Thursday, September 26, 2013

প্ৰচ্ছদ নিৱন্ধ

সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা
ডঃ অঞ্জল বৰা

সম্প্ৰতি অসমীয়া ভাষাত কেইবাখনো সংবাদ-পত্ৰ আৰু নিউজ চেনেলৰ প্ৰচলন হৈছে৷ ইয়াৰ ফলত সংবাদ মাধ্যমৰ মাজত দেখা দিছে এক অঘোষিত প্ৰতিযোগিতা৷ এহাতে সংবাদ-পত্ৰ আৰু নিউজ চেনেলসমূহৰ বৃদ্ধিয়ে পাকঘৰৰ পৰা ৰজাঘৰলৈকে সকলো সংবাদ কঢ়িয়াই আনিছে আনহাতে সংবাদ মাধ্যমৰ ব্যৱসায়িক প্ৰতিযোগিতাই সংবাদপত্ৰৰ বিশ্বাসযোগ্যতা বহু ক্ষেত্ৰতে ভঙ্গ কৰিছে৷ সংবাদ-পত্ৰ আৰু নিউজ চেনেলসমূহৰ নিৰপেক্ষতা অতি প্ৰয়োজনীয় বিষয়৷

কাৰোপক্ষত নাথাকি ৰাইজৰ পক্ষত থকাই হৈছে সংবাদ সেৱাৰ মূল লক্ষ্য৷ ৰাইজৰ বিভিন্ন সমস্যাৰ লগতে সমাজৰ বিভিন্ন চুকে-কোণে হোৱা ঘ্টনাসমূহক লোকচক্ষ্যুৰ আওতালৈ আনি চৰকাৰৰ সজাগ কৰি তোলাই প্ৰধান ধৰ্ম হোৱা উচিত৷ কিন্তু সম্প্ৰতি অসমৰ সংবাদ-পত্ৰ আৰু নিউজ চেনেলসমূহে বহু ক্ষেত্ৰত নিজৰ নীতি-আদৰ্শ বিসৰ্জন দি বহু সময়ত ৰাজনৈতিক নেতাৰ বহতীয়া হৈ পৰিছে৷ এই কথা কেইদিনমানৰ আগতে এটা নিউজ চেনেলত তিনিজন জেষ্ঠ সাংবাদিকে স্পষ্ট ৰূপত স্বীকাৰ কৰিছিল যে তেওঁলোকে কেতিয়াবা নিজৰ ইচ্ছাৰ বিৰুদ্ধেও মালিক পক্ষক সন্তুষ্ট কৰিবলৈ সংবাদ পৰিৱেশন কৰিব লগা হয়৷ সংবাদ মাধ্যমসমূহৰ মালিকপক্ষই ব্যাৱসায় চলাই নিয়াৰ বাবে প্ৰয়োজন হোৱা বৃহৎ অৰ্থৰ স্বাৰ্থতে প্ৰায়ে কোনো একোটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা কৰা দেখা যায়৷ যাৰ বাবেও সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা বহু ক্ষেত্ৰত ভঙ্গ হৈছে৷ নিজে নিৰপেক্ষ নহ’লে সেইজন মালিকৰ দ্বাৰা প্ৰচলিত সংবাদ-পত্ৰ বা নিউজ চেনেল একোটাৰ পৰা কেতিয়াও নিৰপেক্ষ সংবাদৰ আশা কৰিব নোৱাৰি৷

আমি ব্যক্তিগতভাৱে অনলাইনত প্ৰতিখন সংবাদ-পত্ৰ পঢ়োঁ৷ টেলিভিচনতো নিউজ চেনেলসমূহ চাওঁ৷ কোনোখন বাতৰি কাকতৰ লগতে কোনোখন বাতৰি কাকতৰ সংবাদ নিমিলে৷ কোনো কাকতত যদি একোজন ৰাজনৈতিক নেতাই কৰা দুৰ্নীতিৰ তথ্য উদঙাই দেখুৱাইছে আন এখন কাকতে সেইখন কাকতৰ বিৰুদ্ধে সেইজন নেতাৰ একপক্ষীয় ভাষ্যকে বৰ বৰ আখৰেৰে প্ৰকাশ কৰিছে৷ মূল দুৰ্নীতিৰ ছবিখনৰ বিষয়ে কোনো অনুসন্ধানেই কৰা দেখা নগ’ল৷ নিউজ চেনেলসমূহৰো একেই দশা৷ অনৰ্থক হৈ-চৈ৷ তিলটোকে তালটো কৰি ২৪ ঘ্ণ্টাই একেটা বাতৰিকে চলাই থাকিব পাৰিলেই যেন নিজৰ দায়িত্ব শেষ৷ নিউজ চেনেলসমূহৰ এনে চৰিত্ৰকে অতি সুন্দৰ ৰূপত ব্যঙ্গ কৰিছিল ‘পিপলি লাইভ’ নামৰ বোলছবিখনে৷

