Saturday, October 5, 2013

সম্পাদকীয়

মোদীৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতঃ
কিছু চিন্তনীয় কথা


বিগত কেইমাহমানৰ পৰা ভাৰতীয় জনতা পাৰ্টি দল তথা সেই দলৰ ভাতৃ-ভগ্নী সংগঠন সমূহৰ মাজত এক প্ৰৱল উৎসাহৰ ধুমুহা বলিবলৈ ধৰা পৰিলক্ষিত হৈছে৷ ৰাজনাথ সিং গেৰুৱা দলটোৰ সৰ্ব-ভাৰতীয় সভাপতি হোৱাৰ পাছৰ পৰাই নৰেন্দ্ৰ মোদীক গুজৰাটৰ ৰাজ্য প্ৰশাসকৰ পৰিবৰ্তে এক ৰাষ্ট্ৰীয় নেতা ৰূপে প্ৰক্ষেপিত কৰা দেখা গৈছে৷ ইয়াৰ বাবে দলৰ ভিতৰৰ বিভিন্ন জ্যেষ্ঠ জনৰ সমালোচনা, বিৰোধিতা সমূহকো নুই কৰা হেন এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আৰু দলটোৰ নীতিগত শিপা স্বৰূপ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অনুমোদন ক্ৰমে নৰেন্দ্ৰ মোদীক অৱশেষত অনাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে ঘোষণা কৰি তথা তেওঁৰ নেতৃত্বতে এই নিৰ্বাচনত জয়লাভ কৰাৰ সপোন দেখিবলৈ লৈছে৷

ৰাষ্ট্ৰীয় সংবাদ পত্ৰ তথা ইলেক্ট্ৰনিক মেডিয়াতো নৰেন্দ্ৰ মোদীৰ এনে উত্থানক লৈ এক প্ৰৱল জোৱাৰৰ সৃষ্টি কৰা হৈছে৷ ভাৰতৰ পুঁজিপতি পৰিয়াল সমূহ তথা কৰ্পৰেট খণ্ডয়ো এই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ হোৱাটো কামনা কৰাৰ কথাটো জনপ্ৰিয় মাধ্যমত আলোচিত হৈছে৷ এই বিষয়ে টিভিৰ বিভিন্ন আলোচনাচক্ৰত বিৰোধী কংগ্ৰেছ আৰু সহযোগী দলসমূহ বিশেষকৈ নীতিশ কুমাৰৰ দলে মোদীৰ বিপক্ষে থৈয়া-নথৈয়া তৰ্ক যুদ্ধত লিপ্ত হৈছে৷ যিকোনো ৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হ’লেই প্ৰগতিৰ ক্ষেত্ৰত ঢাকঢোল বজাবলৈ বিজেপিৰ মুখপাত্ৰই গুজৰাট মডেলক আলোচনালৈ টানি আনে৷ তাৰ বিপৰীতে বিৰোধী দলে প্ৰতিটো বিষয়তে হাই-উৰুমি, বোকা ছটিওৱাৰ বাবে বাৰে বাৰে গুজৰাটৰ ২০০২চনৰ সাম্প্ৰদায়িক সংঘৰ্ষক আলোচনালৈ টানি আনে৷ ফলত সংসদত হাই-উৰুমি-কন্দলত মূল বিষয় তল পৰাৰ দৰেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মূল বিষয়বোৰ মোদীকেন্দ্ৰিক বোকা ছটিওৱাৰ খেলত বিপৰ্যস্ত হৈ পৰে৷ ফলত সাধাৰণ দৰ্শকে প্ৰকৃত কথাৰ, প্ৰকৃত সমস্যাৰ কোনো আতিগুৰি পাবলৈ সক্ষম নহয়৷ আনকি কোনো বিষয় লৈ বিতৰ্ক আৰম্ভ কৰাৰ পাছত ৰাজনৈতিক দল দুটাৰ এই স্বভাৱজাত গুজৰাটৰ সমলে সূত্ৰধাৰকো অসহায় কৰি পেলায়৷

এনে বহু আলোচনা প্ৰত্যক্ষ কৰাৰ পাছত কেতবোৰ প্ৰশ্নই আমাৰ মনত জুমুৰি দি ধৰিছেহি৷ সেইবোৰ কথাকে পাঠকৰ সমুখত তুলি ধৰাটো বাঞ্চনীয় বুলি ভাবিছো৷

