বিশেষ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

বিশেষ অনুভৱ

Share This
গাঁৱৰ পৰা গ্লৱেললৈঃ ইঞ্জিনীয়াৰ দিৱস
ইঞ্জিনীয়াৰ দিৱসৰ শুভেচ্ছাৰে
- অজয় লাল দত্ত
যি কোনো কামৰ বাবে ফৰ্ম ফিলাপ কৰিবলৈ গ’লেই এটা অদৰকাৰী প্ৰশ্ন থাকে, ধৰ্ম ৷ এবাৰতো কৰ্মই ধৰ্ম বুলি লিখি গালি খায়ো থৈছো ৷ তথাপি জন্মগত ভাবে যিটো ধৰ্মৰ নাম প্ৰ-পত্ৰবোৰত উল্লেখ কৰিব লগা হয়, তাত সকলো কামৰ বাবে একোজন ওপৰৱালা থাকে, সেইসকলৰ নাম হেনো দেৱতা ৷ সেই সকলক বিভিন্ন উপলক্ষত দিন ধাৰ্য কৰি পূজা-অৰ্চনাৰ সুব্যৱস্থা আছে ৷ কিন্তু আচৰিত কথা, সেই সকলক সাধুকথাৰ কাহিনীত স্বৰ্গ নামৰ ঠাই টুকুৰাত কাম ভাৱতে অনৱৰত মগন হৈ থকা বুলিহে জনা যায় ৷ আন কৰ্মৰ ভিতৰত অসুৰ নামৰ জাতটোৰ লগত দৱৰা-দবৰি লাগি থকা বুলিহে জনা যায়, তাকো ক্ৰোধ,লোভ আৰু মোহত পৰি ৷ আমাৰ একেবিধ ধৰ্মৰে আকৌ নীতিকথাত লিখা থাকে- ‘কাম, ক্ৰোধ, লোভ-মোহৰ পৰা দূৰৈত থাকিব লাগে‘৷ কথাবোৰ বৰ পৰস্পৰ-বিৰোধী ৷ আমিও তাৰ দোমোজাতে বন্দী...

তথাপি তাৰ মাজতে এজন কৰ্মবীৰ আছিল ৷ পৃথিৱীৰ আনবোৰ সকলো সৃষ্টিশীল কৰ্মৰ ভাৰ পাতিলোৱা সেই দেৱতাজনেই হ’ল- বিশ্বকৰ্মা ৷ তেৱেঁই হেনো আচল ইঞ্জিনীয়াৰ ৷ আমাৰ সকলো উৎপাদিত সামগ্ৰীৰ যা-যন্ত্ৰৰ মূলতে হেনো এই বিশ্বকৰ্মাই ৷ প্ৰতি বছৰেই নিৰ্দিষ্ট দিনত তেওঁৰ পূজাৰ আয়োজন কৰা হয় ৷ সেয়াই বিশ্বকৰ্মা পূজা- আমাৰ সৰু কালৰ ইঞ্জিনীয়াৰ দিৱস ৷

প্ৰকৃততে সমগ্ৰ ভাৰতবৰ্ষত ১৫ চেপ্তেম্বৰত আজিৰ দিনটোত পালিত হয়, ইঞ্জিনীয়াৰ দিৱস ৷ এই দিন চাৰ এম.বিশ্বেশ্বৰায়া (১৮৬১-১৯৬২)ৰ সন্মানত উদযাপন কৰা হয় ৷ তেখেত আছিল ভাৰতৰ অতি নাম কৰা শিক্ষাবিদ, ইঞ্জিনীয়াৰ, লোকনায়ক তথা ১৯১২-১৯১৯ চনলৈ মহীশূৰ নগৰৰ দেৱান ৷ তেখেতে জলসম্পদৰ সু-ব্যৱস্থাপনা আৰু ব্যৱহাৰ ক্ষেত্ৰত অনবদ্য বৰঙণিৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল ৷ বহুতো নদী-বান্ধ, দলং তথা সমগ্ৰ ৰাষ্ট্ৰজুৰি ৰূপায়ণ কৰা জলচ্ছেদ তথা পানীযোগান আঁচনিৰ সফল ডিজাইনৰ বাবে তেখেত কৃৰ্ত্তিমান আছিল৷ তেখেতক কৰ্ণাটকৰ সামগ্ৰিক উন্নয়নৰ আৰ্কিটেক্ট বুলিও কোৱা হয়৷

