Sunday, September 15, 2013

আজিৰ অনুভৱ

আচৰিত ৰূপ
পংকজ জ্যোতি মহন্ত
কোনোবাই কৈছিল— যেতিয়া স্কুল-কলেজত পঢ়ি থকা কেইজনমান সহপাঠী তেওঁলোকৰ লগৰ এজনৰ ঘৰলৈ ফুৰিবলৈ যায়, তেতিয়া সেই লগৰজনৰ অভিভাৱকৰ ওচৰত তেওঁলোকৰ এনে এটা ৰূপ দেখা যায়— যেন তেওঁলোকতকৈ সততাপূৰ্ণ, নিয়মানুৱৰ্তী, ঘৰৰ তথা নিজৰ ভৱিষ্যতৰ প্ৰতি সু-চিন্তাকাৰী আৰু কৰ্তব্যপৰায়ণ ছাত্ৰ-ছাত্ৰী আন আৰু কোনো নাই....।


ঠিক তেনেদৰে আমি ক’ব পাৰোঁ— আমাৰ বিধায়ক বা মন্ত্ৰীবোৰ যেতিয়া দাৰ্শনিক ভাবসম্পন্ন বক্তব্য আগবঢ়োৱা আৰু কলমৰ খোঁচত প্ৰবল শক্তি থকা একোজন বুদ্ধিজীৱিৰ ওচৰলৈ যায়, তেতিয়া তেওঁলোকতকৈ সদালাপী, মৌলিক চিন্তাশীল, তীক্ষ্ণধী দাৰ্শনিক বক্তব্য দাঙি ধৰিব পৰা গুণসম্পন্ন আৰু নিজৰ ৰাজ্যখনকলৈ সু-চিন্তাশীল ‘নেতা’ যেন পৃথিৱীত আন আৰু কোনো নাই....।

No comments:

Post a Comment