Monday, September 23, 2013

প্ৰচ্ছদ নিৱন্ধ

এগৰাকী জীয়াৰীৰ দৃষ্টিৰে 
"ৰাষ্ট্ৰীয় জীয়াৰী দিৱস"

                               বন্দিতা কলিতা
নাৰী হৈছে যুগ স্ৰষ্টা, যুগ দ্ৰষ্টা । নাৰীৰ অবিহনে পুৰুষ ডেউকা ভঙা পখীৰ দৰে। এটি শিশুক জন্ম দি লালন-পালন কৰি এগৰাকী সু-নাগৰিক হিচাপে গঢ়ি তোলালৈকে নাৰীৰ দায়িত্ব তথা কৰ্তব্য অপৰিসীম।সেয়েহে হয়তো তাহানিতে নেপোলিয়ন বোনাপাৰ্টে কৈছিল “ মোক এগৰাকী মাতৃ দিয়া মই এখন সুস্থ-সবল সভ্য দেশ দিম”। গতিকে

ক’ব পাৰি, এগৰাকী নাৰীয়ে তেতিয়াহে এগৰাকী সু-নাগৰিক গঢ় দিব পাৰিব, যেতিয়া নাৰী গৰাকী নিজেই শাৰীৰিক তথা মানসিক ভাবে সুস্থ-সবল হ’ব । গতিকে নাৰী এগৰাকীক সুস্থ-সবল তথা আদৰ্শৱান হিচাপে গঢি তুলিব লাগিব ছোৱালী বা জীয়াৰী অৱস্থাৰ পৰাই । এই দিশলৈ গুৰুত্ব ৰাখিয়ে অতি পলম কৈ হ’লেও বিশ্বই “জীয়াৰী দিৱসৰ” সৃষ্টি কৰিছে । আমাৰ ভাৰতবৰ্ষটো প্ৰতি ছেপ্টেম্বৰ মাহৰ চতুৰ্থ ৰবিবাৰ টো “জীয়াৰী দিৱস” হিচাপে পালন কৰে৷

সমগ্ৰ বিশ্বই ১১ অক্টোবৰৰ  দিনতো  সাৰ্বজনীন ভাবে “জীয়াৰী দিৱস”ৰ পালন কৰে৷ ৰাষ্ট্ৰ সংঘই ভূমিকা গ্ৰহণ কৰি অহা ২০১৪ চনত ২১০০ খন চহৰত আড়ম্বৰপূৰ্ণভাবে এই দিৱস পালন কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে৷

কিন্তু পৰিতাপৰ বিষয় এই যে যি সময়ত এনে এটা দিৱস পালন কৰি সমাজত সকলো ক্ষেত্রতে জীয়ৰী সকলক আগবঢ়াই আনিবলৈ যো জা কৰা হৈছে, সেই একে সময়তে আমাৰ দেশৰ জীয়াৰী সকল হৈছে লাঞ্ছিতা-বঞ্চিতা ।অপ্ৰিয় হলেও সত্য আজিও কন্যা সন্তানক পুত্ৰ সন্তানৰ দৰে সমান গুৰুত্ব প্ৰদান কৰা নহয় । পুৰুষ প্ৰধান সমাজত নাৰী সামাজিক, শৈক্ষ্যিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু মানসিক সকলো দিশৰ পৰাই অৱহেলিতা, নিষ্পেষিতা ।

অতীতলৈ ঘূৰি গ’লে আমি প্ৰত্যক্ষ কৰিম যে আমাৰ ভাৰতবৰ্ষৰ দৰে এখন দেশত অতীজৰ পৰাই নাৰীৰ ক্ষেত্ৰত বৈষ্যম্য-মূলক আচৰণ কৰি অহা হৈছে ।এফালে জীয়াৰী সকলক সয়ম্বৰ পাতি উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰাৰ সুযোগ দিয়া হৈছিল আনহাতেদি বিবাহৰ প্ৰান্তত বিনা দোষে অগ্নি পৰীক্ষা দিয়াৰ উপৰিও সন্তানসম্ভবা সীতাৰ দৰে পতিব্ৰতা নাৰীয়ে স্বামী গৃহ ত্যাগ কৰি বনবাস খাটিবলগীয়া হৈছিল ।এফালে পূজনীয়া শক্তি, শিক্ষা আৰু ধনৰ অধিষ্ঠাতা দেবীৰ পূজা, আনহাতেদি দ্ৰৌপদীৰ বস্ত্ৰ হৰণ।সময় পৰিবৰ্তন হ’ল, পৰিবৰ্তন নহ’ল মাথোন মানুহৰ মানসিকতা ।

