পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আজি অসমত আৰম্ভ হ’ব পাঁচখনকৈ স্বাস্থ্য সেৱা আঁচনিঃ ৩০০কোটি টকাৰে টেলি-ৰেডিঅ’লজি, স্কুলীয়া ছাত্ৰীৰ বাবে আইৰণ প্লাচ আঁচনি, চিকিৎসালয়ৰ মাজত বিনামূলীয়া এম্বুলেঞ্চ সেৱা আদিক সামৰি এই আঁচনি সমূহ গুৱাহাটীত উদ্বোধন কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গোলাম নবী আজাদে৷উল্লেখযোগ্য যে এই টেলি-ৰেডিঅ’লজি ব্যৱস্থা দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমতে আৰম্ভ কৰিবলৈ লোৱা হৈছে৷

কমতাপুৰৰ দাবীত গৌৰীপুৰত গণ-সমাৱেশ
প্ৰয়োজনবোধে অস্ত্ৰ তুলি লোৱাৰ ভাবুকি দিলে
কোচ-ৰাজবংশী সংগঠনে
২. গুৱাহাটী আই আই টিত এক কৰ্মশালাত ভাগ ল’লে ৰবট বিস্ময় ২১ বছৰীয়া দিবাকৰ ব্যাসেঃ হিউমেনয়ড ৰবটৰ আৱিস্কাৰক এই গৱেষকজনে অতি সোনকালেই মানুহৰ মনৰ ভাৱ বুজিব পৰা ৰবট বনোৱাৰ ক্ষেত্ৰতো সফল হব বুলিও দৃঢ়তা প্ৰকাশ কৰে৷ বিকাশৰ পথত থকা লেণ্ড চাৰ্ভিলেন্স ৰবট আৰু মাইণিড ছেনচিং ৰবটৰ বাবে কাম কৰি থকা ব্যাসে ইতিমধ্যে উদ্ভাৱন কৰিছে “ভাৰ্চেটাইল” নামৰ এটি ৰবটো৷

৩. মালেয়চিয়াক পৰাস্ত কৰি এছিয়া কাপ হকীৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে বিশ্বকাপ হকীলৈ যাবলৈ যোগ্যতা অৰ্জন কৰিলে ভাৰতীয় দলেঃ চূড়ান্ত খেলত এইবাৰ প্ৰত্যাহ্বান দিব কোৰিয়ান দলক৷

৪. অহা ১৬নৱেম্বৰৰ পৰা অনুষ্ঠিত হব অষ্টম ডিব্ৰুগড় গ্ৰন্থমেলাঃ মিলনজ্যোতি সংঘ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হব দহ দিনীয়া এই গ্ৰন্থমেলা৷ আলোচনাচক্ৰ, কবি সন্মিলন, গ্ৰন্থ উন্মোচনী তথা সাংস্কৃতিক কাৰ্যসূচীও লগতে হব আয়োজিত৷

৫. কবি হীৰেণ ভট্টাচাৰ্যৰ সোঁৱৰণত বঁটা ঘোষণা কৰিলে গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনেঃ ৰাজ্য শিল্প-সাহিত্যৰ ক্ষেত্ৰত চৰ্চা তথা অৰিহণা যোগোৱা একোগৰাকী ব্যক্তিলৈ প্ৰদান কৰিব লগা বঁটাটি এই বৰ্ষ “কলং কলা কেন্দ্ৰ”ৰ সম্পাদক তথা শিল্পী চিত্তৰঞ্জন বৰালৈ৷

৬. বিয়াল্লিশৰ ভাৰত ত্যাগ আন্দোলনত মৰিগাঁও জিলাৰ পৰা শ্বহীদ হোৱা তিলক ডেকা আৰু গুণাভিৰাম বৰদলৈৰ স্মৃতি ৰক্ষাৰ বাবে চৰকাৰী অনুষ্ঠানৰ নামাকৰণৰ দাবী তুলি মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰিলে জিলাখনৰ আঠটা প্ৰেছ ক্লাৱেৰে গঠিত “আজু”ৰ মৰিগাঁও জিলা সমিতিয়ে৷

৭. অহা ২৬ছেপ্তেম্বৰত ২৬তম গোলাপ শৰ্মা সোঁৱৰণী উত্তৰ-পূৱ ভিত্তিক তৰ্ক প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছে লখিমপুৰ মহাবিদ্যালয়েঃ “পৃথক ৰাজ্য গঠনে অসমৰ নৃগোষ্ঠীয় সমূহৰ সমস্যা সমাধান নকৰে” শীৰ্ষক বিষয়ৰ এই প্ৰতিযোগিতাখনিত সন্মানীয় অধ্যক্ষৰূপে উপস্থিত থাকিব ডঃ অমৰজ্যোতি চৌধুৰীদেৱ৷

