Tuesday, September 24, 2013

গল্প


সপোনে যেতিয়া বাস্তৱক ৰিঙিয়াই

- অমল কুমাৰী হাজৰীকা 
“আপোনাক যি জন মানুহে বেয়া পায়, কেৱল দিঠকত নহয়, সপোনতো আক্ৰমন কৰিব পাৰে ।আৰু যি জনে আপোনাক হৃদয়ৰ পৰা ভাল পায়, সেইজনে বাস্তৱতো, সপোনতো ভাল উপদেশ দিব । কেৱল এগৰাকী ব্যক্তিকে নহয়, দহজনৰো উপকাৰ সাধন কৰে।” আজিৰ পৰা প্ৰায় ২৫ বছৰৰ আগতে ঘটি যোৱা বাস্তৱ সত্যবোৰে সন্ধ্যাক এতিয়াও সপোনত আক্ৰমন কৰিবলৈ আহে আৰু এই একেটা সপোনকে তাই বহুবাৰ দেখিছে । শুবৰ সময়ত ভগৱানৰ নাম লৈ শুৱে যদিও এই সপোনতোৱে তাইক খেদি ফুৰে । আজি আকৌ সপোনটো দেখি তাই উচুপি উঠিছে । 

২৫ বছৰৰ আগৰ সেই নিসংগ, অসহায় অৱস্থাত বহুতো দুখৰ দিন পাৰ কৰি আহিছে । অতীতৰ দিনলিপিৰ দুখৰ পৃষ্ঠাত মুৰ থৈ বাৰে বাৰে শিয়ঁৰি উঠে তাই। মনৰ পৰা মচি দিম বুলি ভবা কথাবোৰ বাস্তৱে ৰিঙিয়াই । কথাবোৰ মনত পৰিলে সন্ধ্যাৰ গাৰ নোম এতিয়াও শিয়ঁৰি উঠে । তাই মনে মনে প্ৰাৰ্থনা কৰে, ‘হে ভগৱান নাৰীসকলক কেতিয়াও এনেকুৱা দুখৰ পৰিস্থিতিত নেপেলাবা।‘প্ৰথম সন্তানৰ জন্মৰ ঠিক দুবছৰৰ পাছত সন্ধ্যা আকৌ মাক হ’বলৈ ওলাইছিল । স্বামী চাকৰি সুত্ৰে বহু দূৰৈত থাকে । প্ৰায় সাত/আঠ মাহৰ মূৰতহে ঘৰলৈ আহিবলৈ সুবিধা পায় ।সন্ধ্যাৰ গা-বন্ধ হোৱাৰ পৰা বহু অশান্তিত ভূগি আছিল । প্ৰথম সন্তান চোৱা-চিতাৰ উপৰিও নিজক চম্ভালিব লাগে । সময়মতে উপযুক্ত আহাৰ,সময়মতে টোপনি যোৱাৰ পৰা বিৰত থাকিব লগা হ’ল । তাইৰ স্বামীৰ যৌথ-পৰিয়ালৰ বাবে এনেবোৰ সমস্যাই দেখা দিছিল । ইমান কেইজন ককায়েক-ভায়েকৰ মাজত প্ৰায় কাজিয়া হৈ থাকে, সৰু সৰু কথাতে খণ্ড-যুদ্ধ ন’হলে সিহঁতৰ দিনবোৰ নগৈছিল । সেই ক্ষণবোৰত সন্ধ্যাই নিতাল মাৰি সকলোবোৰ শুনি থাকে । স্বামীৰ লগত থাকোঁতে যি খিনি পাব লাগে সেইখিনি তাই কেতিয়াও নাপায় । ভাগ্যক বিশ্বাস নকৰে যদিও মনতো নিচুকাবলৈ নিজৰ ভাগ্যকে দুখ দি সন্ধ্যা দৈনন্দিন কৰ্তব্যৰ মাজত সোমাই পৰে ।

