সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
শুদ্ধ অসমীয়াত কথা কবলৈ
 আমাৰ অসুবিধা হয় নেকি? 
-প্ৰতিম প্ৰতাপ বৰুৱা

"বিৰতিলৈ যোৱাৰ আগতে আমি ডিছ্‌কাশ্যন কৰি আছিলোঁ ……।"
“জাষ্ট ইমাজিন, আমি যদি কোনোবা ফ্ৰেণ্ডক মীট কৰিব যাওঁ এণ্ড ইফ ৱি ফাইণ্ড যে তেওঁ …..” 

এটা অসমীয়া টেলিভিশ্যন চেনেলৰ এটা অসমীয়া অনুষ্ঠানৰ পৰা এই বাক্যদুটা তুলি দিছোঁ। তাৰে এটা কৈছিল অনুষ্ঠানটোৰ আঁতধৰোতাগৰাকীয়ে আৰু আনটো কৈছিল অনুষ্ঠানটোত ভাগ লওতা এগৰাকীয়ে। অনুষ্ঠানটোত তেওঁলোকে ব্যৱহাৰ কৰা অসমীয়া ভাষাটো, বা শুদ্ধকৈ ক’লে তেওঁলোকে ব্যৱহাৰ কৰা মিশ্ৰিত ভাষাটা শুনি আমাৰ ভয় হৈছে যে বহুতে সংশয় প্ৰকাশ কৰাৰ দৰে এদিন সঁচাকৈয়ে অসমীয়া ভাষাটো আন এটা ভাষাৰ বুকুত জাহ যাব নেকি? আমাৰ এই ভয় অমূলক প্ৰমাণিত হওক, সেয়া আমি অন্ত:কৰণেৰে আশা কৰোঁ।

দুজন অসমীয়া মানুহে নিজৰ মাজত শুদ্ধ অসমীয়া ভাষাৰে, আন ভাষাৰ শব্দ ব্যৱহাৰ নকৰাকৈ কথা পাতিবলৈ সঁচাকৈয়ে কিবা ব্যৱহাৰিক অসুবিধা আছেনেকি? আমাৰ মতে কথাটো তেনে নহয়। কিন্তু আমাৰ বহুতে, আনকি গণ-মাধ্যমত জড়িত থকা সকলৰো বহুতে আমাৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ শিকিবলৈ বাকী আছে যেন লাগে। নিজৰ মাতৃভাষাত ইমান শুৱলা আৰু সৰল শব্দ থকাৰ পিছতো, বিশেষকৈ দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ অনুষ্ঠানসমূহত অত্যাধিক ইংৰাজী মিহলি অসমীয়া ভাষা ব্যৱহাৰ হোৱাটো, বা দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ কৰ্ম-কৰ্তাসকলে অপ্ৰয়োজনীয়ভাৱে ইংৰাজী মিহলি অসমীয়া ভাষা তেওঁলোকৰ অনুষ্ঠানসমূহত ব্যৱহাৰ হ’বলৈ দিয়াৰ উপৰিও তেওঁলোকে নিজেও সেই অনুষ্ঠানসমূহত তেনে খিচিৰি ভাষা ব্যৱহাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য কথা হ’ব নোৱাৰে। 

কাৰণ দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ ব্যপ্তি আন সকলো গণ-মাধ্যমতকৈ বেছি আৰু লগতে এই মাধ্যমসমূহ অত্যন্ত খৰতকীয়া। এই মাধ্যমসমূহৰ দৰ্শক-শ্ৰোতাৰ মনত সাঁচ বহুওৱাৰ ক্ষমতাও আন মাধ্যমসমূহতকৈ বেছি। এই মাধ্যমসমূহত প্ৰচাৰিত বেছিভাগ অনুষ্ঠানত বৰ্তমানে যিটো অশুদ্ধ তথা আন ভাষাৰ অত্যাধিক প্ৰয়োগেৰে মিশ্ৰিত ৰূপত অসমীয়া ভাষাটো ব্যৱহৃত তথা প্ৰচাৰিত হৈ আছে সেই ৰূপটোৱেই যদি অসমীয়া ভাষাৰ শুদ্ধ ৰূপ বুলি ভাবি অসমৰ নতুন প্ৰজন্মই গ্ৰহণ কৰি লয় তেন্তে হয়তো ভবিষ্যতে এনে এটা সময় আহিব পাৰে যেতিয়া অসমীয়া ভাষাৰ শুদ্ধ শুৱলা ৰূপটো অব্যৱহৃত হৈ লাহে লাহে হেৰাই যাব আৰু আজি ব্যৱহৃত হোৱা মিশ্ৰিত ৰূপটোৱেই অসমীয়া ভাষাৰ ব্যৱহৃত ৰূপ হৈ উঠিব। সেয়া অসমীয়া ভাষাৰ বাবে অতি ক্ষতিকৰ হৈ পৰিব। 

কাৰণ তাৰ পিছতেই হয়তো অদূৰ ভবিষ্যতে ক্ৰমান্বয়ে অসমীয়া ভাষাৰ আজিৰ মিশ্ৰিত ৰূপটোত অসমীয়া ভাষাৰ প্ৰয়োগ কমি আহি আনটো ভাষাৰ প্ৰয়োগ বাঢ়ি আহিব আৰু এটা সময়ত ভবিষ্যতৰ কোনোবা এটা অসমীয়া প্ৰজন্মই সেই মিশ্ৰিত ভাষাটোৰ অসমীয়া অংশখিনি নিজৰ মূখ্য ভাষাৰ সলনি গৌণ ভাষা বুলিহে ভাবিবলৈ ল’ব আৰু তাৰ পিছত এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ সেই গৌণ ভাষাটোৰ সৰবৰাহ ক্ৰমে কমি আহিব। তাৰ পিছত এটা সময়ত ক্ৰমান্বয়ে গৌণ হৈ পৰা অসমীয়া ভাষাটো আন এটা ভাষাৰ বুকুত জাহ যাব। এনে উদাহৰণ পৃথিৱীত বিৰল নহয়। 

এই মূহুৰ্তত আন বহুজনৰ দৰে আমিও বিশ্বাস কৰো যে বৰ্তমানলৈকে অসমীয়া ভাষাটো সংকটৰ গৰাহত পৰা নাই যদিও সম্প্ৰতি অসমীয়া ভাষাটোৰ শুদ্ধ ৰূপটো সংকটৰ গৰাহত পৰিছে। নিজৰ মাতৃভাষাৰ শুদ্ধ ৰূপটো সংকটৰ গৰাহত পৰিবলৈ নিদিয়াকৈ ৰখাটো প্ৰতিজন অসমীয়াৰে কৰ্তব্য হোৱা উচিত। লগতে গণ-মাধ্যমসমূহেও, বিশেষকৈ অসমৰ দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহে এই ক্ষেত্ৰত সদিচ্ছা প্ৰদৰ্শন কৰাৰ লগতে নিজৰ কৰণীয়খিনি কৰি অসমীয়া ভাষাৰ শুদ্ধ ৰূপটোৰ ব্যৱহাৰ, প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা লওক।
----------------------------------------------------------------

লেখক এগৰাকী তথ্য প্ৰযুক্তি বিশেষজ্ঞ আৰু দিল্লী চৰকাৰৰ সেৱাৰত বিষয়া

No comments:

Post a Comment