Friday, September 13, 2013

হাস্য ব্যংগ

দেৱজিৎ শইকীয়াৰ কলমতঃ
আমাৰ জীৱনৰ প্ৰথমখন প্ৰেমপত্ৰ!

"মাই এইম ইন লাইফ" লিখাৰ বয়সত শ্ৰেণীকোঠাৰ শেষৰ বেন্সত বহি, নিজকে চিনেমাৰ হিৰ’ বুলি ভবা আমাৰ এটা চাৰিজনীয়া গ্রুপ আছিল ।ভাল বেয়া সকলো কামতে “ইয়ে দোষ্টি হম নেহি তোৰেংগে” টাইপৰ । পিছে মাৰ খাব লগীয়া হলেই “দোষ্ট দোষ্ট না ৰহা” হৈ যায়৷
গ্ৰুপত বিবেক, ভোলা, ৰাহুল আৰু শান্ত শিষ্ট ক্ষীণ- মিন মহা-দুষ্ট মই! বিবেক আৰু মই স্কুল সদায় একেলগে যাঁও।এদিন আমি স্কুললৈ গৈ থাকোতে হঠাৎ সি ক’লে- "সখা পথৰ দাঁতিত চকু দিয়া।"

দেখিলো সাইলাখ মাধুৰী, কান্ধত বেগ ওলোমাই সমনীয়াৰ লগত স্কুললৈ গৈ আছে । কলডিলিয়া হৃদয়খনৰ আধা ফাল যেন মৰককৈ কোনোবাই খাই পেলালে তেনেকুৱা লাগিল! 

পিছে লেঠা লাগিল সেইখিনিতেই । বিবেকৰ বিবেকে কাম নকৰা হ’ল । বন্ধুৰ ভাল লগা গৰাকী তাৰো ভাল লগা হৈ পৰিল। কথাতো গ্রুপৰ আন দুগৰাকীক নো নোকো্ৱাকৈ থাকো কি দৰে ? কবলৈহে পালো, পিছদিনা আমি সঠিক সময়ত গৈ দেখো….. কথা গুৰুতৰ…. আন দুই বন্ধু আমাতকৈও আগতেই গৈ যুদ্ধ ক্ষেত্ৰত উপস্থিত!


চুলি মেলি পাৰ্বতী যেই আমাৰ আগত দেখা দিলে ফাঁট মেলা বসুমতী পাতালে লুকাও….. বাকী দুজনৰো হৃদয়ত ডম্বৰু বাজিল ডুম ডুম ডুম ডুম….. বাজীগৰৰ পিচে পিচে কঁকাল হিলাই খেল দেখু্ৱা বান্দৰ কেইটাৰ দৰে আমি চাৰিটাইও হাফ পেডেল মাৰি মাৰি পিচ ললো। প্ৰেম কি নাজানো কিন্ত মাধুৰীক পঢ়া টেবুলৰ কিতাপৰ ক’লা আখৰবোৰৰ মাজতো ১, ২, ৩ গানৰ তালে তালে নাচি থকা দেখা পো্ৱা হ’লো। সঘনাই স্কুল ক্ষতি কৰাৰ ৰেকৰ্ড থকা আমিবোৰৰ উপস্থিতি ৰেকৰ্ড ব্ৰেক কৰি বাঢ়নী পানী বঢ়াদি বাঢ়িবলৈ ধৰিলে!

লগতে বাঢ়িল চাৰিটাৰ মাজত বৰশী বোৱাৰ প্ৰেকট্ৰিছ অৰ্থাৎ কোনে প্ৰথমে চেঙেলীজনী ধৰিব পাৰে। ভোলাই এটা পৰামৰ্শ দিলে….. বোলে যিহেতু এইটো সৰ্বজনবিদিত যে আমি একেটা ঘাটতে পানী খাবলৈ মনস্থ কৰিছো, গতিকে আমাৰ মাজত প্ৰতিযোগিতা কৰাতকৈ সয়ম্বৰৰ দৰে তাইকে দায়িত্ব দিয়া যাওক, যাৰ ডিঙিতে মালা পিন্ধাব সিয়েই হব তাইৰ আচলি হিৰো!


আমি হয়ভৰ দিলো আৰু চিঠি এখনৰ দ্বাৰা মনৰ কথাবোৰ জনো্ৱাৰ সিদ্ধান্ত ল’লো। আমি আছিলো “কুৰবান, খুন ভৰি মাংগ” চিনেমা চাই “মেইনে প্যাৰ কিয়া” কৰিবলৈ মন মেলা মানুহ, গতিকে চিঠিখন তেজৰে লিখাৰ বাবে মনস্থ কৰিলো । কথা মতে কাম……… এদিন ৰাহুলৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ সকলো তাৰ ঘৰত উপস্থি হলো । পিছে গন্দগোল লাগিল সেইখিনিতেই… ……. তেজ দিবলৈ ভয়ত কোনো এজনেই ৰাজি নহ’ল । উপায় নাপাই ৰাহুলৰ ঘৰৰ ভটু্ৱা ভুলুককে আমাৰ বাবে এক চিৰিঞ্জ ৰক্তদান কৰিবলৈ একপেকেট বিস্কুট খো্ৱাই যেন-তেন সন্মত কৰিলো।