কিন্তু মই পুৰণি দিনবোৰৰ কথাহে কব বিচাৰিছো, তেতিয়া বিজুলী বাতিৰ খুটা আমাৰ ৰাষ্টাত থিয়ই হোৱা নাই৷ এভাৰেডি বেটেৰীত চলা ৰেডিঅ’টোৱেই বিশ্বকৰ্মাৰ একমাত্ৰ প্ৰডাক্ট আছিল আমাৰ ঘৰখনত ৷ তেতিয়া আমি জনাই নাছিলো যে সমগ্ৰ ভাৰতজুৰি বিশ্বকৰ্মা পূজাৰ বাহিৰেও আন এবিধ ইঞ্জিনীয়াৰ দিৱস পালিত হয় বুলি ৷ এতিয়া চাওক কিমান সুবিধা, মনত উদয় হ’ল প্ৰশ্নৰ, গোগুল অথবা ৱিকিপিডিয়াই মৰিষণ কৰিব আপোনাৰ তৃষ্ণা, অন্ততঃ কিছুদূৰ পৰ্যন্ত ৷ তেতিয়াটো ৰেডিঅ’ই ভৰষা, এইয়া আকাশবাণী ডিব্ৰুগড়, হে বিশ্বকৰ্মা!

আমাৰ বাৰীৰ লগতে লাগি আছিল আমাৰ টাউনৰ এটা আঙুলিমূৰত জিলিকি থকা উদ্যোগ- কাঠ ফলা মিলটো ৷ দুটা কাঠৰ মিল আৰু দুটা ধান মিলেৰে গঢ়া আছিল আমাৰ টাউনৰ উদ্যোগ ক্ষেত্ৰখন ৷ পুৱা ৭-৩০ বজাতে কাঠৰ মিলৰ ইঞ্জিনটো গৰজি উঠে, দুপৰীয়া এবাৰ বন্ধ হয়, তাৰ পাছত সন্ধিয়ালৈ চলে৷ ঢপক ঢপক শব্দৰে আমাৰ তন-মন-পৰিবেশ কঁপাই ৰজন-জনাই ধোঁৱা নিৰ্গত কৰি থকা ইঞ্জিনটোৰ ধোঁৱা ওলোৱা নলীডাললৈ বাঁহৰ চকুৱাৰ ফুটাৰে আগ্ৰহেৰে জুমি জুমি চাওঁ৷ সেই ডালেদিয়ে যেন সি উশাহ-নিশাহ লয়, তেনেহেন লাগে ৷ তাৰ ধপক ধপক শব্দটো বৃহস্পতিবাৰে সাপ্তাহিক বন্ধ হেতুকে বন্ধ থাকিলে আমাৰ ঘৰখনো কিবা নিজানজান লাগে ৷ চাবলৈ গ’লে, সেই আশৈশৱ ধপ ধপনিৰে মোৰ বুকুত ঠাই লোৱা সেই ইঞ্জিনটোৱেই চাগে মোৰ জীৱনৰ প্ৰথম ইঞ্জিন,যাৰ লগত কিবা এটা আত্মিক সৰ্ম্পক আজিও অনুভৱ কৰো৷

