Friday, November 15, 2013

প্ৰাসংগিক চিন্তা

শুদ্ধ অসমীয়াত কথা কবলৈ 
আমাৰ অসুবিধা হয় নেকি?
                                    - প্ৰতিম প্ৰতাপ বৰুৱা

"বিৰতিলৈ যোৱাৰ আগতে আমি ডিছ্‌কাশ্যন কৰি আছিলোঁ ……।"
“জাষ্ট ইমাজিন, আমি যদি কোনোবা ফ্ৰেণ্ডক মীট কৰিব যাওঁ এণ্ড ইফ ৱি ফাইণ্ড যে তেওঁ …..” 


 এটা অসমীয়া টেলিভিশ্যন চেনেলৰ এটা অসমীয়া অনুষ্ঠানৰ পৰা এই বাক্যদুটা তুলি দিছোঁ। তাৰে এটা কৈছিল অনুষ্ঠানটোৰ আঁত ধৰোতাগৰাকীয়ে আৰু আনটো কৈছিল অনুষ্ঠানটোত ভাগ লওতা এগৰাকীয়ে। বয়সৰ অনুমান কৰি আঁতধৰোতা গৰাকীৰ লগতে অনুষ্ঠানটোত ভাগ লওতাসকলকো আমাৰ নৱ-প্ৰজন্মৰ প্ৰতিনিধি বুলি ক’ব পাৰি। অনুষ্ঠানটোত তেখেতসকলে আলোচনা কৰা বিষয়টোৰ ওপৰত আমি মন্তব্য কৰিব খোজা নাই। কিন্তু আলোচনা কৰোতে তেওঁলোকে ব্যৱহাৰ কৰা অসমীয়া ভাষাটো, বা শুদ্ধকৈ ক’লে তেওঁলোকে ব্যৱহাৰ কৰা মিশ্ৰিত ভাষাটা শুনি আমাৰ ভয় হৈছে যে বহুতে সংশয় প্ৰকাশ কৰাৰ দৰে এদিন সঁচাকৈয়ে অসমীয়া ভাষাটো আন এটা ভাষাৰ বুকুত জাহ যাব নেকি? আমাৰ এই ভয় অমূলক প্ৰমাণিত হওক, সেয়া আমি অন্ত:কৰণেৰে আশা কৰোঁ। 

দুজন অসমীয়া মানুহে নিজৰ মাজত শুদ্ধ অসমীয়া ভাষাৰে, আন ভাষাৰ শব্দ ব্যৱহাৰ নকৰাকৈ কথা পাতিবলৈ সঁচাকৈয়ে কিবা ব্যৱহাৰিক অসুবিধা আছেনেকি? আমি কব খোজা কথাখিনি আন এজন অসমীয়া মানুহে সম্পূৰ্ণকৈ বুজি পোৱাকৈ ক’বলৈ আমি ব্যৱহাৰ কৰা অসমীয়া ভাষাটোৰ শুদ্ধ ৰূপটো সিমান চহকী বা সিমান শুৱলা নহয়নেকি? অথবা আমি ক’ব খোজা কথাখিনি শুদ্ধ অসমীয়াৰে কলে বা আন ভাষাৰ শব্দ ব্যৱহাৰ নকৰাকৈ কলে আন এজন আমাৰ দৰেই অসমীয়া মানুহে সম্পূৰ্ণকৈ বুজি নোপোৱাৰ আশংকা আছে নেকি? আমাৰ মতে কথাটো তেনে নহয়। 


