বিশেষ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশেষ অনুভৱ

বিশেষ অনুভৱ

Share This
ৰসাতলে গৈছে নেকি আবেগ-সৰ্বস্ব জাতি?

# সুৰজিত নেওগ
দুটা বছৰ.. ৭৩০ দিন ... সুধাকন্ঠ আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই যোৱা আজি দুবছৰ হ'ল... ২০১১ চনৰ নভেম্বৰ-ডিচেম্বৰ মাহত বহু কথাই আমি শুনিছিলো... ৰেল ষ্টেচন, বাচ আস্থান, ৰাজহুৱা স্থান আদিত ২৪ ঘন্টা ভূপেনদাৰ কালজয়ী গীত সমুহ বাজি থাকিব ঠিক কলকাতাত ৰবীন্দ্ৰ সংগীত বজাৰ দৰে, সমাধিস্থল এক আটকধুনীয়া ঠাই হ'ব য'ত যাযাবৰৰ শত-সহস্ৰ গুণমুগ্ধই একান্তচিতে একাজলী শ্ৰদ্ধাঞ্জলী যাচিব, ভূপেন হাজৰিকা ন্যাসে সুধাকন্ঠৰ গীত, ৰচনাৱলীসমুহৰ উপযুক্ত সংৰক্ষণ কৰি এক অতূলনীয় পৰিবেশৰ মাজেদি উঠি অহা চামৰ মাজত ভূপেনদাক চিৰযুগমীয়া কৰি ৰাখিব... ইত্যাদি ইত্যাদি..এয়া মাথো এনে বহু শ প্ৰ্তিশ্ৰুতিৰ মাজৰ কেইটামান....!!!

কিন্তু কাৰ্য্যক্ষেত্ৰত ?? ৮ ছেপ্তেম্বৰ আৰু ৫ নভেম্বৰত সুধাকন্ঠক মনত পেলোৱা আমিবোৰে কেৱ্ল চৰকাৰক দোষ দি নিজৰ দায় সাৰো... আজি গ'ম পালো, সুধাকন্ঠৰ সমাধিক্ষেত্ৰ সম্পূৰ্ণ কৰিবলৈ কোনো ঠিকাদাৰক দায়িত্ব দিয়া হৈছে যি নেকি এক আৰ্কিটেকচাৰেল ৱাণ্ডাৰ তৈয়াৰ কৰিব ২০১৪ চনৰ ভিতৰত...(হাঁহিবলৈও মন যোৱা নাই) !!

প্ৰাক্তন বিপ্লবী, সুধাকন্ঠৰ ৩০ বছৰীয়া সংগী আৰু অনেক তেনে 'বাচকবনীয়া' লোকেৰে গঠিত ভূপেন হাজৰিকা ন্যাসে গোপনে কি কৰি আছে সেয়াও আন এক অধ্যায়.... আমাৰ জাতীয় সংগঠণবোৰৰ কোনোৱে দহ হাজাৰ, কোনোৱে ১৫ হাজাৰ চাকি-ম'মবাতি জ্বলাই আজি যাযাবৰক স্মৰণ কৰিব..!!! ৩৬৫ দিনৰ পিছত আকৌ কৰিব.. এনেদৰে চলি থাকিব... বাকী থাকিল চৰকাৰ আৰু বিয়াগোম অসমীয়া আমোলা-বিষয়াৰ স্থিতি...!! অভিযোগ কৰিবলৈ একো নাই !! কৰাৰ ভিতৰত যোৱানিশা টিভিৰ পৰ্দাত দেখিলো সমাধিক্ষেত্ৰত কেইজনমান শ্ৰমিকে ততাতৈয়াকৈ কিছু ফুলৰ মালা আঁৰি আছে, কাৰণ আজি তাত যে বহু বিয়াগোম নেতা, মন্ত্ৰী, জাতীয় সংগঠনৰ নেতৃবৃন্দই শ্ৰ্দ্ধাঞ্জলী যাচিব, চাকি জ্বলাব...!! 

আবেগসৰ্বস্ব জাতি এটাৰ প্ৰ্তিনিধি হিচাপে আমাৰ পৰা আমি নিজে কি বেছি আশা কৰিব পাৰো... ৰাষ্টাত গৰু এটা মৰিলেও পথ অৱৰোধ কৰি আন্দোলন কৰা আমিবোৰে মৰণোত্তৰ ভাৱে সুধাকন্ঠৰ প্ৰ্তি কৰা অবিচাৰৰ কোনো প্ৰ্তিবাদ নকৰো... আন আন বহু দৰকাৰি কামত আমি ব্যস্ত এতিয়া...!! 

সেয়ে হয়তো কেইবাযুগ আগতেই ভূপেনদাই অসমীয়াৰ চৰিত্ৰৰ সঠিক অৱলোকন কৰি অতি দুখেৰে লেখিছিল ..'আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব...' আচলতে যাবলৈ নাই, ৰসাতলে গলেই...

No comments:

Post a Comment