নাগৰিক মঞ্চ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগৰিক মঞ্চ

নাগৰিক মঞ্চ

Share This
জাতীয় সংগঠন, জাতীয় চেতনা আৰু মনলৈ অহা কিছু চিন্তা....
-প্ৰণৱ শইকীয়া
অসম এখন বিশাল ৰাজ্য, কিন্তু আমাৰ মতে দেশ !! আজি সংকটত আমাৰ দেশ, তেলেংগানা ঘোষিত হোৱাৰ পাছৰে পৰা সকলোৱে নিজৰ নিজৰ অধিকাৰ বিচাৰি বিভিন্ন আন্দোলনত জপিয়াই পৰিছে !! কিন্তু কিমান দূৰ সফল হ'ব এই আন্দোলন ?? 
ক’ত হেৰাইছে এই সমন্বয়?

কেতিয়াবা যদি নিৰলে ভাবি চাওঁ এনে লাগে যেন এইয়া মাথোঁ কিছুমান অবুজ মানুহক ফুচুলাই জাতীয় চেতনাৰে আগবঢ়াই অনা হৈছে নিজৰ প্ৰাপ্য অধিকাৰৰ কথা সোঁৱৰাই !! মানুহ ইমান অবুজ নহয়, কিন্তু কিছুমান নেতাৰ জন্মই ইয়াৰ প্ৰধান কাৰণ !! আজি বড়োভূমি জ্বলিছে, আজি কমতালেণ্ডৰ বাবে আন্দোলন হৈছে, জ্বলিছে আৰু আজি কাৰ্বিভূমিও জ্বলিছে !! সকলোকে নিজৰ অধিকাৰ লাগে !! কিন্তু কিয়?? অসম নামৰ ভূখণ্ড ইমান শত্ৰু হৈ পৰিল নে তেওঁলোকৰ কাৰণে?? নিজৰ নিজৰ ৰাজ্য লৈ কি কৰিব তেওঁলোকে??

কি হ'ব তেওঁলোকৰ খাদ্য, পানী, বাসস্থান ?? আমাৰ দৃষ্টিত সুকীয়া ৰাজ্যৰ দাবীৰ মূলতে হ'ল অসম আন্দোলন আৰু অসম গণ পৰিষদৰ জন্ম !! কি কৰিছে আজি ছাত্ৰ সংগঠনবোৰে?? বুঢ়া বুঢ়া মানুহ আজি এই সংগঠনবোৰৰ নেতা, মানি ল'ব পাৰিনে?? বিদেশী নাইকীয়া হওক, স্বদেশী সৰ্বেসৰ্বা হওক এইয়াই আছিল অসম আন্দোলনৰ মূল লক্ষ্য, কিন্তু কিমানজন বিদেশী আঁতৰিল?? ১৯৭১,৭২ চন, এইবোৰ মনে সজা কথা !!

আজি ৰে'ল বিভাগ বা কোনো কেন্দ্ৰীয় বাচনি পৰীক্ষাৰ বাবে আগস্থান পায় বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰীক্ষাৰ্থীয়ে !! কিন্তু কিয় পৰীক্ষাৰ দিনালৈকে শুই থাকে সংগঠনবোৰ?? বৈদ্যুতিন মাধ্যমৰ আগত কিয় হিৰ' হয় এই জাতীয় সংগঠনৰ তথাকথিত নেতাবোৰ?? আচৰিত লাগে !! 


আজি ইটা ভাটা খুলিছে এই সংগঠনবোৰৰে একালৰ নেতাসকলে, কিন্তু দেখি দুখ লাগে যেতিয়া এই ভাটাবোৰৰ শ্ৰমিকসকল হয় বাংলাদেশী !! ক'ত যায় তেতিয়া জাতীয় চেতনা ?? আজি অসমৰ সৰহ সংখ্যক হোটেল দেখিব হয় মাৰোৱাৰী, নহয় বেংগলী নহয় বিহাৰীৰ !! কিন্তু এই হোটেলবোৰত বিনা টকাৰে খাবলৈ পায় আমাৰ আঞ্চলিক জাতীয় সংগঠনৰ নেতাসকলে !! গতিকেই এই মানুহবোৰে, বা মালিকবোৰে অসমীয়া মানুহক লুটি পুতি খাব ভয় নকৰে !! 
কিয় ভয় কৰিব, আমাৰ নেতাসকল তেওঁলোকৰ লগত আছে !! 

আজি অসমত বহিঃ ৰাজ্যৰ মানুহে বিনা দ্বিধাই তেওঁলোকৰ উৎসৱসমূহ পালন কৰি যাব পাৰে, গোটেই ৰাতি শব্দ প্ৰ্দূষণ কৰি সাংস্কৃতিক অনুষ্ঠান পাতিব পাৰে !! আমি আমাৰ নেতাসকলক চেলেঞ্জ কৰিছো, দিল্লী বা কলকতাত আমাৰ বিহু অনুষ্ঠান ১১ বজাৰ পাছলৈকে পাতি দেখাওক, মই চঠ্ পূজাত নদীত পূজা দিব যাম, দূৰ্গা পূজাত দেৱীৰ আগত চাকি জ্বলাম !! 

