লাগতিয়াল তথ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লাগতিয়াল তথ্য

লাগতিয়াল তথ্য

Share This
থলুৱা, যাযাবৰী,সাগৰীয় আৰু পাহাৰী সম্প্রদায়ৰ ভাষাৰ সঞ্জীৱিকৰণৰ বাবে জন-অভিযান
অসমৰ ভাষা : ভাৰতীয় জন ভাষা জৰীপ (খণ্ড ৫ : দ্বিতীয় ভাগ)
ড° বুলজিৎ বুঢ়াগোহাঁই

ভাৰতীয় জন ভাষা জৰীপ (The Peoples’ Linguistic Survey of India, www.peopleslinguisticsurvey.org ) হ’ল ভাষিক বৈচিত্র্যৰ সংৰক্ষণ আৰু সমৃদ্ধিৰ অৰ্থে গঠন কৰা এক ভাষাগত জৰীপ। এই জৰীপৰ গুৰি ধৰিছে গুজৰাটৰ বৰোদাস্থিত ‘ভাষা গৱেষণা আৰু প্রকাশন কেন্দ্র’ নামৰ এটা বেচৰকাৰী সংস্থাই। 

ভাৰতীয় জন ভাষা জৰীপৰ অধ্যক্ষৰ দায়িত্বত আছে অধ্যাপক গণেশ নাৰায়ণ ডেভী। ভাষা গৱেষণা আৰু প্রকাশন কেন্দ্রই ভাৰতীয় জন ভাষা জৰীপৰ অন্তৰ্গত অসম খণ্ড “অসমৰ ভাষা” গ্রন্থখন প্রস্তুতকৰণৰ বাবে ৰাজ্যিক সমন্বয়কৰ দায়িত্বত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° বিভা ভৰালী। অসম খণ্ড “অসমৰ ভাষা” গ্রন্থখনৰ সম্পাদনা সমিতিত যুটীয়া সম্পাদক হ’ল ড°বিভা ভৰালী আৰু ড°বনানি চক্রৱৰ্তী, সহযোগী সম্পাদক হ’ল ড° বীৰহাসগিৰি বসুমতাৰী আৰু ড° অম্বেশ্বৰ গগৈ। ভাৰতীয় জন ভাষা জৰীপৰ ‘অসমৰ ভাষা’ গ্রন্থখনত অসমত ব্যৱহৃত সংবিধান অনুসূচী-ভূক্ত আৰু অনুসূচী-বহিৰ্ভূত সৰ্বমুঠ পঁচপন্নটা ভাষা আৰু ভাষাৰূপৰ প্রৱিষ্টি সন্নিৱিষ্ট কৰিছে। 

এইবোৰৰ বাহিৰেও অসমত প্রচলিত থলুৱা কেইবাটাও ভাষা জৰীপৰ বাহিৰত ৰৈ গৈছে। কোনো ব্যক্তিবিশেষ অথবা ভাষা সম্প্রদায়ে এনে ভাষাসমূহ প্রৱিষ্টি সংগ্রহ কৰাৰ ক্ষেত্রত সহযোগিতা কৰিলে পৰৱৰ্ত্তী সংস্কৰণত লিপিবদ্ধ কৰিব । 

 “অসমৰ ভাষা : ভাৰতীয় জন ভাষা জৰীপ (খণ্ড ৫ : দ্বিতীয় ভাগ)” গ্রন্থখনি ‘বনলতা’হৈ অনন্ত হাজৰিকাই প্রকাশ কৰিছে । গ্রন্থখনৰ প্রথম সংস্কৰণ ৫ ছেপ্টেম্বৰ, ২০১৩ তাৰিখে প্রকাশ পাইছে। গ্রন্থখনৰ বেটুপাতৰ শিল্পী পংকজ পৰাণ । গ্রন্থখনৰ মুঠ ৬৭২ পৃষ্ঠা আছে । গ্রন্থখনি মূল্য ৭০০টকা। 

No comments:

Post a Comment