পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. মাও অধ্যুষিত অঞ্চলত সেনা বাহিনীৰ ২২টাকৈ বিশেষ নিযুক্তি প্ৰক্ৰিয়াঃ ছত্তীশগড়, উৰিষ্যা আৰু ঝাৰখণ্ডত ৬৫০০ যুৱকক নিযুক্তিৰে মাওবাদী হোৱাৰ ধাৰাৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।
গুৱাহাটীত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান।
২. ৰঘুৰাম ৰাজনৰ নতুন উদ্যোগঃ মহিলা সৱলীকৰণৰ অৰ্থে মহিলাৰ আত্ম-সহায়ক গোট সমূহলৈ মাত্ৰ ৭শতাংশ সুতৰ হাৰত ঋণ প্ৰদানৰ বাবে বেংক সমূহলৈ পৰামৰ্শ দিলে ৰিজাৰ্ভ বেংকে।


৩. ৰাষ্ট্ৰীয়কৃত বেংকৰ কৰ্মচাৰীলৈ ৰিজাৰ্ভ বেংকৰ জাননীঃ লেনদেন বা ঋণৰ ক্ষেত্ৰত সৌদাৰ্যমূলক আচৰণৰ নকৰিলে শাস্তি বিধান কৰাৰ ব্যৱস্থাৰে প্ৰৱৰ্তন কৰিবলৈ ওলাইছে নতুন নীতি।


৪. দক্ষিণ এছিয়া সাহিত্য পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে তিনি গৰাকীকৈ ভাৰতীয় সাহিত্যিক ক্ৰমে আনন্দ, বেন্যামিন আৰু ছাইৰাছ মিষ্ট্ৰিঃ দক্ষিণ এছিয়াৰ বিভিন্ন সমস্যাক লৈ ৰচিত গ্ৰন্থৰ ইংৰাজী অনুবাদৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।



৫. ধেমাজিত পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণি সদৌ অসম ভিত্তিক একাংকিকা নাট প্ৰতিযোগিতাৰ সফলভাৱে আয়োজিতঃ স্মৰণিকা "নাট্যপ্ৰজ্ঞা" উন্মোচন কৰিলে মৰিঢল কলেজৰ অধ্যক্ষ কমল গগৈদেৱে।

৬. ডনবস্ক ইনষ্টিটিউটলৈ ভাৰতীয় ষ্টেট বেংকে আগবঢ়ালে এখন বাছঃ এই বাছেৰে প্ৰশিক্ষাৰ্থীক ঔদ্যোগিক প্ৰতিষ্ঠান সমূহ ভ্ৰমণ কৰাই ক্ষেত্ৰ ভিত্তিক শিক্ষা প্ৰদান কৰাৰ বাবেই সামাজিক দ্বায়বদ্ধতা আঁচনিৰ অধীনত এই বাছ আগবঢ়াইছে।

৭. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃত অনুষ্ঠিত হ'ল নৰ্থ বিজনেচ চামিটঃ ষ্ট্ৰীলৱেল পথ পুনৰ খোলাৰ বাবে ম্যানমাৰ চৰকাৰ আগ্ৰহী বুলি প্ৰকাশ কৰিলে এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত সেই দেশৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

৮. আম আদমী পাৰ্টিৰ বিৰুদ্ধে গোপন কেমেৰাৰে অভিযান চলোৱা মেডিয়াচৰকাৰ.কমক স্বয়ম্ভু ষ্টিং অপাৰেচন বিশেষজ্ঞ আখ্যা দিলে ইণ্ডিয়ান এক্সপ্ৰেছেঃ এডিটেট ভাৰচন মেডিয়ালৈ মেলি দিয়া বুলি মানি লোৱা মেডিয়া চৰকাৰৰ প্ৰতিস্থাপক অনুৰঞ্জন ঝা আৰু সেই চিডি চলাই মানহানি কৰা টিভি চেনেলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগ আৰু ন্যায়ালয়ত গোচৰ দিলে আম আদমী পাৰ্টিয়ে।

৯. গঁড় হত্যাৰ বিৰুদ্ধে সজাগতাৰ সমদল উলিয়াই ব্যতিক্ৰমী প্ৰচাৰ চলালে জনছ মহলীয়া পৰিচালিত কালি মুক্তি পোৱা কথা ছবি মহাসমৰৰঃ তেজপুৰত গ্ৰহণ কৰিলে এনে প্ৰচাৰ কাৰ্যসূচী।

১০. ৰঙিয়াত হিতাধিকাৰীৰ মাজত চিলাই মেচিন বিতৰণ কৰি মহিলা সৱলীকৰণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ালে নৱম পঞ্জাৱ ৰেজিমেণ্টে, তুলসীবাৰীৰ কাৰ্যালয়ে।

১১. ৰাসায়নিক সাৰৰ বিপৰীতে নতুন যুঁজঃ বঙাইগাঁৱতো জিলা কৃষি বিভাগে ৰূপায়ন কৰিছে “জৈৱিক কৃষিপাম আঁচনি”।

১২. নগাঁৱত অকণি সাহিত্য সভাৰ উদ্যোগত বিভিন্ন স্থানত পালিত হ'ল ১৪নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় গ্ৰন্থ সপ্তাহ।

১৩. ডিব্ৰুগড়ত সাংবাদিক সংস্থাই পালন কৰিলে ৰাষ্ট্ৰীয় গ্ৰন্থ সপ্তাহঃ অসমীয়া কিতাপৰ পাঠক বৃদ্ধি হোৱা খবৰেও পালে সংবাদ শিৰোনামত স্থান।
গোৱাৰ চলচ্চিত্ৰ মহোতসৱত সম্বৰ্ধনা গ্ৰহণ কৰিলে
ছবি পৰিচালক পুলক গগৈয়ে
১৪. গোৱাত চলি থকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোসৱত উন্মোচিত হ'ল “ভাৰতীয় চিনেমা কা চফৰনামা” শীৰ্ষক গ্ৰন্থঃ দেশৰ আগশাৰীৰ চিত্ৰ নিৰ্মাতা-কলা-কুশলীৰ প্ৰৱন্ধৰ সতে প্ৰকাশ পালে অসমীয়াৰ গৌৰৱ জাহ্নু বৰুৱাদেৱৰো সাক্ষাতকাৰ।

১৫. অসমৰ নিয়ন্ত্ৰণত আগৰতলাত চলি থকা ৰঞ্জী ট্ৰফীৰ মেচঃ ধীৰাজ যাদৱৰ অনবদ্য ১৯৪ৰাণৰ বাবেই অসম দল উপনীত হ'ল সুৰক্ষিত স্থিতিত।

No comments:

Post a Comment