জীৱনৰ তিতা কেঁহা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ তিতা কেঁহা

জীৱনৰ তিতা কেঁহা

Share This
# সুৰজিত নেওগৰ কলমত
স্বয়ম্ভু ভগৱানৰ লীলা
ইণ্টাৰনেটৰ পৰা প্ৰাপ্ত কাৰ্টুনৰ পৰা
স্বয়ম্ভু ভগৱান !! এইবিধ আকৌ কেনেকুৱা ভগৱান? এইকিদিন টিভি চাই, খবৰ কাকত পঢ়ি বৰ ৰস পাইছো... আমাৰ সাধৰণ মগজুৰে বুজো যে প্ৰ্তিজন ভগৱান কোনোবা নহয় কোনোবা এটা ধৰ্মৰ সতে জড়িত হৈ থাকে... যেনে ধৰক যিশু খ্ৰিষ্টান ধৰ্মৰ লগত, আল্লা মুছলমান ধৰ্মাৱলম্বীৰ লগত, বুদ্ধ বৌদ্ধ ধৰ্মৰ লগত, ব্ৰ্হ্মা-বিষ্ণু-মহেশ্বৰ-দূৰ্গা-কালী আদিকে ধৰি ৩৩ কৌটি দেৱ-দেৱী, ভগৱান হিন্দু ধৰ্মৰ লগত ওতপুতঃ ভাৱে জড়িত। কিন্তু স্বয়ম্ভু ভগৱান?? 

বঢ়িয়া...........
এতিয়া জেলত হব প্ৰবচন!

এইবিধ স্বয়ম্ভু ভগৱান পৃথিৱীৰ চুকে কোণে প্ৰায় প্ৰ্তিটো ধৰ্মতে আছে। ১২০ কোটিৰ অধিক লোকৰ বাসস্থান বিশ্বৰ দ্বিতীয় বৃহত্ত্ম জনসংখ্যাৰ দেশ ভাৰতত পিছে এইবিধ স্বয়ম্ভু ভগৱানৰ প্ৰ্কোপ অলপ বেছি... কাৰণ তেনেই সাধাৰণ, ভণ্ডামীক চৰকাৰি-বেচৰকাৰি ভাবে স্বীকৃতি প্ৰায় দিওঁ দিওঁ হোৱা অৱস্থা এটিৰ ফলস্ৰুতিতে এনে ভণ্ড ভগৱান গণ্ডাই গণ্ডাই সৃষ্টি হৈছে... তৃতীয় শ্ৰেণীলৈকে শিক্ষালাভ কৰি ১৫ বছৰ বয়সত নিজৰ বিয়াৰ এসপ্তাহ আগেয়ে পলাই গৈ এখন আশ্ৰমত আশ্ৰয় লৈ লাহে লাহে স্বয়ম্ভু ভগৱানৰ (!!) ৰুপ লোৱা আশাৰামৰ দৰে ভণ্ড লোকৰ সংখ্যা কেৱ্ল আমাৰ দেশতেই লাখৰ ওপৰ হ'ব কিজানি...!! নিজ নিজ ব্যক্তিগত লাভা-লাভৰ অংকৰে ধনী ব্যৱসায়ী, ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এনে ভণ্ড লোকে গঢ়ি তোলে অপৰাধৰ বিশাল এক সামাজিক ক্ষেত্ৰ। তাৰ ছত্ৰছায়াত দিনে নিশাই ভিন্নজনৰ চলে ভিন ভিন অংকৰ খেল...।

এই স্বয়ম্ভু ভগৱানবিধ যে কেৱল হিন্দু ধৰ্মীয় লোক তেনে নহয়; সেই যে মাজে মাজে অদ্ভুত অবাস্তৱ কিবা কিবি ফটোৱা জাৰি কৰি থাকে কোনো কোনো মৌলবীয়ে; তেওঁলোকো আচলতে মুছলমান ধৰ্মৰ আৰঁ লৈ থকা একো একোটা ভণ্ড স্বয়ম্ভু ভগৱানেই ... আমাৰ দেশত খ্ৰীষ্টান ধৰ্ম তূলনামূলকভাৱে কিছু দুৰ্বল (সংখ্যাগতভাৱে) বাবেই এইটো ধৰ্মৰ আলমত সম্পূৰ্ণ স্বয়ম্ভু ভগৱান আমাৰ চকুত পৰা নাই হবলা... তথাপিও এওঁলোকৰো এনে শক্তিশালী নহলেও আধা স্বয়ম্ভু ভগৱান আছে..!! 

