পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. জন সচেতনতাৰ লক্ষ্যৰে অহা ২১ছেপ্তেম্বৰত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হব পূৰ্ণাংগ নাট “ডাইনী”: যুৱ নাট্যকাৰ বিষ্ণু গোহাঁই ৰচিত নাটকখনৰ পৰিচালনা জয়ন্ত দত্তৰ৷ “বুৰুজ” নামৰ সমাজ সাংস্কৃতিক অনুষ্ঠানৰ এই আয়োজন উদ্বোধন কৰিব বীৰুবালা ৰাভাই৷



২. স্বাধীনতা সংগ্ৰামী বাহাদুৰ গাঁওবুঢ়া-ফৰ্মুদ আলীৰ নামত যোৰহাটত ভোগদৈ দলঙৰ নামাকৰণৰ দাবী তুলিলে সন্মিলিত জাতীয় ঐক্য মঞ্চই৷

৩. স্বাস্থ্যখণ্ডৰ আঁচনি ৰূপায়নত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে অসমঃ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী গোলাম নবী আজাদে পাঁচখনকৈ নতুন আঁচনি উদ্বোধন কৰি প্ৰশংসা কৰিলে অসমৰ স্বাস্থ্য মন্ত্ৰীৰো৷

৪. উন্মোচিত হ’ল জনাৰ্দন গোস্বামীৰ তিনিখনকৈ গ্ৰন্থঃ “লিঅ’নাৰ্ড দ্য ভিঞ্চিঃ এক কিংবদন্ত জীৱনগাঁথা” নামৰ জীৱনী, “তৰাৰ বেহেলা” কাব্য সংকলন আৰু উপন্যাস “এবুকু উশাহ” প্ৰকাশ কৰি উলিয়াইছে ভবানী বুকছে৷

৫. দুহেজাৰ এশ বাৰ গৰাকী শিল্পীৰ কণ্ঠত মুখৰিত দিহানামৰ লহৰত মুখৰিত হ’ল দুলীয়াজানঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ জৰিয়তে দিহানামেৰে ৰচিলে এক নতুন অভিলেখ৷

৬. ইণ্ডিয়ান বেডমিণ্টন লীগ জয় কৰিলে হায়দৰাবাদ হটশ্বট দলেঃ পি ভি সিন্ধুক পৰাস্ত কৰিলে ছাইনা নেহৱালে৷

৭. অসম সাংবাদিকতা বিদ্যালয়ৰ দ্বিতীয় প্ৰতিস্থা দিৱসত অংশ গ্ৰহণ কৰি ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে ক’লে-"সমাজ সংশোধনৰ ক্ষেত্ৰত সাংবাদিকৰ দ্বায়িত্ব অপৰিসীম"৷

৮. গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা জীৱেশ্বৰ গোস্বামী এ ডিভিজন ফুটবল লীগত চেম্পয়ন হ’ল গংগা স্পৰ্টছ ক্লাৱঃপৰাস্ত কৰিলে চিটি পুলিচ দলক৷

৯. আজিৰে পৰা অসমত পৃথক ৰাজ্যৰ দাবী কৰা জনগোষ্ঠীয় নেতা সকলৰ সৈতে নতুন দিল্লীত আৰম্ভ হৈছে বিষয়া পৰ্যায়ৰ ত্ৰি-পাক্ষিক আলোচনা৷

১০. বাগসা জিলাত অনুষ্ঠিত আন্তঃ আদিবাসী প্ৰাইজমানী ফুটবল টুৰ্ণামেণ্টত চেম্পয়ন হ’ল ডুমুনী চাহ বাগিচাৰ দশম ক্লাৱ৷

১১. ওড়িশাৰ পুৰীত অনুষ্ঠিত যোগা, হুলা, হুপলা চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিলে নগাঁৱৰ গৌতম শইকীয়া আৰু হাদিয়া ভূঞাইঃ গৌতম হংকংত অনুষ্ঠিত হব লগা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈকো হ’ল নিৰ্বাচিত৷

১২. অৱশেষত আৰক্ষীয়ে আশাৰাম বাপুক গ্ৰেপ্তাৰ কৰি নিলে নিজৰ জিম্মালৈ৷

No comments:

Post a Comment