অসমীয়া ভাষা এটা অতি পুৰণি, অতি শুৱলা আৰু অতি চহকী ভাষা। কিন্তু আমাৰ বহুতে, আনকি গণ-মাধ্যমত জড়িত থকা সকলৰো বহুতে আমাৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ শিকিবলৈ বাকী আছে যেন লাগে। নিজৰ মাতৃভাষাত ইমান শুৱলা আৰু সৰল শব্দ থকাৰ পিছতো, বিশেষকৈ দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ অনুষ্ঠানসমূহত অত্যাধিক ইংৰাজী মিহলি অসমীয়া ভাষা ব্যৱহাৰ হোৱাটো, বা দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ কৰ্ম-কৰ্তাসকলে অপ্ৰয়োজনীয়ভাৱে ইংৰাজী মিহলি অসমীয়া ভাষা তেওঁলোকৰ অনুষ্ঠানসমূহত ব্যৱহাৰ হ’বলৈ দিয়াৰ উপৰিও তেওঁলোকে নিজেও সেই অনুষ্ঠানসমূহত তেনে খিচিৰি ভাষা ব্যৱহাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য কথা হ’ব নোৱাৰে। কাৰণ দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ ব্যাপ্তি আন সকলো গণ-মাধ্যমতকৈ বেছি আৰু লগতে এই মাধ্যমসমূহ অত্যন্ত খৰতকীয়া। এই মাধ্যমসমূহৰ দৰ্শক-শ্ৰোতাৰ মনত সাঁচ বহুওৱাৰ ক্ষমতাও আন মাধ্যমসমূহতকৈ বেছি। এই মাধ্যমসমূহত প্ৰচাৰিত বেছিভাগ অনুষ্ঠানত বৰ্তমানে যিটো অশুদ্ধ তথা আন ভাষাৰ অত্যাধিক প্ৰয়োগেৰে মিশ্ৰিত ৰূপত অসমীয়া ভাষাটো ব্যৱহৃত তথা প্ৰচাৰিত হৈ আছে সেই ৰূপটোৱেই যদি অসমীয়া ভাষাৰ শুদ্ধ ৰূপ বুলি ভাবি অসমৰ নতুন প্ৰজন্মই গ্ৰহণ কৰি লয় তেন্তে হয়তো ভবিষ্যতে এনে এটা সময় আহিব পাৰে যেতিয়া অসমীয়া ভাষাৰ শুদ্ধ শুৱলা ৰূপটো অব্যৱহৃত হৈ লাহে লাহে হেৰাই যাব আৰু আজি ব্যৱহৃত হোৱা মিশ্ৰিত ৰূপটোৱেই অসমীয়া ভাষাৰ ব্যৱহৃত ৰূপ হৈ উঠিব। সেয়া অসমীয়া ভাষাৰ বাবে অতি ক্ষতিকৰ হৈ পৰিব। 

কাৰণ তাৰ পিছতেই হয়তো অদূৰ ভবিষ্যতে ক্ৰমান্বয়ে অসমীয়া ভাষাৰ আজিৰ মিশ্ৰিত ৰূপটোত অসমীয়া ভাষাৰ প্ৰয়োগ কমি আহি আনটো ভাষাৰ প্ৰয়োগ বাঢ়ি আহিব আৰু এটা সময়ত ভবিষ্যতৰ কোনোবা এটা অসমীয়া প্ৰজন্মই সেই মিশ্ৰিত ভাষাটোৰ অসমীয়া অংশখিনি নিজৰ মূখ্য ভাষাৰ সলনি গৌণ ভাষা বুলিহে ভাবিবলৈ ল’ব আৰু তাৰ পিছত এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ সেই গৌণ ভাষাটোৰ সৰবৰাহ ক্ৰমে কমি আহিব। তাৰ পিছত এটা সময়ত ক্ৰমান্বয়ে গৌণ হৈ পৰা অসমীয়া ভাষাটো আন এটা ভাষাৰ বুকুত জাহ যাব। এনে উদাহৰণ পৃথিৱীত বিৰল নহয়।