এনে ভণ্ড আগতেও আছিল, এতিয়াও আছে আৰু আগলৈও সৃষ্টি হৈ থাকিব। কিয় জানেনে? আমাৰ দৰে মূৰুখমতি মানুহৰ ধৰ্মান্ধতা, অন্ধবিশ্বাস, পাপ-পূণ্যৰ এক ধুষৰ অস্পষ্ট সংজ্ঞাৰ দ্বাৰা পৰিচালিত মনবোৰেই আচলতে এই ভণ্ডবোৰৰ মূল শক্তি। আশাৰমৰ দৰে ধূৰ্ত ভণ্ড ধৰ্ষণকাৰীএটাক আমাৰ ন্যায়ব্যৱ্স্থাই যেতিয়া পলমকৈ হলেও শাস্তি দিবৰ বাবে যো জা চলাইছে তেতিয়াই শ-হাজাৰ সমৰ্থকে প্ৰ্শাসন-আৰক্ষীক বাধা প্ৰ্দান কৰিছে...!! কাৰণ এইসকল অন্ধবিশ্বাসী, ধৰ্মান্ধ লোকৰ বাবে আশাৰামৰ দৰে মুখাপিন্ধা লোকবোৰ যে 'ভগৱান' ... এইসকল লোকৰ চিন্তাৰ দৌৰ কিমান সি সহজেই অনুমেয় !!

অৱশ্যে আপুনিও যুক্তিৰ খাতিৰত হয়তো ক'ব, আশাৰামৰ অপৰাধ প্ৰ্মাণ হোৱা নাই, গতিকে 'ভগৱান'ক এতিয়াই দোষাৰোপ কেনেকৈ কৰিব? হয়, আমাৰ দেশত এটা ধৰ্ষনকাৰীক শাস্তি দিবলৈ পানী নসৰকা যুক্তি, প্ৰ্মাণৰ দৰকাৰ !! আৰু তেনে পৰ্যাপ্ত প্ৰ্মাণ থাকিলেও কেৱল মাত্ৰ প্ৰাপ্ত বয়স্ক নোহোৱাৰ বাবেই একো একোটা নিৰ্মম, নিস্থুৰ বলাৎকাৰী আইনী সুৰুঙাইদি আমাৰ দেশতেই সাৰি যাব পাৰে... গতিকে বৰ বেছি চিন্তা-ভাৱনা কৰি 'মাথা' মাৰি লাভ নাই ... 'আমি' বা 'আমাৰ দৰে' সাধাৰণ শ্ৰেণীৰ মূৰ্খ লোকে যেতিয়ালৈকে এনে ভণ্ড স্বয়ম্ভু ভগৱানৰ 'ভক্তিত' গদ গদ হৈ থাকিব, তেতিয়ালৈকে 'আমাৰ' মা-ভনী-বাইদেউ-বান্ধবীসকল এই 'ভগৱান'বোৰৰ হাতত ধৰ্ষিতা হৈয়েই থাকিব... ইও এক প্ৰ্কাৰৰ চেইন ৰিয়েকচন... 

আমাৰ দেশৰ 'নাবালক সুৰক্ষা আইনে' যেনেকৈ দুৰ্ধষ নাবালক ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়ে, কালিলৈ হয়তো দেখিব আমাৰ সংসদত এখন বিধেয়্ক গৃহিত হৈছে ... "বৃদ্ধ সুৰক্ষা আইন" য'ত হয়তো এক সুৰুঙা ৰখা হ'ব যে সত্তৰোদ্ধৰ ব্যক্তিয়ে ধৰ্ষন কৰিলে তাক ধৰ্ষণ হিচাপে গ্ৰহন কৰা নহ'ব....!!! এনে এখন আইনৰ এতিয়া খুবেই প্ৰ্য়োজন, কাৰণ আমাৰ ৰাজনৈতিক ভণ্ড কামুক নেতাবোৰৰ ৯০ শতাংশই বৃদ্ধ লোক .... ইতিমধ্যে আশাৰামে নিজকে নপুংসক সজাবলৈ চেষ্টা কৰিছিলেই...!!!! নপুংসকে ধৰ্ষণ কৰিব নোৱাৰে বুলি আমাৰ আইনত আছে নেকি বাৰু?

আন আন প্ৰৱন্ধ আদিৰ বাবে ইয়াতে ক্লিক কৰক

No comments:

Post a Comment