আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
গ্ৰন্থমেলা আৰু সাংস্কৃতিক অনুষ্ঠান

----------------------------------
-ডঃ বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান আমাৰ ৰাজ্যখনৰ সৰু বৰ সকলো চহৰতে গ্রন্থমেলা অনুষ্ঠিত হ’ব ধৰিছে । ই অতি ভাল কথা । গ্রন্থমেলাই বৌদ্ধিক বিকাশত অৰিহণা যোগায় । গ্রন্থমেলা হৈছে লেখক, পাঠক, প্রকাশক আৰু গ্রন্থ বিক্রেতাৰ মিলন ক্ষেত্র । গ্রন্থমেলাবোৰত পাঠকসকলে একেলগে বিভিন্ন বিষয়ৰ কিতাপ কিনিবলৈ সুবিধা পায় । 
কিন্তু এটা কথা লক্ষ্য কৰিছোঁ গ্রন্থমেলাবোৰত লেখক-পাঠক-প্রকাশকৰ লগত অন্তৰংগ আলাপ দৰে অনুষ্ঠান আয়োজন কৰাতকৈ সাংস্কৃতিক অনুষ্ঠানবোৰত বেছি গুৰুত্ব দিয়া যেন অনুভৱ হয়। আমাৰ ৰাজ্যখনত বাৰ মাহত তেৰটাকৈ উৎসৱ উদযাপন কৰা হয় য’ত নেকি সাংস্কৃতিক কাৰ্যসূচীবোৰ পালন কৰিবলৈ সুবিধাৰ পায়। কিন্তু গ্রন্থমেলাবোৰতহে পাঠকে বহুতো লেখকক লগ কৰাৰ সুবিধা পায়। 

আমি ভাবোঁ , গ্রন্থমেলাবোৰত যিমান পাৰি সিমান লেখক-পাঠক-প্রকাশকৰ লগত অন্তৰংগ আলাপৰ দৰে অনুষ্ঠানৰ লগতে ছাত্র-ছাত্রীৰ মাজত কুইজ, ৰচনা, কবিতা আবৃত্তি আদি প্রতিযোগিতা অনুষ্ঠিত কৰিব লাগে যাতে ছাত্র-ছাত্রী সকল গ্রন্থৰ প্রতি আকৰ্ষিত হয় । আশা কৰিছোঁ , গ্রন্থমেলা আয়োজকসকলে এই কথাবোৰত গুৰুত্ব দিব।

No comments:

Post a Comment