৮. নলবাৰীত নাট্যশিল্পী ভৱেন বৰুৱাৰ স্মৃতিত এই বৰ্ষও সদৌ অসম শিশু নাট প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অহা ২-৫ছেপ্তেম্বৰলৈ স্থানীয় নাট্য মন্দিৰত৷ এই অনুষ্ঠানতে বিশিষ্ট নাট্যকৰ্মী মহানন্দ শৰ্মাক প্ৰদান কৰা হব ভৱেন বৰুৱা বঁটা৷

৯. অসমৰ নাট্য আন্দোলনক সুকীয়া মৰ্যদা প্ৰদান কৰা শিল্পী নাট্যপ্ৰৱৰ সাৰদাকান্ত বৰদলৈ আৰু শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ নামত উৎসৰ্গিত “নাট্যপ্ৰৱৰ শিল্পপ্ৰাণ বঁটা” প্ৰদান অনুষ্ঠান অহা ৩-৪ছেপ্তেম্বৰতঃ শিল্পী মহানন্দ শৰ্মাক এই বঁটা পৰ্দান কৰিব গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে৷ চাৰি ছেপ্তেম্বৰত মঞ্চস্থ কৰা হব নাট্যপ্ৰৱৰ বৰদলৈ ৰচিত “উপহাৰ” নামৰ নাটকখনো৷

১০. নতুন প্ৰজন্মক দুঃসাহসিক ক্ৰীড়াৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে অসম পৰ্বতাৰোহী সংস্থাই গুৱাহাটীৰ ডনবস্ক’ বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰিলে এক আলোচনা চক্ৰৰঃ উপস্থিত থাকি নৱ-প্ৰজন্মক আগবাঢ়ি অহাৰ আহ্বান জনালে ইণ্ডিয়ান মাউণ্টেনিয়াৰিং ফাউণ্ডেছনৰ সভাপতি কৰ্ণেল এইছ এচ চৌহানে৷

১১. আজিৰে পৰা আৰম্ভ হৈছে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ বৰ্ষযোৰা হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী৷

১২. শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈ জ্যেষ্ঠ সাংবাদিকৰ দলে আহ্বান জনালে উপায়ুক্ত মিনাক্ষী নটৰাজনকঃ উল্লেখযোগ্য যে এইজনা উপায়ুক্তৰ উদ্যোগতে চহৰখনত আৰম্ভ হৈছে “সেউজ শিৱসাগৰ” কাৰ্যসূচীও৷

১৩. আশী বছৰ পূৰ্বে মাত্ৰ ৩৬বছ বয়সত মৃত্যুক সাবটি লোৱা স্বাধীনতা সংগ্ৰামী গনেশ লাল চৌধুৰীৰ কবিতা সংকলন “মুৰ্ছনা” প্ৰকাশ কৰি উলিয়ালে বৰপেটাৰ জিএলচি কলেজৰ প্ৰকাশন সমিতিয়ে৷ লগতে উন্মোচিত হ’ল আন এজন স্বাধীনতা সেনানী মোহন লাল চৌধুৰীৰ কাব্য সংকলন “তৃতীয়াৰ জোন”৷

১৪. হেমলাই বাগানত পুলিচৰ গুলীত কিশোৰ নিহত হোৱা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কালি নিৰ্দেশ দিলে এক ন্যায়িক তদন্তৰঃ আগতে নিহতৰ পৰিয়াললৈ তেখেতে ঘোষণা কৰিছিল পাঁচ লাখ টকাৰ ক্ষতিপূৰণ৷

১৫. গোলাঘাটত হৰেন্দ্ৰ নাথ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানত "নৃগোষ্ঠীয় সংঘাত আৰু সংবাদ মাধ্যম" শীৰ্ষক আলোচনাঃ আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কৰিলে মন্তব্য-"দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি সংবাদ মাধ্যম সদায়েই সচেতন"৷

১৬. "উচ্চ শিক্ষাত ষাণ্মাষিক পদ্ধতিয়েই মানৱ সম্পদ গঢ়াৰ বাবে সঠিক চাবি-কাঠি" শীৰ্ষক বিষয়য়েৰে বি বৰুৱা কলেজত অনুষ্ঠিত হ’ল ৫১তম ভোলা বৰুৱা সোঁৱৰণী উত্তৰ-পূৱ আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাঃ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই৷ শ্ৰেষ্ঠ তাৰ্কিক দল ৰূপে পৰিগণিত হয় বি বৰুৱা কলেজৰ পৰশমণি বৈশ্য আৰু মতিউৰ ৰহমান৷

