সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
সংবাদ পত্ৰত ডক্টৰেট, গৱেষণাৰ খবৰ
আৰু  
কিছু মন কৰিবলগীয়া কথা
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়, 
বহুতে এটা কথা অভিযোগ কৰা দেখা যায় যে গৱেষণা কৰি পি.এইচ.ডি. (Ph.D.) ডিগ্রী পোৱা বাতৰি ফটো সৈতে বিজ্ঞাপন বা বাতৰি হিচাবে প্রচাৰ কৰা কোনো প্রয়োজন নাই যিহেতু ইয়াৰ দ্বাৰা সমাজৰ বিশেষ একো উপকাৰ নহয়। 

লগতে আৰু এটা অভিযোগ যে অসমৰ গৱেষণা কৰি পি.এইচ.ডি. (Ph.D.) ডিগ্রী পোৱা কেইজনে এতিয়ালৈকে কেইটা পেটেণ্ট (patent) কৰিছে। 

এতিয়া কথা হ’ল পি.এইচ.ডি. ডিগ্রী পোৱা বিজ্ঞাপন বা বাতৰি প্রকাশ হোৱা ফলত কিন্তু সমাজৰ কোনো অপকাৰও হোৱা নাই, বৰং বাতৰি কাকতবোৰত ঠাই দখল কৰি বেয়া খবৰবোৰ প্রকাশত অলপ হ’লেও বাধা সৃষ্টি কৰিছে । তাৰোপৰি , বাতৰি কাকতবোৰত ফটো সৈতে পি.এইচ.ডি. ডিগ্রী পোৱা বাতৰি বা বিজ্ঞাপনবোৰ দেখি বহুতো ছাত্র-ছাত্রীয়ে গৱেষণা কৰিবলৈ আগ্রহী হয়। আমি ভাবোঁ , পি.এইচ.ডি. ডিগ্রী পোৱা বাতৰিবোৰ বিজ্ঞাপন হিচাবে প্রকাশ নকৰি সকলো বাতৰি কাকতে বিনামূলীয়াকৈ বাতৰি হিচাবে প্রকাশ কৰিলে ভাল হয়। অৱশ্যে কিছুমান বাতৰি কাকতে তেনে কৰে ।


আনহাতেদি , এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে গৱেষণা কৰি পি.এইচ.ডি. ডিগ্রী পোৱা সকলোৰে পৰা গৱেষণা বিষয়ত পেটেণ্ট আশা কৰিলেই নহ’ব , ইয়াৰ বাবে গৱেষণাৰ বিভিন্ন সা-সুবিধা তথা সময় পাইছে নে নাই সেই বিষয়ে মন দিব লাগিব আৰু যিহেতু পি.এইচ.ডি. ডিগ্রীৰ বাবে কৰা গৱেষণা নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাপ্ত কৰিব লাগে।

আৰু এটা কথা উল্লেখ কৰা ভাল হ’ব যে শিক্ষকতা বৃত্তিৰ লগত জড়িতৰ বহুতে কৰ্মৰত অৱস্থাত বিভিন্ন সা-সুবিধা লাভ কৰিবলৈ পি.এইচ.ডি. ডিগ্রীৰ বাবে কৰা গৱেষণা কৰে । সেইসকলৰ বহুতে গৱেষণাৰ বাবে লাভ কৰা ছুটি শেষ হোৱা পিছতো বা ছুটি নোলোৱাকৈ গৱেষণা কামত ব্যস্ত থাকে যাৰ ফলত ছাত্র-ছাত্রীসকলৰ পঢ়া-শুনা ক্ষতি হয় , কাৰণ তেওঁলোকে পাহৰি যায় যে ছাত্র-ছাত্রীক পাঠ-দান কৰা তেওঁলোকৰ প্রধান দ্বায়িত্ব।

বহুতৰ ক্ষেত্রত দেখা যায় ছাত্র-ছাত্রীক পাঠ-দান কৰা কাৰ্য্য গৌণ হৈ পৰে আৰু তেওঁলোকৰ পি.এইচ.ডি. ডিগ্রীৰ বাবে কৰা গৱেষণা কাৰ্য্য মুখ্য হৈ পৰে । তেওঁলোকে মনত ৰখা ভাল যে ছাত্র-ছাত্রীসকলক পাঠ-দান কৰিব বাবেহে দা-দৰমহা দিয়া হয় , গৱেষণাৰ বাবে লাভ কৰা ছুটি শেষ হোৱা পিছতো বা ছুটি নোলোৱাকৈ গৱেষণা কাম ব্যস্ত থাকিব বাবে নহয় ,সেইদৰে ছাত্র-ছাত্রীসকলক পাঠ-দান নকৰি,সভা-সমিতি তথা কৰ্মশলবোৰত অংশ গ্রহণ কৰি থাকিব বাবে দা-দৰমহা দিয়া নহয় ।
 

No comments:

Post a Comment