Tuesday, November 26, 2013

সম্পাদকলৈ চিঠি

কুইজ প্ৰতিযোগিতাৰ বাবে উৎসাহিত কৰক
ড° বুলজিৎ বুঢ়াগোহাঁই

মাননীয় সম্পাদক মহোদয়, 
ছাত্র-ছাত্রীসকলে পঢ়া-শুণা ক্ষতি নোহোৱাকৈ সময় তথা সুবিধা বুজি যিমান পাৰে সিমান কুইজ প্রতিযোগিতাবোৰত অংশ গ্রহণ কৰিব লাগে । কুইজ প্রতিযোগিতাবোৰত বিজয়ী নহ’লেও নিৰাশ হ’ব নালাগে ।


কুইজ প্রতিযোগিতাবোৰত অংশ গ্রহণ কৰিলে ছাত্র-ছাত্রীসকলৰ সাধাৰণ জ্ঞান বাঢ়ে। যিহেতু আজি-কালি বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ কথাও সোধে । 

গতিকে, অভিভাৱক তথা শিক্ষকসকলে ছাত্র-ছাত্রীসকলক কুইজ প্রতিযোগিতাবোৰত অংশ গ্রহণ কৰিবলৈ উৎসাহিত কৰিলে ভাল হয় ।

No comments:

Post a Comment