লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. সকলো স্বায়্ত্ব শাসিত পৰিষদতে একোটাকৈ টাক শাল দিয়াৰ দাবী তুলিলে অনাগত নিৰ্বাচনত ভাগ লব লগা প্ৰাৰ্থী সকলে৷"টকা সিকাই মাত্ৰ সঁচা, বাকী চব মাথো মিচা" বুলি এই নেতাসকলে বুজি উঠিছে৷ কিমান আৰু টকাৰ বাবে দিল্লী বা দিছপুৰৰ মুখলৈ চাই থাকিব বুলি মত প্ৰকাশ কৰি সৰ্বদলীয় ভাৱে এই টকা ছপোৱা মেছিন স্থাপনৰ দাবী পোনে পোনে ৰাষ্ট্ৰপতিলৈ পঠোৱা বুলি খবৰ আমালৈ আহিছে৷
২. দুদিন পাছত ভাৰতীয় ৰজা এজন পাকিস্তানী ৰজাৰ সৈতে মিলিত হৈ শান্তিৰ পাৰ চৰাই মাৰি এটা ভোজ মেলত অংশ লোৱাৰ কথা৷ তাৰ পাছতে ভয়ত দুয়ো দেশৰ আকাশত পাৰ চৰাইবোৰ উৰিয়েই ফুৰিব বুলি সূত্ৰত তামাম আশা প্ৰকাশ৷

৩. "ৰূপজ্যোতিৰ দৰ্পচূৰ্ণ" নামৰ ভাওনা এখন মৰিয়নিৰ আৰক্ষী থানা চৌহদত মঞ্চস্থ হোৱাৰ খবৰ আহিছে৷ "মাফ কৰিব ইন্সপেক্টৰ" শীৰ্ষক সংলাপটিয়ে অতিপাত জনপ্ৰিয়তা লাভ কৰা বুলি জানিব পৰা গৈছে৷

৪. "সাত ডাল নেজ থকা সোণালী বান্দৰৰ অৱিৰ্ভাৱ" শীৰ্ষক ব্ৰেকিং নিউজটোৱে সকলো খলকনিৰ অভিলেখ ভাঙি দিয়াৰ বাতৰি আহিছে৷ পিছে টুটকীয়া নিউজে দিয়া খবৰ মতে সাংবাদিকৰ সাতখন অ,বি ভেন সেই স্থানলৈ ৰাওনা হৈছে৷ এতিয়াৰ পৰা সাত দিন চাই থাকিবলৈ পাব, সাত নেজীয়া সোণালী বান্দৰ লাইভ!

৫. "সংখ্যালঘু বেজালি" নামৰ ৰাজনৈতিক গ্ৰন্থৰ উন্মোচন কৰিলে  লেখক আজকলউদ্দিন চাহাবে৷ জৰা-ফুকা পানী জৰাৰ পৰা এতিয়া চাহ বাগানৰ মানুহক কেনেকৈ দললৈ আনিব পাৰি, সেই টিপচ সম্পন্ন গ্ৰন্থই সংখ্যালঘু ৰাজনীতিলৈ এক বেয়া বতাহ আনিব বুলিও লেখকে আশা প্ৰকাশ কৰিছে৷


৬. বিজুলি বাতি পৰিষদত ধন দি লাভ কৰিলে নিযুক্তি৷ এই বাতৰিয়ে বহু চাকৰি প্ৰাৰ্থীলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷ কিমান বিভাগত কেইবাবছৰ আগতেই টকা দিয়াৰ পাছতো এতিয়ালৈকে চাকৰি হোৱা নাই৷ অথচ বিজুলী বাতি পৰিষদত ফটাফট টকা দিয়া মাত্ৰকে চাকৰি হৈছে, সেয়া এক আশাৰ বতৰা বুলি নিৱনুৱা সন্থাই প্ৰকাশ কৰিছে৷ এনে কথা দি কথা ৰখা কাৰ্যই সঁচাই আশাৰ বন্তি প্ৰজলিত কৰিছে বুলিও বিজ্ঞপ্তিত উল্লেখ কৰিছে৷

৭. এইবাৰ হাতদীঘল মানুহৰ তালিকাত বিশ্ব অভিলেখত স্থান পালে অসমীয়াই৷ যোৰহাটৰ অভিলেখ বৰুৱাই জনোৱা মতে কইনাধাৰা পাহাৰত বাস কৰা এজন বাসিন্দাই এই ৰেকৰ্ড কৰিছে৷ তেখেত ইমানেই হাত দীঘল যে, পাহাৰত বহি থাকিয়েই দিল্লীত তেখেতক চিপৰাং মৰা সকলৰ পাখি কাটি দিয়াৰ উদাহৰণ দাঙি ধৰিছে৷

৮. যোৱা এবছৰ ধৰি অসমত খালী হৈ আছে লোকায়ুক্তৰ পদ৷ এই ব্যৱস্থাৰে থলুৱা সকলক লক্ষ্মী দেৱীৰ বৰপুত্র হৈ অতি সোনকালে ধনী হোৱাৰ যিকোনো পথ অৱলম্বন কৰিবলৈ সুচল কৰি দিয়া বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ থলুৱা, মলুৱা সকলোৱেই যাতে টকাৰ পাহাৰৰ ওপৰত সোনকালে উঠিব পাৰে তাৰ বাবেই এই প্ৰশসংনীয় পদক্ষেপ লোৱা বুলি দুৰ্নীতিকাৰক মন্ত্ৰী বাহিনীৰ সম্পাদকে জনাইছে৷

৯. চৰকাৰে দিয়া ভিটামিন টেবলেট খাই পুৰীত ১৭৭জন অসুস্থ হোৱাৰ বাতৰিয়ে স্বস্তি আনিছে অসমৰ বেমাৰ আজাৰ তথা লিখা পঢ়া বিভাগলৈ৷ সেই বিষয়ে সবিশেষ তথ্য লৈ ভৱিষ্যতে আিৰণ টেবলেট খাই ছাত্ৰী অসুস্থ হ’লেই ভাষণ দিব পৰাকৈ এই ঘটনা যুগুতাই ৰাখিবলৈ বিষয়ালৈ আহিছে নিৰ্দেশ৷ ভাষণটোৰ বাবে মাত্ৰ অসমতেই নহয়.... বুলি আৰম্ভ কৰাৰ বাবে গগৈ চাৰৰ ফৰ্মেটটোকেই ব্যৱহাৰ কৰাৰ বাবেও জাৰি কৰিছে নিৰ্দেশনা৷

১০. কচুৱাত বিদ্যুতপৃষ্ঠ হৈ এজন যুৱকৰ মৃ্ত্যু হোৱা ঘটনাত আনন্দ প্ৰকাশ কৰিলে বিদ্যুত পৰিবহন বিভাগে৷ ইয়েই অসমত যে এতিয়াও বিদ্যুতৰ উপস্থিতি আছেই তাকেই প্ৰমাণ কৰিলে বুলি বিভাগে জাৰী কৰিলে বিজ্ঞপ্তি৷ এই মায়ময় সংসাৰৰ মোহৰ পৰা মুক্তি পাবলৈ অচিৰেই বিভাগে অত্যাধিক সা-সুবিধা আগবঢ়াব বুলিও কৰিলে ঘোষণা৷

No comments:

Post a Comment