আমি ব্যক্তিগতভাৱে এটা কথা অনুভৱ কৰিব নোৱাৰো যে, অসমত এতিয়াও বহুটো উদ্যোগৰ অভাৱ, ব্যক্তিগত কোম্পানী প্ৰায় নাই বুলিবই পাৰি৷ এনে ক্ষেত্ৰত সংবাদ মাধ্যমৰ সংখ্যা দিনে দিনে বৃদ্ধি পায় আহিছে কিয়? ইয়াৰ অন্তৰালত নিশ্চয় সমাজ সেৱাৰ মনোভাৱ নিশ্চয় নাই৷ সেই দৰে সাংবাদিকৰো সংখ্যাও বৃদ্ধি পাইছে৷ একো চাকৰি নাপালেও যেন সাংবাদিক হ’ব পাৰি৷ কাৰণ আজিৰ তাৰিখত ডাক্তৰ আৰু সাংবাদিকৰ কেতিয়াও মৰণ নাই৷ বেমাৰৰ দৰে সমাজত খবৰৰ অভাৱ নহয়৷

ইয়াৰ কাৰণ কি? আজি সংবাদ মাধ্যম কোটি টকাৰ ব্যৱসায়ৰ একোটা উদ্যোগলৈ পৰিণত হৈছে৷ সেয়ে আজি জকাইচুকৰ পোহাৰীৰ চুপটিৰ পৰা বিধানসভাৰ মুখাপিন্ধা ভদ্ৰলোকৰ চুপটিলৈকে, নদাই-ভদাইৰ বেজী চোৰৰ পৰা ক-খ-গ-ঘৰ কোটি কোটি টকাৰ চোৰলৈকে সকলো এই উদ্যোগৰ কেচামাল হৈছে৷ ৰাইজৰ উপকাৰ আহক নাহক এই উদ্যোগসমূহ লহ-পহকৈ বাঢ়ি গৈছে৷ এনে ধৰণৰ বিষয়েও সংবাদ মাধ্যমৰ 
বিশ্বাসযোগ্যতা বহু ক্ষেত্ৰত ভঙ্গ কৰিছে বুলি ভাবিব পাৰি৷

ব্যক্তিগতভাৱে আমি বৰ্তমান সংবাদ মাধ্যমত কাম নকৰিলেও বহুদিন সংবাদ-পত্ৰৰ লগত জড়িত আছিলোঁ৷ লগতে কটন-কলেজৰ পৰা সাংবাদিকতাৰ ডিপ্লমাও গ্ৰহণ কৰিছিলোঁ৷ সাংবাদিকতাৰ পাঠদান কৰোঁতে ৰাজ্যখনৰ লগতে বাহিৰৰো বিভিন্ন প্ৰতিষ্ঠিত সম্পাদক আৰু সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিয়ে পাঠদান কৰিছিল৷ তেওঁলোকে আমাক সংবাদ মাধ্যমৰ নীতি-আদৰ্শৰ বিভিন্ন শিক্ষা দিছিল৷ কিন্তু যেতিয়া বাস্তৱত ভৰি দিছিলোঁ তেতিয়া লক্ষ্য কৰিছিলোঁ পাঠদানৰ শিক্ষা আৰু সংবাদ মাধ্যমৰ ব্যৱসায় একে নহয়৷ 