 ছুটি বিছাৰি প্ৰধান শিক্ষকলৈ লিখা আবেদন খনো বেলেগৰ দ্বাৰা লিখাব লাগে তেনেস্থলত প্ৰেম-পত্ৰনো নিজে লিখো কেনেকৈ ? বহু কিতাপ মেলি পাত পাত কৰিও যেতিয়া এখনো প্ৰেম পত্ৰ বিচাৰি নাপালো। অৱশেষত আমাৰ কেইটাৰ ভিতৰত আতাইতকৈ ইন্টেলিজেন্ট বুলি খ্যাত ভোলাই কিবা এখন বিচাৰি আনিলে। লিখা হ’ল আমাৰ জীৱনৰ প্ৰথম প্ৰেম পত্ৰ বা এক কথাত কবলৈ গ’লে প্ৰেম খুজি সমূহীয়া আবেদন পত্ৰ!


শ্ৰী প্ৰজাপতেয় নমঃ

প্ৰতি শ্ৰীমতী, নাম নজনা মৰমৰ মানুহজনী,

জয়জয়তে সমুহ বন্ধু্-বৰ্গৰ তৰফৰ পৰা তোমালৈ আমাৰ আন্তৰিক মৰম যাচিলো ।


সবিনয় নিবেদন এইযে তোমাক দেখাৰ পৰা আমাৰ ৰাতিৰ টোপনি আৰু  দিনৰ বেচেইনি নোহো্ৱা হৈছে । তোমাক বৰ ভাল লাগে। নেদেখিলে এদিনো থাকিব নো্ৱাৰো । কিমান হাফ পেডেল মাৰিম । সোনকালে কিবা এটা সিদ্ধান্ত লৈ আমাক জনাবা…


অ.. আৰু এটা কথা, আমাৰ চাৰিওজন বন্ধু্ৱেই ভাল পায় । পিছে তুমি আমাৰ সকলোলৈকে চাই মিচিকিয়াকৈ হাঁহা, গতিকে আমি নাজানো প্ৰকৃততে তুমি কাক ভাল পো্ৱা । গতিকে চিঠিখন পো্ৱাৰ পিচত যিটোকে ভাল লাগে সেইটোৰ নামত অহা ১৫ জেঠ বুধবাৰে (ইংৰাজী ৩০ মে ৱেডনেছ ডে) ডেকা চাৰৰ টিউচনলৈ যাওতে উত্তৰটো সহ এখন্তেক দেখাদি কৃতার্থ কৰা যেন ।

স্থান: ৰেলগেট,  
সময়: পূৱা ৬ বজাৰ পৰা ৮ বজালৈ 

বি:দ্ৰ: ঘৰত নকবা কিন্তু, আইৰ শপত ।

"আই লাভ ইউ"!

শেষত বিনয়াবনত 

ভোলা (চচমা পিন্ধা জন), ৰাহুল (অলপ চাপৰকৈ ৰেঞ্জাৰ চাইকেল চলো্ৱাজন) বিবেক (কলা, কেকোঁৰা চুলিৰ, ডিঙিত ৰুমাল বান্ধে যে সেইজন)আৰু বাকী থকাজন মই (প্ৰিয় পাঠক সকল, চেগ বুজি এদিন আমি চিঠি খন দিলো কিন্ত অধীৰ অপেক্ষাৰ পিছতো উত্তৰ নাহিল ।

পিছে এদিন স্কুলত প্ৰথম পিৰিয়ডতে পিয়নজনে হেডচাৰৰ ৰুমলৈ আমাক নিমন্ত্ৰণ জনোৱাৰ পত্ৰ এখন লৈ আহিছিল । সুদীৰ্ঘ এঘন্টা গালি, পিটন আৰু কাণত ধৰি আঠুকঢাৰ পিছত হে পিয়নৰ মুখত গম পাইছিলো….. ভুলুৰ তেজৰে লিখি জীৱনৰ প্ৰথম প্ৰেমপত্ৰ দিয়া চুলি মেলি স্কুল যোৱা ছোৱালীজনী নতুনকৈ বদলি হৈ অহা আমাৰ স্কুলৰ প্ৰধান শিক্ষকৰহে ছোৱালী, আন কোনো নহয়….. !!!! 

4 comments:

  1. pise suwalijani pisoloi karubar holne nai?

    ReplyDelete
    Replies
    1. শান্ত শিষ্ট ক্ষীণ- মিন মহা-দুষ্টৰ , হুমৰ গুৰিলৈকে হাফ পেডেল মাৰি মাৰি শ্ৰীমতি বনাই হে এৰিলে, বাকি কেইজনে ঘট আৰু ছাতি ধৰিলে ।

      Delete