এবাৰ গিৰিয়েক ঘৰলৈ আহোঁতে তাইৰ চকুৰ আগতে বিভৎস ঘটনা এটি দেখিলে । এটা সাধাৰণ কথাতে তাইৰ গিৰিয়েকক দুজন ককায়েকে বৰ বয়াকৈ মাৰিলে । তাইৰ অকনমাণি ২ বছৰীয়া সন্তানটোৱে সেইবোৰ দেখি ভয়তে চিঞৰী চিঞৰী কান্দিবলৈ ধৰিলে । তাই ভয়তে বিব্ৰত হৈ চুবুৰীয়াৰ ঘৰত সোমাই দিলেগৈ । গৰ্ভত থকা সন্তান আৰু ভবিষ্যতৰ কথা চিন্তা কৰি তাই কান্দি পেলালে । এনেকুৱা এটা পৰিৱেশ আৰু এনে এখন ঘৰত সন্তানৰ ভবিষ্যত ক’ত। কি দেখি কি শিকি ডাঙৰ হ’ব সিহঁত । হঠাত বেছি চিঞৰ-বাখৰ শুনি, দৌৰি চাবলৈ যাওঁতে দেখে গিৰিয়েকৰ নাকে-মুখে তেজ । তাই কিবা এটা ক’বলৈ লৈছিলহে, বৰজনাকে কোৰ এখন লৈ তাইক খেদি আহিল । একে ঠাইতে ৰৈ তাই বৰজনাকলৈ চায় থাকিল, তেওঁ ৰৈ গ’ল । এইজন পশু নে মানুহ, যাক তাই পিতৃৰ তুল্য জ্ঞান কৰে । কনমানিটোক কোঁচত লৈ গিৰিয়েকক ধৰি ধৰি ভিতৰলৈ লৈ গ’ল । মানুহবোৰৰ এনেকুৱা চৰিত্ৰ থাকিব পাৰে বুলি তাই কাহানিও ভবা নাছিল । এমাহৰ পাছত গিৰিয়েক চাকৰিৰ ঠাইলৈ গুছি যোৱাত সন্ধ্যা আকৌ অকলশৰীয়া হৈ থাকিল । 


লাহে লাহে তাইৰ ওপৰত মানসিক অত্যাচাৰ বাঢ়ি আহিল । নাদৰ পানী, বাথৰোম, লেট্ৰিন এইবোৰ একোৱে ব্যৱহাৰ কৰিবলে নিদিয়া হ’ল । গৰ্ভৱতী নাৰী এগৰাকীক ইমান অত্যাচাৰ কৰিব পাৰে বুলি তাই কেতিয়াও ভবা নাছিল। চিন্তাত দিগ বিদিগ হেৰুৱাই পেলালে । কিবা এষাৰ ক’লেও সকলোৱে কাজিয়া কৰিবলৈহে খেদি আহে । বিশেষকৈ, জাক দুজনীয়ে অকনো ভাল চকুৰে নাচায় । নিজৰ ভাগ্যকে ধিয়াই ঘৰৰ পিছফালৰ হাবিখনতে নিত্য নৈমিত্তক কামফেৰা সামৰি, চুবুৰিয়া ঘৰৰ পানী আনি খাইছিল । 

জীৱনৰ ইমান সমস্যাবোৰৰ মাজতো সন্ধ্যাই কেতিয়াও কিতাপৰ সংগ এৰা নাছিল । সময় পালেই, কিতাপৰ মাজত সোমাই পৰিছিল । বিশেষকৈ “আশা পূৰ্না দেৱীৰ, প্ৰথম প্ৰতিশ্ৰুতি” নামৰ কিতাপখনে যথেষ্ঠ সাহস দিছিল । কিতাপ এখনেই সন্ধ্যাৰ বাবে শ্ৰেষ্ঠ বন্ধু আছিল । মাৰ্কিন লুথাৰ ৰ এটা বানী তাই বিশ্বাস কৰে, যে “বৰ্তমান আৰু ভবিষ্যতৰ বাবে এখন ভাল কিতাপ আপোনাৰ বাবে ভাল বন্ধু”। আৰমহৎ লোকৰ বানীয়ে তাইক সাহস দিছিল। “মাতৃৰ সংস্কাৰেই সন্তানৰ ভবিষ্যত- নেপোলিয়ান বোনাপাৰ্ট” “তোমাৰ বুদ্ধিয়েই তোমাৰ গুৰু- উইলিয়াম শেক্সপিয়েৰ” “মাতৃৰ হৃদয় শিশুৰ বাবে এখন বিদ্যালয়- এছ ডব্লিউ বিচাৰ”৷ এই মহৎ লোকৰ বাণীবোৰ বাৰে বাৰে পঢ়িছিল,আৰু জীয়াই থকাৰ প্ৰেৰণা পাইছিল ।

