Sunday, September 22, 2013

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস বিশেষ

তুহিনাৰ তিনিটা সপোন
অজয় লাল দত্ত
(১) 
তুহিনা বগী, খুৱ ধুনীয়া আৰু মৰম লগা ছোৱালী আছিল৷ সৰু সৰু জাপখোৱা চকু, ভেটেকী নাক, বতাহত ফিৰফিৰকৈ উৰি ফুৰা দীঘল চুলি৷ আন শিশুৰ দৰেই তাইৰ শৈশৱ৷ পখিলা খেদা, শিলগুটি লৈ হেতালি খেলা, কেতিয়াবা কাবাডী আৰু পাছলৈ ঘৰৰ সমুখৰ পথাৰত বেডমিণ্টন৷ 

তাইৰ মাক-দেউতাক অধ্যাপক৷ সেয়ে আন গাঁৱৰ সৰু ল’ৰা-ছোৱালীৰ পৰা নতুন আভিজাত্যৰ দাবীৰে তাইক আঁতৰাই ৰখা হৈছিল৷ ফলত তাই পোৱা নাছিল, খালত মাছ ধৰাৰ সুখ, শিঙি মাছৰ বিষৰ অনুভৱ৷ তাই পোৱা নাছিল উজানৰ পানীত দু-ভৰিৰে খেদ-খেদাই থকাৰ সুখ৷ আলাসৰ লাৰু ৰুপে তুলিবলৈ চাইছিল তাইক৷ তাইৰ লগৰীয়া বুলিবলৈ তিনিবছৰ সৰু তাইৰ কণমানি ভাইটিতো৷ আৰু খেলিবলৈকো চৰকাৰী চাকৰিয়াল প্ৰতিবেশীৰ দুগৰাকীমান সমনীয়া৷ তাইৰ পৃথিৱীখন সৰু আছিল৷ তথাপি তাতে তাই পখিলাৰ দৰে ডেই দি ৰঙীন পাখিৰে উৰি ফুৰা সপোন দেখিছিল৷

তুহিনা নাচিব পৰা বয়স হোৱাৰ পৰতে মাকে ধুনীয়াকৈ বিহু শিকাইছিল৷ বিহুগীতৰ তালে তালে তাইৰ লয়-লাসতাত তাইৰ সপোনবোৰে উৰাৰ বাট বিচাৰি পাইছিল৷ কৰ্টৰ ফিল্ডৰ বিহুতলীত মৌ-কুঁৱৰী নাচিবৰ বাবে মৰম লগা নাচনীজনীৰ ৰূপত তুহিনাই মাকৰ আঙুলিত ধৰি প্ৰথমবাৰ উঠো-নুঠোকৈ গৈ ধুনীয়াকৈ দুপাক মান নাচি দিছিলগৈ৷ মৰম লগা কণমানিজনীৰ নাচত বিচাৰকৰ মনত ৰং লাগিছিল৷ 

প্ৰথমবাৰ নাচোতেই তাইক উদগনি পুৰষ্কাৰ এটা দিয়া হৈছিল৷ ইয়েই যেন তুহিনাৰ সপোনত ৰং সানিলে৷ তাই সপোন দেখা হ’ল৷ বিহুৱতী হোৱাৰ সপোন৷ ঢোল পেপাঁৰ তালত নিজকে হালি-জালি প্ৰকৃতিৰ বাসন্তী উচাহৰ লয়ত ঢৌ তোলাৰ বাসনা এটা বুকুৰ মাজত গঢ় লৈ উঠিল৷ মাক-দেউতাকেও মফচলীয় চহৰ খনৰ আটাইতকৈ ভাল বিহু শিকোৱা শিল্পী গৰাকীকে মাতি আনি ঘৰতে অভ্যাস তথা প্ৰশিক্ষণ দিয়াৰ উপায় কৰা হ’ল৷ তাই মনপুতি নাচিলে মনৰ উলাহত৷ এপাহ নিষ্পাপ ফুলৰ দৰে তাই লহপহকৈ বঢ়াৰ লগে লগে তাইৰ প্ৰতিভাৰ সুগন্ধে সকলো ফালেই সুৱাস চটিয়াবলৈ ধৰিলে৷ মৌ-কুঁৱৰী, বিহু-কুঁৱৰীৰ খিতাপ, শ্বিল্ডেৰে তাহাঁতৰ আলহী কোঠা শুৱনি কৰিবলৈ ধৰিলে৷

