Sunday, September 8, 2013

প্ৰচ্ছদ নিৱন্ধ

ডঃ ভূপেন হাজৰিকাক কি দৰে জীয়াই ৰাখিব বিছাৰো?


                                                                            - দেৱজিত শইকীয়া

এক প্ৰাসংগিক প্ৰশ্ন, উত্তৰ হয়তো বহুতো ওলাব,  পিছে তাৰ আগতে কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যৰ “পাহৰণিৰ গাড়ীৰ চেপাত বিষ্ণু ৰাভা মৰিল” শীৰ্ষক কবিতাৰ দুষাৰিমান আওৰাই লব খুজিছো ।


“.....২০ জুনত মাত্ৰ ১২ ঘন্টাৰ আয়ুস লৈ আহে তেওঁ, 
কিছু ফুল কিছু ধুপ বিক্ৰী হয় সেইদিনা অৰঙে দৰঙে, 
সন্ধিয়া এজাক জোনাকীয়ে ঘেৰি থাকে তেঁওৰ ফটো খন....... 

সেইদিনা ভাষণবোৰ শুনিলে 
এনে লাগে যেন নীলাভ নক্ষত্ৰৰে
গোটেই আকাশখন নীলাভ হৈ গৈছে।
...... 

২০ জুনৰ পিচত জোনাকীবোৰ গুচি যাব,
ফুলবোৰ মৰহি যাব, 
ফটোখন সাহিত্য সভাৰ প্ৰকাণ্ড পেৰাটোত ভৰাই থব”।

বাৰু তেনে নহওক তাৰেই কামনা কৰিলো।কলম তুলি লৈ আৰু এটা প্ৰশ্ন আহিছে মনলৈ। বিগত দুবছৰে বাৰু কি কৰিলো? ভূপেনদাৰ নশ্বৰ দেহাৰ সন্মুখত কৰা প্ৰতিশ্ৰুতিবোৰ পালন কৰিলোনে, সংকল্পবোৰ ? 

বাৰু জ্যোতি প্ৰসাদ আগৰৱালা, ফণী শৰ্মা কি দৰে জীয়াই আছে আমাৰ মাজত? নে দৈনন্দিন কৰ্ম-ব্যস্ততা বা নিজকলৈ ব্যস্ত হৈ পৰোতে আমি সামাজিক দায়বদ্ধতা কিছু সীমিত কৰিছো? সেই কথা চিন্তনীয়৷

ভূপেনদাৰ জন্মদিনটো সমন্বয়ৰ দিন, অসমৰ বর্তমান পৰিস্হিতি চাই মোৰ পিছে মনে নধৰে আমি এই দিৱসৰ মৰ্য্যদা ৰাখিব পাৰিছো বুলি । পশ্চিমবংগত ৰবীন্দ্ৰ নাথ ঠাকুৰক কি দৰে জীয়াই ৰাখিছে বা আন আন ৰাজ্যবাসীয়ে চিৰনমস্য ব্যক্তি সকলৰ বাবে কি কৰিছে বা কি দৰে জীয়াই ৰাখি আনকো তেঁওলোকৰ বিষয়ে জানিবলৈ সুবিধা কৰি দিছে এই বিষয়ে লিখাৰ বা তুলনা কৰাৰ ইচ্চা নাই । কিন্তু আমি মাত্ৰ কি কৰিছো বা কৰিব পাৰিছো তাৰ বিচাৰ কৰাৰ সময় আহি পৰিছে ।

নহলে এনে এটা দিন আহিব আমি আমাৰ নিজৰ পৰিচয় হেৰুৱাব লাগিব । শিলামূৰ্তি স্হাপন কৰি, হাবিৰ মাজত চৰাইৰ বিষ্টা ত্যাগৰ উপযুক্ত পৰিবেশ গঢি তুলি বা দিৱসৰ দিনা ফুলৰ মালা পিন্ধাই ঘৰতে প্ৰস্তুত কৰি অনা লেখ পাঠ কৰি ফুলাম গামোচা পিন্ধাৰ দিন এতিয়া উকলিল । এতিয়া সময় হাতে কামে কিবা এটা কৰাৰ ।সময় এতিয়া জাতিৰ উত্তৰাধিকাৰী সকলক সঠিক ৰুপে ঐতিহ্যসমূহ বহন কৰি জাতিটোক যাতে আগুৱাই নিব পাৰে তাৰ পৰিকল্পনাক ৰুপায়ন কৰাৰ৷ 

আজিৰ প্ৰজন্মক তাহানিৰ আমি সকলে হয়তো যি দৰে নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিছিল, কৰিব পৰা নাই, দোষ কিন্তু আমাৰহে । সমন্বয়ৰ যি ডোলৰে গুৰু জনাই বান্ধি থৈ গ’ল আৰু ভূপেনদাই গীতে-মাতে যাক টনকিয়াল কৰি গ’ল সেই ডোলৰে একত্ৰিত ভাবে অখন্ড অসমৰ অগ্ৰগতিৰ বাবে আজিৰ প্ৰতিজন অসমীয়াই চিন্তা চৰ্চা কৰা উচিত । তেখেতৰ গীতত আছে মিলনৰ মূল মন্ত্ৰ, গীতৰ কথাত আছে মানৱতা ।

আমি নিজৰ সন্তানক তেখেতৰ গীত, কৰ্মৰাজি, দৰ্শনৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰিলে আৰু গুণী-জ্ঞানীজনৰ তেখেতৰ সম্পৰ্কে কৰা আলোচনা, প্ৰবন্ধ, গবেষনা আদি সকলোৰে বাবে যাতে সহজতে উপলবদ্ধ হয় তাৰ ব্যৱস্হা কৰিব পাৰিলে মই ভাবো ভূপেনদাক জীয়াই ৰখাত সুবিধা হ’ব ।

এজন শিক্ষক হিচাপে মই পিছে ঘৰত বা বিদ্যালয়ত ভূপেন হাজৰিকা সম্পৰ্কে নৱ প্রজন্মক আগ্ৰহী কৰি তোলাৰ প্ৰকল্পক হে অধিক গুৰুত্ব দিও । ভূপেন হাজৰিকা এজন ব্যক্তি নহয় এক অনুষ্ঠান, এক ধ্বজা, যাক জীয়াই ৰখা আৰু আগুৱাই নিয়া আমাৰ কৰ্তব্য, এক গুৰু দায়িত্ব । আহক এই দায়িত্ব এজন অভিভাৱক হিচাপে মইও পালন কৰো আৰু আপুনিও ।
-----------------------------------------------
লেখক এগৰাকী প্ৰৱক্তা আৰু তেজপুৰ নিবাসী সচেতন নাগৰিক

No comments:

Post a Comment