১৪০০-১৫৫০ চনৰ ভিতৰত অকল জাৰ্মানীতে প্ৰায় এক লক্ষ্ মহিলাক ডাইনী সন্দেহত হত্যা কৰা হৈছিল । আজিৰ বিজ্ঞানৰ যুগতো যি কম বেচি পৰিমাণে ভাৰতৰ আন আন প্ৰদেশত আৰু তুলনামূলক ভাবে অত্যাধিক ভাবে অসমত এতিয়া চলি আছে।
চাওকচোন, সৰস্বতী-দূৰ্গা আৰু লক্ষ্মী বুলি এফালে পূজা,  আনহাতেদি কন্যাভ্ৰূণ হত্যা, ধৰ্ষণ, নাৰী অপহৰণ, বিক্ৰী, হত্যা । আনকি সাম্প্রতিক সমাজত ফুলকুমলীয়া সন্তানো সাৰি নাযায় এনে পাশবিক অত্যাচাৰৰ পৰা। নেশ্বনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ মতে প্ৰতি তিনি মিনিটত ভাৰতত একোগৰাকী মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা, প্ৰতি ২৯ মিনিটত একোটাকৈ ধৰ্ষণ, প্ৰতি ৭৭ মিনিটত যৌতুকজনিত অপৰাধ সংঘটিত হয় । 

আনহাতে সমগ্ৰ বিশ্বত শাৰীৰিক অত্যাচাৰৰ বলি হোৱা মহিলাৰ হাৰ হৈছে ১৯%-৫৫% । 
ৰাষ্ট্ৰ সংঘৰ সংস্থা ইউনিচেফৰ গ্ল’বেল ৰিপৰ্ট কাৰ্ড ২০১২ৰ সমীক্ষা মতে বিশ্বৰ  ৫৭% ল’ৰাই এতিয়াও ভাৱে যে পত্নী প্ৰহাৰ কৰাটো স্বামী সকলৰ বাবে ন্যায়সংগত কামেই! মানসিকতাৰ এনে কুটিল ৰূপেই নাৰীক পদে পদে লাঞ্চিতা, অৱহেলিতা কৰি আহিছে বুলি অনুভূত হয়৷

কিছুমান ক্ষেত্ৰত নাৰীয়েই নাৰীৰ শত্ৰু হিচাপে ঠিয় হোৱাও দেখা যায় । বিশেষকৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ হেতু নাৰী অপহৰণ আৰু হত্যা তথা গণিকা বৃত্তি অৱলম্বনৰ বাবে বাধ্য কৰোৱা দেখা যায় । সমীক্ষা অনুসৰি ১০০ মিলিয়ন ভাৰতীয় নাৰীদেহ সৰবৰাহৰ লগত জড়িত । কিন্তু নাৰীয়ে নাৰীক শত্ৰু বুলি ক’লেও ডাইনী হত্যাৰ বিৰুদ্ধে মাত মাতি আহিছে বীৰুৱালা ৰাভাৰ দৰে নাৰীয়েই । 
কিন্তু আজিৰ বিশ্বায়ণৰ যুগত নাৰীসকলে কোনোমতেই পিছ পৰি থকা নাই । নিজ নিজ প্ৰতিভাৰে নাৰীয়ে দেখুৱাই দিবলৈ সক্ষম হৈছে নিজৰ আধিপত্য । আজিৰ কল্পনা চাওলা, সুনীতা উইলিয়ামচৰ দৰে ভাৰতীয় নাৰীয়ে যেনেদৰে উৰা মাৰিছে মহাকাশলৈ, বাচেন্দ্ৰী পালৰ দৰে নাৰীয়ে বগাইছে মাউণ্ট এভাৰেষ্ট। ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ পদ যেনেদৰে অলংকৃত কৰিছে প্ৰতিভা পাটিল, মীৰা কুমাৰৰ দৰে মহিলাই তেনেদৰে সৌন্দৰ্যৰ জখলা বগাই জিলিকি উঠিছে সুস্মিতা সেন, ঐশ্বৰ্য ৰায়ৰ দৰে মহিলাই ।