পিছে তাই সময়ৰ সতে গাভৰু হ’ল৷ মাক-দেউতাকেও শৈশৱ-কৈশোৰৰ দুৱাৰ দলিত তাইক ঠন ধৰিবলৈ দিয়া নাচৰ সেই মঞ্চখনৰৰ পৰা আকৰ্ষণটো দূৰ কৰিবলৈ চেষ্টা কৰিলে৷ মাক-দেউতাকৰ ইচ্ছা, নাচি কি হব, আমাৰ ছোৱালী ডাক্তৰ হব৷গাভৰু হলি, এতিয়া আৰু ডনডনাই সেই ডেকা ল’ৰাৰ লগত নাচি ফুৰিবলৈ তোৰ লাজ নালাগে৷ আন প্ৰফেচৰৰ জীয়েক-পুতেক ডক্তৰ ইঞ্জিনীয়াৰ হব, আৰু তই বিহু-নাচনী! এইবোৰ গালিৰে, এইবোৰ কথাৰে তাইৰ ঘৰত বিহু নচাৰ কথাটো দোহৰাৰ বাটটোও বন্ধ কৰি দিয়া হ’ল৷ 

কিন্ত তুহিনা সপোন দেখা ছোৱালী৷ তাই মৌচাক পঢ়ে, তাই সফুঁৰা পঢ়ে৷ তাই বাতৰি-কাকতৰ ইমূৰৰ পৰা সিমূৰলৈ কৰে প্ৰতি-নিয়ত একোটা অন্বেষাৰ যাত্ৰা৷ তাইৰ সপোনবোৰে মনৰ মাজতে লহপহকৈ বাঢ়ি আহিবলৈ ধৰি৷ তাইৰ বিহু-সম্ৰাজ্ঞী হোৱাৰ সপোন৷ এচিয়া, ইউৰোপৰ দেশে বিদেশে সংস্কৃতি তথা সমন্বয়ৰ কাৰ্যসূচীৰ মাজেৰে তাইৰ প্ৰতিভাৰ স্বাক্ষৰ দানৰ সপোন৷ তাই বিহু নাচি, তাই পাৰফৰমিং আৰ্টচ পঢ়ি সেই বিষয়ৰে বিশেষজ্ঞা হোৱাৰ সপোনে মনৰ মাজতে উকমুকাই থাকিবলৈ ধৰে৷

ক্লাছ এইটৰ পাছতে মেট্ৰিকৰ নম্বৰৰ লক্ষ্য৷ তাৰ পাছত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নাম-ভৰ্ত্তি৷ তাই যে বাধ্য সন্তান৷ অথচ বুকুত কলমলাই থাকে, সেই অবাধ্য সপোন৷ যাক তাই কব নোৱাৰে, যাক তাই পাব নোৱাৰে৷
(২)
তুহিনাই মিঠাই খায় ভাল পাইচিল৷ জিলেপী তাইৰ প্ৰিয় মিঠাই৷ জিলেপীৰ ৰং আৰু সোনাৰুৰ ৰং তাই মিলাই থাকে৷ কোনটো বাৰু বেছি মোহনীয়া? অৱশেষত তাই সিদ্ধান্ত লয়, জিলেপীয়েই ভাল, দেখিবলৈকো ধুনীয়া, তাতে ইমান সোৱাদ লগা৷ তাই সৰুৰে পৰাই গৰম জিলেপী আনিবৰ বাবে কৰ্টৰ সমুখৰ সুকুমাৰহঁতৰ মিঠাইৰ দোকানখনলৈকে যায়৷ কেতিয়াবা তাইৰ স্কুলৰ সহপাঠী সুকুমাৰলৈ হিংসা লাগে৷ সি চাগে ঘৰৰ দোকান বাবে বিনা-পইচাতে জিলেপী খায় থাকিব পাৰে!

