Saturday, November 16, 2013

মিচা ক’লে কি ডাল হ’ব (হাস্য ব্যংগ)

ৰসাল গগৈৰ সতে অত্যাৱশ্যকীয় সাক্ষাৎকাৰ
সুখ-দুখঃ মহাশয়, আপোনাৰ সাক্ষাৎকাৰটি লবলৈ দিয়াৰ বাবে ধন্যবাদ৷

ৰ.গগৈঃ ধন্যবাদ কিহৰহে! মইতো আপোনালোকৰ সেৱকহে৷ আপুনিটো আপোনাৰ বাবে সাক্ষাৎকাৰ লোৱা নাই৷ মোৰ কথা বিনামূলীয়াকৈ প্ৰচাৰ কৰিব৷ ঘৰে ঘৰে মোৰ বাণী বাজিব৷ ধেমালি? হেৰা চাহ একাপ দিয়াহে এওঁক৷ লগতে বোৱাৰীৰ ঘৰৰ পৰা আনা "হট-দগ" এটুকুৰ দিবলৈ নাপাহৰিবা৷ মইনাটিকো মাতো নে মই দিলেই হ’ব? হেঃ হেঃ হেঃ৷

সুখ-দুখঃ নাই নাই, মাইনাক নালাগে৷ আমি সেই অত্যাৱশ্যকীয় সামগ্ৰীৰ কথাহে পাতিম৷ মানে পিয়াঁজ নিমখ ইত্যাদি৷ মাইনাইনো ক’ত সেইবোৰ কিনি পাইছে? নালাগে থাকক! আপুনি অকলেই যথেষ্ট! মানে ছাৰে বাঢ়িছে কিয়, ইমান? মানে দাম? পিঁয়াজৰ, শাক-পাতৰ?

ৰ.গগৈঃ হৌৰা তোমালোকেই জানো নোকোৱা, গ্ল’বেলাইজেচনৰ কেকোঁৰা চেঁপাত কৃষকে আত্মহত্যা কৰিছে৷ খাবলৈ নাপাই মৰিছে৷ শাক-পাতৰ যদি দামেই নাবাঢ়ে৷ কৃষক বাচিব কি দৰে? আচলতে দাম বৃদ্ধিটো আচলতে "কৃষক কল্যান আঁচনিহে"৷ আমি ঘোষণা কৰো কৰো কৈয়ে আছো, কোন জন গান্ধী বা নেহেৰুৰ নামৰ সৈতে সংগতি থাকিব সেয়া ঠিক কৰিবলৈ মই মন্ত্ৰী পৰিষদৰ উপদেষ্টা পৰিষদো পাতি দিছো৷ মিচা ক’লে কি ডাল হ’ব হেঃ হেঃ হেঃ৷

সুখ-দুখঃ নহয় মানে ছাৰ, যদি দামেই ইমান বেছি হয় যে সাধাৰণ মানে বেছি ভাগ মানুহে যদি কিনি খাবই নেৱাৰে শাক-পাতবোৰ গেলি পচি নাযাবনে? তেতিয়া কৃষকৰ কি হ’ব৷ ওলোটাই লোকচানহে!

ৰ.গগৈঃ হেৰা হবই নোৱাৰে৷ আমি কি অঁকৰা বহি আছো পাহাৰৰ টিঙত? মই ইয়াৰ পৰাই ডাঁৰৰ বাতৰি ডাঁৰে পাই আছো৷ কণীৰ কিমান দাম, মাছৰ কিমান দাম৷ মানুহে যাতে শাক-পাচলি খাবলৈ এৰি মাত্ৰ নিমখ ভাত আৰু পিয়াঁজ এটুকুৰ কিনি লৈ ভাত খাব নোৱাৰে তাৰো জানো ব্যৱস্থা কৰা নাই৷ নিমখৰ কেজি ১৫০টকা, পিয়াজ ৮০৷ খা-বাপ্পেকে নিমখ ভাত! তাতকৈ শাক-পাচলি, কণী এটাৰ দাম ১০টকা হ’লেই কিবা সস্তা সস্তা লাগি যোৱা নাইনে? হেঃ হেঃ মই বোলো মোৰ দেশৰ মানুহ ইমান দুখীয়া নেকি? নিমখ ভাত খাব! আমলেট খাব, কণীৰ দম খাব৷ লাগিলে অন্ধ্ৰৰ ছিণ্ডিকেট লিমিটেডৰ গেলা মাছ খাব, তথাপি..., হেঃ হেঃ হেঃ