"এটি শিশুৰ উৎপত্তি মাতৃৰ পৰা, আৰু তেৱেই নাৰী৷ তেৱেঁই পুৰুষক দেখুৱায় প্ৰকৃততে ভাগ-বতৰা, যত্ন আৰু মৰম প্ৰকৃত ৰূপ কি.....", এই অনুভৱকে ব্যক্ত কৰি মিচ ইউনিভাৰ্চৰ দৰে খিতাপ আজুৰি আনিছিল সুস্মিতা সেনে । 

বৰ্তমানৰ আন এক সুখবৰ হ’ল সীমান্ত ৰক্ষাৰ বাবে এক হাজাৰ সামৰিক বাহিনীৰ জোৱান হিচাপে নাৰীক নিযুক্তি প্ৰদান কৰা হৈছে । অনুভৱ হয়, সেয়ে হয়তো চীনা নেতা মাও তে টুঙেও নাৰীক আখ্যা দিছিল ‘নাৰী তুমি অৰ্ধ আকাশ’ হিচাপে । 

সেইদৰে বৰ্তমানৰ আন এক নতুন ধাৰণা হৈছে ইকো-ফেমিনিজিম অৰ্থাৎ নাৰী আৰু প্ৰকৃতি অভিন্ন । প্ৰকৃতিৰ অবিহনে যেনেদৰে জীৱন অচল, নাৰীৰঅবিহনেও সমাজ অচল । গতিকে শস্যদায়িনী প্ৰকৃতি সন্তানদায়িনী মাতৃৰ অনুৰূপ । 

তাৰ বিপৰীতে আকৌ, ভাৰতীয় সাংস্কৃতিক ব্যৱস্থাই এতিয়াও সম্পূৰ্ণৰূপে মহিলাক অভিযোগ কৰিবলৈ ওলাই অহাৰ স্বাধীনতা দিয়া নাই । মুঠতে যেতিয়ালৈ মহিলা সমাজে শ্লীলতাহানি তথা বিভিন্ন ধৰণৰ নিৰ্যাতনৰ পৰা মুক্ত নহয়, তেতিয়ালৈকে আমি নিজকে বিশাল সমাজৰ অংশ বুলি কোৱাতো লজ্জাজনক। ৰাজনৈতিক সচেতনতাৰ পৰা আৰম্ভ কৰি মহিলাৰ সাৱলীকৰণলৈকে সকলোবোৰ তেনেদৰেই পৰি ৰ’ব যেতিয়ালৈকে আমি একো একোগৰাকী নাৰীক তেওঁলোকৰ বাল্য অৱস্থাৰ পৰাই সন্মান কৰিবলৈ নিশিকিম । 

আমি মনত ৰাখিব লাগিব যে, এগৰাকী নাৰী এগৰাকী পত্নী ,ভগ্নী, বোৱাৰী তথা বান্ধৱী হোৱাৰ আগতে তেওঁ এগৰাকী জীয়ৰী । সমাজে সেই কথা সহানুভূতিৰে অনুভৱ কৰিবই লাগিব৷ গতিকে আহক, পিতৃ দিৱস, মাতৃ দিৱস, বন্ধুত্ব দিৱস, প্ৰেমৰ দিন পালন কৰাৰ লগতে পালন কৰোঁ জীয়াৰী দিৱসো আৰু আদৰণি জনাওঁ কন্যা সন্তানক ।
---------------------------------------------------------------
লেখিকা দুধনৈ, গোৱালপাৰাৰ এগৰাকী শিক্ষয়িত্ৰী তথা সচেতন যুৱতী৷
লেখাটো অসমীয়া ইউনিক’ডকৰণ কৰি প্ৰকাশৰ পথলৈ আনিলে তেজপুৰৰ দেৱজিত শইকীয়া আৰু দিল্লী নিবাসী মাধুৰীমা ঘৰফলীয়াই৷

No comments:

Post a Comment