এলপি স্কুলৰ পৰা লগতে পঢ়া সুকুমাৰে বয়জ স্কুলত নাম লগালে পঞ্চম শ্ৰেণীত৷ আৰু তুহিনাই ছোৱালী হাইস্কুলত৷ একেটা বাটৰ স্কুললৈ সিহঁতৰ ঘৰৰ পৰা প্ৰায় দুই কিল’মিটাৰ৷ চিক্স-মান পোৱাৰ পাছতে সুকুমাৰে এখন ৰঙা চাইকেল কিনিলে৷ ঘৰৰ ওচৰৰ লৰা-ছোৱালীবোৰ একেলগেই স্কুল যোৱাৰ নিয়ম বাবে, সিঁহতো জাক-পাতি খোজ-কাঢ়িয়েই স্কুললৈ গৈছিল৷ পিছে সুকুমাৰে চাইকেল কিনা দেখি, তাইকো দেউতাকে এখন নীলা চাইকেল কিনি দিলে৷ তেতিয়াৰ পৰা সিহঁত জাকটোৰ পৰা আতঁৰ হ’ল৷

সুকুমাৰৰ ৰঙা চাইকেলৰ কাষে কাষে তুহিনাৰ নীলা চাইকেলে স্কুলৰ বাটত ভৰি দিলে৷ ৰঙা-চাইকেল নীলা-চাইকেল একেলগে যোৱা দেখি দুষ্ট-ল’ৰাবোৰে সিহঁতক জোৰা দি জোকাবলৈ লাগিলে৷ জোকালেই সুকুমাৰে তাইৰ চকুলৈ চোৱা হল, লাহে লাহে তুহিনাও তাৰ চকুলৈ চাবলৈ শিকিলে৷ তাইৰ গাল দুখন তেনে মুহূৰ্তত সুকুমাৰৰ চাইকেলখনৰ দৰেই ৰঙা পৰা হ’ল৷ এদিন কোনো এটা দুষ্ট ল’ৰাই -চা চা তুহিনাৰ গালত সুকুমাৰৰ চাইকেলৰ ৰং বুলিও জোকালে, তেতিয়া তুহিনাৰ গালেদি দুধাৰি চকুলো বৈ আহিল৷ চাইকেল ৰাখি সুকুমাৰ নামি আহিল৷ স্কুলৰ ইউনিফৰ্মৰ নীলা চোলাটোৰে তাইৰ চকুপানী খনি মচি দিলে৷

তুহিনা যেন লাহে লাহে গহীন হবলৈ ধৰিলে, সিদিনাৰ পৰা৷ সুকুমাৰৰ চকুলৈ চাবলৈ লাজ লাজ ভাৱ৷ তাই গাভৰু হোৱাৰ পৰা সুকুমাৰ স্কুললৈ যোৱাৰ সময়ত চাইকেল লৈ নোযোৱা কৰিলে৷ দেউতাকৰ নতুন বাজাজ স্কুটাৰখনে তাইক থৈ অহা হ’ল, তাইক লৈ অহা হ’ল৷ মাক-দেউউতাকে এইটৰ পৰা তাইক আৰু তীব্ৰ বেগত লৈ যোৱাৰ চেষ্টা চলালে৷ বেচেৰা সুকুমাৰ চাইকেলৰ গতিতে ৰৈ গল৷ তাই হাত-বাউল দিলেও বেচেৰাই সেই গতিৰ ফেৰ মাৰিব নোৱাৰা হ’ল৷

তুহিনাই বিহু কুঁৱৰী হ’লে, সুকুমাৰে লগৰ ল’ৰাক চাহ-মিঠাই খুওৱাৰ বাটো বন্ধ হ’ল৷ কাৰণ এতিয়া তুহিনা ৰুদ্ধ ঘৰৰ মাক-দেউতাকৰ সপোন খেদা ছোৱালী৷ তাই আৰু সুকুমাৰ, সিহঁতৰ ভালপোৱাৰ অনুভৱ অদূৰত ওলমিবলৈ ধৰিলে, সৰাৰ কোনো সম্ভাৱনা নোহোৱাকৈ.....৷

