পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
ধীৰাজ ডেকাৰ সৃষ্টিৰ প্ৰদৰ্শন... এৰী মূগাৰ কাপোৰ ৰেম্পত
লণ্ডন ফেশ্বন উইকত...
.
১. পাঠশালাৰ বিস্ময় বালক কাব্যম কাশ্যপে ১২ মিনিটত ৫১৬টা ইংৰাজী শব্দৰ অৰ্থ কৈ এছিষ্ট বৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিলে নিজৰ নামঃ চাৰি বছৰ চাৰি মাহৰ এই বালকজনৰ এই প্ৰতিভা প্ৰত্যক্ষ কৰিলে সহস্ৰাধিক লোকে৷

২. মৰিগাঁৱত অনুষ্ঠিত ৪৩তম মতিৰাম বৰা ফুটবলত গ্ৰীণভেলীক হৰুৱাই এফ চি আই  দল চেম্পিয়নঃ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হ’ল জেংগা ৰংপি৷

৩. অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিলে স্বাৱলম্বন আঁচনিঃ এই আঁচনিৰে সম্ভৱ হ’ব মাহিলী পেঞ্চন লাভৰো ৷

৪. আজিৰ দিনটো পালিত হৈছে ৰাষ্ট্ৰীয় কণ্যা শিশু দিৱস হিচাবেঃ আয়োজিত হৈছে দেশজুৰি শ্লোগান লেখা এক প্ৰতিযোগিতাৰো৷

৫. অসমৰ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশনেৰে সম্বন্বয়ৰ বাৰ্তাই কঁপালে ওদালগুৰি চহৰঃ ৯টা ভাষাত পৰিবেশিত হ’ল অ’ মোৰ আপোনাৰ দেশ৷

৬. ষষ্ঠ জিটিচি চেলেঞ্জ ট্ৰফী ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল মেচ আজি সন্ধিয়াঃ মুখামুখি হব অইল ইণ্ডিয়া আৰু আছাম ৰাইফলছ দল৷

৭. পূৱ ভাৰত কাৰাটেত ১১টা পদক বিজয়েৰে অসম দলে উৰুৱালে সফলতাৰ ধ্বজ৷

৮. অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিক সমাবৰ্তন অনুষ্ঠিতঃ সফলতাৰে ধ্বজ উৰুৱাই ২৯৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিলে বিভিন্ন বিষয়ৰ ডিগ্ৰী৷

৯. তেজপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থী ৰূপে প্ৰক্ষেপিত হ’ল লণ্ডনত সেৱাৰত উচ্চায়ুক্ত যৈমিনী ভাগৱতীঃ প্ৰাৰ্থীত্ব দিবৰ বাবে কংগ্ৰেছ, বিজেপি দুয়োদলেই সাজু বুলি প্ৰকাশ কৰিলে সূত্ৰই৷

১০. আমগুৰি মহাবিদ্যালয়ত অনুষ্ঠিত হ’ল "প্ৰচাৰ মাধ্যমত অসমীয়া ভাষাৰ প্ৰয়োগ আৰু গ্ৰহণযোগ্যতা" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰঃ অসমীয়া ভাষাক অসমৰ জাতি-জনগোষ্ঠী সমূহৰ উমৈহতীয়া ভাষা বুলি মন্তব্য কৰিলে শিক্ষাবিদ দেৱেন দত্তদেৱে৷

১১. আই পি এলৰ স্পট’ ফিক্সিং কেলেংকাৰী গোচৰত মুম্বাই আৰক্ষীয়ে দিলে ১১,৫০০ পৃষ্ঠাৰ চাৰ্জচিটঃঅভিযোগনামাত মায়াপ্পান, বিন্দুৰ নাম সন্নিবিষ্ট হোৱাৰ খবৰ৷

১২. শৰণীয়া কছাৰী উন্নয়ন পৰিষদে আগবঢ়ালে বাগ্সা প্ৰেছ ক্লাৱলৈ সাহাৰ্যঃ ফেক্স মেচিন প্ৰদানেৰে দূৰ কৰিলে সংবাদ সেৱীৰ এটা বহুদিনীয়া অভাৱ৷

চিন্তনীয় খবৰঃ
কোকৰাঝাৰত মেংগো স্লাইছৰ বটলত অজস্ৰ পোক, ম্যাদ উকলা শ শ বটল জব্দ হোৱাৰ বাতৰি৷

জন্মস্থানতে এলাগী হৈ ৰৈছে অসমীয়া সাহিত্যৰ মূল কাণ্ডাৰী ৰসৰাজঃ শিৱসাগৰত ক্ষোভ উজাৰিলে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহে৷

সংগীত সন্মিলনৰ বাবে যোগ্য নহ’ল অসমীয়া বাদ্যশিল্পীঃ আকাশবাণীত থলুৱা শিল্পী উপেক্ষিত হোৱাৰ খবৰে লাভ কৰিলে সংবাদ শিৰোনামা৷

জাকাছে পৃথক ৰাজ্যৰ দাবীত আহ্বান কৰা অনিৰ্দিষ্টকালীন বন্ধত স্তব্ধ হৈ পৰিছে কাৰ্বি পাহাৰঃ জনজীৱন স্তব্ধ হৈ পৰাৰ চিন্তনীয় খবৰ৷

মহানগৰীত পানী যোগান ব্যক্তিগতকৰণৰ প্ৰতিবাদত এইবাৰ অনশন কৰিলে ডঃ হীৰেণ গোহাঁইকে ধৰি মহানগৰৰ সচেতন নাগৰিকে৷

নগাঁৱত বাঁহ ৰোপণ, বান পৰিচালনা সমিতিৰ নামত কোটি টকাৰ কেলেংকাৰীৰ লেহেমীয়া তদন্তঃ দোষী সাৰি যোৱাৰ সম্ভাৱনা প্ৰকট হোৱাৰ খবৰ৷

No comments:

Post a Comment