প্ৰসৱৰ দিন চমু চাপি অহাৰ লগে লগে সন্ধ্যাৰ গাটো বেছি বেয়া কৰি আহিছে । হয়তো আৰু দুই-তিনিদিন । পৰিয়ালৰ পৰা অকনমান হ’লেও সহায় পাব বুলি ভাবি আছিল, নাই কোনেও তাইক অলপো গুৰুত্ব দিয়া নাই । লাহে লাহে শৰীৰৰ লক্ষণ সমূহ পৰিৰ্বতন হৈ আহিছে । এদিন পুৱাঁৰ পৰা সন্ধ্যাৰ পেটত সহ্য কৰিব নোৱাৰা বিষ, ডাঙৰ সন্তানটো ভোকতে ঠেৰেঙা লগাকৈ কান্দিছে, বিছনাৰ পৰা উঠি তাক কিবা এটা খাবলৈ দিব পৰা নাই । সি হাত দুখন দাঙি মা মা কৈ কান্দিছে, তাইৰ শৰীৰত যেন জুইহে লাগিছে, নিজকে শেষ কৰি দিবলৈ মন গ’ল।

সন্ধ্যাৰ পৰা গোম-গোমাই থকা আকাশখনে ৰাতিলৈ বিজুলি-ঢেৰেকনীৰ সৈতে বৰষিলে । তাইৰ বেদনা তীব্ৰ হৈ আহিল, বিপদে লগ নেৰা হ’ল । ল’ৰাটোক শুৱাবলৈ চেষ্টা কৰিলে, কিন্তু নাই তাই নিজকে চম্ভালিব নোৱাৰা হ’ল । ৰাতি দহমান বজাত লৰাটোক বিচনাতে থৈ লেট্ৰিনৰ বাবে বাহিৰলৈ দৌৰ মাৰিলে,কিন্তু লেট্ৰিন আৰু বাথৰোমত প্ৰকাণ্ড তলা লগাই থোৱা আছে । তাই উপায় নাপায় বাৰীলৈ দৌৰ মাৰিলে । ধাৰাষাৰ বৰষুণ, কানতাল মৰা গাজনিৰ শব্দ । মৰ-সাহ কৰি পুৰণী বাৰীৰ আমজোপাৰ তলতে সন্ধ্যা বহি পৰিল, কি কৰিলে তাই শান্তি পাব ধৰিব পৰা নাই । মাজে মাজে বিজুলীৰ পোহৰত গোটেইখন পোহৰায় তোলে, তাই তেতিয়াহে মন কৰিলে, আমজোপাৰ ডালবোৰত বহুত শগুণ বহি আছে, হয়তো আশে-পাশে ক’ৰবাত শগুণ মৰিছে ।

হাবিৰ পৰা ওলায় আহি নাদৰ পৰা দুই বাল্টিমান পানী তুলি গাত ঢালি ললে ।বৰজনাকে কোন কোন বুলি দম দমাই উঠিল । বিজুলী চমকনিত দেখিলে বৰজনাক আহি লেট্ৰিন-বাথৰোমত তলা লাগি আছে নাই চায় গৈছেহি । তাই মুখেৰে একো নকলে । ৰুমলৈ সোমায়ে দেখে লৰাটো বিচনাৰ পৰা মাটিত পৰি কান্দি আছে । কাষৰ ৰুমৰ পৰা এজনে চিঞৰি উঠিল, ঐ ঐ আমাৰ টোপনি খতি কেলেই কৰিছ, ইমান অশান্তি মৰি নাথাক কিয় ? সন্ধ্যাই যেনেতেনে লৰাটোক উঠায় ৰাতিপুৱালৈ বাট চালে । ভগৱানক প্ৰাৰ্থনা কৰিলে, যেনে তেনে বচাই দিয়া মোক এই কনমানিটোৰ বাবে । গোটেই ৰাতি যন্ত্ৰনাত ভূগি ভূগি বোৱাৰি পুৱাঁতে উঠি নামঘৰলৈ সেৱা এটি জনাই প্ৰায় ৬২ কিলোমিটাৰ দূৰৈত থকা মাকৰ ঘৰলৈ বুলি ওলাই গ’ল । কোনো এজন মানুহে তাইক কথা এটা নুসুধিলে । সেইদিনা ৰাতি প্ৰায় ৯ বজাত কন্যা সন্তান এটি জন্ম দিলে । সন্ধ্যাই অনুভৱ কৰিলে যে তাই আৰু এক যান্ত্ৰনা জম্ম দিলে । সময় বোৱঁতি নদীৰ দৰে, সেই নদীতে জীৱন নামৰ নৌকা খনি মেলি এক অন্তহীন যাত্ৰাত তাই আগুৱাই গ’ল । 