পিছে বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পোৱা সুকুমাৰে সিদিনা স্ফুৰ্তি কৰিব পৰা নাছিল৷ কাৰণ তুহিনাই বিজ্ঞান শাখাত ৰিজাল্ট বেয়া কৰিছে৷ তাই আচলতে বিজ্ঞান পঢ়া ছোৱালীয়েই নাছিল৷ তাই নাচি ভাল পোৱা ছোৱালী৷ সুৰ তাল লয়ত দেউ দি উৰি ফুৰা পখীজনী ধৰি, বিজ্ঞানগাৰৰ পইঁতাচোৰা কাটিবলৈ লগোৱাৰ মাক-দেউতাকৰ যি টোগলকী কাৰবাৰ, সেইবোৰ দেখি সুকুমাৰৰ এনেয়েও বিতৃষ্ণা উপজিছিল৷ তথাপি অধ্যাপক-অধ্যাপিকাইনো নিজৰ সন্তানৰ বাবে ভালেই চিন্তা কৰিব বুলি সিও নিজকে প্ৰবোধ দিছিল৷ প্ৰবোধ নিদিওনো সি কৰিব কি? স্কুটাৰত বহিবলৈ লোৱাৰ পৰাই তুহিনাৰ সতে তাৰ সপোন দেখাৰো ভয় লগা হৈ পৰিছিল...তাৰ এনে লগা হ’ল যেন, তাৰ শৈশৱৰ সেই বান্ধৱী যেন হঠাত দূৰ আকাশৰ তৰা হৈ পৰিছে৷

তথাপি এতিয়া তাইৰ ৰিজাল্ট বেয়া হোৱাত, অথচ সি ফাৰ্ষ্ট ডিভিজন পোৱাত তাৰ মনটো দুখৰ মাজতো যেন অকন ফৰকাল লগা হ’ল৷ অত ডাৱৰীয়াৰ পাছত যেন সেইকন ফৰকালতে তাৰ আকাশত পুনৰ তুহিনাই ভুমুকি মাৰিলে৷

সি সাহস কৰি এদিন তুহিনাহঁতৰ ঘৰ পালেগৈ৷ তাইক মাত লগাবৰ বাবে, সাহস দিবৰ বাবে৷ তুহিনাই সিদিনা কান্দিছিল, মাক-দেউতাকেও লাজতে মুখ দেখুৱাবলৈ নহা বাবে আলহী কোঠাত সি কেইবা বছৰৰ পাছত তাইক নিৰলে কাষত পালে৷ তাইৰ চকুলৈ চালে৷ তাইক চকু পানী মচি পুনৰ আগুৱাই যাবলৈ প্ৰেৰণা দিলে৷ তুহিনাৰ মাকেও তাক দুৱাষাৰ ভালকৈ মাত দিয়াত সাহস দিবলৈ যোৱা সুকুমাৰৰ বুকুতহে নকৈ সাহ সোমাল৷ সি সিদিনা ৰাতি পুনৰ তুহিনাৰ সপোন দেখিবলৈ লাগিল৷ তাইৰ চকুলৈ চোৱাৰ সপোন, তাইৰ দুহাতত ধৰাৰ সপোন৷ সি মনে মনে তাইক মনৰ কথাখিনি সুযোগ বুজি জনাবলৈকে ঠিক কৰিলে৷
হঠাত এদিন সুকুমাৰক মিঠাইৰ দোকানৰ পইচা লোৱা কাউণ্টাৰত বহি থকাৰ পৰা তুহিনাৰ দেউতাকে গৈ চোঁচৰাই আনিলে৷ সন্ধিয়াৰ বেলিকা, চাহ-তাহ খাবৰ বাবে মানুহ দুনুহেৰে ভৰা সময়৷ অধ্যাপককো সকলোৱে চিনিয়ে পায়৷ সকলোৱে ধৰি সুকুমাৰক তেখেতৰ হাতৰ পৰা এৰুৱালে৷ 

পাছত গম পোৱা গ’ল সুকুমাৰে দিয়া প্ৰেমৰ চিঠি এখন তুহিনাৰ কিতাপৰ মাজত পোৱা গৈছে৷ সিদিনা সুকুমাৰে চৰ খায়ো যিমান দুখ পোৱা নাছিল, তাতোকৈ বেছি মানুহৰ আগত সি বা তাৰ দেউতাকে পোৱা লাজটোহে দুখৰ ডাঙৰ কথা হৈ পৰিল৷

তথাপি এটা কথা সি বুজি নাপালে, সি দিয়া একমাত্ৰ চিঠিখনৰ উত্তৰটো তুহিনাই নিদিলেই, সিতো তাইক সেইখন ফালি পেলাবলৈকো কৈছিল, কিন্তু তাই চিঠিখন যোৱা এবছৰে ধৰি কিতাপৰ মাজত কঢ়িয়াই লৈ ফুৰাৰ কি কাৰণ থাকিব পাৰে৷ তাই আচলতে তাক ভাল পায় নে নাপায়? কোনো এটা কথাই সুকুমাৰৰ মনত পৰিস্কাৰ হৈ নুঠিল৷ তাৰ দেহ-মন ভালপোৱাৰ পোৱা-নোপোৱাৰ দোমোজাৰ অনুভূতি খিনিৰ মাজতে দুলি থাকিল৷