বিশ্বকৰ্মা পূজা এই কাঠৰ মিলটোটেই ডাঙৰকৈ পতা জীৱনত প্ৰথম প্ৰত্যক্ষ কৰিছিলো।মিলৰ চৌহদটো ধুনীয়াকৈ ৰঙীন কাগজ লগাই সজাইছিল তেওঁলোকে। ৰাতি ৰাতি চোৰাং কাঠ কঢ়িওৱা পুৰণা শক্তিমান ট্ৰাকখনৰ বুকুতে তুলি অনা হৈছিল বিশ্বকৰ্মাৰ মুৰ্ত্তি আগদিনা সন্ধিয়াই। মিলত কাম কৰা সকলৰ ল`ৰা-ছোৱালীবোৰে উলাহত নাচি বাগি ফুৰিছিল, ট্ৰাকখনৰ বুকুত উঠি সুখী হৈছিল আৰু গাড়ীখনৰ সতে এক আপোন আপোন ভাৱ অনুভৱ কৰিছিল সিহঁতে। বিশ্বকৰ্মা পূজাৰ দিনাও অৱশ্যে ট্ৰাকখনৰ পাছফালে উঠি পূজা চাবলৈ ওচৰ-পাজৰৰ সকলো সৰু-ডাঙৰ সকলোৱে টাউনৰ মাজেদি ফ্ৰীকৈ ফুৰাৰ এদিনীয়া সুবিধা লাভ কৰিছিল। সেয়েহে প্ৰথমেই মিলৰ পূজা দৰ্শন কৰি, তাৰ পৰা ট্ৰাকৰ পাছত উঠি টাউনৰ আন ঠাইৰ পূজা চাবলৈ যাবলৈ আমাৰো হেঁতা-ওপৰা লাগিছিল।

পিছে কোনোবাই আমাক ট্ৰাকৰ পাছত উঠি যোৱা দেখি, ঘৰত মাক লগাই দিয়াত কানতলীয়াবোৰেও ব্যগ্ৰতাৰে সন্ধিয়ালৈকে আমালৈ বাট চাই ৰৈ আছিল।এনে লাগিছিল যেন সৰু টাউনখনৰ বাটে-পথে মাই খবৰিবোৰ মেলি থৈছিল,কৰবালৈ মনে মনে গলেই সদায়েই আমাক আচৰিত কৰি হলেও কোনটো ৰাস্তাত পুত্ৰই আজি ভৰি থৈছে সেইকথা গম পাইছিলেই। সেই অজাতশত্ৰু সকলক মায়ে খুড়া-খুড়ী-বাইদেউ-দাদা-মাহীদেউ-পেহীদেউ বুলি মাতিবলৈ দিছিল। যিসকলে আমাৰ শৈশৱৰ দিনবোৰক কণ্টকময় আৰু ৰোমাঞ্চকৰ কৰি তুলিছিল অথচ বিপথগামী হোৱাৰ পৰা জোৰকৈ বিৰত ৰাখিছিল।

বিশ্বকৰ্মা পূজাৰ মূৰ্তি বিসৰ্জনৰ বাবেও ল’ৰা-ছোৱালীবোৰ উৰুলীকৃত হৈ গাড়ীত উঠিছিলগৈ ৷ মেইন ৰাষ্টাত নতুনকৈ পতা গাড়ীৰ গেৰেজটোৰ ট্ৰাকখন মূৰ্তি উটুৱাবলৈ বুলি গৈ ৰাষ্টাৰ পৰা পাল্টি খোৱাৰ খবৰে এটা সন্ধিয়া বৰ বেয়াকৈ কঁপাই তুলিছিল ৷ মোৰ বন্ধু, লগৰীয়া আৰু আমাৰ গাঁৱৰে আন ল’ৰা-ছোৱালীবোৰ সেইখন ট্ৰাকত গৈছিল ৷ তেতিয়া টেলিফোন আদিও নাই৷ চকত বাচৰ পৰা আহি নমা মানুহে দিয়া বৰ্ণনাই একমাত্ৰ খবৰ; মানুহৰ বডী গাড়ীৰ তলত চেপা-খাই থকা দেখি আহিছো, জাতীয় খবৰ ৷ গাঁৱৰ কাৰ ঘৰৰ ল’ৰা কোন ক’ত আছে গৰু-গণাদি গণিছে মাক-দেউতাকবোৰে ৷ চাৰিওফালে হাহাঁকাৰ, কান্দোনৰ ৰোল; ৰাতি দহটামান বজাতহে দুৰ্ঘটনাগ্ৰস্তসকল আহি গাঁও পাইছেহি। প্ৰকৃততে এজন ল’ৰাহে গাড়ীৰ বডিৰ চেঁপাত ঢুকাল,বাকীবোৰৰ কেও কিছু আহত হ’ল ৷ 

আগদিনা পূজা চাবলৈ ট্ৰাকত উঠা কাৰণে সন্ধিয়াতে মাৰ হাতৰ পৰা খোৱা কাণ-তলীয়া চৰটোৱে সেইদিনা মূৰ্তি বিসৰ্জনৰ যাত্ৰাৰ পৰা মোক বাৰন কৰিছিল ৷ কিন্তু বিশ্বকৰ্মাই নিজৰ পূজাতে কিয় ৰ্দুঘটনা ঘটিবলৈ সুবিধা দিলে আজিও সেই প্ৰশ্নৰ উত্তৰহে বিচাৰি উলিয়াব নোৱাৰিলো!