আমি সকলোৱে জানো আৰু নতুনকৈ পুনৰ কোৱাৰ প্ৰয়োজন নাই যে ভাষা আৰু লিপিয়ে এটা জাতিৰ জাতিগত চিনাকী দিয়াৰ ক্ষেত্ৰত এটা অন্যতম প্ৰধান ভুমিকা লয়। ভাষা আৰু লিপিয়ে এটা জাতিৰ বাবে গীত-মাত-নৃত্য-কলা-সাহিত্য-বিজ্ঞান আদিৰ জন্ম দিয়ে আৰু সেইখিনিয়ে সেই জাতিটোৰ সাংস্কৃতিক তথা বৌদ্ধিক চিনাকী দিয়ে। এটা জাতিৰ জাতিগত তথা সাংস্কৃতিক আৰু বৌদ্ধিক চিনাকী অক্ষুন্ন ৰাখিবলৈ সেই জাতিটোৰ মাতৃভাষাৰ শুদ্ধ ৰূপটোৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চা হৈ থাকিব লাগিব। তাৰ বাবে প্ৰাথমিক প্ৰয়োজনীয়তাটো হ’ল সেই জাতিটোৰ সকলো প্ৰজন্মই, বিশেষকৈ জাতিটোৰ প্ৰতিটো নৱ-প্ৰজন্মই নিজৰ মাতৃভাষাটোৰ শুদ্ধ ৰূপটো আদৰেৰে গ্ৰহণ কৰি ব্যৱহাৰ আৰু চৰ্চা কৰিব লাগিব। অন্যথা সেই ভাষাটোৰ তথা সামগ্ৰিকভাৱে সেই ভাষাটো ব্যৱহাৰ কৰা জাতিটোৰ জাতিগত তথা সাংস্কৃতিক আৰু বৌদ্ধিক ভবিষ্যত সুৰক্ষিত বুলি আশ্বস্ত হ’ব নোৱাৰি, আনকি সেই ভাষাটো সেই জাতিটোৰ মাতৃভাষা হ’লেও। এই মুহূৰ্তত আন বহুজনৰ দৰে আমিও বিশ্বাস কৰো যে বৰ্তমানলৈকে অসমীয়া ভাষাটো সংকটৰ গৰাহত পৰা নাই যদিও সম্প্ৰতি অসমীয়া ভাষাটোৰ শুদ্ধ ৰূপটো সংকটৰ গৰাহত পৰিছে। নিজৰ মাতৃভাষাৰ শুদ্ধ ৰূপটো সংকটৰ গৰাহত পৰিবলৈ নিদিয়াকৈ ৰখাটো প্ৰতিজন অসমীয়াৰে কৰ্তব্য হোৱা উচিত।

আমি আমাৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল আৰু আমাৰ মাতৃভাষাক লৈ গৌৰৱান্বিত হওঁ আহক। আমাৰ সকলোৱে, আমাৰ যুৱ-প্ৰৌঢ় প্ৰতিটো প্ৰজন্মই, বিশেষকৈ প্ৰতিটো নতুন প্ৰজন্মই আমাৰ ভাষাটোৰ শুদ্ধৰূপটো আদৰেৰে গ্ৰহণ কৰি ব্যৱহাৰ আৰু চৰ্চা কৰক আৰু তাৰ লগে লগে নিজৰ ভাষাৰ শুদ্ধৰূপটো ব্যৱহাৰ কৰি গৌৰৱান্বিত হ’ওক। লগতে গণ-মাধ্যমসমূহেও, বিশেষকৈ অসমৰ দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহে এই ক্ষেত্ৰত সদিচ্ছা প্ৰদৰ্শন কৰাৰ লগতে নিজৰ কৰণীয়খিনি কৰি অসমীয়া ভাষাৰ শুদ্ধ ৰূপটোৰ ব্যৱহাৰ, প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা লওক।
--**--
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌, ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, দিল্লী-৫৪,ম’বাইল : +৯১৯৮৭১০১৮৮৭৪ ই-মেইল – ppbaruah.delhi@gmail.com
লেখাটি সাদিন কাকততো প্ৰকাশিত হৈছে৷

No comments:

Post a Comment