আৰু কিছুদিন পাছত পূজা আহি আছে, আমাকেই লুটি কলকাতা ধনী হ'ব, কোনোবা সংগঠন আহিবনে ওলায় এইয়া অসমখনৰ সাৰ্বাংগীন উন্নয়নত বাধা বুলি আন্দোলন কৰিবলৈ?? কোনো নাহে, কাৰণ তেওঁলোকৰ মুনাফা আদায় হয় এইসকল বিদেশী বণিকৰপৰা !!

বাংলাদেশীসকলে অন্ততঃ অলপ হ'লেও কাম কৰিছে, কিন্তু বাকীসকল বিদেশীয়ে?? সকলোকে অসমীয়া সজাবলৈ জাতীয় সংগঠনবোৰেই আগভাগ লৈছে !! দুখৰ বিষয় জাতীয় সংগঠনবোৰে কেইদিনমান মাত মাতে, যেন ভাটৌ কেইটামানক মাত মাতিব শিকোৱা হৈছে !! কিন্তু এই মাত কিয় সমস্যা সমাধান নোহোৱালৈকে ওলাই নাথাকে সেইয়া চিন্তনীয় বিষয় !! 

আৰু এটা সংগঠন আছে যি বন্দুক লৈ দেশ উদ্ধাৰিবলৈ গৈছিল !! কিন্তু 'আ' ঠাইত 'ছা' লগায় তেওঁলোক হৈ পৰিল ভাৰতভূমিৰ ৰক্ষক !! যোৱাবছৰৰ তাৰ আগৰ বছৰ ডিব্ৰুগড়ৰ জামিৰাত তেওঁলোকে পতা বিহু অনুষ্ঠান দেখি আচৰিত হৈছিলো, কাৰণ প্ৰতিজন সংস্কৃতিৱান প্ৰাক্তন দেশ উদ্ধাৰিবলে যোৱা নেতাই ভাৰতৰ মানচিত্ৰ থকা একো একোটা টুপী পিন্ধি বিহু পাতিছিল !! প্ৰতিটো প্ৰতিযোগিতাৰ মাননী আছিল লাখ টকাৰ ওপৰত, কিন্তু এজনৰো সাজ সজ্জাত কিন্তু অসমীয়া যেন আমাৰ অনুভৱ নহৈছিল !! পাছত আলোচনাপন্থী সকলো আছেই !! প্ৰতিজনেই যেন একো একোজন চৰকাৰী প্ৰমাণপত্ৰ পোৱা মাফিয়া !! 

আজিৰ এই তথ্য প্ৰযুক্তিৰ যুগত বৈদ্যুতিন মাধ্যমবোৰেও এক ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে !! কিন্তু ভাল হোৱাহেতেন ভাল আছিল তেওঁলোকৰ মনোভাৱ, কিন্তু নহয়, দুখ লাগে মনত !! 

অসমত এতিয়া বহুতকেইটা বৈদ্যুতিন মাধ্যম, হ'লে কি হ'ব, কেৱল মাত্ৰ কটা মৰা, ধৰ্ষণ লুণ্ঠনৰ বাতৰি !! সঁচাক মিছা কৰা মিছাক সঁচা কৰাৰ এক ডাঙৰ খেল খেলি আছে তেওঁলোকে !! মাডাৰ টেৰেছাই চাগে কিমান দুখত কৈছিল তেখেতৰ এইষাৰ কথা "কুষ্ঠ ৰোগীৰ ঘাঁ ধুৱাই দিয়াতকৈ সাংবাদিকৰে মুখামুখি হোৱাতো বেছি কঠিন কাম"৷ হালধীয়া সাংবাদিকতাই চানি ধৰিছে চৌপাশ !! 

যিবোৰ কথাই জনসাধাৰণ তথা জাতীয় চেতনাক আঘাত নাহানে তেনে বাতৰি আমাৰ দৃষ্টিগোচৰ নহয় কোনোদিন !! অৱশ্যে দুই এজনে একেবাৰে একো ভাল কৰা নাই বুলি ক'লে ভুল কোৱা হ'ব, কিন্তু এপাচি শাকত এটা জ্বলকীয়া হ'লে কি লাভ?? 

আশা ও হেপাহ সকলোৱে এদিন নিজৰ স্বাৰ্থ দূৰৈত ৰাখি কেৱল মাত্ৰ জন্মভূমিখনৰ কথা ভাবিব !! আমাৰ দৰে সাধাৰণ মানুহবোৰে এদিন জীয়াব পাৰিম মিলিজুলি, একেলগে !!
------------------------------------------------------------------------
লেখক শিৱসাগৰৰ ডিমৌ নিবাসী সচেতন তথা সংবেদনশীল যুৱক

No comments:

Post a Comment