পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হৈ থকা ৩৩তম আন্তৰ্জাতিক বাণিজ্য মেলাত অসম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী পেভিলিয়নৰ সোণৰ পদক লাভ কৰিছে। বিনামূলীয়াকৈ চাহৰ জুতি আগবঢ়াই অসমৰ চাহক জনপ্ৰিয় কৰা এই পেভিলিয়নখন নিৰ্মাণ কৰিছিল শিল্পী নুৰুদ্দিন আহমেদে।

২. দিল্লীত মামণি ৰয়ছম গোস্বামী মেম'ৰিয়েল ট্ৰাষ্ট, অসম এচো'চিয়েছন আৰু অসম সাহিত্য সভাৰ দিল্লীস্থ শাখাৰ সৌজন্যত শ্ৰীমম্ত শংকৰ ভৱনত (জেএনইউৰ পূৱ ফালৰ গেট )আয়োজিত হৈছে কাইলৈ "মামণি বাইদেউ সোঁৱৰণি সন্ধিয়া" শীৰ্ষক অনুষ্ঠানৰ।

৩. ধিং মহাবিদ্যাসয়ত অনুষ্ঠিত হ'ল নাৰী নিৰ্যাতন শীৰ্ষক এক কৰ্মশালাৰ।




৪. ৰাজ্যৰ শীৰ্ষ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক চৰকাৰী খৰছত নাছা ভ্ৰমণৰ আঁচনিয়ে পালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামত স্থানঃ বহুতো ৰাজ্যৰ সচেতন ৰাইজে শলাগিলে অসমৰ এই আঁচনিক।

৫. আই আই এম আহমেদাবাদে পালে কিউ এছ গ্লৱেল বিজনেজ স্কুল ৰিপৰ্টৰ তালিকাত পৃথিৱীৰ ভিতৰত ৩৯তম স্থানঃ প্ৰতিষ্ঠানটোৰ শিক্ষণ প্ৰনালীয়ে লাভ কৰিলে উচ্চ প্ৰশংসাও।

৬. ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমখন এদিনীয়া ক্ৰিকেটত শিখৰ ধাৱানৰ শতকৰ জড়িয়তে ভাৰতৰ জয়লাভঃ তৃতীয়খন এদিনীয়া জয়েৰে দখল কৰিলে শৃংখলাও।

৭. অহা ১ডিচেম্বৰৰ পৰা আগৰতলাত হব লগা বিজয় মাৰ্চেণ্ট ট্ৰফীৰ বাবে ১৬বছৰ অনুৰ্ধ অসম দলটোৰ হল ঘোষণাঃ অধিনায়ক ৰূপে নিৰ্বাচিত হৈছে উইকেটকীপাৰ অভিষেক ঠাকুৰীয়া।

৮. গোৱাৰ বিৰুদ্ধে কোচ বিহাৰ ট্ৰফীৰ মঙলদৈত অনুষ্ঠিত হব লগা খেলৰ বাবে অনুৰ্ধ ১৯বছৰীয়া অসম ক্ৰিকেট দলৰো হল ঘোষণাঃ ৱাছিকুৰ ৰহমান অধিনায়ক ৰূপে নিৰ্বাচিত হোৱা দলটোৰ প্ৰশিক্ষক হিচাবে থাকিব গৌতম দত্ত।

৯. আইনী বাধা আঁতৰিলে অহা দুমাহৰ ভিতৰতে সম্পূৰ্ণ কাৰ্যক্ষম হ'ব উত্তৰ গুৱাহাটীত বাংগালুৰুৰ নাৰায়ণ হৃদয়ালয়ৰ সহযোগত অসম চৰকাৰে নিৰ্মাণ কৰা ছুপাৰ স্পেছিলিটি হাৰ্ট হস্পাতালখনঃ স্বাস্থ্য মন্ত্ৰীয়ে কৰিলে ঘোষণা।

১০. পঞ্চম উত্তৰ পূৱ মিডিয়া ক্ৰীড়া সমাৰোহৰ অৰবিন্দ বুঢ়াগোহাঁই বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শিতানত এন ই টিভিৰ স্মৃতিৰেখা কলিতাই লাভ কৰিছে চেম্পিয়নশ্বিপৰ সন্মান।

চিন্তনীয় বাতৰিঃ

১. বগীনদীৰ মহিলা এগৰাকীৰ হত্যাকাণ্ডক লৈ পুনৰ অসম ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ শিৰোনামালৈ অহাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বিশেষ অনুসন্ধানকাৰী দল গঠনৰঃ মৃতকৰ পৰকীয়া প্ৰেমিক হোৱাৰ সন্দেহত এজনক কৰিলে গ্ৰেপ্তাৰ। অচিৰেই ঘটনাৰ ভেদ ভাঙিব বুলি আৰক্ষী প্ৰশাসনে প্ৰকাশ কৰিলে আশা।

২. বিটিচিত পুনৰ সংঘৰ্ষৰ আগজাননীঃ কেন্দ্ৰই সঁকিয়ালে ৰাজ্য চৰকাৰক। অবড়ো সংগঠনে উত্তেজনা বিয়পোৱা বুলি অভিযোগ তুলিলে কেন্দ্ৰীয় গৃহ বিভাগে।

৩. পৰিবহন আইন উলংঘা কৰি স্কুল বাচ প্ৰচলনৰ বিৰুদ্ধে গুৱাহাটীৰ ৯৮খন বিদ্যালয়লৈ জাননী জাৰি কৰিলে পৰিবহন বিভাগে।

৪. নগাঁৱৰ ৰাঙলুত ডাইনী সন্দেহত তিনিজনক হত্যা, ২০জনক আটক কৰিলে আৰক্ষীয়েঃ মাজুলীতো চাৰিজনক ডাইনী সন্দেহত আৱদ্ধ কৰি থোৱাৰ চিন্তাজনক বাতৰি।

৫. দিল্লীত ধৰা পৰিল স্পীক এছিয়া ভুৱা বিত্তীয় কোম্পানীৰ মূল মালিক। কলিকতাতো সাংসদ কুনাল ঘোষক সাৰদা কাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ। ডিমুতো এনে ভুৱা বিত্তীয় কোম্পানী এটাৰ বিৰুদ্ধে জাৰি হ'ল জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা।

No comments:

Post a Comment