বিশ্বকৰ্মা পূজাৰ দিনা কাঠৰ মিলটোৰ কৰ্মী সকলক এযোৰাকৈ নতুন কাপোৰ দিয়া দেখিছিলো আৰু সন্ধিয়ালৈ ভোজ-ভাতো খুৱাইছিল ৷ মিলৰ মালিক পৰিমল কাকুৱে নিজে লাগি-ভাগি সকলোকে পৰিতুষ্ট কৰিছিল ৷ আজিহে কথাবোৰ বিশ্লেষণ কৰি ভাবো, সেয়া চাগৈ আছিল আমাৰ জীৱনত মানৱ-সম্পদ তথা এমপ্ল’য়ি ৰিলেচনৰ প্ৰখমটো পাঠ ৷ কৰ্মচাৰীৰ কৰ্ম অবিহনে যে মিল বা উদ্যোগ এটা সুকলমে চলোৱাৰ কল্পনা যে কৰিব নোৱাৰি, সেয়া পৰিমল কাকুৰ সেইদিনটোত যত্ন লোৱাৰ ধৰণ-কৰণ দেখিয়েই অনুমান কৰিব পাৰিছিলো ৷ 

ইঞ্জিনৰ তদাৰক কৰা মাখন কাকুৰ সন্মান সিদিনাখন সকলোৰে উৰ্ধত থকা দেখিছিলো। তেঁৱেই মোৰ আত্মিক সৰ্ম্পক থকা ইঞ্জিনটোৰ সকলো সুখ-দুখ তথা স্বাস্থ্যৰ যতন লৈছিল৷ মাখন কাকু মোৰ মনত আছিল এজন ৰিয়েল ইঞ্জিনীয়াৰ ৷ তেখেতৰ শিক্ষা কিমান আছিল নাজানো, কিন্তু অভিজ্ঞতাৰে পূৰঠ মানুহজনে কেইবা দশক জুৰি সকলো সুকলমে কৰি নিছিল ৷ তেতিয়াই ভাবিছিলো, হাতে-কামে লাগি শিকা শিক্ষাই চাগৈ ইঞ্জিনীয়াৰ এজনৰ বাবে প্ৰকৃত শিক্ষা৷

আমাৰ পৃথিৱীলৈ নতুনকৈ ভিচিআৰ অহা দিনৰ কথা ৷ তেতিয়া ফুনাই কোম্পানীৰ ভিচিপি আৰু ভিচিআৰ ৰাইজৰ মাজত বৰ জনপ্ৰিয় হৈ উঠিছিল ৷ গাঁৱৰ বিয়া-সবাহ-পূজাত ভিচিপিত চিনেমা প্ৰদৰ্শনটো কৰাটো এটা এৰাব নোৱাৰা অথচ বিলাসী নিয়ম আছিল ৷ কাৰণ কেইবা দিন ধৰি ৰভা-পৰলা দিয়াৰ পৰা পাৰ্বনৰ দিনাও দিন-ভৰ নিস্বাৰ্থ-ভাৱে সেৱা ধৰা গঞা ৰাইজক সন্ধিয়ালৈ হাঁহ-মাৰি ভাত এসাজ আৰু এৰাতি ভিচিপিত চিনেমা প্ৰদৰ্শণ কৰিবইতো লাগিব জাতীয় এটা স্বতঃসিদ্ধ কথা আমাৰ গাঁৱত প্ৰচলিত আছিল ৷ সেয়া সৰু-বিয়াই হওঁক বা দহা-কাজেই হওঁক ৷ লগৰ ল’ৰা কলীয়াৰ মাক ঢুকাওতেও ভিচিপি অনাত তাৰ চাৰি-বছৰীয়া ভায়েকৰ অবুজ উক্তি-মা মৰিলে ভালেই হ’ল ঘৰতে ভিচিপি চাব পালো, সেই কথাষাৰ এতিয়াও মনত জিলিকি আছে ৷ তেতিয়া মাত্ৰ কেটাৰিং পাৰ্টী নামৰ শব্দটোৰ লগতহে আমাৰ চিনাকী নাছিল ৷

