অনুগল্পঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অনুগল্পঃ

অনুগল্পঃ

Share This
সাৰুৱা
-অজয় লাল দত্ত
মানুহ হালৰ ল’ৰা ছোৱালী হোৱা নাই ৷আজিৰ যুগৰ আধুনিক পৰিয়ালৰ বাঢ়ি অহা সমস্যা, আধুনিক লাইফ ষ্টাইলে উপহাৰ দিছে ৷ অ’ত পূজা দিছে, তত পূজা দিছে ৷ ডাক্তৰকো পৰামৰ্শ কৰিছে ৷ কাৰো গাত খুঁত নাই ৷ সকলো ঠিক হৈ যাম ৷ডাক্তৰে ক’লে, ফলৰ কথা চিন্তা নকৰিবা, কৰ্ম কৰি যোৱা ৷ ভগৱানে সকলো সঠিক সময়তেই দিব, মন নাভাঙিব..ইত্যাদি....

 দুয়োৰে মন আজি ভাল আজি বেয়া ! মাহেকীয়া হোৱাৰ দিনাৰ পৰাই মনত অশান্তি ৷ কাৰোৰে মুখলৈ কোনোৱে চাব নোৱাৰা অৱস্থা ! তেনে দিনত ঘৰৰ বাকৰিত মেকুৰীজনীক সাতোটা পোৱালিৰ সতে দেখিলেও নিজক তাইতকৈ অধম বুলিবৰ মন যোৱা ভগ্ন-প্ৰায় মানসিক অৱস্থা !

বিয়া বাৰুৱে মানুহৰ প্ৰশ্ন, হাজাৰ উপদেশ ৷ সকলো ঠি্ক হৈ যাব..ইত্যাদি৷ হাজাৰজনৰ এইবোৰ অভয়বাণীতো আশ্বস্ত হব পৰা নাই দুয়ো ৷ এইদৰেই দিন-বাৰ-মাহ-বছৰ উকলিছে ৷

কিবা গ্ৰহ-গতিৰ কথা থকাৰ পৰামৰ্শয়ো কান ভৰাই তুলিছে ৷ দুয়ো এটা বিশেষ মন্দিৰত সেৱা এভাগি আগবঢ়াই আহো বুলি গাড়ীখন লৈ ওলাই গ’ল ৷ জিপিএছ লগাই বাট পথ চিনি যাব বুলি মনটো দাঠি ওলাল ৷ সংগীতৰ ঢ়ৌৱে গাড়ীখনত মুৰ্চনা তুলিছে ৷ মৃনালকান্তিয়ে দৰদী কণ্ঠৰে যেন তেওঁৰ মনৰ কথা বোৰকেই যেন ফুটাই তুলিছে- "গানে গানে বাজিছে জীৱনৰে গান, পলসুৱা মানুহৰ বুকুত প্ৰেমৰে উজান..... গানে গানে বাজিছে জীৱনৰে গান" ৷ গাড়ী আগবাঢ়িল...

চেহঃ এই চাৰিআলিটো ৷ কোন ফালে বা যাব লাগে? নেটৱৰ্কটোও নাই..প্ৰয়োজনৰ সময়ত আনবোৰ বন্ধুৰ দৰেই জিপিএছ টোৱেও মূৰ-পোলোকা মাৰিলে ! বিৰক্ত হৈ তেওঁ ইফালে সিফালে চালে ৷ দেখিলে বাটৰ একাষে এজন বৃদ্ধ মুছলমান লোকে ৰ’দ পুৱাই আছে ৷ বয়স অনুমান কৰি ষাঠিৰ উৰ্ধৰ বা ওচৰা-ওচৰি যেনেই লাগিল ৷ কোলাত তেওঁৰ এটি কনমানি ৷ গাড়ীখন তেওঁৰ ওচৰতে ৰাখি, আগ্ৰহেৰে তেওঁক কোনফালে যাব লাগিব সুধিলে ৷ বৃদ্ধয়ো আগ্ৰহেৰে বাট দেখুৱাই দিলে, আৰু হেনো বেছি দূৰ নাই, মনটো ৰঙাই আহিল ৷

কোলাত থকা কনমানিটিয়েও গাড়ীৰ গান শুনি আগ্ৰহেৰে কু-কঁৱাই উঠিল, হাত জোকাৰিলে ৷ তেওঁ তেতিয়া আগ্ৰহ নেদেখুৱাকৈ নোৱাৰিলে, "কি আপোনাৰ নাতি?"

মূৰ জোকাৰি ভাটিয়লী সুৰেৰে বৃদ্ধজনে উত্তৰ দিলে- "নাঃ বেটা, মোৰ সৰুজনীৰ ফালৰ!"
(বুজাই দিলে তিনি নং পত্নীৰ তেৰ নম্বৰটি!)

ঘটনাটো বুজি উঠি তেওঁ পত্নীৰ ফালে নোচোৱাকৈ নোৱাৰিলে, আৰু স্বতঃস্ফুত কৈ ওলাই আহিল- "বৰ সাৰুৱা মানুহ বুইছা!"
মূৰ জোকাৰি হাঁ-কৰাৰ বাহিৰে তেতিয়া আৰু দুয়োৰেই উপায় নাছিল!!!!

No comments:

Post a Comment