১৭. নগাঁৱৰ বেবেজীয়াত পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ল হিতেশ ডেকা সোঁৱৰণী ত্ৰয়োদশ বাৰ্ষিক বক্তৃতানুষ্ঠানৰঃ "অসমীয়া উপন্যাসত লোক-জীৱনঃ হিতেশ ডেকাৰ উপন্যাসৰ বিশেষ উল্লেখনসহ" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশ্ষিট গৱেষক উমেশ চন্দ্ৰ ডেকাই৷

১৮. নলবাৰীত জিলা শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ল "প্ৰেৰণামূলক বঁটা-২০১৩" শীৰ্ষক অনুষ্ঠানঃ ১১০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে বিজ্ঞানভিত্তিক প্ৰকল্প৷ ডেংগুৰ সজাগতাৰ উদ্দেশ্যে বনগাঁৱৰ প্ৰীতম চৰকাৰৰ প্ৰকল্প "অসমৰ থলুৱা মাছৰ জৰিয়তে মহৰ জৈৱিক নিয়্ন্ত্ৰণৰ ব্যৱস্থা" শীৰ্ষক প্ৰকল্পই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ খবৰ৷

১৯. গৌৰৱেৰে ৪৬তম বৰ্ষৰ নাট্যাৰম্ভ কৰিলে থিয়েটাৰ ভাগ্যদেৱীয়েঃ নলবাৰীৰ মৰোৱাৰ শংকৰ উৎসৱ পথাৰত চম্পক শৰ্মা ৰচিত নাট “মই উজনিৰ তুমি নামনি”ৰ নাটখনৰ মঞ্চায়নেৰে আৰম্ভ হয় এই বৰ্ষৰ নাট্যযাত্ৰা৷

২০. ভূপেন হাজৰিকা ন্যাসে বুজ ল’লে সুধাকণ্ঠৰ প্ৰস্তাৱিত আৰ্কাইভৰঃ কল্পনা লাজমীৰ সৈতে বৈঠকত মিলিত হ’ল জনসংযোগ মন্ত্ৰী বসন্ত দাস৷

চিন্তনীয় খবৰঃ
১. দিল্লীৰ "নিৰ্ভয়া" গণ ধৰ্ষণৰ কাণ্ডৰ নাৱালক জঘন্য অপৰাধীলৈ মাত্ৰ তিনি বছৰৰ বাবে সংশোধন গৃহলৈ প্ৰেৰণৰ ৰায়ঃ লঘু শাস্তিৰ বিৰুদ্ধে দেশজুৰি ক্ষোভৰ উদ্গীৰণ৷

২. পুনৰ বাঢ়িল পেট্ৰলৰ দাম ২.৩৫ টকা আৰু ডিজেলৰ দাম পঞ্চাশ পইচাকৈ প্ৰতি লিটাৰতঃ দেশৰ জনতাৰ ওপৰত এক লাখ আশী হাজাৰ কোটিৰ বোজা জাপি দায় সাৰিব খুজিলে কেন্দ্ৰীয় চৰকাৰে৷ ৰন্ধন গেচৰো দাম বঢ়াৰ সম্ভাৱনা৷ তাৰ বিপৰীতে ভূটানলৈ আগবঢ়ালে ৫০০০কোটিৰ সাহাৰ্য!

৩. মৰিয়নিত আৰক্ষী প্ৰহাৰ কাণ্ডত চাৰিজন কনিষ্টবলৰ ভাষ্যই নস্যাৎ কৰিলে ডিজিপিৰ ক্লীন চিটঃ বিধায়ক ৰূপজ্যোতিয়েই প্ৰহাৰ কৰা বুলি দিলে ভাষ্য৷

৪. গুৱাহাটীৰ ৰাজপথত অৰাজকতাঃ চালক প্ৰহাৰৰ প্ৰতিবাদত খেদি খেদি পিটিলে হোমগাৰ্ডকঃ মহানগৰীত হঠাতে বাচ-ট্ৰেকাৰ বন্ধ কৰি দুৰ্ভোগ দিলে সাধাৰণ মানুহক৷

৫. আশাৰাম বাপুক অৱশেষত জেৰা আৰম্ভ কৰিলে যোধপুৰ আৰক্ষীয়েঃ ইন্দোৰ আশ্ৰমতে হোৱা এই জেৰাৰ বাবেও বাপুৱে দি আছে স্বাস্থ্য অৱনতিৰ বাহানা৷

No comments:

Post a Comment