ৰিজাল্ট বেয়া কৰাৰ বাবেটো তুহিনাৰ মন বেয়া আছিলেই৷ তাইৰ প্ৰেমৰ একমাত্ৰ সপোনটোক ৰং দিয়া সেই সুকুমাৰৰ একমাত্ৰ চিঠিখন পাই দেউতাকে যি ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱালে তাকে লৈ তাই ভাগি পৰিল৷ এজন অধ্যাপকৰ ছোৱালী হৈ এটা মিঠাই দোকানীৰ পুতেকৰ লগত প্ৰেম কৰ, জনজাতীয় ছোৱালী হৈ এটা সাধাৰণ বঙালী ল’ৰাৰ লগত প্ৰেম কৰ, তাৰ বাবেই সকলো ডুবিচ, পঢ়া শুনাত নাক-কান কাটিলি এতিয়া...দেউতাকৰ ৰুদ্ৰমূৰ্তি, খং, দুগালত চৰ আদিৰ মাজত তুহিনা হঠাত ধুমুহা এটাত বিধস্ত হৈ পৰা যেন হ’ল৷ তাইৰ সকলো বিফলতাৰ দোষ নিৰ্দোষ সুকুমাৰৰ ওপৰত পৰাটোৱে তাইক দোষী দোষী ভাৱ এটাত ডুৱাই পেলালে৷ দোকানত গৈ দেউতাকে মাৰ-পিট কৰা, সাধাৰণ কথা এটাকে ৰাজহুৱা কৰি লাজত পেলোৱা কথাটোৱে সৰল তুহিনাজনীক ফাঁট মেলা বসুমতী পাতালে লুকাও অৱস্থা কৰিলে৷ 

তাইটো কোনো দোষ কৰা নাছিল৷ এবছৰ আগতে সুকুমাৰে দিয়া ভালপোৱাৰ প্ৰস্তাৱত তাই মাক-দেউতাকৰ সন্মানৰ খাতিৰতে হা-কৰা নাছিল৷ তাইৰ মনৰ ৰাজকুমাৰজনকো তাই মন দিয়া নাছিল৷ মাথো ভালপোৱাৰ সেই সোঁৱৰণিক তাইৰ দুখৰ সময়ৰ অকন সুখৰ ছাঁ বুলিহে সাঁচি ৰাখিছিল৷ অথচ এইয়া কি হৈ গ’ল৷ বিফলতাৰ পাছত বিফলতা, জীৱনত আৰু পাবলৈ চাবলৈ তুহিনাৰ যেন একোৱেই নাই, কবলৈ যেন একোৱেই নাই, কোনোৱেই যেন তাইৰ আপোন নহয়৷ ভালপোৱাৰ সপোনটোৰ সমাধিত তুহিনা মুৰ্চা যোৱাৰ উপক্ৰম হ’ল৷ তাই চেতন হেৰুৱাই পৰি গ’ল তাইৰ কোঠাৰ মজিয়াতে৷
(৩)
তুহিনাৰ মনৰ অৱস্থা দিনক দিনে বেয়াৰ ফাললৈ ঢাল খালে৷ অনেক পূজা-পাতল, পাথৰ আদিৰ পৰিধান আদিৰে চেষ্টা কৰা হ’ল৷ তথাপি একো ভাল হোৱাৰ উমঘাম নোহোৱা হ’ল৷ সেই ধুনীয়া গোলাপ যেন ছোৱালীজনীৰ ৰং ৰূপ শুকাই যাবলৈ ধৰিলে৷ তাই কথা নকয়, নামাতে; অলস, অৱশ দৃষ্টিৰে মাথো তাই চাই থাকে, মুকলি আকাশ৷ 