আনহাতে সাংবাদিকৰ সন্মুখত আছে ন ন উপঢৌকনৰ লালসা৷ বিশ্ববিদ্যালয়ত থকাৰ সময়ত কম সময়ৰ আমাৰ সাংবাদিক জীৱনতে লাভ কৰিছিলোঁ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত এটা ৰাজনৈতিক দলৰ পক্ষত সংবাদ পৰিৱেশন কৰিবৰ বাবে ‘ম’বাইল’ৰ উপঢৌকন৷ সেই সুবিধা গ্ৰহণ নকৰিলেও বুজি উঠিছিলোঁ ডাঙৰ ডাঙৰ সাংবাদিকে কিমান উপঢৌকনৰ সুবিধা লাভ কৰিব পাৰে৷ ব্যৱসায়ৰ স্বাৰ্থতে আজি সংবাদ মাধ্যমে নিজৰ নীতি আদৰ্শ বহু ক্ষেত্ৰত জলাঞ্জলি দিছে৷ আজি সংবাদ মাধ্যমে বহু হাজাৰ ব্যক্তিক দৈনিক ৰোজগাৰ দিছে৷ সংসাৰ চলিবলৈ অৰ্থৰ প্ৰয়োজন৷ এই অৰ্থৰ তাগিদাই হয়টো বহু সাংবাদিকক পথভ্ৰষ্ট হ’বলৈ বাধ্য কৰিছে৷ 

কিন্তু সংবাদ সেৱাৰ নীতি-আদৰ্শত শপত লোৱা একোজন ব্যক্তিৰ বাবে এয়া উচিত নে? এই প্ৰশ্নৰো উত্তৰ নথকা নহয়৷ উচিত অনুচিতৰ বিচাৰ যেতিয়া জীৱন-মৰণৰ সমস্যা হয় তেতিয়াই হয়টো প্ৰতিজন সাংবাদিকেই নীতি-আদৰ্শ জলাঞ্জলি দিবলৈ বাধ্য হয়৷ অসমত পৰাগ দাস আৰু অন্য বহুজন ইয়াৰ জলন্ত উদাহৰণ৷ এতিয়া অসমত সংবাদ-পত্ৰ ৰাজনৈতিক নেতাৰ চিকাৰ হৈ পৰিছে৷ এতিয়াও অসমত সাংবাদিকতাৰ আদৰ্শক খামুচি ধৰি থকা বহুটো সাংবাদিক আছে৷ কিন্তু তেনে সাংবাদিকসকল হয়টো কোনোবা ৰাজনৈতিক নেতাৰ ক্ষোভৰ কাৰণ হৈছে নাইবা মালিকৰ পক্ষপাতিত্বৰ বলী হৈছে৷ নিজৰ চাকৰিৰ স্বাৰ্থতে ইচ্ছাৰ বাহিৰেও মালিকৰ কথাত সংবাদৰ ৰেহ-ৰূপ সলনি কৰিবলৈ বাধ্য হৈছে৷ ৰাজনীতিৰ অবিহনে ৰাজ্য এখন চলিব নোৱাৰে৷ কিন্তু ৰাজনীতিয়েই এতিয়া অসমৰ সকলো সমস্যাৰ মূল কাৰণ বুলিব পাৰি৷ ৰাজনীতিত কোনো নিৰপেক্ষতাৰ আশা কৰিব নোৱাৰি৷

সংবাদ মাধ্যম সমাজ এখনৰ আইনা স্বৰূপ৷ সমাজৰ প্ৰত্যেকজন শিক্ষিত অশিক্ষিত ব্যক্তিয়েই ইয়াৰ মাজেদি নিজৰ সমাজখনক দেখা পায়৷ প্ৰত্যেক ব্যক্তিয়ে যিহেতু সমাজৰ একোটা অঙ্গ গতিকে সেই আইনাখনত কেতিয়াবা নিজক দেখাটো কোনো ডাঙৰ কথা হ’ব নোৱাৰে৷ নিজৰ মুখখন পৰিষ্কাৰ নকৰি আইনাখন ভাঙি পেলোৱা যেন অৰ্থহীন কথা একেদৰে নিজকে সংশোধন নকৰি সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱাও অবিবেকী আচৰণ৷ একেদৰে সংবাদ মাধ্যমেও নিজকে সমাজৰ আইনা হ’বলৈ যাওতে নিজৰ স্বচ্চতাৰ প্ৰতি গুৰুত্ব দিয়া উচিত৷ আইনাৰ স্বচ্ছতা যেনেকৈ পিছফালৰ চিলিকনৰ লেয়াৰটোৰ ওপৰত নিৰ্ভৰ কৰে সেইদৰে সংবাদ মাধ্যমসমূহেও উন্নতমানৰ নিৰপেক্ষতাৰ এটা লেয়াৰ সৃষ্টি কৰিব পাৰিলেহে সমাজ এখন উজ্জ্বল ৰূপত প্ৰতিফলিত হৈ উঠিব৷ অন্যথা সমাজে এদিন তেনে আইনাক ভাঙি পেলালেও কোনো ডাঙৰ কথা নহ’ব৷ 

No comments:

Post a Comment