ক. গুজৰাটত হোৱা ২০০২ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে প্ৰশাসনিক মূৰব্বী হিচাবে নিশ্চয়েই তদানীন্তন মুখ্যমন্ত্ৰী হিচাবে মোদী ডাঙৰীয়া নৈতিক ভাৱে দায়বদ্ধ৷ সেই কথা আমি সকলোৱে মানি লবই লাগিব৷ তাৰ বিপৰতে যদি এই সংঘৰ্ষৰ সূত্ৰপাত তথা ফলাফলৰ বাবে মোদী প্ৰত্যক্ষ ভাৱে অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰিব পাৰি তেন্তে সেয়াও ভাৰতীয় ন্যায় ব্যৱস্থাই অনতি পলমে কৰা উচিত৷ আৰু সেয়া বিগত ১১বছৰে চলি থকা তদন্ত প্ৰক্ৰিয়াত নিশ্চয়েই ওলাই পৰিব লগীয়া কথা আছিল৷

খ. তদন্তকাৰী সংস্থা চিবিআই, নিয়া আৰু সৰ্বোতপৰি ৰ’ৰ দৰে সংস্থা ভাৰতীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ সংস্থা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ প্ৰত্যক্ষ তথা পৰোক্ষ নিৰ্দেশত এই সংস্থাবোৰে কাৰ্য সমাপন কৰে৷ যদি সঁচাকৈয়ে নৰেন্দ্ৰ মোদীক সেই সংঘৰ্ষাৱলীৰ বাবে প্ৰত্যক্ষভাৱে জগৰীয়া তথা অপৰাধিক ষড়যন্ত্ৰৰ বাবে দোষী কৰিব পাৰি তেন্তে এটা দশকতকৈ অধিক কালজুৰি সেই কাম নকৰাৰ বাবে কেন্দ্ৰত শাসনত থকা কংগ্ৰেছ চৰকাৰেই জগৰীয়া নহয়নে?

গ. সঁচাকৈয়ে যদি কোনো তথ্য বা প্ৰমাণে সেই বিষয়ত তদন্তকাৰী সংস্থাক দিশ দিলেহেতেন, কংগ্ৰেছ চৰকাৰে সম্পূৰ্ণ ৰাষ্ট্ৰযন্ত্ৰ ব্যৱহাৰ কৰি ইমান দিনে নৰেন্দ্ৰ মোদীক ফাষ্ট ট্ৰেক কৰ্টৰ সহায়ত কাল-কুথৰীত বন্ধ কৰি নাৰাখিলে হেতেননে? সেই সকল নিৰ্যাতিত নাগৰিকক ন্যায় প্ৰদানৰ দ্বায়িত্ব কেন্দ্ৰীয় চৰকাৰে তেন্তে কিয় গ্ৰহণ নকৰিলে? হিন্দু-মুছলিম যি সম্প্ৰদায় বা ধৰ্মৰেই নহওক কিয় সেই ঘটনাৰ ন্যায় প্ৰাপ্তিৰ অধিকাৰ সকলোৰেইতো আছিল৷ কিন্তু কাৰ্যত সেয়া হৈ নুঠিল৷

ঘ. দিগবিজয় সিঙেই হওক বা অভিষেক মনু সিংভীয়েই হওক বা সঞ্জয় ঝায়েই হওক, কংগ্ৰেছী মুখপাত্ৰ সকলৰ বাবে গুজৰাটৰ দুৰ্ভাগ্যজনক ঘটনাৱলী যেন অনুভূতিৰ মুখৰোচক গল্প মাত্ৰ৷ তেওঁলোকৰ বাবে সেয়া যেন যি কোনো মৌলিক সমস্যাৰ ওপৰত বিজেপি বা আন বিৰোধী দলে কৰা সমালোচনাৰ সময়ত ছটিয়াবলৈ এক অন্তহীন বোকাৰ ভাণ্ডাৰহে৷ কংগ্ৰেছে এনে অনৰ্থক শব্দবান লৈ যে বেছিদিন টিকি থাকিব নোৱাৰিব সেয়াও আজি ক্ৰমাত প্ৰতীয়মান হবলৈ ধৰিছে৷ সেয়ে তথ্যক তথ্যৰে যুক্তিক যুক্তিৰে প্ৰমাণ কৰিবলৈ কংগ্ৰেছেও নিজৰ কৱলত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সংস্থা সমূহৰ সঠিক প্ৰয়োগ কৰক আৰু নিৰ্যাতিত নাগৰিক সকলক ন্যায় প্ৰদানৰ ব্যৱস্থা লোৱা উচিত বুলি অনুভৱ কৰিছো৷