তুহিনাই মনে মনে ভাবে তাইক মুক্তি লাগে৷ এই আপোন মানুহ বোৰৰ পৰা৷ ইঁহত তাইৰ-জীৱন যৌৱন সকলো কথাৰ শত্ৰু, সকলো আশা-আকাংখ্যাৰ শত্ৰু৷ গাঁৱৰ ঘৰৰ পৰা অহা আইতাকে খালি তাইৰ শৈশৱৰ সেই মৌ-কুঁৱৰী দিনৰ সেই কোমল মনা, পখিলা জনীৰ চঞ্চলতাক তাইৰ মাজত বিচাৰি বাৰে বাৰে হতাশ হৈছে৷
পৰিয়ালৰ মানুহবোৰৰ লগতে সদাশয় শুভাকাংখীয়ে আলোচনা কৰি তেখেত সকলৰ ধৰ্ম গুৰুৰ আশ্ৰমলৈকে অলপ দিনৰ বাবে তুহিনাৰ মনৰ শান্তি প্ৰাপ্তিৰ বাবে পঠাবৰ ঠিক কৰিলে৷ সেই মতে মাক-দেউতাকে তাইক লৈ গৈ বৃহৎ আশ্ৰমখনৰ বুকুত তাইক থৈ আহিলগৈ৷ তাই গুৰুৰ চৰণত আশ্ৰয় পালে৷ তাই যেন মুক্তিৰ এটা পথা পালে৷ তুহিনাৰ মনলৈ এটা প্ৰশান্তিৰ ভাৱ আহিল৷ অন্ততঃ তাৰ শত্ৰু সকলৰ পৰা আঁতৰি আহি তাই যেন এক অনাবিল প্ৰশান্তিৰ সন্ধান পাইছে৷ বহুদিন টোপনিৰ ৰেশ নহা চকু দুটালৈ যেন টোপনি আহিবলৈ লৈছে৷ মুকুতিৰ সপোনে যেন তাইক আকোঁৱালি লবলৈ দুহাত মেলিছে৷ 

পুৱাৰ পৰাই ভজন, কীৰ্তন, প্ৰাৰ্থনা৷ লগতে সেৱা কৰ্মৰ বাবে চৌহদতো সাৰি পুচি আশ্ৰমৰ বাসিন্দা সকলেই সকলো কৰিব লাগে৷ খোৱা-বোৱাও সুষম৷ দিনতীয়া দীঘল কৰ্ম-ব্যস্ততাৰ মাজত লাহে লাহে যেন তুহিনাই অন্য এক জীৱন বিচাৰি পালে৷ তাইৰ মনৰ বিশৃংখল ভাৱনাবোৰ গুৰুৰ চৰণতে সমৰ্পন কৰি যেন তাই মুকলি হব পাৰিছে৷ সুকুমাৰৰ প্ৰতি কৰা দেউতাকৰ অন্যায় দু-ব্যৱহাৰ, তাইৰ ভালপোৱাৰ সপোন, তাইৰ নাচৰ সপোন এইবোৰ যেন এই আধ্যাত্মিক পৃথিৱীৰ বিশালতাৰ তুলনাত খুৱেই ক্ষুদ্ৰাদিক্ষুদ্ৰ৷ তাই অন্য এক জীৱন যাত্ৰাত, অন্য এক পৃথিৱীত লাহে লাহে নিজক বিলীন কৰিব ধৰিলে৷ 

তাইৰ মনৰ লগতে স্বাস্থ্যটোও ঠন ধৰি আহিল৷ তাইৰ গাভৰু দেহটোত লাৱণ্যতাই ভৰ কৰি ধৰিলেহি৷ ঘৰৰ পৰা মাক-দেউতাক অহা স্বত্বেও তাই তেওঁলোকক দেখা নকৰিলে৷ খিৰিকীৰে তাইৰ ভাল হোৱা উজ্বলি উঠা মুখনি চায়েই গুৰুৰ আশীষ বুলি মাক-দেউতাকেও প্ৰশান্তিৰে চাই ঘূৰি গলগৈ৷

এবছৰমান যোৱাৰ পাছত এক খবৰে আমাৰ ক্ষুদ্ৰ চহৰ খন কঁপাই তুলিলেহি৷ আহিল তুহিনাৰ আত্ম-হননৰ খবৰ৷ আশ্ৰমৰ ভিতৰুৱা কৰ্ম-কাণ্ডৰ বহুতো মুখ-ৰোচক বাতৰিও ওলাল৷ তাত হেনো পুৰণি ভক্ত সকলৰ ৰাতি সেৱা নামৰ এক নিয়ম প্ৰচলন আছে৷ ৰাতিৰ গভীৰ অন্ধকাৰত একোটা কোঠাত এই সকল আশ্ৰমৰ সেৱক আৰু সেৱকীয়ে গুৰুজনাৰ সতে একেলগে ভক্তিৰ সাগৰত বিলীন হৈ যায়৷ তেতিয়া হেনো সকলোৰে গাত দেৱী-দেৱতাই স্থিতি লয়৷ তেতিয়া কোনো গুৰু, কোনো সেৱক-সেৱকীৰ পাৰ্থক্য নাথাকে৷ ইয়াৰ মাজতে তেওঁসৱৰ মাজত দৈহিক মিলন পৰ্যন্ত হয়৷ এইয়া হেনো স্বৰ্গীয় অনুভূতি প্ৰাপ্তিৰ এক মাধ্যমহে৷ 

