Tuesday, September 17, 2013

সোঁৱৰণিতঃ ৰেডিঅ’ৰ পৰা টিভিলৈ

“এইয়া বাতৰি পঢ়িছো লিলি দাস মালিকে” 
- দেৱজিত শইকীয়া

হয়, আন বহুতৰ দৰে আমাৰ জীৱনৰ লগত ওতঃ প্রোতঃ ভাৱে জড়িত আছিল ৰেডিঅ’৷ পুৱা পঢা-শুনা কৰি উঠি আঞ্চলিক বাতৰি দিয়াৰ লগে লগে গা-ধুই স্কুললৈ বুলি ততা তৈয়াকে ওলাও । ভাত কেইটা কানে মুখে গুজি হিন্দী বাতৰি দিয়ালৈ কাপোৰ কানি পিন্ধি গীতিমালিকা অনুষ্ঠানৰ সুমধুৰ গীতৰ দুই এটা গীত শুনাৰ পিছতেই হিন্দী গান আৰম্ভ হোৱাৰ লগে লগে স্কুললৈ বুলি চাইকেল খন লৈ ওলায় যোৱাই এক নিয়মমাফিক অভ্যাস৷ 

টত টত কৈ শব্দ কৰি যদি হিন্দী বাতৰি আৰম্ভ হৈ যায়, আমি গম পাঁও আজি স্কুলৰ প্ৰাৰ্থনা নাপামগৈ । দেওবাৰ আমাৰ বাবে বৰ প্ৰিয় আছিল, “অকণিৰ মেল”, “দেওবৰীয়া যুৱ 
অনুষ্ঠান  আৰু বিশেষকৈ দুপৰীয়াৰ নাটক খন এক পাহৰিব নোৱাৰা স্মৃতি । অকনিৰ মেলৰ খগেন মহন্তৰ “কন্টকৰামৰ কাহিনী” এতিয়াও মনত পৰে।শুকুৰবাৰ নে আন কিবা বাৰে দিছিলে পাহৰিলো, দুৰ্গেশ্বৰ বৰঠাকুৰৰ “নোকোৱাই ভাল” তথা তেখেতৰ নাটক সমূহ যেনে “মৰমৰ পূৰণ চিন” ইত্যাদি এতিয়াও চেলেকা-চুবীয়াকৈ মনত আছে।

নাম কি আছিল পাহৰিলো পিছে মংগল গ্ৰহলৈ যাত্রা কৰা বৈজ্ঞানিকৰ দলটো কাজিৰঙাত পদাৰ্পণ কৰি অসমলৈ পঠোৱা বাৰ্তা সমূহৰে ভৰা নাটকখন এতিয়াও মনৰ দাপোনত জিলিকি আছে । সন্ধিয়া সাত বজাৰ বাতৰি ল’বলৈ দহো বন কাতি কৰি দেউতাই কানত ৰেডিঅ’ লৈ বাৰান্দাত বহি অতি মনোযোগৰে শুনা বাতৰি সমুহ এতিয়া যেন নষ্টালজীয়া।


“এইয়া বাতৰি পঢিছো লিলি দাস মালিকে,আজিৰ প্ৰধান প্ৰধান বাতৰি সমুহ হ’ল” সেই কন্ঠস্বৰ এতিয়াও কানত বাজি থাকে৷ দিনত এভাৰেডি বেটাৰীকেইটা যদি ৰ’দত নিদিও সন্ধিয়া দেউতাৰ ৰঙা চকু দেখি গ’ম পাঁও ভুল কৰিলো বুলি ।



“মতি কাপ ইউৰিয়া” হিন্দুস্হান ফাৰ্টিলাইজাৰ কোম্পানীৰ বিজ্ঞাপনটোৱেই আছিল জীৱনত শুনা প্ৰথম বিজ্ঞাপন । সময় বহু সলনি হ’ল, ৰেডিঅ’ এতিয়া দুষ্প্ৰাপ্য যন্ত্ৰ, কিন্তু তাহানিৰ আমি বোৰৰ অন্তৰত এটা গভীৰ চাপ থৈ গ’ল মাৰ্কনীৰ আবিস্কাৰে।“এইয়া আকাশবাণী গুৱাহাটী” বা “বিবিধ ভাৰতী” অনুষ্ঠানৰ গীত সমূহ পাহৰিব পাৰিমনে? 