ঙ. গুজৰাটৰ উদ্যোগিক উন্নতি, শিক্ষা ক্ষেত্ৰৰ উন্নতি, স্বাস্থ্য খণ্ডৰ উন্নতিক কিন্তু আজি প্ৰফেচনেল পাব্লিক ৰিলেচন মেনেজাৰ সকলৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে সঠিক প্ৰচাৰ কৰি দেশৰ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ আনকি গুজৰাটত গৰুৰ কেটেৰেক অপাৰেচন কৰা আদি কথাও অজয় দেৱগনে লোৱা গুগুল হেঙ-আউট সাক্ষাৎকাৰ যোগে মোদীয়ে ৰাইজক অৱগত কৰিলে৷ কথা আৰু ভাষণত আজি মোদীৰ সমকক্ষ হব পৰা নেতা যেন কংগ্ৰেছ বা আন বিৰোধী দলত নাই তেনে এক প্ৰতিচ্ছবিহে সংবাদ মাধ্যমেও আজি তুলি ধৰিছে৷ আৰু এক প্ৰৱল জোৱাৰ সৃষ্টিৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে৷ যিটোত উটি যোৱাতো ভাৰতীয় সকলৰ পক্ষে উচিত নে অনুচিত হব সেয়াও এক চিন্তনীয় বিষয় হৈ পৰিছে৷

ওপৰোক্ত প্ৰশ্ন সমূহৰ উপৰিও আন দুই এটা কথা আজি বিচাৰ কৰি চাব লগা হৈছে৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে দেশৰ শাসন ভাৰ দখল কৰিলে দেশত সাম্প্ৰদায়িক সম্প্ৰীতি ব্যাহত হবই বুলি এক ধৰণৰ প্ৰচাৰ আন আন দল সমূহে চলাইছে৷  বিজেপি তথা বিশ্ব বিন্দু পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই দেশত সাম্প্ৰদায়িক তথা ধৰ্মীয় মেৰু বিভাজনৰ চেষ্টা চলোৱা বুলিও অভিযোগ উঠিছে৷  সেই পৰিপ্ৰেক্ষিতত আমি গুজৰাটত ২০০২ৰ পাছত মুখ্যমন্ত্ৰী একেৰাহে মোদীয়েই হৈ থকা অৱস্থাত এনে ধৰ্মীয় মেৰু বিভাজন বা সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত হৈছে নেকি তাৰো উদাহৰণ চাগৈ বিচাৰ কৰি চাব লাগিব৷

শেহতীয়াকৈ মুজাফৰ নগৰত হোৱা ঘৃণনীয় সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত কিন্তু একেখিনি ৰাজনৈতিক নেতাই দেশত সাম্প্ৰদায়িক সংঘৰ্ষ এয়াইতো প্ৰথম নহয়৷ দেশৰ স্বাধীনতাকেইতো আমি এনে সংঘৰ্ষৰেই আদৰি লৈছিলো ধৰণৰ তৰল যুক্তি উত্থাপন কৰিছে৷ আৰু উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীক তাৰ বাবে প্ৰত্যক্ষভাৱে দায়ী কৰি বৰ্খাস্ত কৰাৰ লগতে জেললৈ পঠোৱাৰ দাবী কিন্তু তোলা নাই৷

