচাবে দিলে ভাল হয়, যিবোৰ কিতাপৰ দ্বাৰা ছাত্র-ছাত্রীসকলৰ মানসিক তথা বৌদ্ধিক বিকাশত সহায় হয় লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মনলৈ আহে। 

আনহাতে, এটা অভিযোগ কৰা দেখা যায় যে অসমীয়া কিতাপৰ পঢ়ুৱৈ সংখ্যা কম। কিন্তু অসমীয়া কিতাপ পঢ়িবলৈ প্রথমে কিতাপবোৰৰ বিষয়ে জানিব লাগিব । তেতিয়াহে অসমীয়া কিতাপৰ পঢ়ুৱৈ সংখ্যা বাঢ়িব । কিছুমান লেখক আছে যিসকলে নিজৰ লেখাত ইংৰাজী কিতাপৰ উদ্ধৃতিৰে লেখাবোৰ ভৰাই দিয়ে, কিন্তু অসমীয়া কিতাপৰ পৰা এটাও উদ্ধৃতি দিয়া চকুত নপৰে ।আমি ভাবোঁ উদ্ধৃতি দিব পৰাকৈ বহুতো অসমীয়া কিতাপ আছে। আশা কৰিছোঁ লেখকসকলে অসমীয়া কিতাপৰ পৰাও উদ্ধৃতি তেওঁলোকৰ লেখাত উল্লেখ কৰিব । তেতিয়া অসমীয়া কিতাপবোৰৰ বিষয়ে ৰাইজে জানিব আৰু অসমীয়া কিতাপৰ পঢ়ুৱৈ সংখ্যা অলপ হ’লেও বাঢ়িব । 

যিবোৰ বিষয়ত কিতাপ অসমীয়া ভাষাত নাই, সেই বিষয়ৰ কিতাপ প্রকাশ কৰিবলৈ প্রকাশক সকল আগবাঢ়ি আহিব লাগে । শেষত এটা কথা কোৱা ভাল হ’ব যে ই-কিতাপ প্রচলন হ’লেও ছপা কিতাপৰ আদৰ সদায় থাকিব। 

আজি (৫নৱেম্বৰ ২০১৩) পৰা অসম প্রকাশন পৰিষদৰ “সাহিত্য উৎসৱ আৰু গ্রন্থমেলা ২০১৩ ” অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰ, চানমাৰি, গুৱাহাটীত আৰম্ভ হৈছে ।

No comments:

Post a Comment