মাৰ্ফি ৰেডিঅ’টো আমাৰ ঘৰত এলাগী হৈছিল যেতিয়া ৰমানন্দ সাগৰৰ “ৰামায়ন” চাবৰ বাবে ঘৰত প্রবেশ কৰিছিল “বেলটেক” কোম্পানীৰ ক’লা বগা টিভিটো।দেওবাৰে চোতালত টিৰ্পাল পাৰি সকলোৱে উপভোগ কৰিছিলো ৰামায়ণৰ প্ৰদৰ্শনী ।“জয় চিয়া ৰাম কি” বুলি কিমান ধেনু বনাই আকাশলে আৰু কল গছত কাড় নিক্ষেপ কৰিলো তাৰ হিচাপ নাই ।

কেতিয়াবা কেতিয়াবা বতৰ বেয়া থাকিলে বা চৰাই এন্টেনাত বহিলে যেতিয়া জিলমিলাই থাকে বা টিভিৰ মাত বা ছবি ভালদৰে নেদেখা-নুশুনা হ’য়, এজন বাহিৰত এন্টেনাৰ বাঁহডাল পকাই থাকে আৰু ভিতৰত টিভিৰ ওচৰত থকাজনে কৈ থাকে “বাঁওফালে পকা, আৰু অলপ, নহয় সোঁফালে, আগতেই থিক আছিল ইত্যাদি ইত্যাদি” লাহে লাহে ক’লা বগা টিভিটোও আউটদেটেত ল’গা হ’ল, ঘৰলৈ আগমন ঘটিল ৰঙীন টিভি। কিমান যে আনন্দ, মানুহবোৰে পিন্ধা কাপোৰৰ ৰঙ বোৰ গম পোৱা হ’লো ।

এসময়ত মহাভাৰত আৰম্ভ হ’ল।তাৰ মাজতে “গুল গুলছন গুলফাম”, “অছিন” নামৰ জাপানী ধুনীয়া ছোৱালী জনীৰ চিৰিয়েল খন, “কৰমচন্দ”, “গুনিৰাম কি দুনীয়া”, “মালগুড়ি দেইজ”, "বমকেশ বক্চি”, “ষ্টন বয়”, “মিষ্টাৰ য়োগি” আৰু “ৱাগলে কি দুনিয়া” উফ আৰু যে ক’ত কি ? লাহে লাহে “হামাৰা বাজাজ” বিজ্ঞাপন দেখি দেউতাৰ বাজাজ চুপাৰ স্কুটাৰখনত বিজ্ঞাপনৰ এক্টিং কৰা আৰম্ভ কৰিলো । 


হঠাৎ দিল্লী দুৰদৰ্শনৰ অনুষ্ঠান ৭:৩০মিনিটত বন্ধ কৰি অসমীয়া বাতৰিৰ প্ৰচাৰ সম্প্ৰসাৰণ কৰা হ’ল। কিমান যে ফুৰ্তি লাগিছিল সেইদিনা, টিভিত অসমীয়া কথা শুনি, শব্দৰে হয়তো এতিয়া প্ৰকাশ কৰিব নোৱাৰিম ।ভাল লাগিছিল “বেদান্ত শৰ্মাৰ” বাতৰি পৰিবেশন ।

লাহে লাহে দুই একৰ ঘৰত ডাঙৰ ছাতিৰ দৰে কিবা লগোৱা দেখা পোৱা হ’লো, শুনিলো ডি ডি ৱান আৰু টুৰ উপৰিও আৰু বহু চেনেল বোলে দেখা পোৱা যায়।ডিগ্ৰী পঢি থকাৰ সময়ত কেব’ল কানেক্চন লৈ ভাবিলো, ইমান দিনে কি যা জিল মিল কৰি থকা দূৰদৰ্শণ চাই আছিলো । দিনৰ কিছু সময় উপভোগ কৰিব পৰা দূৰদৰ্শণ এতিয়া কেব’লৰ কৃপাত ২৪ ঘন্টাই উপভোগ কৰিব পৰা হ’লো ।দুপৰীয়া উপভোগ কৰা “ইউজিছি” অনুষ্ঠান চোৱাৰ হাবিয়াস প্ৰায় নোহোৱা হ’ল ।

নতুন নতুন ধাৰাবাহিক, মন গলেই চেনেল পকাই এখন নতুন চলচিত্ৰ উপভোগ কৰিব পৰা হ’লো । পাহৰণিৰ গৰ্ভত লুকাই পৰিল দেওবাৰে দুপৰীয়া “মুক বধীৰ” সমূহৰ আৰু সংস্কৃত বাতৰি দিয়াৰ পিছতেই “চাব টাইটেল” সহ দিয়া প্ৰাদেশিক ভাষাৰ চলচিত্ৰ সমূহ । পিছে বৰ্তমানৰ বাতৰি পৰিবেশন আৰু চলচিত্ৰ তথা ধাৰাবাহিক সমূহৰ অৱস্হা দেখি ভাবো “লিলি দাস মালিকৰ, বেদান্ত শৰ্মাৰ বাতৰি পৰিবেশন, দুৰ্গেশ্বৰ বৰঠাকুৰৰ নাটক, দিল্লী দুৰদৰ্শনৰ ধাৰাবাহিক, প্ৰাদেশিক ভাষাৰ চলচিত্ৰ” যথেষ্ট উন্নত মানদন্ডৰ মনোগ্ৰাহী আৰু অন্তৰত সাঁচ বহাব পৰা বিধৰ আছিল । যিটোৰ আজি অভাৱ বৰকৈয়ে অনুভৱ কৰিছো, সেয়া চাগে অনুভৱ আপোনাৰো?

No comments:

Post a Comment