দেশৰ জনপ্ৰতিনিধি আইনৰ মতে দোষী সাব্যস্ত হোৱা বা জেল’লৈ যোৱা জনপ্ৰতিনিধিৰ সংসদীয় সদস্যতাৰ অৰ্হতা নোহোৱা হয়৷ অপৰাধী ঘোষিত হোৱা ৰাজনেতাই সেই আইনমতে কোনো নিৰ্বাচনতো অংশ লব নোৱাৰে, সেয়া গাঁও পঞ্চায়তেই হওক বা বিধান সভাই হওক বা লোকসভাই হওক৷ গতিকে এই যুক্তিৰ আধাৰত অৰ্হতা বিহীন ঘোষিত নোহোৱা নৰেন্দ্ৰ মোদী যদি ৰাজ্য এখনৰ প্ৰশাসনীয় মূৰব্বী হৈ থাকিব পাৰে, তেন্তে ৰাষ্ট্ৰ এখনৰ হব নোৱাৰিব কিয়? এই প্ৰশ্নৰো উত্তৰ আজি অযু্ক্তিকৰ হৈ-হাল্লাত বিশ্বাসী দলীয় মুখপাত্ৰ সকলৰ পৰা বিচৰা উচিত৷

সদৌ শেষত সঠিক তথ্যৰ সন্ধান, সঠিক যু্ক্তিৰ প্ৰদৰ্শন, অনুসন্ধানকাৰী সংস্থাৰ প্ৰৱল প্ৰয়োগ আৰু ন্যায় ব্যৱস্থাৰ কঠোৰ কাৰ্যকৰীকৰণৰ প্ৰয়োজনীয়তা আজি আটাইতকৈ বেছি প্ৰয়োজনীয় কথা্ বুলি অনুভৱ কৰিছো৷ তেহে নাগৰিকৰ ন্যায় প্ৰাপ্তি, তথা দেশৰ ভৱিষ্যতক সাম্প্ৰদায়িকতাৰ বিষ-বাষ্পৰ পৰা ৰক্ষা কৰিব পৰা যাব৷ অনৰ্থক ৰাজনৈতিক দলা-দলি তথা বোকা ছটিওৱাৰ খেলে সৰ্ব-সাধাৰণ ৰাইজৰ কল্যাণ সাধিব নোৱাৰে, বা কংগ্ৰেছৰ কোটি কোটি টকাৰ কেলেংকাৰীকো সদায় ঢাকি ৰাখিব নোৱাৰে৷

আজিৰ প্ৰেক্ষাপটত নাগৰিক সকলেই প্ৰশ্ন তুলিব লাগিব আৰু তাৰ উত্তৰ দিবৰ বাবে ৰাজনৈতিক মহলক বাধ্য কৰিব লাগিব৷ তেহে সঠিক নেতা, সঠিক দলৰ হাতত দেশৰ শাসন আৰু ভৱিষ্যত তুলি দিয়াৰ বাবে বিবেচনা কৰাটো সম্ভৱপৰ হৈ উঠিব৷

5 comments:

  1. সুন্দৰ বিশ্লেষণ । ৰাইজে নিজৰ বিবেক-বিবেচনাৰে বিচাৰ কৰা উচিত ।

    ReplyDelete
  2. "circumstantial evidence-ৰে এজন ৰাজনৈতিক নেতাক দোষী সাব্যস্ত কৰিব নোৱাৰি, সাধাৰণ এজনক পাৰি। আইন এই দেশত সবৰে কাৰণে একে নহয়, ইয়াত কাঠগৰাত কোন সেয়া চাইহে কিছুমান সিদ্ধান্ত দিয়া হয়। গোচৰীয়া পক্ষই দাবী নকৰা দোষতো ফাচী দিয়ে circumstantial evidence-ৰে দোষ প্ৰমাণ কৰি, আৰু একে circumstantial evidence-ৰ কাৰণেই কিছুমানক ৰেহাই দিয়া হয়।" এইখিনি মোৰ কথা নহয়, অৰুন্ধতী ৰয়-ৰ লিখা কিছুমান প্ৰবন্ধত পাইছো। আইনৰ ভাষাত circumstantial evidence ঠিক কি মই বুজি নাপাওঁ।

    ReplyDelete
  3. সঠিক সময়ত এটা খুওব প্ৰাসঙ্গিক লেখা। ভাল লাগিল পঢ়ি।যঠেষ্ট সমল আছে চিন্তা কৰিবলগিয়া।

    ReplyDelete
  4. এই চিন্তনীয়ক ৰাইজে কি ভাবে গ্রহণ কৰিব তাক লৈ মই চিন্তিত।

    ReplyDelete