গাঁৱৰ এনে সমজুৱা চিনেমা দৰ্শনৰ বাবে ভাড়ালৈ অনা কালাৰ টিভি, ভিচিপি আৰু জেনেৰেটৰ অহা ঠেলাখনৰ চালকজনৰ পৰাও আগ্ৰহী অনুৰাগীয়ে তথ্য লৈছিল ৷ ঐ কাৰ ঘৰলৈ নিছ, কোনখন গাঁৱত, কেছেট কি কি বা? ৰাতিলৈ পাক এটা মাৰিব পাৰি নেকি গুণা-গঁথা কৰিছিল ৷ ৰঙানদী আদি চিনেমাৰে ব্ৰজেন বৰা তেতিয়া অসমীয়াৰ চোতাল কঁপাই থকা ছুপাৰ-হিৰ’৷

চিনেমা চলি থাকে, মাজতে লাগেই নহয় লেঠাটো, হেড লেতেৰা হয়, ফুলস্কেপ কাগজৰ টুকুৰা এটা লৈ ভাড়ালৈ দিয়া দোকানখনৰ ল’ৰাটোৱে ঘঁহি ঘঁহি হেড চাফা কৰে ৷ সঘনাই ভিচিপি বেয়া হয়েই, পিকচাৰ নাহে, চাউণ্ড নাহে কিবা-কিবি ৷ তেতিয়া ৰাতিয়েই চাইকেল লৈ আকৌ কোনোবা দৌৰি যায়-বড়িক মাতিবলৈ ৷ তেওঁক ঘৰত নাপাই ঘূৰি আহি কয়-বোলে সি কাষৰ গাঁৱখনলৈ গ’ল, তাত কাজ আছিল, তাত ভিচিপি ঠিক কৰিবলৈ গৈছে ৷ ঘৰত খবৰ দি আহিছো, আহিলেই তুৰন্তে আহি ওলাবহি, ৰাইজে চিন্তা কৰিব নালাগে ৷ চাৰিওফালে হৈ চৈ, ৰাইজ ৰৈ থাকে, উচ্-পিচ ভৰা অপেক্ষাৰে ৷ 

বড়ি বঙালী ল’ৰা- আন ঠাইৰ পৰা অহা, আমাৰ গাঁৱতে এঘৰত চপনীয়া থাকে বুলি ৰাইজে কয়, সেই সূত্ৰে আমি সকলোৱে বড়ি ভিনি বুলিয়ে মাতো ৷ বড়িৰ তেতিয়া বহুত ডিমাণ্ড! ৰাতি শুবলৈকে নাপায় ভালকৈ, অ’ত ঠিক কৰিব যাব লাগে, ত’ত ঠিক কৰিব যাব লাগি ৰাতিয়েই, এণ্ড চলিউচন অন দ্যা ষ্পট ৷ কি কৰিব ৰাইজ ৰৈ থাকেযে উচপিচাই ৷

এজনক সুধিলো, ই ইমান জানে কেনেকৈ? ক’লে বোলে ইটো এটা ইঞ্জিনীয়াৰ- ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰ ৷ কলিকতাত শিকি আহিছে! বড়িয়েই আছিল চাগে মোৰ জীৱনৰ প্ৰথমজন ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰ বা আজিৰ পৃথিৱীৰ চাৰ্ভিছ ইঞ্জিনীয়াৰ৷

ৰাইজে মাতিলেই ৰাতি ৰাতি চাইকেল লৈ দৌৰা বড়ি ভিনিৰ গ্লবেল ভাৰ্চন চাগে আজিৰ চলিউচন প্ৰভাইডাৰসকল ৷ ৰাতি ৰাতি জাগি কাষ্টমাৰৰ খবৰ ৰাখি, বড়ি ভিনিক তুৰন্তে আহি পালেই পঠিওৱা আমাৰ গাঁৱৰ বাইজনীয়েই চাগে আজিৰ কলচেণ্টাৰ এক্জিকিউটিভ!

ক্লায়েণ্টে মাতিলে ৰাতিয়েই ফ্লাইট ধৰি হলেও দৌৰি গ্লবেল ভিলেজৰ কোণে কোণে অন দ্যা স্প’ট সেৱা ধৰা চাৰ্ভিচ তথা চলিউচন প্ৰভাইডাৰ সকলৰ ইঞ্জিনীয়াৰ বোৰক দেখিলেই মোৰ বড়িলৈহে মনত পৰে! ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰৰ কি ডিমাণ্ড, ক্লায়েণ্টৰ সেৱাত দৌৰিবই লাগে বা গ্ল’বেল ভিলেজৰ কৰবাত ক্লায়েণ্ট জাগি থাকিলে তুমিও জাগি থাকা! ইত্যাদি ইত্যাদি, তেতিয়াই দেখিছিলো, এতিয়া মাথো বুজিছো, এখন বহল মঞ্চত, নাটক আচলতে একেখনেই, আমাৰ গাঁৱৰখন!

সময়ৰ সতে প্ৰগতি হ’ল, এতিয়া বিশ্বকৰ্মাৰ প্ৰডাক্ট ঘৰে ঘৰে ৷ সেয়ে ঘৰে ঘৰেও আজিকালি উদযাপিত হবলৈ ধৰিছে এই পূজা ৷ গুৱাহাটীতটো হেনো সেইদিনা চিটিবাছ নচলেই ৷ ডুলীয়াজানৰ অইল আৰু শিৱসাগৰৰ অ এন জি চিত ডাঙৰকৈ পতা পূজা আৰু কৰ্মীবোৰৰ স্ফুৰ্তিৰ কথা-কাহিনী আমিও শুনিছোহে ৷ কিন্তু সৰু সৰু গেৰেজ, বাচ ষ্টেণ্ড, ৱৰ্কশ্বপৰ কৰ্মী সকলৰ এই পূজাৰ দিনা আনন্দ উপভোগ কৰাৰ ধৰণ প্ৰতি বছৰেই অতি কাষৰ পৰাই দেখি আহিছো ৷

আচলতে সকলো হাতৰ বিদ্যাৰে আৰ্জন কৰা লোকেই সিদিনা পূজা অৰ্চনা কৰে, কৰ্ম জীৱনৰ কুশলতা কামনা কৰে, স্ফুৰ্তিত মতলীয়া হয় ৷ জীৱন পথৰ কাৰিকৰী সঁজুলিবোৰৰ চাফাই তথা সুগম জীৱন যাত্ৰাৰ বাবে সকলো সাজু কৰে৷

সকলো শ্ৰেণীৰ কৰ্মী মানুহে এই দিনটোত কৰা আনন্দৰ বাবে মোৰ এনে অনুভৱ হয়- যেন কৰ্ম কৰা প্ৰতিজনৰেই মাজত একোজন বিশ্বকৰ্মা, একোজন ইঞ্জিনীয়াৰ লুকাই আছে৷ যিটো দিনৰ মহত্ব হয়তো ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় কোনো ইঞ্জিনীয়াৰ দিৱসৰ উদযাপনে চুবগৈ নোৱাৰে ৷

আমাৰ সৰুকালৰ ইঞ্জিনীয়াৰ দিৱসটোৱেই আচলতে সকলো শ্ৰেণীৰ সকলো তৰপৰ কৰ্মী মানুহক চুই যোৱা কৰ্ম আৰু কৰ্মীপূজাৰ দিন৷ ইয়েই আচল ইঞ্জিনীয়াৰ দিৱস; সেয়ে জয় বিশ্বকৰ্মা!  নে কি কয়?

আজি ইঞ্জিনীয়াৰ দিৱস....বিশ্বকৰ্মা পূজাও আহি আছেই....

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages