প্ৰচ্ছদ নিৱন্ধ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

প্ৰচ্ছদ নিৱন্ধ

Share This
বিভাজনমুখিতাৰ সমাপ্তি ঘটক
আগ-ভাগ লওক বিবেকৱানসকলে
যতীন্দ্ৰ কুমাৰ বৰগোহাঞি


মধ্য শ্ৰেণীৰ শিক্ষিত লোকসকলৰ উদাৰতা আৰু জাতিগত সহনশীলতা নাথাকিলে বিভিন্ন জনগোষ্ঠীৰ মানুহ একেলগে বাস কৰাটো কেতিয়াও সম্ভৱ নহয়। এই লোকসকলেই নিজৰ মাটি, চাকৰি আৰু অন্যান্য সা-সুবিধাৰ বাবে সাধাৰণ মানুহখিনিকো সংকীৰ্ণমনা আৰু উগ্ৰ কৰি তোলে। সাধাৰণ মানুহখিনিক উত্যক্ত কৰি তোলা এই ৰোগটোক ৰাজনৈতিকভাৱে অসাধু, অপৰিপক্ক আৰু সুবিধাবাদী লোকসকলে ভোট-যুদ্ধত ব্যৱহাৰ কৰে। মানুহক মতান্ধ আৰু উগ্ৰ কৰি তোলা এনেধৰণৰ কথাবোৰ ব্যক্তিগত স্বভাৱ বা নেতৃত্বৰ দোষত কেতিয়াবা উগ্ৰ হয় বা কেতিয়াবা শান্ত ৰূপত থাকে। কিন্তু এবাৰ আদৰ্শগত ৰূপত সংকীৰ্ণতা আৰু অনুদাৰতাই শিপা মেলাৰ মাজত এইবোৰ আৰু ব্যক্তিগত দোষ-গুণৰ নিয়ন্ত্ৰণাধীন হৈ নাথাকে। 


সহজ ভাষাত কথাটো এনেকুৱা- যিসকল যুঁজৰ কুকুৰাই সাম্প্ৰদায়িক আৰু সংকীৰ্ণ, জাতিগত বিদ্বেষপূৰ্ণ কথা আৰু কামেৰে নিজৰ জনগোষ্ঠীটোৰ মানুহখিনিক উগ্ৰ কৰি তুলি ক্ষমতা দখল কৰে, সেই লোকসকলে ক্ষমতা দখল কৰাৰ পিচত উদাৰ হৈ দেখুৱালে জনগোষ্ঠীটোৰ মাজত গভীৰভাৱে শিপা মেলা সাম্প্ৰদায়িকতা দূৰ নহয়। সাম্প্ৰদায়িকতা দূৰ কৰিবৰ বাবে ব্যাপক আৰু গভীৰ ৰূপত আদৰ্শগত সংগ্ৰাম লাগে। স্বৰাজৰ দাবীত হোৱা সুদীৰ্ঘকালীন সংগ্ৰামত গান্ধীজীৰ পৰা ভগত সিঙলৈ, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসুৰ পৰা অসমৰ নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈলৈ- হেজাৰ হেজাৰ নেতা আৰু কৰ্মী আছিল আদৰ্শগত যুঁজাৰু, তেওঁলোকে জাতিগত সমস্যাবিলাককো অসাম্প্ৰদায়িক, নিৰপেক্ষ বা সাৰ্বজনীন আদৰ্শৰ আধাৰত বিশ্লেষণ কৰিছিল আৰু তেনে নীতি নিৰ্ধাৰণ কৰিছিল যাৰ দ্বাৰা মানুহৰ মাজত ক্ৰমান্বয়ে জাতিগত, ধৰ্মীয় আৰু ভাষিক বিদ্বেষ দূৰীভূত হয়। স্বৰাজোত্তৰ ছয়ষষ্ঠিটা বছৰত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আদৰ্শগত সংগ্ৰাম হ্ৰাস পাইছে। সমগ্ৰ দেশজুৰি যিদৰে নগ্ন ৰূপত সাম্প্ৰদায়িক শক্তিবোৰে নিজৰ ক্ষমতাৰ যুঁজক ধৰ্মীয়, ভাষিক তথা জাতিগত আধিপত্যৰ সংগ্ৰামত পৰিণত কৰিছে, অসমতো ঠিক তেনেধৰণৰ নগ্ন আৰু মুখা পিন্ধা সাম্প্ৰদায়িকতাই ৰাজনৈতিক ক্ষমতাৰ যুঁজ ৰূপত মূৰ দাঙি উঠিছে। নেতাৰ মুখত কিছু উদাৰতা আৰু কবিসুলভ কোমলতা ভৰা কথা থাকিলেই সাম্প্ৰদায়িক সংকীৰ্ণতা দূৰ নহয়। অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানি, যশোৱন্ত সিং আদি অজস্ৰ ৰাষ্ট্ৰনেতা বিজেপিৰ মাজত আছে, যিসকলে ব্যক্তিগত শ্ৰেষ্ঠত্বৰ ফালৰ পৰা ভাৰতৰ শীৰ্ষত থাকিব পাৰে; কিন্তু তেওঁলোক নেতৃত্বত থাকিলেই সাম্প্ৰদায়িকতাৰ বীজ নমৰে। অন্য ধৰ্মৰ (উদাহৰণস্বৰূপে ইছলাম ধৰ্মৰ) বহু নেতা বহুগুণী, মেধাৱী বা শ্ৰেষ্ঠ পুৰুষ হ’ব পাৰে; কিন্তু তেনে এজন ব্যক্তি নেতৃত্বত বহিলেই ধৰ্মীয় সংকীৰ্ণতা দূৰ নহয়। বড়ো লোকসকলৰ মাজতো বহু ব্যক্তি আছে, যিসকলে সাংগঠনিক প্ৰতিভা, নেতৃত্বসুলভতাৰ ক্ষেত্ৰত সকলো জনগোষ্ঠীৰ নেতাও হ’ব পাৰে; কিন্তু তেওঁলোক নেতৃত্বত থাকিলেই বড়োভূমিৰ মাটিত শিপা মেলা বিভিন্নধৰণৰ সাম্প্ৰদায়িকতাৰ বীজ নিৰ্মূল নহয়। তাৰবাবে গভীৰ আদৰ্শগত যুঁজ এখন লাগে। সাম্প্ৰদায়িকতা আৰু সংকীৰ্ণতা, জাতিবিদ্বেষী উষ্মা অগ্নিৰ জিভা মেলা বাঘৰ দৰে। ইয়াৰ পিঠিত এবাৰ যি উঠিছে, সি সহজে নামিব নোৱাৰে। বাঘৰ পিঠিতেই তেওঁলোক থাকিব লাগিব। হাগ্ৰামা মহিলাৰীসকল তেনে বাঘৰ পিঠিৰ পৰা নামিব নোৱাৰে, নামিব খুজিলে অন্য ব্যাঘ্ৰাৰোহীসকলে তেওঁকো চেৰাই যাব, ৰাজনৈতিকভাৱে মষিমূৰ কৰিব। 

অবড়ো-অজনজাতিৰ সুৰক্ষা 

সাম্প্ৰদায়িকভাৱে প্ৰদূষিত ৰণাংগনত যুদ্ধৰ পৰিভাষাহে মানুহে বুজি পায়। তেনে পৰিভাষাৰ তলত লুকাই থকা বিভাজনমুখিতা বুজি নাপায়। সেইবাবে অজনজাতিৰ সুৰক্ষাৰ নামত বেছি বৰ কথা কোৱাসকলৰ পৰাও সাৱধান হোৱা ভাল। বড়ো-অবড়োক জনজাতি-অজনজাতিক ভিত্তিত বিভাজনৰ কলুষতা তেওঁলোকৰো আছে। 

অসমীয়া মানুহখিনিক অবড়ো আৰু বড়ো, অমিচিং আৰু মিচিং, অকাৰ্বি আৰু কাৰ্বি, কোচ ৰাজবংশী আৰু অকোচ ৰাজবংশী, অজনজাতি আৰু জনজাতি ৰূপত ভাগ কৰাটো কোনো নিষ্ঠাৱান গণতান্ত্ৰিক, জাতীয় চৰিত্ৰ থকা লোকে নিবিচাৰে। 

আমাৰ মতে বড়ো আৰু অবড়োক দুভাগত ভাগ কৰি সাম্প্ৰদায়িক যুঁজ আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণৰ আখৰা কৰাটো কেৱল ‘দুৰ্ভাগ্যপূৰ্ণ’ বুলি আখ্যা দি কোনো সাৰি যাব নোৱাৰে। তেনেধৰণৰ বিভাজন যিসকলে ঘটাইছে তেওঁলোকে বিভাজনৰ ৰাজনীতিক স্থায়িত্ব প্ৰদান কৰিছে। প্ৰকৃত অসাম্প্ৰদায়িক অসমীয়াসকলে বড়ো, অবড়ো, অমিচিং, অকাৰ্বি আদিৰ দৰে বিভাজনকামী নীতি গ্ৰাহ্য নকৰে। মনত ৰখা ভাল যে বড়োসকলক ভাই-ককাইৰ ‘সমূহীয়া চোতাল’খনৰ পৰা আঁতৰাই নি বিচ্ছিন্ন ৰূপত আক্ৰমণ কৰিবলৈ নাইবা ৰাজনৈতিকভাৱে ধ্বংস কৰিবলৈ অসমৰ শত্ৰুসকলেহে ভাল পাব। বড়োসকলক উগ্ৰ কৰি তোলাটো যিদৰে সাম্প্ৰদায়িকতা, ঠিক সেইদৰে অবড়োক বিভাজিত আৰু উগ্ৰ কৰি তোলাটোও সাম্প্ৰদায়িকতা। মনত ৰখা ভাল যে কেইমাহমানৰ আগতে বড়োক নিধন কৰিবৰ বাবে যিসকলে অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰিছিল, তেওঁলোক অসমৰ মিত্ৰ নহয়; একেদৰে সুদীৰ্ঘ সময় ধৰি একাংশ বড়োক উগ্ৰ কৰি অস্ত্ৰ-শস্ত্ৰ হাতত তুলি দি মানুহ মাৰিবলৈ উগ্ৰ কৰি তোলাসকলো অসমীয়াৰ মিত্ৰ নহয়। উভয় পক্ষৰ আঁত একেডালেই। ‘অসম’ আৰু ‘অসমীয়া’ক এটা মৃত ধাৰণাত পৰিণত কৰিবৰ বাবে এওঁলোকৰ ষড়যন্ত্ৰ। এইবোৰ অৱশ্যে ভস্মাসুৰৰ দৰে- অসমীয়াক নিধন কৰিবলৈ গৈ নিজেও মৰিব।

সমূহীয়া মঞ্চ, সমূহীয়া চোতাল 

জাতিগত উগ্ৰতা আৰু সাম্প্ৰদায়িকতাক সম্পূৰ্ণ ধ্বংস কৰিবৰ বাবে জনগোষ্ঠীবোৰক বিভাজিত কৰি, সুকীয়া সুকীয়া অংক কৰিব নালাগে। চুটি বুদ্ধিৰ দূৰদৃষ্টি নথকা মানুহেহে তেনে কাম কৰে। আমাৰ অসমৰ আগচোতাল আৰু পিচচোতাল দুয়োখনেই সমূহীয়া। সকলোৱে তাত বহিব পাৰে। মঞ্চ নিৰ্মাণ কৰিব পাৰে। এসময়ত এই বৰচোতালৰ মঞ্চতে বৰ আসন পাতি বহিছিল চুকাফা, বীৰ লাচিত, ৰুদ্ৰসিংহ। বহিছিল নৰনাৰায়ণ, চিলাৰায়। তেওঁলোক ঐতিহাসিক নিৰ্মাতা, বীৰহে আছিল। সাম্প্ৰদায়িক নাছিল। এতিয়া তেওঁলোকক টানি-আঁজুৰি সাম্প্ৰদায়িক কৰিবলৈ কুচেষ্টা কৰা হৈছে। শ্ৰীমন্ত শংকৰ-শ্ৰীমন্ত মাধৱ বহিছিল গুৰু আসন পাতি বৰ চোতালত। তেওঁলোক সাম্প্ৰদায়িক নাছিল। আধুনিক যুগৰ বুদ্ধি আৰু মেধা, সুকুমাৰ প্ৰতিভা আৰু বৌদ্ধিক চেতনাৰ সমন্বয়সাধক মহাবিপ্লৱী জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদে প্ৰথম দূৰ কৰা বিষৰ বীজবোৰ আছিল সাম্প্ৰদায়িক। সেইবোৰ মষিমূৰ নকৰিলে কোনো জাতিৰে প্ৰগতি সম্ভৱ নহয়। 

কোনো কংগ্ৰেছী, কমিউনিষ্ট নাইবা ভাৰতীয় গণতন্ত্ৰীয়ে পূৰ্বে অসমত জাতি আৰু ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰা নাছিল। ৰাজনৈতিক ক্ষমতা সহজে লাভ কৰিবৰ বাবে বৰ্তমানতহে এইবোৰ বেছিকৈ কৰা হৈছে। কোনোবাই বেছি জনজাতি হৈ দেখুৱাইছে, কোনোবাই দেখুৱাইছে বেছি অজনজাতি হৈ, কোনোবাই বেছি হিন্দু হৈ আৰু কোনোবাই বেছি মুছলমান হৈ একে বিভাজনকামী দুষ্কাৰ্যকে কৰিছে। অসমীয়াৰ বাবে এইবোৰ গ্ৰহণীয় নহয়। 

বহুপাক্ষিক মঞ্চ বহল চোতাল 
দিল্লীত ত্ৰিপাক্ষিক আলোচনা কৰিছে ভাগ ভাগ নকৰিবৰ বাবে নেকি? অসমৰ তথাকথিত শীৰ্ষনেতাসকলে কৈ আছে যে তাত ভঙাৰ ষড়যন্ত্ৰ নাই। ‘অসম বিভাজন কৰিবলৈ মই নিদিওঁ’ বুলি গৰ্ব কৰাসকলেও অসমৰ মানুহখিনিক ভুল পথে পৰিচালিত কৰিছে। অসম ৰক্ষা কৰিব বাবে তৎকালীনভাৱে প্ৰয়োজন এখন বহুপাক্ষিক, সৰ্বদলীয়, সৰ্বজনগোষ্ঠীয় মহামেল। এইটো বুজিবৰ বাবে মস্তিষ্কত কেৱল সংকীৰ্ণ ৰাজনীতিৰ কীট থকা আৰু ক্ষমতাৰ খঁকত অসমক খণ্ড-বিখণ্ড কৰিব খোজাসকলক নিজৰ ভ্ৰান্তি নিজে দূৰ নকৰাপৰ্যন্ত আমাৰ মাজত নালাগে। লাগে সংকীৰ্ণ স্বাৰ্থ নথকা লোকসকলৰ সুচিন্তিত সুপৰামৰ্শ। লাগে সকলো জনগোষ্ঠীৰ উদাৰ লোকসকলৰ এক ঐক্যবদ্ধ মঞ্চ।

মনত ৰখা ভাল যে অকণমান ভূখণ্ড ভাগ ভাগ কৰি স্বায়ত্ততা দিবলৈ কৰা অপচেষ্টাৰ মাজতে ভ্ৰান্তি আছে। ৰাজনৈতিক সা-সুবিধা, চাকৰি, শিক্ষাৰ সা-সুবিধা, উদ্যোগৰ সা-সুবিধা, চিকিৎসাৰ সা-সুবিধা – এইবোৰৰ সমানুপাতিক বিভাজন সম্ভৱ। কিন্তু আগচোতাল-পিচচোতালৰ বিভাজন সম্ভৱ নহয়। ৰান্ধনিশালৰ বিভাজন নহয়। এইটো বুজিবৰ বাবে দিল্লীৰ কাৰিকৰ নালাগে, লাগে খাটি লুইতপৰীয়া বীৰ! আমাক ভাগ-বটোৱাৰাৰ বাবে দিল্লীৰ পাগত উঠা কাৰিকৰ নালাগে। হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মসকল লুইতপৰীয়া বীৰ হওক, দিল্লীৰ কাৰিকৰ হ’ব নালাগে। অসমৰ আগচোতাল-পিচচোতালত বহক সন্মিলিত মঞ্চ, ঐক্যৰ মঞ্চ। বড়ো-অবড়ো, মিচিং-অমিচিং, কাৰ্বি-অকাৰ্বি, ৰাভা-অৰাভা, ৰাজবংশী-অৰাজবংশীৰ বিভাজনক সমাধি দিয়ক স্থায়ীভাৱে। তৎকালে এক সৰ্বজনগোষ্ঠীয় মঞ্চত সকলো সন্মিলিত হওক- অন্যথা বিবেকহীনৰ দৰেই মৰণ ঘটিব সকলোৰে।
----------------------------------------------------------------------------------------------------------------------------
লেখাটোৰ অসমীয়া ইউনিকোডকৰণ কৰি সহায় কৰিলে গুৱাহাটীত অধ্যয়নৰত মঞ্জিল কোঁৱৰে

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages