Monday, September 9, 2013

যি কথা নহয় মিছা (ৰস ৰচনা)

।।।।।অচমীয়া মানুচ।।।।। 

- দেৱজিত শইকীয়া
দেওবাৰে চুলি-দাড়ি খিনি কাটো বুলি সীতাৰামৰ ওখ চকীখনত বহি দিলো৷ বোলো পইচা দিছো, কৃপণালি নকৰিবি, পূৰাকৈ কাট্!
মিচা ক’হিলে কি ডাল হব!

সি টেপেৰকে লগালে মাত, "অচমীয়া মানুহ এলেহুৱা আছে জানো, পৰন্তু ইমান কনজুচ আপনাকে পাইছো!"
মই বোলো- "তই অসমীয়া মানুহৰ বিষয়েনো কি জান?"

সি মোৰ মূৰত পানী অলপ ঢালি কেঁচি আৰু মুখ সমানে চলাই গ’ল৷ তাৰে মোৰ হাৰ্ড ডিস্কৰ মেম’ৰিত যি চেভ হল আপোনালোকৰ ওচৰত তাকে ৰিপ্লে কৰিছো৷  মই মাজে মাজে কৰি যোৱা উ আ বোৰ বাদ দিছো৷ অসমীয়া ভাষাৰ ৰুপ দেখি দায়-দোষ নধৰিব দেই, মনত ৰাখিব মই ৰিপ্লেহে কৰিছো!

 সীতাৰামে ক’লে- "অচমীয়া মানুহ কোন আছে সেইটো অচমীয়া ভি কহিব নোৱাৰে! আমি ভি অচমীয়া, চিহত ভি অচমীয়া মুঠতে চব মিলি কেনে এটা ডাঙৰ জাতি আছে তাকে অচমীয়া জাতি বুলি কহিছে। মিছা কহিলে কি হ’ব আমি ভি অচমৰে হাৱা পানী খাইছে৷ ইতনা দিন ইয়াতে বিচনেচ কৰিছে, আমিটো পাক্কা অচমীয়া আছে! হামি যিমান পিউৰ অচমীয়া কহিব আজকালকে অচমীয়াই ভি ইটনা কহিব ন’ৱাৰে!"

সীতাৰামে মোৰ মূৰটো তললৈ জোৰ কৰি নমাই দি ক’লে- "চকীয়াবাবু , আচকল অচমীয়া পহিলা নিচিনা নাই আছে৷ হামি যেতিয়া পহিলে পহিলে অচম আহিছে কি দেখিছে, কি বিহু পথাৰত হৈছে, মানুহবোৰে নেওতা দি মাতি কিনে দহি-চিৰা খাব দিছে! আচকল এইচব দেখিবই নাই! চব পকেটমে আত্মচহায়ক গোটবোৰে পিঠা-উঠা বিক্ৰী কৰিছে, তাৰ দুই পেকেট নি কিনে বিহুটো কৰিছে !জোৰজবৰদষ্টি চান্দা লইছে এইচব বহুত খাৰাব লাগে, পহিলে পহিলে মুগাকে মেখেলা চাদৰ পিন্ধিকেনে যতিয়া নাচনি নাচি দিয়ে না মনটা একদম পিৰীতি পিৰীতি লগি যায়! কাতি বিহুটো আচকল নকিয়াই হৈ গ’ল৷ কেবল ঠান্ডাদিনকে বিহুটো অলপ চলপ আছে৷ পহিলে পহিলে যেতিয়া হামি অচম আহিছে, কি দেখিছে পথাৰমে ইটনা বৰা বৰা খেৰকে ঘৰ বনাইকিনে চব ৰাইজ একচাথ ভাত খাইছে আৰু চুবহ হৈছে কি না হৈছে ঘৰটো জ্বলাই দিছে আচকল চব অকেলা অকেলা আপনা ঘৰমে টেন্ট-উন্ট দিকেনে বিহু-চিহু লগাইকে পাৰ্টি-উৰ্টি কৰিব ধৰিছে!"

মূৰটো অলপ ওপৰ কৰিছিলোহে, সীতাৰামে আকৌ তললৈ জোৰ কৰি নমাই দি ক’বলৈ ধৰিলে- "অচমীয়া মানুচকে টেম্পাৰটো (আবেগ বুলি বুজিলো) অলপ বেছি আছে আৰু ঠাণ্ডা ভি জলদি হৈ যায়! এক মহিনা হ’ল কি নহ’ল চব পাহৰি যায়৷ গৰমেন্টভি জানে কথাটো! কিবা লফৰা উফৰা হলে, টিভি, পেপাৰ-উপাৰ গৰম হলে অচম বন্ধ হলে গবৰমেণ্টে একটা কমিটি বনাই দিয়ে, নহিতু চবকে মাতি কিনে অলপ মলাই মাৰি দিয়ে, ফিৰ চব ঠান্ডা হৈ যায়! আপনাৰ মনত আছে কি নাই জব ভূপেনদা মৰিছে, যত জাব আপনি চবফালে ভূপেনদাৰ গান আৰু এতিয়া???…" 

সীতাৰামে আৰু কিবা কিবি কৈছিলে, মূৰটো তললৈ নমাই দি মূৰত পানী অলপ দি দুটামান জোৰে জোৰে থপৰিয়াই দিলে চব পাহৰি গ’লো৷ অচমীয়া মানুচ কাৰনেই নেকি সোনকালে পাহৰি যাওঁ৷

তাক পইচাকেইটা দি আইনাত চাই দেখো চব দাড়ি–চুলি গায়ব৷ মাত্ৰ চেলাউৰি কেইডাল অসমৰ মেপখনৰ দৰে জিলিকি আছিল সীতাৰামক বিদায় দি গুছি আহিলো৷ পিছফালৰ পৰা তাৰ পুৰণা গানশুনা যন্ত্ৰটোৰ পৰা ওলোৱা এটা গান শুনিবলৈ পালো…… আমি অসমীয়া নহও দুখীয়া…. আজিৰ অসমীয়াই……..

No comments:

Post a Comment