লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)

১. অভিৰুচি ক্ৰীড়া দিৱস ৰূপে দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৰাজ্যজুৰি উদযাপন কৰাক লৈ শচীন টেণ্ডিলকাৰ ইৰ্ষান্বিত হোৱাৰ সুখৰ খবৰ৷ অহা জনমত অসমীয়া হৈ জনম লবলৈ তেখেতে গণপতি মন্দিৰত সেৱা লৈ প্ৰাৰ্থনা কৰা বুলি পূজাৰীয়ে পঠাইছে খবৰ৷
অহাবাৰ কিন্তু অসমতে
জনম দিবা প্ৰভূ!
২. হৃতিক ৰোশন অভিনীত জিন্দেগী না-মিলেগী-দোবাৰা ছবিখন বিশ্বত মুকলি হোৱাৰ পাছতে স্পেইন ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা ৩২% বৃদ্ধি পোৱাৰ বাতৰিৰ বিপৰীতে তনু ভূঞা প্ৰযোজিত জিএচ ৰোড ভিডিঅ’ৰ সফলতাৰ ফলত গুৱাহাটীলৈ ৩২০% পৰ্যটক কমি যোৱাৰ চিন্তনীয় বাতৰি৷

৩. জাৰ্মানীত অফিচৰ সময়ৰ পাছত বছৰ ফোন নিষিদ্ধ কৰাৰ ভাল খবৰ৷ সদৌ ভাৰত কৰ্মচাৰী সন্থাই হাইকামাণ্ডাৰ মেডামলৈ দিলে স্মাৰক পত্ৰ, “ঘৰত শান্তিত শুৱাৰ সুৰক্ষা বিল” অনাৰ বাবে তুলিলে অনুৰূপ দাবী৷

৪. শ্ৰীৰামপুৰ গেটত দুৰ্বৃত্তৰ তাণ্ডৱ, ৰাইজে বন্ধ কৰিলে দোকান পোহাৰ৷ শান্তিভংগ নকৰাকৈ গেটত কোটি কোটি আৰ্জন কৰি থকা সকলেও এনে ঘটনাৰ যোগে শ্ৰীৰামপুৰক বাতৰি শিৰোনামালৈ অনা কাৰ্যক কৰিলে প্ৰৱল সমালোচনা৷

৫. ভ্ৰাম্যমানৰ প্ৰযোজকৰ ইংগিত নায়িকালৈ৷ ইমান টকা খৰছ কৰি ভ্ৰাম্যমান খুলিও নায়িকাৰ অকন মৰম চেনেহ আশা কৰিব নোৱাৰিনে বুলি প্ৰযোজকে আমাৰ ৰসাল সাংবাদিকৰ আগত অভিমান কৰি কৰিলে দুখ প্ৰকাশ৷

৬. মাৰাগাঁৱত অধিবক্তাৰ হাতত নিৰ্যাতিতা পত্নী৷আচলতে পত্নীৰ মানসিক নিৰ্যাতনৰ বলি হৈ হৈ তেখেতে প্ৰতিবাদৰহে এয়া আগ্নেয়গিৰি আছিল বুলি অধিবক্তাই কৰিলে মত প্ৰকাশ৷ বকনি শুনি শুনি কাৰ তাঁৰ নিচিঙিব বুলিও ওলোটাই কৰিলে প্ৰশ্ন৷

৭. কাজিৰঙাৰ গঁড় হত্যাক বাদ দি যি কোনো যোগাত্মক বাতৰি পৰিবেশন কৰিবলৈ আহ্বান জনালে হাবি-বন মন্ত্ৰীয়ে৷ গছ লতা বোৰ ভালকৈ বাঢ়িছে, সেউজীয়া হৈছে পৃথিৱী জাতীয় ভাল খবৰবোৰ পৰিবেশন কৰিলেহে ভাল৷ বাৰে বাৰে গঁড় মাৰি শিৰোনামা পালে চোৰাং চিকাৰীয়ে কিবা উৎসাহ বোধ নকৰে নেকি বুলিও তুলিলে প্ৰশ্ন৷

৮. বামদেৱ বাবাই ক’লে নাৰীৰ পৰা বাবা ইণ্ড্ৰাষ্টীৰ মালিকসকল দূৰতে থকাটো ভাল৷ মায়াই কাক কেতিয়া লম্ভে পাত্তা নাই, ব্ৰেক থাকিলেও টো কেতিয়াবা সি ফেইলো হব পাৰে, সেয়ে গাড়ী মটৰৰ পৰা দূৰৈত থাকিয়েই দুৰ্ঘটনা ৰোধৰ পৰামৰ্শ দিয়াৰ বাবে শিৰোনামা পালে বামদেৱ বাবাই৷

৯. কালি ওলাল গজালি ওলোৱা আলুৰ বাতৰি৷ নিশাৰ ভিতৰতে গোলাঘাটৰ শীতলীকৰণ ভৱনত ঘটিল যাদু৷ অন্তৰ্ধান হল গজালি ওলোৱা আলুৰ বস্তা৷ যাদু দেখুওৱা সকলক নিচাদেউ গগৈৰ ঘৰলৈ বিসম্বাদ অন্তৰ্ধান কৰাৰ বাবে দিলে বিশেষ নিমন্ত্ৰণী৷

১০. বৰপেটাত ড্ৰেনডাইট সেৱন কৰি ৰঙাঘৰত সোমাল স্কুলীয়া ছাত্ৰ৷  ডাঙৰ ডাঙৰ বটল খাই পৰি থকা সকলক নধৰা আৰক্ষীয়ে সৰু সৰু টিউব শুঙি ফুৰা সকলক ধৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিলে সুগন্ধি নিচা ফেন ক্লাৱে৷ প্ৰথমে ডাঙৰ মানুহৰ নিচাখোৱা নাইকীয়া কৰণৰো তুলিলে দাবী৷

No comments:

Post a Comment