সুখ-দুখঃ চাৰ আপোনাৰ দূৰদৰ্শীতাক মানিবলৈ লাগিব৷ মানে সুদাই -নিকাই খোৱাৰ বাট বন্ধ কৰি একেবাৰে নন-ভেজ খোৱাৰ বাট খুলি দিছো৷ বাহ ছাৰ বাহ! হেৰি নহয় পিছে মহন্ত ছাৰে যে ক’লে আপুনি বজাৰলৈ নাযায়৷ তেখেতৰ পৰিবাৰ বজাৰ কৰিবলৈ যায় আলু, পিয়াঁজ৷

ৰ.গগৈঃ ধুৰ, তেওঁ ক’লেই হ’ব নেকি? পৰিবাৰ মানে কোন জনী যায়৷ ডাঙৰজনী নে সৰুজনী? সেইটোকে খোলাকৈ নকলে৷ এনেই চালে-বেৰে কোবাই অনুভূতিৰ গল্প কৰে৷ প্ৰেমিক-ৰোমাণ্টিক স্বভাৱটো নগ’ল দেখিছো!

সুখ-দুখঃ মানে চাৰ সৰ্বা চাৰেও বজাৰলৈ গৈছে৷ দাম শুনি বিচুৰ্তি খাইছে!

ৰ.গগৈঃ নাখাই কি হ’বহে! উদঙীয়া ডেকা, কৈশোৰ যৌৱন চান্দা-বৰঙনিৰেই চলিলে৷ বাহিৰে বাহিৰে হোটেল চোটেল খাওতেই গ’ল৷ নিজৰ চৰু কেৰাহী কিনি বজাৰ সমাৰ কৰি এদিন সংসাৰ কৰি চালেহে বুজিব, সুদাই নিকাই নিমখ ভাত খোৱাৰ বেদনা কিমান৷ এতিয়া আমি সকলোকে চালানী মাছ, চালানী কণী খুৱাই সুখত ৰখা দেখি বেটা বজাৰলৈ যায়৷ গনেশগুৰিৰ মানুহে ঘূৰি ঘূৰি চায়!

সুখ-দুখঃ চাৰ নিমখ অকন লৈ জলকীয়া এটাৰে আমাৰ গাঁৱে গাঁৱে মহল খোৱা সকলৰ কিন্তু অৱস্থা তথৈবছ! পিয়াঁজ অকন মহল বেচা মহিলাক খুজিলেও গালি খায়, লাট চাহাবৰ পিয়াঁজখোৱা বেটা ওলাইছ বুলি, সেই টুকুৰ লাগে যদি বিদেশী বেচা বাৰলৈ নাযাৱ কিয় বুলি? আপুনি কিবা এটা কৰক চাৰ! সেই সকলেইতো আপোনাৰ অন্ধ অনুৰাগী৷ শেষ নিশা কোৱাৰ্টাৰ একোটা দিয়েইতো আপোনালোকে দিছপুৰৰ কোৱাৰ্টাৰ দখল কৰে দশক জুৰি! কিবা এটা কৰক চাৰ, কিবা এটা কৰক!

ৰ.গগৈঃ অ’ কথাটো চিন্তনীয় তেন্তে, (লাহেকৈ ফোনটো উঠাই খাদ্য মন্ত্ৰীলৈ ফোন কৰে- হেৰা, আমাৰ ভোটাৰৰ বিপদ হৈছে হেই, নিমখৰ দাম কমোৱা! সিফালৰ পৰা খাদ্য মন্ত্ৰী- হ’ব ছাৰ! খটপকৈ ফোন থ’লে!)৷ নাই নাই নিমখ খুৱাব লাগিব ভালকৈ, অসমীয়া মানুহে অন্ততঃ নিমখ হাৰাম নকৰে! ভোট আমাক দিবই! হেৰা চাহ কাপ খুৱা, সৌ টুকুৰ হট দগ, বিলাতী!

সুখ দুখঃ হট দগ মানে চাৰ, গৰম গৰম পাইচো, কুকুৰৰ মাংস নাইতো, বিলাতী!

ৰ.গগৈঃ হেঃ হেঃ (ঢকা এটা মাৰি) নাই অ’ অঁকৰাটো৷ মিচা ক’লে কি ডাল হ’ব, সস্তীয়া ব্ৰইলাৰ মঙহ অকন আৰু সেই দামী লাই-পাত দুখিলাহে আছে সেইবিধত! নামতোহে সেইটো, কামতো নহয়, আমাৰ আঁচনিবোৰৰ নিচিনাই.... মিচা ক’লে কি ডাল হব....হেঃ হেঃ হেঃ

No comments:

Post a Comment