খবৰবোৰ পাই হতাশ হলো৷ মানসিক শান্তি বিচাৰি, পীড়াৰ পৰা মুক্তি বিচাৰি যোৱা তুহিনাও সেই ভোগৰ বলি হ’ল৷ সেই কোমল অৱলা নাৰীয়ে সেই ঘটনাক স্বৰ্গীয় অনুভূতিৰ বাহক ৰূপে গণ্য কৰিব নোৱাৰিলে৷ ভালপোৱাৰ সমাধিত মূৰ্চা যোৱা তুহিনাই, তাইৰ সৰ্বস্ব হেৰুৱা বুলি মানসিক ভাৱে ভাগি পৰিল৷ তাইৰ মুক্তিৰ বাটত তাইৰ দেহৰ পৰা কোনোৱে সোলকাই নিয়া চাদৰখন আৰু অকন উশাহ দিবলৈ ওপৰত ঘুৰি থকা চিলিঙ ফেনখনেই সাৰথি হ’ল৷ তুহিনাই সপোন সাৱতিয়ে পৃথিৱীৰ মাজত লুকাই পৰিল৷

কিন্তু জনশ্ৰুতি মতে, আত্ম-হননে হেনো মুক্তিৰ বাট নিদিয়ে, সেয়া যদি সঁচা হয়, তেন্তে কোনোবাই বিহু কুঁৱৰী নাচি ৰাতি ঘূৰি অহাৰ পথত, অথবা ভালপোৱাৰ ঘাটত অথবা শান্তি আশ্ৰমৰ কোনো কোণত তাইৰ আত্মাৰ সতে মুখামুখি নহবতো৷ উত্তৰ মোৰ ওচৰত নাই, আপোনাৰ ওচৰত আছেনে?

উপসংহাৰঃ তুহিনাক মই ভালদৰে জানিছিলো৷ তাইৰ মৌ-কুঁৱৰী ৰূপৰ খোপা শুৱনি কৰিছিল আমাৰ বাৰীৰ বগা তগৰে, প্ৰতিটো বছৰেই৷ উজনীৰ ফালে আহিলে আমাৰ চহৰলৈ আহিব৷ চহৰ পোৱাৰ আগে আগেই তুহিনাৰ সমাধিস্থ কৰা ঠাই৷ তাতেই কেতিয়াবা আপুনিও তিনিপাহ বগা তগৰ দিবহি, অন্ততঃ তুহিনাৰ তিনিটা সপোনৰ সমাধিত!

পষ্টমৰ্টেমঃ জীয়াই থকাটোৱেই প্ৰাথমিক কথা৷ জীয়াই থাকিহে খেদিব লাগে পাব পৰা সপোন৷ অভিভাৱকৰ সপোনতকৈ গুৰুত্বপূৰ্ণ কণমানিৰ আপোন সপোন৷ সেয়া বুজক, আৰু তাতেই আপোনাৰ সপোনৰো প্ৰাপ্তি হব৷

সকলোৰে নিজা এক জীৱন-ভালপোৱা-সপোন থাকে৷ এইবোৰ একান্তই ব্যক্তিগত৷ গতিকে, সেই কথাক সন্মান কৰাই মংগল৷

মানসিক ৰোগ বা ডিপ্ৰেচনৰ প্ৰাথমিক দৰৱ বুজাবুজি, সান্নিধ্যতা আৰু বিশ্ৰাম৷ আজি মানসিক চিকিৎসা পদ্ধতি বহু আগুৱাইছে৷ তাতেই শৰণাপন্ন হওক৷

এই পথেই দিব এক সফল, সমৃদ্ধ জীৱনৰ শিলান্যাস, অন্ততঃ সমাধি নহয়!

No comments:

Post a Comment