আজি ২৫ বছৰৰ পাছতো তাই বৰজনাকে কোৰ এখন লৈ মাৰিবলৈ খেদি অহা দৃশ্য সপোনত বাৰে বাৰে দেখি থাকে । মনৰ দুখবোৰ পাতলাবলৈ সন্ধ্যাই কাকো একো কথা ব্যক্ত নকৰে । প্ৰতিটো কথা দিনলিপিৰ বুকুত লিপিবদ্ধ কৰি মনৰ কিছু দুখৰ ওজন কমাইছিল । 

ছয় সাত বছৰৰ আগতে তাই আকাশক লগ পাইছিল । আকাশ মানে, মানে তাইৰ একমাত্ৰ বিশ্বাসী বন্ধু । জীৱনৰ দুপৰীয়া বেলিকাত সেইজন ব্যক্তিক লগ পায় তাই নিজকে ধন্য মানিছে । সকলো সুখ-দুখৰ কথা তেওঁৰ আগত কব পাৰে। এদিন আকাশে কোৱা কথা কেইষাৰে তাইক অকনমান মুকলি আকাশৰ ঠিকনা দিলে, ‘সন্ধ্যা, আপোনাৰ সুখ-দুখৰ ভাগ মোকো দিব পাৰে’, হয়, আকাশেই একমাত্ৰ বন্ধু যাক সকলো সময়তে বিশ্বাসত লব পাৰি । অফিচৰ সমস্যাৰ পৰা ঘৰুৱা সমস্যা সকলো তেওঁ খোলা-খুলিকৈ কব পাৰে,আৰু প্ৰতিটো সমস্যাৰ সমাধান তাইক দি আহিছে । কিন্তু এনেকুৱা দুখৰ কথা তাই কেতিয়াও তেওঁক কোৱা নাই । আজি সপোনটোৱে তাইক কন্দোৱাওতে এনে লাগিল, আকাশে যেন তাইৰ কাষত বহি বুজাইছে, “নাই নাকান্দিব সন্ধ্যা, আপুনি মোক বিশ্বাস কৰি বন্ধু হিচাপে গ্ৰহন কৰিছে যেতিয়া আপুনি দুখী হলে মোৰো দুখ লাগে। মই সকলো সময়তে আপোনাৰ লগতে আছো, মই নাথাকিলেও মোৰ আত্মা থাকিব । আপুনি যি জন মানুহক বেয়া পায়, সেইজনৰ কথা এক মিনিটো নাভাবিব । কাৰণ সেইজন মানুহে দিঠকতে নহয় সপোনতো আক্ৰমন কৰিব পাৰে । যি জনে আপোনাক হৃদয়ৰ পৰা ভাল পায়, সেইজনে বাস্তৱতে নহয় সপোনটো ভাল পৰামৰ্শ, ভাল উপদেশ দিব । তেওঁ কেৱল এগৰাকী ব্যক্তিকে নহয় দহজনৰো উপকাৰ সাধন কৰে ।”
---------------------------------------------------------------------
 লেখিকা শিলিগুড়ি, পশ্চিমবংগ নিবাসী এগৰাকী সু-মাতৃ তথা গৃহিনী

No comments:

Post a Comment